Page Nav

HIDE

Grid

GRID_STYLE

হেদাঙত হেমেজু : মৰাণ জনগোষ্ঠী আধাৰিত উপন্যাস

ধাৰাবাহিক উপন্যাস: হেদাঙত হেমেজু   ..মিলি তই কাকো নকবি৷ কেচাইখাটি শপত... জান মিলি, বগাচাহাবে মোৰ গালখন চুই চাইছিল...তাৰ পিছত?...সি মোৰ বুকুখ...



ধাৰাবাহিক উপন্যাস:
হেদাঙত হেমেজু


 ..মিলি তই কাকো নকবি৷ কেচাইখাটি শপত... জান মিলি, বগাচাহাবে মোৰ গালখন চুই চাইছিল...তাৰ পিছত?...সি মোৰ বুকুখনলৈ....

প্ৰাঞ্জল চেতিয়া

[মৰাণ জনগোষ্ঠীৰ আধাৰত ৰচিত, সময়--প্ৰায় ১৮ শতিকাৰ৷ পটভূমি বাস্তৱ যদিও কাহিনী সম্পূৰ্ণ কাল্পনিক]

[খণ্ড: এক]

আজি ফাগুনৰ তৃতীয় দিন, প্ৰথম বুধবাৰ৷ আকাশত চকলা মেঘ৷ পলাশ, শিমলু, মদাৰ চাৰিওপিনে ৰঙাকৈ ফুলিছে৷ বাৰীৰ বাহনিডৰাই পছোৱাৰ সুৰ তুলিছে৷ গাভৰুৰ চুলি উৰিছে৷ চটিয়না জোপাত অনামী চৰাই এটাই গীত জুৰিছে ৷হয়তো নৈৰ গঢ়াত বালিমাহী দুটাই লুকাভাকু খেলিছে৷ মুঠিতে চঞ্চল ফাগুন৷ ভৰ দুপৰীয়া পকা বেলিটো মূৰত লৈ কুমলীজনীয়ে হেৰামণিত সৰু আলিটোত আমন জিমনকৈ বহি আছে৷ এহোপা সৰাপাতৰ মাতাল গোন্ধ আহি তাইৰ নাকত লাগিলহি৷

--কুমলী অ কুমলী অথনিৰে পৰা কি কৰি আছনো? ইমান বেলিৰ চেং চেং৷ উঠ, পাহৰিছ নেকি কালিৰ কথাটো?

--কুমলীয়ে মেচাকি এডাল চিঙি বান্ধৱী মিলিলৈ চালে ৷কালিৰ দৰে আজিও হয়তো তাই খেলাবলৈ আহিছে৷ দৰাকইনা, ঘিলা নতুবা হেতালি৷ পিছে কুমলীৰ আজি অলপো মন নাই৷ কালি ৰান্ধনী বেলি পৰিবৰ সময়ত যি হে ঘটনা ঘটিল ! উহঃ তাই আজিলৈকে কাকো কৱ পৰা নাই৷ বেচেৰীৰ দহবছৰীয়া মনটো দিহিং দিচাং কৰি আছে ৷

-মিলি

-হু

-তোক কথা এটা কওঁ, কাকো নকবি দেই?

--অ , নকওঁ নকওঁ৷ কি হ’ল ? কিবা হ’ল নেকি তোৰ? মিলিৰ ইচ্ছুকতা বাঢ়িল৷

--জান মিলি , কালি এইফালে বগাচাহাব আহিছিল ৷ লগত শিৱসাগৰীয়া আৰু মাইকেল ৷ মিলি জাপ মাৰি উঠিল ৷

-- অ'.....মই কালি দেখিছিলো, ঘোঁৰাত উঠি আহিছিল ৷তহঁতৰ তাত সোমাইছিল নেকি কুমলী ?

--নাই সোমোৱা ৷ কিন্তু.....!

- -কিন্তু কি কুমলী ?

- -মই কাজলী আৰু দমৰাটো লৈ আহি আছিলোঁ৷ নঙলা মুখতে লগ পালোঁ ৷

--তাৰ পিছত ? 

