Page Nav

HIDE

Grid

GRID_STYLE

সংকট কালৰ অন্যৰূপী সংগ্ৰামী নাৰী

পুৰুষৰ কাম বুলি চিহ্নিত হোৱা প্ৰক্ৰিয়াক নিঃচিহ্ন কৰি অব্যাহত  অৰ্থনৈতিক বিপ্লৱৰ যাত্ৰা      ...শ্ৰমজীৱী নাৰীয়ে  সমাজৰ তথাকথিত লিংগ ভিত্তিক ক...


পুৰুষৰ কাম বুলি চিহ্নিত হোৱা প্ৰক্ৰিয়াক নিঃচিহ্ন কৰি অব্যাহত  অৰ্থনৈতিক বিপ্লৱৰ যাত্ৰা     


...শ্ৰমজীৱী নাৰীয়ে সমাজৰ তথাকথিত লিংগ ভিত্তিক কৰ্মবিভাজনক নসাৎ কৰিছে...সংকট কালত সংগ্ৰামত ব্ৰতী হৈ নাৰী সবলীকৰণ আৰু লিংগ সমতাৰ নিদৰ্শণ সৃষ্টি কৰিছে...

সম্পাদকীয়ঃ

VOL. 1, ISSUE NO 8

MARCH 6, 2021

সংকট কালৰ সংগ্ৰামহে প্ৰকৃত সংগ্ৰাম। এনে বহু নাৰী আছে যিয়ে সংকট কালত সংগ্ৰামত ব্ৰতী হৈ নাৰী সবলীকৰণ আৰু লিংগ সমতাৰ নিদৰ্শণ সৃষ্টি কৰিছে।পুৰুষৰ কাম বুলি চিহ্নিত হোৱা প্ৰক্ৰিয়াক নিঃচিহ্ন কৰি এইচাম মহিলাই সংকটৰ সময়তো অব্যাহত ৰাখিছিল অৰ্থনৈতিক বিপ্লৱৰ যাত্ৰা, অতিক্ৰম কৰিছিল বহু প্ৰত্যাহ্বান। লকডাউনৰ দৰে সংকট কালত বা আন কালতো এচাম নাৰীয়ে কৰ্মক্ষেত্ৰত নিজক শক্তিশালী ৰূপত তুলি ধৰিছিল।

(এক)

এগৰাকী শ্ৰমজীৱী নাৰীয়ে কোলাত কেচুৱা লৈয়ো চিমেণ্ট-বালিৰ মিশ্ৰণ কঢ়িয়াই নিৰ্মাণ কাৰ্য কৰি গৈছিল গুৱাহাটী নুনমাটি এলেকাত। স্বামীৰ অনুপস্থিতিতো মৰ্জিনা খাতুন নামৰ সেই নাৰীয়ে পুৰুষৰ দৰে কাম কৰিছিল আৰু মাতৃ ৰূপে কেচুৱাক কোলাৰ পৰা আতৰাই থোৱা নাছিল।

                                                                                   (দুই)

