মহাপুৰুষ শংকৰদেৱৰ জন্মৰো পূৰ্বৰ ঐতিহাসিক সোণডোবা নৈ এতিয়া মৃত্যুৰ গৰাহত সোণডোবাৰ যি সোণোৱালী দিনবোৰ আছিল...এতিয়া সোণডোবাৰ মাজত এটুপি পানীৰ ...
মহাপুৰুষ শংকৰদেৱৰ জন্মৰো পূৰ্বৰ ঐতিহাসিক সোণডোবা নৈ এতিয়া মৃত্যুৰ গৰাহত
সোণডোবাৰ যি সোণোৱালী দিনবোৰ আছিল...এতিয়া সোণডোবাৰ মাজত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিব লগা হৈছে...
বিষ্ণু ডেকা:
মৰিগাঁও জিলাৰ উত্তৰ দিশে বৈ থকা চিৰ প্ৰৱাহমান ঐতিহাসিক সোণডোবা নৈখন যোৱা বছৰৰ ব্ৰহ্মপুত্ৰৰ বলিয়া বানে যেন মৃত্যুৰ গৰাহলৈ ঠেলি নিছে। উল্লেখ্য যে মৰিগাঁও জিলাৰ ভূৰাগাঁও অঞ্চলৰ ঐতিহাসিক সোণডোবা নৈখনৰ পাৰতে অঞ্চলটোত মানৱ সভ্যতা গঢ়ি উঠিছিল। জনপ্ৰবাদ মতে, সোণডোবা নৈখন আছিল মহাপুৰুষ শংকৰদেৱৰ জন্মৰো এশ বছৰ পূৰ্বৰ । এই ঐতিহাসিক নৈখন দুৰ্ভাগ্যবশতঃ যোৱা বছৰ হৈ যোৱা ব্ৰহ্মপুত্ৰৰ বলীয়া বানে বালিৰে উপচাই এতিয়া যেন খেলপথাৰলৈ পৰিণত কৰিছে। এই সোণডোবা নৈখনতেই সভ্যতাৰ জন্ম হৈছিল যদিও দুৰ্ভাগ্যবশত ১৯৮০ চনৰ পাছৰ পৰা সোণডোবাৰ যি সোণোৱালী দিনবোৰ আছিল ইয়াতে সোণডোবাৰ সেই সময়ৰ মানুহে মাছ-কাছ সকলো ধৰণৰ খাদ্য সামগ্ৰী যোগান পাইছিল। সেই সময়ত ইয়াৰ পানী স্থানীয় লোক সকলে ব্যৱহাৰ কৰিছিল। ইয়াৰ পানী ইমানেই ভাল আছিল যে তেওঁলোকে আধুনিক যুগৰ অৰ্থাৎ কুঁৱা-দমকল আদিৰ পানীও ব্যৱহাৰ কৰা নাছিল। পিছে সময়ৰ সোঁতত ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰৰ মথাউৰিটো আহি লাহৰীঘাটতে সমাপ্ত হ'ল।
এতিয়া সোণডোবাৰ মাজত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিব লগা হৈছে। সোণডোবাৰ দুয়োপাৰে যিহেতু কৃষিজীৱি লোক সকলে বাস কৰে ।তেওঁলোকে পানীৰ ওপৰতে নিৰ্ভয় কৰে। সেয়ে নৈখনত এতিয়া পানী নোহোৱাৰ কাৰণে কৃষিজীৱি লোক সকলৰ যথেষ্ট বিপদ হৈছে
লাহৰীঘাটৰ পৰা মায়ঙৰ হিলৈখুন্দালৈকে বান্ধ দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ ৰাইজৰ কয়, 'বানপানীক আমি ভয় নকৰো,আমি গৰাখহনীয়াকহে ভয় কৰোঁ'। উল্লেখ্য যে হৰিবলৰ পৰা অঞ্চলটোৰ বিহুবড়ি, বিৰোবাৰী, লেঙেৰীবড়ি, পাভকাটি, দুৱাৰবান্ধি আদি গাঁও খহনীয়াত জাহ গৈ নদীৰ পথ পৰিৱৰ্তন হৈ ঐতিহাসিক সোণডোবাৰ ফালে আগুৱাই অহাৰ ফলতেই যোৱা বছৰৰ বানপানীয়ে সোণডোবা নৈখনৰ বুকুত বালিময় কৰে। ফলত এতিয়া সোণডোবাৰ মাজত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিব লগা হৈছে। সোণডোবাৰ দুয়োপাৰে যিহেতু কৃষিজীৱি লোক সকলে বাস কৰে । তেওঁলোকে পানীৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে নৈখনত এতিয়া পানী নোহোৱাৰ কাৰণে কৃষিজীৱি লোক সকলৰ যথেষ্ট বিপদ হৈছে।
![]() |
মৃত নৈখন.... |
এই ক্ষেত্ৰত চৰকাৰে ঐতিহাসিক নৈখন পুনৰ খনন ব্যৱস্থাৰে বুৰাই নিয়া ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে ১৫-২০ বছৰৰ পাছত অঞ্চলটোৰ মানুহে পানীৰ কাৰণে হাহাকাৰ কৰিব লাগিব। পানীৰ নামত,মানুহ বিপদমুখী হব।ইফালে বৰ্তমান ঐতিহাসিক নৈখনৰ পৰিস্থিতি দেখি অনাগত দিনত বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে খৰাং পৰিস্থিতি হোৱাটো নিশ্চিত বুলি স্থানীয় লোক সকল শংকিত হৈ উঠিছে। উল্লেখ্য যে বৰদোৱা শান্তি জানৰ পৰা বৈ আহি সোণাই আৰু লালিৰ সংগমস্থলৰ পৰা পিছত বৈ অহা অংশই হ'ল সোণডোবা। এই সোণডোবা নৈখন মৰিগাঁও জিলাৰ উত্তৰ অঞ্চলটোৰ বেছামাৰী, ভকুৱামাৰী, বটালিমাৰী, বৰশীবন্ধা, বানমূৰীবিল, লেঙেৰীগাঁও, লেঙেৰীবড়ি, বানমূৰী, ডোংগাপাৰ, জাপৰি, বৰালিমাৰী হৈ বৈ গৈ সোণাইমুখত পৰে আৰু লাহৰীঘাট সমষ্টিৰ শেষ সীমা টেঙাবড়িত গৈ ব্ৰহ্মপুত্ৰ নদীত সোণডোবা নৈখনৰ সংযোগ ঘটিছিল।
No comments