Page Nav

HIDE

Grid

GRID_STYLE

বকো, ৰংজুলি, ধূপধৰা অঞ্চলৰ মহিলাই শক্তিশালী কৰিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক

গ্ৰামাঞ্চলীয় মহিলাই গঢ়িছে লিংগ সমতা, স্ব-অধিকাৰৰ ভেঁটি  ...গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ দূৰৈৰ এই গাঁওখনৰ পৰা  শাক-পাচলি, ফল-ম...


গ্ৰামাঞ্চলীয় মহিলাই গঢ়িছে লিংগ সমতা, স্ব-অধিকাৰৰ ভেঁটি 

...গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ দূৰৈৰ এই গাঁওখনৰ পৰা  শাক-পাচলি, ফল-মূল লৈ আনি বিক্ৰী কৰিছে...মহিলা  সৱলীকৰণৰ এক  অনন্য  যাত্ৰা নিৰৱে অব্যাহত আছে। সমান্তৰালকৈ গঢ়ি উঠিছে লিংগ সমতাৰ  এক নিৰৱ বিপ্লৱ...

   দিগন্ত শৰ্মা:

"ৰাতি তিনিটামান বজাতে আমি মহিলাবোৰে শাক-পাচলি, ফল-মূলৰ বস্তাবোৰ গাড়ীত উঠাওঁ। একেলগে চাৰি-পাঁচগৰাকী মহিলাই একোখন গাড়ী ভাৰাত লওঁ। সামগ্ৰীৰ বস্তাবোৰৰ সৈতেই  আমি গাড়ীৰ পিচফালে উঠি থিয় হৈ আহো। পূৱতি নিশা চাৰি বজাত আমাৰ গাঁৱৰ  পৰা যাত্ৰা আৰম্ভ কৰিলে পুৱা আঠ মান বজাত গূৱাহাটী বামুনীমৈদাম পাওঁ। ইয়াতে আহি পথৰ দাঁতিত  বস্তাবোৰ নমাই বজাৰ পাতোতে এঘণ্টামান লাগে। তাৰপিছত দিনটো সামগ্ৰীবোৰ বিক্ৰী কৰি আকৌ সন্ধিয়া ছটামান বজাত আমি উভটি যাওঁ। ঘৰ পাওঁতে আঠ-নটা বাজে।  ভিতৰৰ গাঁৱৰ পৰা  প্ৰায়  সত্তৰ কিলোমিটাৰ পথ এইদৰেই আহি সামগ্ৰী বিক্ৰী কৰি আমি যিকেইটা ধন পাওঁ সেইকেইটাৰে আমি ঘৰ চলাওঁ।"...এইদৰে ক'লে মনোমতী ৰাভা  নামৰ মহিলাগৰাকীয়ে। গুৱাহাটীৰ মাজমজিয়াৰ  বামুণীমৈদান বজাৰলৈ যোৱা  এটি পথৰ দাঁতিত বহি শাক-পাচলি, ফল-মূল বিক্ৰী কৰি আছিল মহিলাগৰাকীয়ে। প্ৰায়  চল্লিশবছৰ বয়সীয়া  মনোমতীৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ বেলপাৰা গাৱঁত। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ দূৰৈৰ এই গাঁওখনৰ পৰা  শাক-পাচলি, ফল-মূল লৈ আনি বিক্ৰী কৰিছে। ।  পিছে কেৱল মনোমতীয়েই নহয়, বকো অঞ্চলৰ বৃহত্তৰ শিঙৰা গাঁৱৰ মৰমী ৰাভা, পুতু ৰাভা, প্ৰনীতা ৰাভা, পুজা ৰাভা আদি বহু মহিলাই সপ্তাহত তিনি-চাৰিদিনকৈ  ষাঠি-সত্তৰ কিল'মিটাৰ পথ অতি কষ্টৰে অতিক্ৰম কৰি আহে গুৱাহাটী মহাগৰলৈ। সকলোৰে উদ্দেশ্য- নিজ ঘৰত উৎপাদিত বা গাঁৱৰ ঘৰে ঘৰে উৎপাদিত বিভিন্ন শাক-পাচলি, কচু-ঢেঁকীয়া, আদা-হালধি, আলু, বিভিন্ন জাতৰ টেঙা, হাঁহ-পাৰ-কুকুৰা, কল-কুঁহিয়াৰ আদি লৈ আহি চহৰত বিক্ৰী কৰা।