ৰাজপথৰ দাঁতিত ৰখাই থোৱা ৰিক্সা এখনৰ কাষত থিয় হৈ আছিল এগৰাকী মহিলা৷ ৰিক্সাখনত সজাই থোৱা আছিল বিভিন্ন ফল-মূল৷ কেইবাবিধৰ কল, আনাৰস, আপেল, ডালিম আদি ফল বিক্ৰীৰ বাবে সজাই ৰিক্সাখনক ৰূপান্তৰিত কৰা হৈছে এখন চলন্ত দোকানলৈ আৰু সেই ফলমূলৰ চলন্ত বিপনীখনৰ বিক্ৰেতা হৈছে মহিলাগৰাকী৷গুৱাহাটী মহানগৰীৰ হাতীগাঁও অঞ্চলৰ ৰাজপথৰ দাঁতিত চলন্ত ফলৰ বিপনীৰ বিক্ৰেতা এই মহিলাগৰাকীৰ নাম হৈছে ভানুমতী ৰায়৷ ৪৭ বছৰীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাগৰাকীয়ে গুৱাহাটীৰ ৰাজপথৰ দাঁতিত যিখন ৰিক্সাত ফল-মূল বিক্ৰী কৰিবলৈ লৈছে, সেই ৰিক্সাখন চলাইছিল তেওঁৰ স্বামী প্ৰফুল্ল ৰায়ে৷ ৫৫ বছৰীয়া প্ৰফুল্ল ৰায়ৰ বাবে জীৱনৰ চালিকাশক্তি আছিল ৰিক্সাখন৷  প্ৰফুল্ল-ভানুমতীৰ প্ৰকৃত ঘৰ অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ গোলকগঞ্জ অঞ্চলত৷ দুই সন্তানসহ এদিন তেওঁলোক গুচি আহিছিল গুৱাহাটীলৈ৷ মহানগৰীৰ হাতীগাঁও অঞ্চলত ভাৰাঘৰত থাকি পৰিয়াল চলাবলৈ প্ৰফুল্ল ৰায়ে চলাইছিল ৰিক্সা আৰু ভানুমতীয়ে কেবাটাও পৰিয়ালত দিনটোত কাম বন কৰি ধন উপাৰ্জন কৰিছিল৷ নিজৰ ৰান্ধনীঘৰটোৰ পৰা আনৰ ৰান্ধনীঘৰ চম্ভালি লোৱা বা কাপোৰকানি ধোৱা, ঘৰ পৰিষ্কাৰ কৰা সকলো কাম কৰে ভানুমতীয়ে৷ নৱম আৰু সপ্তম শ্ৰেণীত পঢ়া দুই সন্তানৰ জীৱন গঢ়িবলৈ প্ৰফুল্ল ৰায়ে দেহৰ ভাগৰকো আওকাণ কৰি ৰিক্সাৰে দিনভৰ যাত্ৰী কঢ়িয়াইছিল, ভানুমতীয়ে আনৰ ঘৰৰ গৃহিণীৰ কাম কৰিছিল৷ তেনেদৰে অব্যাহত আছিল জীৱন যুদ্ধ৷

ভানুমতী ৰায়
------------------
যোৱা মাৰ্চ মাহত চৰকাৰে কভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঘোষণা কৰা লকডাউনে প্ৰফুল্ল-ভানুমতীৰ জীৱন স্তব্ধ কৰিছিল ৷ ৰিক্সা বন্ধ , ভানুমতীকো কাম বন্ধ, হাতত জমা থকা ধনখিনি শেষ ৷ বাকী ৰল ঘৰভাৰা দিবলৈ৷ লকডাউন দীঘলীয়া হ’ল৷  ৰিক্সা উলিয়াব নোৱাৰা হ’ল প্ৰফুল্লই৷ উলিয়ালেও মানুহ নুঠা হ’ল ৰিক্সাত৷ এদিন ৰিক্সা উলিয়াওতে আৰক্ষীয়ে খেদি আহিল লাঠি লৈ৷ সেইদিনাৰ পৰা ৰিক্সাৰ চকা আৰু নুঘূৰিল৷ পিছে এনে সময়তে ভানুমতীয়ে সিদ্ধান্ত ললে, লকডাউনৰ সময়ত ৰিক্সাত ফল-মূল লৈ বিক্ৰী কৰিব পথৰ দাঁতিত৷ পুৰুষে ব্যবসায় কৰিলে আৰক্ষীয়ে খেদি আহে মাৰিবলৈ৷ সেয়ে এগৰাকী মহিলা হিচাপে ভানুমতীয়ে পথৰ দাঁতিত ৰিক্সা ৰখাই ফলৰ দোকান আৰম্ভ কৰিছিল৷ভানুমতীয়ে আমাক কৈছিল-“মোৰ মানুহজন দোকানত থাকিলে আৰক্ষীয়ে আহি বাধা দিয়ে, কিন্তু মই থাকিলে আৰক্ষীয়ে একো নকয়৷ এদিন মোকো বাধা দিছিল৷ কিন্তু মই প্ৰতিবাদ কৰি কলো যে আমাৰ জীৱন চলিব কিদৰে যদি কিবা এটা নকৰো৷ স্বাস্থ্য বিভাগৰ নিয়ম মানি মই দোকান কৰিছো৷ মহিলা হিচাপে পৰিয়াল চলাবলৈ  মই কাম এটা কৰিছো,মোক বাধা নিদিব৷ বৰ্তমান মই ব্যৱসায় কৰি যি ধন উপাৰ্জন কৰিছো, সেই ধনেৰে পৰিয়াল চলিছে৷ স্বামীৰ উপাৰ্জন হেৰুৱাৰ পিছত ময়েই দায়িত্ব মুৰ পাতি লৈছো ঘৰখনৰ৷ ’’ভানুমতী ৰায় এনে এগৰাকী নাৰী, যিয়ে মহিলাৰ বাবে বিশেষভাৱে চিহ্নিত কাম কাজ হেৰুৱাই নিজৰ আৰু আনৰ ঘৰৰ গৃহকৰ্ম হেৰুৱাৰ পিছতো সাহসেৰে ৰাজপথৰ দাঁতিত সংকটৰ সময়ত, জটিল পৰিস্থিতিত অৰ্থনৈতিক বিপ্লৱৰ যাত্ৰা অব্যাহত ৰাখিছিল৷ 

