২৫শতাংশ শিক্ষানুস্থানত ছাত্ৰীৰ বাবে নাই প্ৰস্ৰাৱগাৰ, এক লাখৰ ভিতৰত ১৭৭.৮ মহিলা অপৰাধৰ ভুক্তভোগী . ..অসমৰ ৩১.৯৮ শতাংশ লোকে দাৰিদ্ৰ সীমাৰেখাৰ ...
২৫শতাংশ শিক্ষানুস্থানত ছাত্ৰীৰ বাবে নাই প্ৰস্ৰাৱগাৰ, এক লাখৰ ভিতৰত ১৭৭.৮ মহিলা অপৰাধৰ ভুক্তভোগী
দিগন্ত শৰ্মাঃ
[অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰামৰ্শ বা যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০। এই বহনক্ষম উন্নয়নৰ লক্ষ্য ( Sustainable Development Goal) হৈছে জনতাৰ উন্নয়নৰ অধিকাৰৰ (Right to Development)অংশ। উন্নয়নৰ এই লক্ষ্য এক মানৱ অধিকাৰ হিচাপে ৰাষ্ট্ৰ সংঘৰ দ্বাৰা স্বীকৃত। পিছে অসমৰ জনতা বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে লক্ষ্যভ্ৰষ্ট।বহনক্ষম উন্নয়ন সূচকাংকৰ তালিকাত অন্যতম শোচনীয় প্ৰদৰ্শনকাৰী ৰাজ্যৰ ভিতৰত আছে অসম। নিটি আয়োগে প্ৰকাশ কৰা প্ৰতিবেদনৰ শীৰ্ষ স্থানত আছে কেৰেলা আৰু বিহাৰ হৈছে দেশৰ ভিতৰতে আটাইতকৈ শোচনীয় প্ৰদৰ্শনকাৰী ৰাজ্য।
নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ সূচকাংক ২০২০-২১ৰ প্ৰতিবেদন প্ৰকাশ কৰে। এই প্ৰদিবেদনত অসমৰ স্থান ৫৭ নম্বৰত অৰ্থাৎ তলৰ ফালৰ পৰা তিনি নম্বৰ স্থানত। বিপৰীতে শীৰ্ষস্থানত থকা ৰাজ্য কেৰেলাই লাভ কৰে ৭৫ নম্বৰ।
তামিলনাডু আৰু হিমাচল প্ৰদেশে যুটীয়াভাৱে ৭৪ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। এই প্ৰতিবেদনৰ মতে লিংগ সমতাৰ ক্ষেত্ৰত আৰু সু-স্বাস্থ্য আৰু ভাল অৱস্থা (good health and well-being) ক্ষেত্ৰত অসমৰ স্থান আটাইতকৈ তলত আছে। সু-স্বাস্থ্য প্ৰদানত অসম ৫৯ নম্বৰ স্থানত। বিপৰীতে লিংগ সমতাৰ ক্ষেত্ৰত অসমে লাভ কৰিছে মাত্ৰ ২৫ নম্বৰ। লিংগ সংবেদনশীলতাৰ ক্ষেত্ৰতো পিছপৰি আছে। উদাহৰণ স্বৰূপে এই প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ২৫ শতাংশ শিক্ষানুস্থানত ছাত্ৰীৰ বাবে পৃথক প্ৰস্ৰাৱগাৰ নাই। অসমৰ এক লাখ মহিলাৰ ভিতৰত ১৭৭.৮ মহিলা অপৰাধৰ ভুক্তভোগী।
আয়োগৰ মতে, অসমৰ ৩১.৯৮ শতাংশ লোকে দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত অসমে ৫১ নম্বৰ লাভ কৰিছে আৰু তলৰ ফালৰ পৰা সপ্তম স্থানত আছে৷
শিক্ষাৰ মানদণ্ডত অসমৰ স্থান হ’ল ৪৩ নম্বৰ, তলৰ পৰা পঞ্চম । ক্ষুধাহীনতাৰ ক্ষেত্ৰত অসমৰ স্থান ৪১ নম্বৰ । তালিকাৰ তলৰ ফালৰ পৰা ষষ্ঠ স্থানত।পৰিষ্কাৰ পানী যোগানৰ ক্ষেত্ৰত অসমৰ স্থান শেষৰ ফালৰ পৰা দুই নম্বৰ, স্কৰ হ'ল ৬৪।নিটি আয়োগৰ বহনক্ষম উন্নয়ন সূচকাংকৰ তালিকাত ২০২০-২১ত শোচনীয় প্ৰদৰ্শন কৰা ৭ খন ৰাজ্য হৈছে ক্ৰমে বিহাৰ (৫২), ঝাৰখণ্ড (৫৬), অসম (৫৭), অৰুণাচল প্ৰদেশ (৬০), মেঘালয় (৬০), ৰাজস্থান (৬০) আৰু উত্তৰ প্ৰদেশ (৬০)।
No comments