ধৰ্ষণ: অপৰাধ নে শাস্তি? 'আনফ্ৰীদম'-'পাতাল লোক'-'ইয়ৰ অনাৰ'--ৰ প্ৰশ্নবোৰ অসমৰে টেলিভিছন চেনেলত প্ৰচাৰিত এখন ধাৰাবাহি...
ধৰ্ষণ: অপৰাধ নে শাস্তি? 'আনফ্ৰীদম'-'পাতাল লোক'-'ইয়ৰ অনাৰ'--ৰ প্ৰশ্নবোৰ
অসমৰে টেলিভিছন চেনেলত প্ৰচাৰিত এখন ধাৰাবাহিকৰ মুখ্য অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মুকলিকৈ লাভ কৰিছিল ধৰ্ষণৰ ভাবুকি...
নিশা ভূঞা:
প্ৰত্যেকগৰাকী নাৰীকে শিহৰিত তথা আতংকিত কৰা এক শব্দ হৈছে ধৰ্ষণ। ধৰ্ষণ শব্দটিয়ে যে কেৱল আমাৰ ৰাজ্যৰ অথবা দেশৰ নাৰীৰ মনত বিভীষিকাৰ সৃষ্টি কৰিছে তেনে নহয়। পৃথিৱীৰ যিকোনো প্ৰান্তৰ যিকোনো নাৰীৰ ক্ষেত্ৰতেই এই দুখজনক কথাটি সত্যৰূপে প্ৰমাণিত হয়। কিন্তু ধৰ্ষণ নো দৰাচলতে কি! ধৰ্ষণ এক অপৰাধ নে কোনো অপৰাধৰ (?) শাস্তি- বৰ্তমানৰ সভ্য সমাজত বৰ্তমানেও এই কথা যেন নিশ্চিত হোৱা নাই।
বিগত বৰ্ষত কৰোনা মহামাৰীৰ আতংকৰ বাবে দিয়া লকডাউনৰ সময়ছোৱাতেই অসমৰে টেলিভিছন চেনেলত প্ৰচাৰিত এখন ধাৰাবাহিকৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত মুকলিকৈ লাভ কৰিছিল ধৰ্ষণৰ ভাবুকি। তেওঁ সেই ভাবুকি লাভ কৰিছিল সমাজৰ তথাকথিত এচাম ৰক্ষণশীল লোকৰ নিজস্ব মতামতৰ বিৰুদ্ধে কোনো বিষয় নিজৰ অভিনয়ৰ জৰিয়তে ধাৰাবাহিকখনত দাঙি ধৰাৰ বাবে । সেয়াই হেনো তেওঁৰ অপৰাধ আছিল। অৱশ্যে তেওঁ পৰৱৰ্তী সময়ত আৰক্ষী চকীত গোচৰ ৰুজু কৰে। কিন্তু সেয়াই জানো শেষ কথা হ'ব পাৰে!পৰৱৰ্তী সময়ত অসমৰ এগৰাকী লেখিকাইয়ো নিজস্ব কিছু মতামত লেখাৰ জৰিয়তে সামাজিক মাধ্যমৰ আগত দাঙি ধৰাৰ বাবেই লাভ কৰিছিল ধৰ্ষণৰ ভাবুকি। এয়া মাথো দুটি উদাহৰণহে। ধাৰাবাহিকখনৰ বিষয়বস্তুৰ বা লেখাসমূহৰ প্ৰসংগটি কিছু নিলগাই থৈ অন্য এক গুৰুত্বপূৰ্ণ বিষয়ত দৃষ্টিপাত কৰা হওঁক। এই কথাটি অতি সাম্প্ৰতিক যেন বোধ নহ'লেও ধৰ্ষণৰ ভাবুকি লাভৰ বিষয়টোৰ আলোচনা সদায়েই প্ৰাসংগিক তথা নুই কৰিব নোৱাৰা বিধৰ। কোনো এগৰাকী নাৰীয়ে যিকোনো অপৰাধত অভিযুক্ত হোৱাৰ বাবেই কিয় লাভ কৰিব লাগে ধৰ্ষণৰ ভাবুকি অথবা হ'ব লাগে ধৰ্ষণৰ বলি! ধৰ্ষণ আমাৰ আইনৰ অথবা সংবিধানৰ কোনো শাস্তিৰ বিধান নহয়। বৰং ই এক গুৰুতৰ অপৰাধহে। এই অপৰাধত লিপ্ত হোৱাজনে অৰ্থাৎ ধৰ্ষণকাৰীজনে লাভ কৰিব লাগে যথোচিত শাস্তি। পিছে বাস্তৱ ক্ষেত্ৰত তাৰ বিপৰীতে ছবি এখনহে কিয় দেখা পোৱা যায়?