গোলপী দাস
(তিনি)
একেদৰে অসমৰে বৰপেটা জিলাৰ পাঠশালা অঞ্চলৰ গোলপী দাস  নামৰ মহিলাগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এখন তিনিচকীয়া ঠেলাগাড়ীত পাচলি বিক্ৰী কৰি ফুৰা দেখা গৈছিল লকডাউনৰ সময়ত৷ ৫৭ বছৰীয়া গোলাপী দাসো আছিল এগৰাকী গাৰ্হস্থ্য কৰ্মী(Domestic worker)৷ লকডাউন ঘোষণা কৰাৰ এদিন পিছতে গোলাপীক কামত নিয়োগকৰ্তা পৰিয়ালবোৰে কামৰ পৰা অব্যাহতি দিয়ে৷ অসংগঠিত খণ্ডৰ এগৰাকী মহিলা শ্ৰমিক গোলাপীয়ে স্বামীৰ সৈতে ভাৰাঘৰত বাস কৰে৷ তেওঁৰ স্বামীয়ে দিনমজুৰি কৰিছিল৷ লকডাউনৰ সময়ত তেওঁৰ স্বামীয়ে কাম নোপোৱা হ’ল৷ কেইদিনমান হাতত জমা থকা ধনখিনিৰে সংসাৰ চলিল৷ কিন্তু লাহে লাহে খাবলৈ, ঘৰভাৰা দিবলৈ ধন নোহোৱা হ’ল৷ গোলাপীৰ স্বামীয়ে এদিন এখন তিনিচকীয়া ঠেলা দিনে এশ টকাত ভাৰাত লৈ পথৰ দাঁতিত পাচলি বিক্ৰী কৰিবলৈ ল’লে৷ আৰক্ষীয়ে আহি তেওঁক বাধা দিলে৷ পিঠিত একোব দিলেও৷ দুদিন পিছত সেই ঠেলাখন লৈ ৰাজপথলৈ ওলাই আহিল গোলাপী৷ আৰক্ষীয়ে বাধা দিবলৈ আহোঁতে গোলাপীয়ে তৰ্কযুদ্ধত লিপ্ত হ’ল আৰু পথে-উপপথে চলাই গ’ল পাচলিৰ ভ্ৰাম্যমাণ বিপনী৷ গোলাপী দাসে লকডাউনৰ প্ৰভাৱত বৃত্তি পৰিৱৰ্তন কৰিবলৈ বাধ্য হোৱাই নহয়, অৰ্থনৈতিক যুদ্ধতো লিপ্ত হৈছিল৷ ঠেলা টানি টানি ব্যবসায় কৰাটো কেৱল পুৰুষৰ কাম বুলি চিহ্নিত হোৱা প্ৰক্ৰিয়াক নিঃচিহ্ন কৰি মহিলা হিচাপে গোলাপী দাসে অন্য এক পথেৰে বাট বুলিছে৷ পথত ব্যবসায় কৰাটো লকডাউন বিধিমতে নিষিদ্ধ যদিও গোলাপী দাসে এগৰাকী মহিলা হিচাপে প্ৰশাসনিক বিষয়াৰ বাধা অতিক্ৰমি আধিপত্য বিস্তাৰ কৰিছে ৰাজপথত৷ যিটো কাম তেওঁৰ স্বামীয়ে কৰিব পৰা নাছিল, সেই কামটো অব্যাহত ৰাখিছে গোলাপীয়ে৷ গোলাপীয়ে কলে -‘লকডাউনৰ বাবে মই জীৱিকা সলনি কৰিব লগীয়া হ’ল৷ পিছে ঘৰুৱা কৰ্মী হিচাপে কাম কৰাতকৈ এতিয়া মই বেছি স্বাধীন অনুভৱ কৰিছো৷ নিজৰ মতে ব্যৱসায় কৰিছো, উপাৰ্জন কম হৈছে কিন্তু মানুহৰ সতে কথা বতৰা পাতিব পাৰিছো, পথাচাৰীৰ সৈতে আলাপ কৰিছো৷ মনৰ কথা খুলি কব পৰা ঠাই পাইছো৷ লকডাউনৰ বাবে অৰ্থ উপাৰ্জন বহু কমিছে, কিন্তু নিজৰ ঘৰ আনৰ ঘৰৰ চাৰিবেৰৰ মহিলাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া ঘৰ মছা, বাচন-ধোৱা, কাপোৰ ধোৱা এইবোৰ কামৰ পৰা আঁতৰি আন এখন মুকলি ঠাই পাইছো৷ আৰক্ষীয়ে ব্যতিব্যস্ত কৰে যদিও মহিলা হোৱা বাবে বিশেষ একো কব নোৱাৰে৷ স্বামীয়ে ৰাতিপুৱা আহি সহায় কৰি আঁতৰি যায়৷ মই দিনটো ঠেলাখন অলিয়েগলিয়ে টানি টানি পাচলি বিক্ৰী কৰো৷ ’’

