Page Nav

HIDE

Grid

GRID_STYLE

৬৪% ই নাক-মুখ নঢকাকৈ 'পৰিধান' কৰে মাস্ক

গুৰুতৰ পৰিস্থিতিতো ভাৰতৰ প্ৰায় ৫০ শতাংশ লোকে পৰিধান কৰা নাই মাস্ক  দেশৰ ন খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০ হেজাৰৰ পৰা এক লাখৰ ভিতৰত...ইফাল...


গুৰুতৰ পৰিস্থিতিতো ভাৰতৰ প্ৰায় ৫০ শতাংশ লোকে পৰিধান কৰা নাই মাস্ক 


দেশৰ ন খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০ হেজাৰৰ পৰা এক লাখৰ ভিতৰত...ইফালে ১৯ খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০ হেজাৰৰ তলত... দেশৰ সাত খন ৰাজ্যত সংক্ৰমণৰ হাৰ ২৫ শতাংশতকৈ অধিক

  দিগন্ত শৰ্মাঃ 

ভাৰতত ক'ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পাইছে। দিল্লীৰ অৱস্থাই ইতিমধ্যেই বিশ্ববাসীক ভাৰতৰ স্বাস্থ্যসেৱা সন্দৰ্ভত ধাৰণা দিছেই। ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰন কৰিবলৈ চৰকাৰে স্বাস্থ্যবিধি প্ৰয়োগ কৰিছে। বিশেষকৈ মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিছে । দেশৰ বিভিন্ন ঠাইত  তলাবন্ধ অব্যাহত আছে।

পিছে এনে পৰিস্থিতিতো ভাৰতৰ প্ৰায় ৫০ শতাংশ লোকে মাস্ক পৰিধান কৰাৰ পৰা আতৰি আছে। আনহাতে মাস্ক পিন্ধা সকলৰ ভিতৰৰে আকৌ ৬৪ শতাংশই মাস্কেৰে নাক ঢাকি নাৰাখে। প্ৰকৃত নিয়ম পালনেৰে মাত্ৰ ১৪ শতাংশ লোকেহে মাস্ক পৰিধান কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই কথা। স্বাস্থ্য মন্ত্ৰণালয়েতপ্ৰকাশ কৰিছে যে দেশৰ আঠ খন ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা এক লাখতকৈও অধিক হৈছে গৈ। আনহাতে দেশৰ ন খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০ হেজাৰৰ পৰা এক লাখৰ ভিতৰত  হৈছে। ইফালে ১৯ খন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৫০ হেজাৰৰ তলত আছে বুলি প্ৰকাশ। বৰ্তমান, দেশৰ সাত খন ৰাজ্যত সংক্ৰমণৰ হাৰ ২৫ শতাংশতকৈ অধিক। ইয়াৰ ভিতৰত, কৰ্ণাটক আৰু পশ্চিম বংগত সংক্ৰমণৰ হাৰ ২৫ শতাংশতকৈও অধিক। আনহাতে, ১৫ শতাংশৰ অধিক সংক্ৰমণৰ হাৰ হৈছে ২০ খন ৰাজ্যত । অৱশ্যে দৈনিক সংক্ৰমণৰ হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহিছে।

নিয়ম অনুসৰি পৰিধান নকৰা ব্যক্তিয়ে ক'ভিডৰ সংক্ৰমন বৃদ্ধিত অৰিহনা যোগাই আহিছে। অসমত মাস্ক পৰিধান নকৰিলে ১০০০ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়াৰ পিছতো এচামে এই নিয়ম পালন নকৰে আৰু এচামে আৰক্ষীৰ ভয়তহে ঠুতৰিত মাস্ক লগাই ঘূৰি ফুৰে...

সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম মানি চলা আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মাস্ক পিন্ধাৰ বাহিৰে গত্যন্তৰ নাই বুলি বিশেষজ্ঞই কৈ আহিছে। কেন্দ্ৰীয় চৰকাৰৰ মতে, উত্তৰ প্ৰদেশ, হাৰিয়ানা, গুজৰাট,  বিহাৰ, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্য প্ৰদেশ,  দিল্লী, ছত্তীশগড় আৰু ঝাৰখণ্ডত দিনে সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে। আনহাতে তামিলনাডু আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মিজোৰামৰ দৰে ৰাজ্যত সংক্ৰমণ বৃদ্ধি হৈ আছে ।

গুৰুতৰ কথা যে মাস্ক পৰিধান নকৰা আৰু নিয়ম অনুসৰি পৰিধান নকৰা ব্যক্তিয়ে ক'ভিডৰ সংক্ৰমন বৃদ্ধিত অৰিহনা যোগাই আহিছে। অসমত মাস্ক পৰিধান নকৰিলে ১০০০ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়াৰ পিছতো এচামে এই নিয়ম পালন নকৰে আৰু এচামে আৰক্ষীৰ ভয়তহে ঠুতৰিত মাস্ক লগাই ঘূৰি ফুৰে। বিপৰীতে এইচামৰ নাই কোনো সামাজিক দায়বদ্ধতা বা আন ব্যক্তিৰ প্ৰতি  চিন্তা বা সমাজখনক দুৰ্যোগৰ পৰা ৰক্ষা কৰাৰ বিবেচনা 

No comments