সিহঁত বহুত বেয়া৷ আজিকালি সেইকেইটা সঘনে আমাৰ ফালেদি আহা হৈছে৷ আয়ে মোক সেইবাবেই ওলাবকে  নিদিয়ে ৷

--ওঁ ৷ মিলি তই কিন্তু কাকো নকবি৷ কেচাইখাটি শপত ৷

-- নকওঁ ৷ কচোন সোনকালে ---

- জান মিলি , বগাচাহাবে মোৰ গালখন চুই চাইছিল ৷

--কি????? মিলিয়ে ভয় খালে ৷তাই গোটেই শৰীৰটোত এসোতা বিদ্যুত পাৰ হৈ গ’ল ৷

--তাৰ পিছত ?

_ সি মোৰ বুকুখনলৈ ---------

- ভ  গ  ৱা ন ----

-অ মিলি , মই সচাই কৈছো ৷ মই আই আই বুলি ভিতৰলৈ দৌৰ দিলো ৷

--আমৈহত ঘৰত আছিল নে ?

_ কোনো নাছিল ৷ মই ভয়তে বিচনাৰ তলত সোমালোঁগৈ ৷

- শিৱসাগৰীয়াই একো নকলে তোক কুমলী ৷

- সি বগা চাহাবলৈ চাই নাক কোচালে৷ অলপ দেৰি  পিছত বেৰৰ জলঙাইদি চালোঁ ৷সিহঁত নাই ৷গুচি গ’ল৷

- তোৰ কপাল ভাল কুমলী ৷ দুয়োজনীয়ে কথা পাতি পাতি চতিয়নাৰ তল পালেহি৷ ইফালে জৱা, ফুটুকী , পমী আদি কৰি মুঠ দহ জনী লগৰীয়া সিহঁতক লগ দিলে৷ উদ্দেশ্য জেং বিহুৰ আখৰাহে ৷  হেতালি ঘিলা নহয় ৷কাৰণ গাভৰু নোহোৱালৈকৈ সিহঁতে যে গছ তলৰ  বিহুত নাচিবলৈ নাপায়৷ এয়াই মৰাণসকলৰ পৰম্পৰা ৷পৰিবেশটো তৎক্ষণাত সলনি হ’ল ৷আটাইকেইজীয়ে বিহুনাম জুৰিলে ৷

" নাঙলতে হালি জালি পদুলিতে ভৰা জালি 

বিচনী মইনাদৈ আহ যাং ওমলোংগৈ৷৷"

কুমলীয়ে বিহু নামৰ ছেৱে ছেৱে নিজকে বিলিন কৰিবলৈ চেষ্টা কৰিলে৷ দূৰৈৰ লাইকা গাৱঁৰ পৰা ঐনিতমৰ সুৰ এটি ভাহি আহিল ৷এহোপা ফেৰফেৰীয়া বতাহে উদং পথাৰেদি লৰ দিলে৷ কুমলীৰ ফুলকুমলীয়া মনটোক বিহু নামে মেৰিয়াই বান্ধিলে৷   

[খণ্ড: দুই]


মনেশ্বৰ মৰাণ৷ এটি পৰিচত নাম ৷বয়স প্ৰায় ঊনচল্লিছ, পঞ্চম মান শ্ৰেণী উত্তিৰ্ণ ৷ তেৱেঁই হেনো গাওঁখনৰ ভিতৰত আটাইতকৈ বেছি পঢ়া লিখা থকা ব্যক্তি ৷ বাকী দুই একে বিদ্যালয়ৰ মুখ দেখিছিল মাত্ৰ ৷ খেনুৱে আকৌ সেইভাগৰ পদূলিয়ে গছকা নাই ৷ বিদ্যালয় মানে এজোপা গছৰ তল ! তালৈ দহ বাৰ মাইল যাব লাগে৷ লুংলুঙীয়া বাটত বন্যপ্ৰাণীলৈ ভয় ৷কেতিয়াবা গজৰাজ কেতিয়াবা আকৌ বান্দৰ , নলগাহৰি নতুবা সৰীসৃপবোৰ ৷ ইফালে কিতাপ -ফলি  বজাৰৰ বস্তু , গতিকে "চোৱা" নামৰ এই লোকবিশ্বাস ৷গাওঁখনক প্ৰায় তিনিও কাষে অৰণ্য আৰু এফালে ডিব্ৰু নদীখন৷ এইকেইদিন এই হাতীচুক  নামৰ গাওঁখনৰ নাতিদূৰৈত ইংৰাজে জংঘল চাফা কৰিছে৷ তাত চাহগছৰ পুলি ৰুব ৷মাজে মাজে বগাচাহাবৰ ফলীয়া দুজনমানে সীমা চেৰাই কিছু কাম কৰিব ধৰিছে৷ বেংমাৰলৈ অহাযোৱা লোকক  আতিশায্য চলাইছে৷ কাম নাই আৰু সিহঁতৰ ! মনেশ্বৰে সিবোৰ লক্ষ্য কৰি আছে৷ গাৱঁৰ ডেকাহ৺তক বুজালেও চোন একোকে নুবুজে৷ কিবা ধেৰুৱা ঠাৰি ৷দুটামানে আকৌ বগাচাহাবৰ লগুৱা লিকচৌ হৈহে ভাল পায় ৷ ডিঙি গুৰিলৈকে খাবলৈ পাই , সেইবাবেই ৷ হাবিৰ ডাঙৰ গছৰ ভঙা , টনাটনি কৰি ইফাল সিফাল কৰিবলৈ হাতী দৰকাৰ হৈছে ৷দুটামানে সেয়া যোগান ধৰিছে ৷বিনিময়ত  নিমখ, ফুলতেল ,দুই এক অনা পইচা ৷ তাতেই সন্তুষ্ট ৷ অৱশ্যে গাৱঁত মনেশ্বৰৰ স্থান সেই কেইটাতকৈ আগত ৷ ৰাতি বিহু , ধৰ্ম হুচৰি, দহা কাজ , বিয়া  আলোচনা বিলোচনাত  মনেশ্বৰ নাথাকিলে নহয় ৷ সিদিনা কুমলীৰ ঘৰলৈ মনেশ্বৰ আহিছিল ৷