(চাৰি )

৫২ বছৰীয়া সবিতা গৰ  নামৰ মহিলাগৰাকীয়ে নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথৰ খাংকৰ অঞ্চলত কচু-ঢেকীয়া, বাঁহগজ, কলডিল, কলমৌ আদি সন্মুখত লৈ বহি আছিল৷ লকডাউনৰ সময়ত ৰাজপথটোৰে মানুহৰ আহ যাহ কম যদিও অপেক্ষা কৰিছিল কোনোবা আহিব,সামগ্ৰীবোৰ কিনিব৷ সেই শাক-পাচলিখিনি বিক্ৰী কৰা সামান্য ধনখিনিয়েই এদিন বা দুদিন জীয়াই থকাৰ সম্বল হ’ব৷ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পূৱ-খাংকৰ গাঁৰ বাসিন্দা সবিতা গৰে ৰাজপথৰ দাঁতিত লকডাউনৰ সময়ত সেই সামান্য বস্তুকেইপদ লৈ বিক্ৰীৰ বাবে বহিব লগা হৈছিল কিয়? ইয়াৰ আগতে সেই ঠাইটুকুৰাত কোনো মহিলাই শাক-পাচলি বিক্ৰী কৰা নাছিল৷ লকডাউনৰ সময়ত পথৰ দাঁতিত ব্যৱসায় বন্ধ হোৱাৰ পিছতো সবিতা গৰ আহিল কৰ পৰা?


