Page Nav

HIDE

Grid

GRID_STYLE

ক'ভিড প্ৰভাৱিত ঘৰমুৱা যুৱক-যুৱতীৰ সমুখত উপাৰ্জনৰ পথ কি?

নতুন চৰকাৰে কৰণাৰ কালত দেখুৱাই দিয়ক অসমীয়াক অন্য এক জীৱনৰ বাট ..বহু যুৱক যুৱতীয়ে নিজৰ নিজৰ কাম হেৰুৱাই নিজা নিজা ঘৰমুখী হব লগা হৈছিল...আকৌ  ...


নতুন চৰকাৰে কৰণাৰ কালত দেখুৱাই দিয়ক অসমীয়াক অন্য এক জীৱনৰ বাট

..বহু যুৱক যুৱতীয়ে নিজৰ নিজৰ কাম হেৰুৱাই নিজা নিজা ঘৰমুখী হব লগা হৈছিল...আকৌ  কঁৰনা কালৰ সময়ত অসমৰ বাহিৰত থকা বহু সংখ্যক যুৱক যুৱতীযে কাম হেৰুৱাই ইতিমধ্যে ঘৰমুৱা হৈ থকা পৰিলক্ষিত হৈছে...

পিংকু ডেকাঃ

"আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাৰ তলে যাব।"এই কথাখিনি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাই গীতৰ মাধ্যমৰে আমাৰ অসমীয়া সমাজক এটা অত্যন্ত গুৰুত্বপূৰ্ণ বাৰ্তা দি থৈ গৈছে। আমি প্ৰত্যেক জন অসমীয়াই হয়তো এই গীতটো শুনিছোঁ। পিছে গীতটোৰ  অন্তৰালত থকা তত্ত্বতো বুজিবলৈ আমি হয়তো চেষ্টা কৰা নাই। অলপ  ভালদৰে চালে আমি দেখিব পাওঁ যে আমাৰ অসমৰ প্ৰায়বোৰ ডেকা যুৱক যুৱতীয়ে কোনো চৰকাৰী চাকৰি বাকৰি নাপালে চিধা এটা ৰাস্তা বাছি লয় সেইটো হল অসমৰ বাহিৰত গৈ কোনো ব্যক্তিগত খণ্ডৰ কোম্পানী এটাত কাম কৰা। অৱশ্যে আমি কোম্পানীত কাম কৰা কথাটো বেয়া বুলি কব নাই খোজা । কিন্তু কব বিচাৰিছো যে চৰকাৰী চাকৰি নাপালে কিয় আমাৰ লৰা ছোৱালীয়ে বাকী সকলোবোৰ পাহৰি অকল বাহিৰত গৈ ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰা কথাতো আগতে ভাবি লয় । সঁচাকৈয়ে আমাৰ ওচৰত তাৰ বিকল্প একেবাৰেই একো নাই নে? প্ৰকৃততে এইটো এটা বৰ্তমান সময়ত গতানুগতিক ভাৱে চলি আহি থকা এটা চিন্তা। 

...এতিয়া কথাটো হল ঘৰমুৱা এইসকল যুৱক যুৱতীয়ে কি উপায় অৱল্বন কৰি স্বাৱলম্বিতা অৰ্জন কৰিব । কাৰণ প্ৰত্যেক জন যুৱক যুৱতীৰ একো একোখন ঘৰ আছে একো একোটা পৰিয়াল আছে। গতিকে ভৱিষ্যতৰ দিশতোৰ প্ৰতি লক্ষ্য কৰি প্ৰত্যককেই একো একোটা কৰ্ম সংস্থাপৰ প্ৰয়োজন আছে। বৰ্তমান অসমত ইমানখিনি মানুহৰ কাৰণে কোনো কোম্পানীৰ কৰ্ম সংস্থাপন পোৱাটো সম্ভৱ নহয়। গতিকে আমি নিজেই নিজৰ কৰ্ম সংস্থাপন বিচাৰি উলিয়াই লব লাগিব। তেনে ক্ষেত্ৰত আমি প্ৰত্যেকেই হাতে কামে কৰিব লাগিব। যিবোৰ ক্ষেত্ৰত আমি ইমানদিনে বেলেগৰ ওপৰত নিৰ্ভৰ হৈ  আছিলোঁ সেইবোৰ কাম এতিয়া আমি নিজেই কৰি আগবাঢ়ি যাব লাগিব...