- -কি অ মনেশ্বৰ কৈতালীতে থিয় দিবি নে বহিবিহি ?

- -দে দে থৈলাচিতা 

এই বুলি মনেশ্বৰে বহাঘৰলৈ সোমাই গ’ল ৷ মাখনীয়ে পাণ তামোলৰ বটাখন আনিলে ৷ কে৺চা  তামোল ৷ লগত  তেপৰ চালি৷ বেংমাৰত   তামোল পাণৰ লগত আৰু দুই ধৰণৰ চালি খায় ৷ দেয়া চালি আৰু ৰকৌ চালি ৷ তেপৰ আৰু ৰকৌ চালি গছত বগোৱা এবিধ লতা ৷দেয়া চালি চাম গছৰ দৰেই  এবিধ গছ ৷ চালি গছৰ বাকলি তামোলৰ লগত খাই ৷তেপৰ চালি তৃপ্তিদায়ক আনহাতে ৰকৌ আৰু দেয়াচালি কে৺হা ৷ বটাখন আগবঢ়াই মাখনীয়ে  সুধিলে --

- কিবা কামতে নে মনেশ্বৰ ? জাতেকে জবলাটো হলি !

-হৈছোং জানো পেয়ী ? সাতদিন মান খাপৰি হ’ল ৷ যিগিনীয়ে পালে বুলি সকাম কৰিলোঁ ৷ বন দৰৱো খালোঁ৷ এতিয়া ভাল পাইছোঁ ৷

- বাঅ হ’ব চিন্তা নকৰিবি ৷ খহু দৰৱ খাবি ৷ পিছদিগি লেতেকুঝা তলত ধেৰ শিয়ালনেজীয়া আছে ৷ লৈ যাবি ৷শুকুৱাই থবি ৷ তপত পানীত সিজাই নিমখ দি পানীকণ খাবি ৷

মাখনীয়ে পুতেক গদকক মাতি শিয়ালনেজীয়া লগতে শগুণীলতা মানে গিলই আনিবলৈ কলে ৷গদকে বাৰীৰ ফালে লৰ দিলে ৷

- চাহপানী বনাংগে ৷ গুৰ এটকনা লগত খা ৷

- নালাগে পেয়ী ৷ ইনেই সোমালোঁ তোৰ ঘৰত ৷ ফেফেলা ঘৰত বাৰুকৈয়ে এবাতি খালোঁ ৷  ফুটিমণি জিজায়ি দুটা মালভোগ কল দিলে ৷ হেঙালে ৷