এই সন্দৰ্ভত সবিতা গৰে কৈছিল-“ লকডাউনৰ আগতে সৰু ফেক্টৰী এটাত কাম কৰিছিলো৷ লকডাউনৰ বাবে আমাক কামৰ পৰা এৰুৱালে৷ স্বামীয়ে মজুৰি নোপোৱা হ’ল৷ এদিন স্বামী ৰাজু গৰে হাবিৰ পৰা বাঁহগজ, কচু-ঢেকীয়া, কলডিল খান্দি আনি এই পথৰ দাঁতিত বিক্ৰী কৰিবলৈ বহিছিল৷ কিছু পিছত আহিল পুলিচ৷ আহিয়েই পুলিচে খেদি পঠিয়ালে, সামগ্ৰীবোৰ পথৰ ওপৰতে পৰি থাকিল৷ ইয়াৰ পিছত মই আহি ৰাজপথৰ ওপৰত এই সামগ্ৰীবোৰ লৈ বহিলো পথৰ ওপৰত৷ মোৰ সৈতে আন তিনিগৰাকী মহিলাও আহিল৷ আমি অতি দুখীয়া পৰিয়ালৰ৷ দিনে দিনে বজাৰ কৰি দিনে খাও৷ দুদিন উপাৰ্জন নকৰিলে লঘোন দিব লাগে৷ সেয়ে কৰ’নাত মৰাতকৈ পুলিচৰ লাঠিৰ কোবত মৰাই ভাল বুলি আমি তিনিওগৰাকী মহিলাই এই স্থানতে বনৰীয়া শাক পাচলি লৈ বিক্ৰী কৰিবলৈ বহিলো৷ পুলিচ আহিল, বাধা দিলে,কিন্তু বুজাই কলো-আমি মাইকী মানুহে লৰা ছোৱালীক কি খুৱাম, কেনেদৰে জীয়াই থাকিম যদিহে দুপইচা উপাৰ্জন নকৰো৷ সজ পথেৰে আগবাঢ়িছো৷ মহিলা হোৱা বাবে বিশেষ একো কব নোৱাৰিলে পুলিচে৷ সেইদিনাৰ পৰা আমি তিনি মহিলাই পথৰ দাঁতিত দোকান দি আহিছো৷ পুৰুষবিলাকে হাবিৰ পৰা বস্তুবোৰ সংগ্ৰহ কৰি আনি দিয়ে৷ পুলিচৰ কোব খাব লাগে বাবে তেওঁলোক ঘৰতে আছে, আমি ওলাই আহিছো৷ ’’

সবিতা গৰৰ সৈতে খাংকৰ নামৰ স্থানতে একে গাঁৱৰে গীতা দৰ্জী(৫০) নামৰ মহিলাগৰাকীকো দেখা গৈছিল৷ এটি শিশু লগত লৈ বহি আছিল পথৰ দাঁতিত৷ একেদৰে কৌশল্যা  নামৰ ৭০ বছৰীয়া বিধৱা মহিলাগৰাকীক বনৰীয়া শাক-পাচলি বিক্ৰী কৰি থকা অৱস্থাত পোৱা গৈছিল সেই স্থানতে৷ পুত্ৰ-বোৱাৰী থকাৰ পিছতো স্বাধীনভাৱে অকলেই জীৱন-যাপন কৰা কৌশল্যাই আনৰ ঘৰত কাম-বন কৰিছিল৷ লকডাউনৰ ফলত সত্তৰ বছৰীয়া কৌশল্যাই কাম হেৰুৱালে৷ বৃত্তি সলাই বিক্ৰ কৰিবলগীয়া হ’ল কচু-ঢেকীয়া৷ ওচৰৰ পাহাৰৰ পৰা সামগ্ৰী সংগ্ৰহ কৰিবলৈ গৈয়ো বাঘৰ আক্ৰমণৰ ভয়ত বেছি সময় পাহাৰত থাকিব নোৱাৰে৷ তথাপিও জীৱনৰ তাগিদাত ৰাজপথৰ ওপৰত সৰলভাৱে নিজৰ আধিপত্য বিস্তাৰ কৰিছে সত্তৰ বছৰীয়া কৌশল্যাই৷ পুত্ৰ-বোৱাৰীৰ ওপৰত  নিৰ্ভৰ নকৰি সত্তৰ বছৰ বয়সতো সেইগৰাকী বৃদ্ধাই কঠোৰ লকডাউনৰ সময়ৰ প্ৰশাসনৰ কঠোৰতাক প্ৰতাহ্বান জনাই অনন্য দৃষ্টান্ত দেখুৱাইছে৷ বহু পুৰুষে লকডাউনৰ সময়ত পথৰ ওপৰত ব্যৱসায় কৰিবলৈ সক্ষম নহয় যদিও কৌশল্যা, গীতা, সবিতাৰ দৰে নাৰীয়ে আধিপত্য বিস্তাৰ কৰিছিল পথৰ ওপৰত৷