বৰ্তমানৰ মহামাৰী কঁৰোনা ভাইৰাছৰ পৰিস্থিতিটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চলি থকা এই চিন্তাৰ ভাৱ কল্পনাবোৰ অলপ অন্য দিশত নিয়ন্ত্ৰিত  কৰি চাব পাৰোঁ। কঁৰনা ভাইৰাছৰ প্ৰথম লানিৰ প্ৰকোপৰ সময়ত অসমৰ বাহিৰত কাম কৰি থকা বহুতো যুৱক যুৱতীয়ে নিজৰ নিজৰ কাম হেৰুৱাই নিজা নিজা ঘৰমুখী হব লগা হৈছিল। আকৌ এইবেলি কঁৰনা কালৰ সময়ত কামৰ সন্ধানত অসমৰ বাহিৰত থকা বহু সংখ্যক যুৱক যুৱতীযে কাম হেৰুৱাই ইতিমধ্যে ঘৰমুৱা হৈ থকা পৰিলক্ষিত হৈছে। এতিয়া কথাটো হল ঘৰমুৱা এইসকল যুৱক যুৱতীয়ে কি উপায় অৱল্বন কৰি স্বাৱলম্বিতা অৰ্জন কৰিব । কাৰণ প্ৰত্যেক জন যুৱক যুৱতীৰ একো একোখন ঘৰ আছে একো একোটা পৰিয়াল আছে। গতিকে ভৱিষ্যতৰ দিশতোৰ প্ৰতি লক্ষ্য কৰি প্ৰত্যককেই একো একোটা কৰ্ম সংস্থাপৰ প্ৰয়োজন আছে। বৰ্তমান অসমত ইমানখিনি মানুহৰ কাৰণে কোনো কোম্পানীৰ কৰ্ম সংস্থাপন পোৱাটো সম্ভৱ নহয়। গতিকে আমি নিজেই নিজৰ কৰ্ম সংস্থাপন বিচাৰি উলিয়াই লব লাগিব। তেনে ক্ষেত্ৰত আমি প্ৰত্যেকেই হাতে কামে কৰিব লাগিব। যিবোৰ ক্ষেত্ৰত আমি ইমানদিনে বেলেগৰ ওপৰত নিৰ্ভৰ হৈ  আছিলোঁ সেইবোৰ কাম এতিয়া আমি নিজেই কৰি আগবাঢ়ি যাব লাগিব । তাৰ উপৰিও আমি কুকুৰা পালন ,হাঁহ পালন ,গৰু ফাৰ্ম,গাহৰি ফাৰ্ম,গাখীৰ উৎপাদন,উন্নত জাতৰ ছাগলী পালন,বয়লাৰ ফাৰ্ম, মৎস্য পালন,বিভিন্ন ধৰনৰ বেপাৰ বণিজ তথা বতৰ অনুযায়ী বিভিন্ন ধৰণৰ খেতি বাতি ইত্যাদিৰে আমি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰো। যাৰ জড়িয়তে আমি ঘৰৰ লৰা ঘৰত থাকিয়েই উপাৰ্জনৰ পথ বাছি লব পাৰো।  গতিকে আমি অসমীয়া নহও দুখীয়া কিহৰ দুখীয়া হম বুলি অকল সান্তনা লভিলে নহব । প্ৰথমে নিজৰ ঘৰত নিজেই থাকি আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লৈ স্বনিৰ্ভৰশীল হৈ উপাৰ্জন কৰিবলৈও শিকিব লাগিব। মুঠতে সকলো ক্ষেত্ৰতে অসমীয়া যুৱক যুৱতীয়ে আগবাঢ়ি আহিব লাগিব।আমি এতিয়া বহিৰাগতক খেদিবলৈ আন্দোলন কৰাৰ পৰিবৰ্তে কৰ্মমুখী আন্দোলনহে কৰিব লাগে। তেতিয়াই বহিৰাগত লোকে নিজেই আপোনা আপুনি বিদায় লব।

    গতিকে এই সকলোবোৰ ক্ষেত্ৰত আকৌ চৰকাৰৰ ভূমিকা অনবদ্য। নতুন চৰকাৰৰ পৰা আমি আশা কৰিম যে নিৰ্বাচনৰ প্রাকমুহূৰ্তত ৰাজ্যৰ নিবনুৱাৰ বাবে যিবোৰ আঁচনি গ্ৰহণ কৰিছিল, প্ৰতিশ্ৰুতি দিছিল--সেইবোৰক বাস্তৱ ৰূপ দিয়াৰ ব্যৱস্থা  হাতত লওক। নতুন চৰকাৰ খনে ৰাজ্যৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰক।

No comments