- যাত্কে লেহোকাটো তই ৷  বিয়া খনতো নাপাতিলেয়ে ৷ নিজৰ দেহাটো ও যতন নললি ৷ মনেশ্বৰে ম্লান হাঁহি এটি মাৰিলে ৷ মাখনীয়ে চাকিৰ গছাটো  বেৰৰ কাষলৈ থলে ৷  তাই সন্মুখত থৈ দিয়া কপাহখিনিত হাত দিলে৷ নেউঠনিটো লৈ সূতা কটাত লাগিল ৷  মনেশ্বৰেও   ওচৰতে বীণ খনি চুই চালে ৷ ওচুনি পৰা তাৰ মনটো হুতৌ পাতৌ লাগি আছিল ৷ সি বীণ খনত ৰেপনি মাৰিলে ৷   মনেশ্বৰে হহঙাটি হৈ তাইলৈ চালে ৷ বগা মেখেলাৰ ওপৰত পাতল আকাশী নীলা পাৰি দিয়া ক৺কালমৰা খন পিন্ধিছে ৷ বুকুত মেঠনি ৷মূৰত গামোচা৷ ডিঙিৰ ফুটিমণি ডাল দুই পিয়াহৰ মাজলৈকে বৈ পৰিছে৷ অপূৰ্ব ৷ দেহি ঐ তাৰ ভাগ্যতহে এজনী নিলিখিলে৷


-কামেই কাম অ মনেশ্বৰ ৷ চৰু , টাওমাৰি ,বাতি  কা৺হী ধুলোহে মাত্ৰ ৷তই অহাৰ আগত টেমিধৰ আহিছিল৷ সি গদকক লেঠেং এজোৰ দিলেহি ৷ মই তাক শুকতি এচুঙা দিলোঁ ৷ 

- মোকো এফিকে শুকতি দিবি৷ বৰ বাঅ পাং খাই৷

- নিবি ক !  কালি কুমলী পিতায়েকে ফানতি এযোৰ বনালে৷ ধুনীয়া ৷

- অ'৷ ময়ো পাদুকা এযোৰ বনাব লাগিব ৷ ইতিমধ্যে কুমলীয়ে  টেকেলি এটা আনি মজিয়াত ৰাখিলেহি ৷ মনেশ্বৰে   বুজিলে সেয়া পাণ তামোলৰ লগত খোৱা চূণ ৷ বখলীয়া শামুক , জুনাই শামুক ধৰি আনি খোলাৰ মাজৰ কোমল অংশ এৰাই লয় ৷ তাৰ পিছত চাৰি পা৺চ দিন ৰ’দত শুকুৱাই বা৺হৰ বেৰৰ মাজত  ধান খেৰেৰে ঘূৰণীয়াকৈ মেৰিয়াই তাৰ মাজত শামুকবোৰ ভৰাই জুই লগাই দিয়ে ৷শেষত বেৰাৰ পৰা অৱশিষ্ট অংশখিনি আ৺তৰাই টেকেলীত ভৰাই থয় ৷ এয়াই চূণ ৷

- কুমলী অ তই বৰ এজনী হলি পাই ! চাবি এইকেইদিন বগা চাহাবহ৺ত বৰকৈ  ঘূৰিব ধৰিছে৷ দেখিলেই লৰ দিবি৷

বগাচাহাবৰ কথা কোৱাৰ লগে লগে কুমলীৰ বুকুখন চিৰাং কৰি গ’ল৷ তাই ভৰি দুখনত কিছু ক৺পনি অনুভৱ কৰিলে ৷ কব নোৱাৰাকৈয়ে সাউতকৈ বিচনাৰ কাষ পালেগৈ ৷ নিহালি খন লৈ তাই বিচনাতে বহি পৰিল ৷ মনেশ্বৰ আৰু মাকে কি কথা পাতিলে তাইৰ কাণত একো নোসোমাল৷ বেলিটিয়ে লহিয়াইছে৷ পিছফালৰ কাঠনীডৰাত কোনোবা চেঙেলীয়াই গীত জুৰিছে ৷ চাকচনি বজাই হয়তো আখৰা কৰিছে -----

"হায় ঐ...

অতি মৰমেৰে টকাটি ঐ দিছিলি

বিহু নাম গাবলৈ বুলি 

হায় ঐ

বিহু গাবলৈ নেজানোং ঐ একোকে

নেহাঁহিবি অকৰা বুলি ৷৷"

---------------------------

ক্ৰমশঃ

[বি: দ্ৰ: এই খণ্ডটি মোক বিভিন্ন মৰাণ জনগোষ্ঠীৰ সম্বন্ধীয় গ্ৰন্থ দি সহায় কৰা ৰুদুল, হিৰণ্য, পিৰুমনী, পৰাণ, কাশ্মীৰীবৌ, অমৰ আৰু মনিকাৰ হাতত তুলি দিলোঁ৷ লেখক৷]


No comments