(পাঁচ)
সেইদৰে গুৱাহাটী মহানগৰীৰ বোন্দা অঞ্চলত অনেকগৰাকী মহিলাই পথৰ ওপৰত অব্যাহত ৰাখিছে ব্যৱসায়৷ চন্দ্ৰপুৰ নাৰেংগী বাইপাছ ৰাষ্ট্ৰীয় পথৰ হাজোংবাৰী অঞ্চলত লগ পোৱা গৈছিল ৫৫ বছৰীয়া মইনা উপাধ্যায়ক, যিয়ে লকডাউনৰ সময়ত ৰাজপথৰ দাঁতিত পাচলিৰ সৰু দোকান এখনত বহি ব্যৱসায় চলাইছিল৷ মইনা উপাধ্যায়ে কৈছিল- “ এই পাচলি দোকানখনত আগতে মোৰ স্বামী কালীনাথ উপাধ্যায়ে বহিছিল৷ কিন্তু লকডাউনৰ সময়ত কিছুদিন দোকান বন্ধ হৈ থকাত আমাৰ উপাৰ্জনৰ বিকল্প ব্যৱস্থা নাছিল৷ এদিন স্বামীয়ে আহি দোকানত সামগ্ৰী বিক্ৰী কৰিছিল যদিও প্ৰশাসনে বাধা দিলে৷ তেতিয়াৰ পৰা এই দোকানখনত মই বহিবলৈ ললো৷ আৰক্ষী প্ৰশাসনে মোক বিশেষ একো নকলে৷ সেয়ে মই এতিয়া পাচলিৰ দোকানখন চলাই গৈছো৷ স্বামীয়ে ঘৰতে থাকিবলগীয়া হৈছে৷ কেতিয়াবা পাহাৰলৈ গৰু চৰাবলৈ যায়, আন কাম নাই৷ মোৰ ওপৰত নিৰ্ভৰ কৰিয়েই এতিয়া তিনি কন্যাসহ ঘৰখন চলিছে৷ ’’

উল্লেখ্য যে লকডাউন সংকটৰ প্ৰভাৱে লিংগভিত্তিকভাৱে যি প্ৰভাৱ পেলাইছে তাৰ উদাহৰণ কেৱল মইনা,ভানুমতী, গীতা,সবিতা, গোলাপী আদিয়েই নহয়৷ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত এনে এচাম নাৰী দেখা পোৱা যায় যিয়ে ৰাজপথ- উপপথত ঠেলা বা ৰিক্সা প্ৰতিদিনৰ বাবে ভাৰাত লৈ ফল-মূল, শাক-পাচলি, মাছ আদিৰ ব্যৱসায় কৰিবলৈ লৈছে৷ এচামে তিনিচকীয়া ঠেলা ভাৰাত লৈ আন ব্যৱসায়তো নামিছে, এচামে পদপথৰ ওপৰতে ঘৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছে৷ পিছে এইসকল মহিলাই কোনোদিনেই  ৰিক্সা বা ঠেলা টানি লৈ যোৱা নাছিল গুৱাহাটীৰ ৰাজপথত৷ কিন্তু লকডাউনৰ প্ৰভাৱত যেতিয়া পুৰুষজন কৰ্মহীন হৈছে, বা নিজেও দীৰ্ঘদিনে কৰি থকা “বিশেষ কামটো’’ হেৰুৱাইছে তেতিয়া এনে মহিলাই বাধ্য হৈছে-ঠেলা, ৰিক্সা ভাৰাত লৈ বা পদপথৰ দাঁতিত ব্যৱসায় কৰিবলৈ৷ লকডাউনৰ সময়ছোৱাত চানমাৰী-বামুণীমৈদাম পথৰ দাঁতিত এগৰাকী মহিলাই ডাব নাৰিকল কাটি কোনো অভিজাত মানুহৰ হাতত তুলি দিয়া প্ৰতক্ষ্য কৰা হৈছিল৷ এই কথাই প্ৰমাণ কৰে পুৰুষৰ বাবে বুলি নিৰ্দিষ্ট কৰি থোৱা বা সমাজত স্বীকৃত বা চিহ্নিত কাম কিছুমান সংকট কালৰ কালত এচাম নাৰীয়ে সমাপন কৰি অনন্য নিদৰ্শন দাঙি ধৰিছে৷ এইসকল নাৰীয়ে পথৰ ব্যৱসায়ত চামিল হৈ কেৱল পৰিয়াললৈ আৰ্থিক সকাহ দিয়াৰ উপৰিও নিজৰ মাজত বিভিন্ন বিষয় সুকীয়াকৈ আলাপ-আলোচনা কৰিবলৈ স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ পুৰুষসকলে বিভিন্ন কৰ্মত নিয়োজিত হৈ থকাৰ মাজতে যি আড্ডাস্থলী সৃষ্টি কৰি লয়, তাৰ বিপৰীতে নিম্ন আয়ৰ বা শ্ৰমিক শ্ৰেণীৰ মহিলা সকলৰ ক্ষেত্ৰত সেয়া প্ৰায়ে দেখা পোৱা নাযায়৷ কিন্তু কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ এনে ব্যতিক্ৰমী দৃশ্য দেখা গৈছে৷ অৰ্থাৎ নাৰীৰ বাবে নিৰ্মাণ হৈছে অন্তৰংগ ভাৱ বিনিময়ৰ বিশেষ স্থান৷ লকডাউনৰ এক অনন্য প্ৰভাৱ এয়া৷