লকডাউনৰ সময়ছোৱাতে আমি প্ৰত্যক্ষ কৰা এখন চিনেমা আৰু দুখন ৱেব ছিৰিজতো এই বিষয়টি উপস্হাপন কৰা দেখিবলৈ পালোঁ। ৰাজ অমিত কুমাৰৰ দ্বাৰা পৰিচালিত "আনফ্ৰীদম" নামৰ চিনেমাখনত এজন পিতৃয়ে নিজৰ কন্যাগৰাকী সমকামী হোৱাটো অপৰাধ বুলি গণ্য কৰে। তাৰবাবেই সেই পিতৃজনে নিজৰ কন্যা আৰু তেওঁৰ প্ৰেমাস্পদক আৰক্ষীৰ দ্বাৰা আটক কৰাই দুয়োকে লকআপৰ ভিতৰতে আৰক্ষীৰ দ্বাৰাই ধৰ্ষণ কৰায়। তেনেদৰেই "পাতাল লোক" নামৰ ৱেব ছিৰিজত এজন নিম্ন বৰ্ণৰ ল'ৰাই উচ্চ বৰ্ণৰ ল'ৰাক অপমান কৰাৰ অপৰাধত উচ্চ বৰ্ণৰ ল'ৰাজনৰ পৰিয়ালৰ পুৰুষ সদস্যই নিম্ন বৰ্ণ ল'ৰাজনৰ মাতৃক ধৰ্ষণ কৰি শাস্তি দিয়াৰ বিষয়টি উপস্হাপন কৰা হৈছে। অন্যহাতে "ইয়ৰ অনাৰ" নামৰ ৱেব ছিৰিজত এগৰাকী ন্যায়াধীশে এজন অপৰাধীক উপযুক্ত শাস্তি বিহি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বাবেই তেওঁৰ পত্নীক অপৰাধীজনৰ পুত্ৰই ধৰ্ষণ কৰা দৃশ্য দেখুওৱা হৈছে। এই সকলো প্ৰত্যক্ষ কৰি মনলৈ এটাই প্ৰশ্ন আহে- ধৰ্ষণ দৰাচলতে অপৰাধ নে অপৰাধৰ শাস্তি ?
ধৰ্ষণৰ অভিযোগ সত্য বুলি প্ৰমাণিত নোহোৱাকৈ, দোষীয়ে শাস্তি নোপোৱাকৈ ৰৈ যোৱা ঘটনাবোৰ থাকেই। ফলত ধৰ্ষিতাগৰাকীয়েই অৱৰ্ণনীয় যাতনাৰ সন্মুখীন হ'বলগীয়া হয় আজীৱন। এনেবোৰ বিষয়েই হয়তো এচামক প্ৰৰোচিত কৰে ধৰ্ষণৰ বাবে, ধৰ্ষণৰ ভাবুকি দিয়াৰ বাবে, ধৰ্ষণক অপৰাধৰ পৰিৱৰ্তে অপৰাধৰ শাস্তি বুলি ভবাৰ বাবে। এই ধাৰণা সলনি হোৱাটো অতি প্ৰয়োজনীয়। আজিৰ পৰা দুবছৰ পূৰ্বে আমাৰ দেশৰে এগৰাকী আৰক্ষী বিষয়াই এনকাউণ্টাৰ কৰি ধৰ্ষণকাৰীক হত্যা কৰিছিল। সদায় সেয়া সম্ভৱ নহয়
বিশ্বৰ বিভিন্ন দেশত ধৰ্ষণকাৰীৰ বাবে নানান কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে। যেনে: উত্তৰ কোৰিয়াত ধৰ্ষণকাৰীৰ মূৰত গুলিওৱা হয়,সংযুক্ত আৰৱত ধৰ্ষণৰ ৭ দিনৰ ভিতৰতে ধৰ্ষণকাৰীক ফাঁচী দিয়া হয়, চৌদি আৰৱত ধৰ্ষণকাৰীৰ যৌনাংগ কাটি দিয়া হয়, ইৰাকত শিলগুটি দলিয়াই হত্যা কৰা হয় ইত্যাদি ইত্যাদি। ভাৰতবৰ্ষত ধৰ্ষণকাৰীৰ বাবে বৰ্তমানেও তেনে কোনো চুড়ান্ত শাস্তি বা কেপিটেল পানীচমেণ্টৰ ব্যৱস্থা