Page Nav

HIDE

Grid

GRID_STYLE

ৰাজনৈতিক পথাৰত বঞ্চিত মহিলা ! এইবাৰ অসম বিধানসভাত মাত্ৰ ৪% মহিলা

বিধানসভালৈ নিৰ্বাচিত মাত্ৰ ৬ গৰাকী মহিলা বিধায়ক:  মিত্ৰজোটৰ ৪, মহাজোটৰ ২ ....সেই সময়ত বিধানসভালৈ মহিলা প্ৰাৰ্থীৰ এই সংখ্যাই স্বাভাৱিকতে নাৰী...


বিধানসভালৈ নিৰ্বাচিত মাত্ৰ ৬ গৰাকী মহিলা বিধায়ক:  মিত্ৰজোটৰ ৪, মহাজোটৰ ২

....সেই সময়ত বিধানসভালৈ মহিলা প্ৰাৰ্থীৰ এই সংখ্যাই স্বাভাৱিকতে নাৰী সৱলীকৰণৰ এখন পৃথক ছবি পোহৰলৈ আনিছে....



জমিৰ উদ্দিন তালুকদাৰ:

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হল ৷ প্ৰত্যাশিতভাৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল বিজেপি নেতৃত্বাধীন মিত্ৰজোট ৷ ১২৬ জনীয়া অসম বিধানসভালৈ এইবাৰ নিৰ্বাচিত হল মাত্ৰ ৬ গৰাকী মহিলা বিধায়ক ৷ তাৰ মাজতে শাসকপক্ষৰ পৰা ৪ গৰাকী মহিলা বিধায়ক নিৰ্বাচিত হোৱাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ টিকটত জয়ী হৈ বিধানসভালৈ আহিল ২ গৰাকী মহিলা বিধায়ক ৷ প্ৰাপ্ত তথ্যনুসৰি এইবাৰ বিধানসভা নিৰ্বাচনত শাসক-বিৰোধীকে ধৰি নিৰ্দলীয় সহ মুঠ ৯৪৬ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল ৷ তাৰে মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল ৭৪ গৰাকী ৷ অৰ্থাৎ মুঠ প্ৰাৰ্থীৰ ৭ দশমিক ৮২ শতাংশ আছিল মহিলা প্ৰাৰ্থী ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৯ গৰাকী মহিলা প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিছিল ৷ সেইসকল হৈছে ক্ৰমে আমগুৰিৰ পৰা অংকিতা দত্ত, টিয়কৰ পৰা পল্লবী গগৈ, সৰুপথাৰৰ পৰা ৰজলিনা তিৰ্কী, নাহৰকটিয়াত প্ৰণতি ফুকন, খুমটাইৰ পৰা বিস্মিতা গগৈ, বটদ্ৰবাৰ পৰা শিবামনি বৰা, গুৱাহাটী পূৱত অসীমা বৰদলৈ, গুৱাহাটী পশ্চিমত মীৰা বৰঠাকুৰ আৰু বকোত নন্দিতা দাস ৷ কংগ্ৰেছৰ সহযোগী মিত্ৰদল এআইইউডিএফে থিয় কৰোৱা একমাত্ৰ মহিলা প্ৰাৰ্থী গৰাকী হৈছে সৰুক্ষেত্ৰী সমষ্টিত মিনাক্ষী ৰহমান ৷ বিপিএফৰ মহিলা প্ৰাৰ্থী গৰাকী হৈছে দলটোৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু আৰজেডিয়ে দিয়া মহিলা প্ৰাৰ্থী গৰাকী হৈছে তিনিচুকীয়া সমষ্টিৰ হীৰা দেবী ৷

যিসময়ত চৰকাৰে মহিলাৰ বাবে বিভিন্ন ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে, পঞ্চায়তত পঞ্চাচ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰিছে, চৰকাৰী চাকৰিত মহিলাৰ বাবে সংৰক্ষণৰ দাবী উঠিছে, সেই সময়ত বিধানসভালৈ মহিলা প্ৰাৰ্থীৰ এই সংখ্যাই স্বাভাৱিকতে নাৰী সৱলীকৰণৰ এখন পৃথক ছবি পোহৰলৈ আনিছে...