সংকটৰ সময়ত যদিও বহু নাৰীয়ে বৃত্তি বা জীৱিকা পৰিৱৰ্তন কৰিছিল, তাৰ বিপৰীতে তেওঁলোকে ঘৰৰ আৰ্থিক সংকটক মোকাবিলা কৰিবলৈ পদপথ-উপপথ ৰাজপথৰ দাঁতি আদিত ক্ষুদ্ৰ ক্ষুদ্ৰ অস্থায়ী বা ভ্ৰাম্যমাণ বিপনী দিছিল৷ লগতে পুৰুষে সততে নিয়োজিত হোৱা ব্যৱসায়ত মহিলাই হাত দিছে৷ পুৰুষৰ ওপৰত প্ৰশাসনৰ লোকৰ অত্যাচাৰ দেখি এনে মহিলাই ঘৰৰ বোজা মূৰ পাতি লৈছিল, য’ত পুৰুষজনে পচ্ছাদপদ অৱস্থান লৈছিল৷মহিলাই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এক সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিছিল৷ এয়া স্ব-নিৰ্ভৰশীলতাৰ অন্য এক গতিশীলতা।

তাৎপৰ্যপূৰ্ণ যে অসমৰ ৰাজধানী অৱস্থিত কামৰূপ মহানগৰ জিলাৰ ৰাজপথ-পদপথ-উপপথত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়েৰে মহিলাই যিদৰে আধিপত্য বিস্তাৰ কৰিছিল, এয়াই সমাজৰ তথাকথিত লিংগ ভিত্তিক কৰ্মবিভাজনক নসাৎ কৰিছে৷ ভানুমতী ৰায়ে ৰিক্সাত চলন্ত ফলৰ বিপনীৰে ব্যৱসায় কৰি, গোলাপী দাসে তিনিচকীয়া ঠেলাত ভ্ৰাম্যমাণ শাক-পাচলিৰ ব্যৱসায় কৰি, সবিতা গৰ, কৌশল্যা গোৱালা, গীতা দৰ্জী, মইনা উপাধ্যায়ৰ দৰে মহিলাই পুৰুষ থকাৰ পিছতো সন্মুখৰ পৰা নিজৰ পৰিয়ালক নেতৃত্ব দিছিল অৰ্থনৈতিকভাৱে৷ অথচ এই সকল নাৰীৰ নাই কোনো উচ্চ শিক্ষা, নাই বহু মূলধন৷  সংকটৰ সময়তো পুৰুষৰ কাম বুলি চিহ্নিত হোৱা প্ৰক্ৰিয়াক নিঃচিহ্ন কৰি অব্যাহত ৰাখিছিল স্বাধিকাৰ আৰু - মহিলা হোৱা বাবে কাম হেৰুৱা নাৰীয়ে একে সময়তে মহিলা হোৱাৰ বাবেই স্ব-নিয়োজনৰে একোখন ঘৰক সন্মুখৰ পৰা নেতৃত্ব দি প্ৰমাণ কৰি দিছিল,  অৰ্থনৈতিক বিপ্লৱৰ বাটেৰে আগুৱাব পাৰে; সংকট কালৰ  সংগ্ৰামী নাৰী অন্যৰূপী হব পাৰে♦


(সম্পাদনা সমিতিৰ হৈ)

দিগন্ত শৰ্মা 

www.versatilestory.com

VOL -1  ISSUE No -8

 MARCH 6, 2021


[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]




No comments