হোৱা নাই। সময়ে সময়ে এই বিষয়টি উত্থাপিত হয় যদিও বাস্তৱত সেয়া কাৰ্যকৰী নহয়। শেহতীয়া সমীক্ষা অনুসৰি আমাৰ দেশত বছৰি প্রায় ৩৪,০০০ ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হয়। পঞ্জীয়ন নোহোৱাকৈ ৰৈ যোৱা এনে ঘটনা আৰু কিমান থাকে,তাৰ হিচাপ উলিওৱা কঠিন। কিন্তু সমহাৰত অভিযুক্ত ধৰ্ষণকাৰীয়ে শাস্তি লাভ কৰে জানো! নিশ্চয় নকৰে,কৰা আমি দেখিবলৈ পোৱা নাই... এই গুৰুতৰ অভিযোগৰ প্ৰায়ে কোনো খৰতকীয়া বিচাৰ নহয়। সেয়ে ধৰ্ষিতা এগৰাকীয়ে বা তেওঁৰ পৰিয়ালবৰ্গই ন্যায় লাভৰ বাবে বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হয় । তাৰ বিপৰীতে অভিযুক্ত ধৰ্ষণকাৰীয়ে মুকলি আকাশৰ তলত সুখেৰে দিন কটায়, বিয়া পাতি সংসাৰধৰ্ম পালন কৰে। "নিৰ্ভয়া" ধৰ্ষণ আৰু হত্যাকাণ্ড তথা তাৰ বিচাৰ প্ৰক্ৰিয়া তাৰেই এক জ্বলন্ত উদাহৰণ । তাৰোপৰি ধৰ্ষণৰ অভিযোগ সত্য বুলি প্ৰমাণিত নোহোৱাকৈ, দোষীয়ে শাস্তি নোপোৱাকৈ ৰৈ যোৱা ঘটনাবোৰ থাকেই। ফলত ধৰ্ষিতাগৰাকীয়েই অৱৰ্ণনীয় যাতনাৰ সন্মুখীন হ'বলগীয়া হয় আজীৱন। এনেবোৰ বিষয়েই হয়তো এচামক প্ৰৰোচিত কৰে ধৰ্ষণৰ বাবে, ধৰ্ষণৰ ভাবুকি দিয়াৰ বাবে, ধৰ্ষণক অপৰাধৰ পৰিৱৰ্তে অপৰাধৰ শাস্তি বুলি ভবাৰ বাবে। এই ধাৰণা সলনি হোৱাটো অতি প্ৰয়োজনীয়। আজিৰ পৰা দুবছৰ পূৰ্বে আমাৰ দেশৰে এগৰাকী আৰক্ষী বিষয়াই এনকাউণ্টাৰ কৰি ধৰ্ষণকাৰীক হত্যা কৰিছিল। কিন্তু সদায় সেয়া সম্ভৱ নহয়। ধৰ্ষণ নামৰ অতি গুৰুতৰ অপৰাধৰ খৰতকীয়া বিচাৰ হোৱাৰ লগতে অপৰাধীৰ বাবে চূড়ান্ত কোনো শাস্তিৰ বিধান হোৱা উচিত। তেনে কঠোৰ ন্যায় ব্যৱস্থাইহে হয়তো এচামৰ মানসিকতা সলনি কৰিবলৈ সক্ষম হ'ব.... তদুপৰি প্ৰত্যেক পৰিয়ালতেই কন্যা সন্তানক সাৱধান হৈ থকা আৰু নিজৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ কথা শিকোৱাৰ সমান্তৰালভাৱে পুত্ৰ সন্তানক সৰুৰে পৰাই নাৰীৰ মহত্ত্ব আৰু তেওঁলোকক সন্মান কৰিবলৈও শিকোৱাটো অতি প্ৰয়োজনীয়। তাৰপৰাও বহুলাংশে সলনি হ'ব এই অপৰাধৰ সৈতে জড়িত বৰ্তমানৰ দৃশ্যপট, একাংশৰ নীচাত্মক মানসিকতা।
No comments