 ইপিনে বিজেপিয়ে এইবাৰ মুঠ ৭ গৰাকী মহিলা প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিছে ৷ সেইকেইগৰাকী হৈছে ক্ৰমে গোলাগাটত অজন্তা নেওগ, শিৱসাগৰত সুৰভী ৰাজকোঁৱৰী, বটদ্ৰবাত আঙুৰলতা ডেকা, হাজোত সুমন হৰিপ্ৰিয়া, হাফলঙত নন্দিতা গাৰ্লোছা, আলগাপুৰত মুন স্বৰ্ণকাৰ আৰু বাঘবৰত হাচিনাৰা খাতুন ৷ বিজেপিৰ সহযোগী মিত্ৰদল অগপই থিয় কৰোৱা মহিলা প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে টিয়কত ৰেনুপমা ৰাজখোৱা আৰু সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী ৷ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে ৭ গৰাকী মহিলা প্ৰাৰ্থীক নিৰ্বাচনত থিয় কৰোৱাৰ বিপৰীতে ৰাইজৰ দলে টিকট দিয়া একমাত্ৰ মহিলা প্ৰাৰ্থী গৰাকী হৈছে যমুনামুখ সমষ্টিৰ দিলোৱাৰা বেগম চৌধুৰী ৷ এই প্ৰাৰ্থীসকলৰ মাজতে এইবাৰ জয়ী হৈ বিধানসভালৈ আহিছে ৬ গৰাকী মহিলা বিধায়ক ৷ ২০১১ চনত ৮৫ গৰাকী মহিলা প্ৰাৰ্থীৰ মাজত জয়ী হৈছিল ১৪ গৰাকী মহিলা প্ৰাৰ্থী ৷ ২০১৬ চনত ৯১ গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈ ৮ গৰাকী জয়ী হৈ বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল ৷ বিগত দুটা বিধানসভা নিৰ্বাচনৰ পৰিসংখ্যা মতে এইবাৰ সৰ্বনিম্ন ৬ গৰাকী মহিলা বিধায়ক জয়ী হৈ অসম বিধানসভালৈ আহিছে ৷ শাসকীয় বিজেপিৰ পৰা জয়ী হৈ অহা মহিলা বিধায়ক কেইগৰাকী হৈছে ক্ৰমে গোলাঘাটৰ পৰা অজন্তা নেওগ, হাজোৰ পৰা সুমন হৰিপ্ৰিয়া আৰু হাফলঙৰ পৰা নন্দিতা গাৰ্লোচা ৷ অগপৰ টিকটত টিয়ক সমষ্টিৰ পৰা জয়ী হৈছে বৰ্ষীয়ান নেত্ৰী ৰেনুপমা ৰাজখোৱা ৷ বিৰোধী কংগ্ৰেছৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা মহিলা বিধায়ক দুগৰাকী হৈছে ক্ৰমে বকো সমষ্টিৰ পৰা নন্দিতা দাস আৰু বটদ্ৰবা সমষ্টিৰ পৰা শিৱামনি বৰা ৷ যিসময়ত চৰকাৰে মহিলাৰ বাবে বিভিন্ন ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে, পঞ্চায়তত পঞ্চাচ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰিছে, চৰকাৰী চাকৰিত মহিলাৰ বাবে সংৰক্ষণৰ দাবী উঠিছে, সেই সময়ত বিধানসভালৈ মহিলা প্ৰাৰ্থীৰ এই সংখ্যাই স্বাভাৱিকতে নাৰী সৱলীকৰণৰ এখন পৃথক ছবি পোহৰলৈ আনিছে ৷ এই সম্পৰ্কে বিশিষ্ট নাৰীবাদী নেত্ৰী হাচিনা আহমেদে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়--"২০২১ বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈ অহা মহিলা বিধায়কৰ সংখ্যা তাকৰ ৷ পিতৃতান্ত্ৰিক সমাজত আজিও কোনোবা নহয় কোনোবা দিশত মহিলাক দমন কৰাৰ মানসিকতা আছেই ৷ মহিলা সৱলীকৰণৰ বাবে চৰকাৰে ব্যৱস্থা লব লাগিব ৷ পঞ্চায়ত নিৰ্বাচনৰ দৰে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনতো মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে ৷ তেতিয়াহে আমি ভাবো মহিলাসকলেও অন্ততঃ টিকটৰ পৰা বঞ্চিত নহ'ব আৰু ৰাজনৈতিক পথাৰত মহিলাই দক্ষতাৰে আশাবাদী হৈ কাম কৰি যাব পাৰিব ৷"


No comments