পিছে ইয়াৰ আঁৰত লুকাই আছে বেলপাৰা, ৰাজাপাৰা, শিঙৰা , বক্ৰাপাৰা আদিৰ দৰে অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ, গ্ৰাম্যঞ্চলীয় জনতাৰ অৰ্থনীতি প্ৰসংগ।  শিঙৰা গাঁৱৰ মৰমী ৰাভা নামৰ মহিলা গৰাকীয়ে ক'লে, 'আমি কেৱল নিজৰ ঘৰত উৎপাদিত সামগ্ৰীয়েই  যে লৈ আহো তেনে নহয়, সপ্তাহৰ আন দিনবোৰত আমাৰ অঞ্চলটোৰ খেতিয়কসকলে ঘৰতে উৎপাদন কৰা  সামগ্ৰীবোৰ সংগ্ৰহ কৰো। বিশেষকৈ মহিলাসকলে ঘৰত যিবোৰ সামগ্ৰী উৎপাদন কৰে  সেইবোৰ আমি বিচাৰি কিনি আনো।  সেইবোৰ গোটাই  ৰাতি চাৰি-পাঁচগৰাকী মহিলাইএকেলগে  গাড়ী ভাৰা কৰি ষাঠি-সত্তৰ কিলোমিটাৰ বাট গাড়ীৰ পিচফালে থিয় হৈ গুচি আহো। আমাৰ এই ব্যৱসায়ৰ ফলত গাঁৱৰ  আন মানুহেও উৎপাদিত ফচলৰ এখন বজাৰ ঘৰতে  লাভ কৰিছে। বিশেষকৈ মহিলাসকলে এইক্ষেত্ৰত এঢাপ আগবাঢ়িছে। আগতে সামগ্ৰী উৎপাদন কৰিলেও বজাৰ নাছিল। দাম কম আছিল। এতিয়া  আমি মুকলিকৈ ওলাই অহাৰ পৰা অন্য এখন বজাৰ সৃষ্টি হৈছে। আনকি এশ কিল'মিটাৰ দূৰৈৰ বজাৰলৈয়ো গৈ আমাৰ গাঁৱৰ মহিলাই এতিয়া সামগ্ৰী বিক্ৰী কৰে। কেৱল ঘৰৰ পুৰুষজনৰ ওপৰতে নিৰ্ভৰ নকৰি আমি নিজৰ উপাৰ্জনৰ পথ উলিয়াইছো। মোৰ দৰে কেইবাশ মহিলাই  পৰিয়াল চলাইছে এইদৰে।'

তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই অশেষ কষ্টৰে  বিভিন্ন গ্ৰাম্যঞ্চলৰ  অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে। সমান্তৰালকৈ কৃষিজ সামগ্ৰীক  অধিক  হাৰত বজাৰলৈ  উলিয়াই অনাত সহায় কৰিছে। আনকি এইসকল  মহিলাৰ বলিষ্ঠ পদক্ষেপৰ বাবে সেই অঞ্চলবোৰৰ বহু পৰিয়ালে পৰোক্ষভাৱে আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত  এখোজ আগবাঢ়িছে। গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰাতকৈয়ো এইসকল মহিলাই দেখুৱাইছে লিংগ সমতাৰো অনন্য নিদৰ্শন। গ্ৰাম্যাঞ্চলীয় একোখন ঘৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত যে মহিলাই পুৰুষৰ স'তে  সমভূমিকা  পালন কৰে সেয়াও জানিব জানিব পৰা যায়  বকো, ৰংজুলি আদি অঞ্চলৰ গাওঁসমূহৰ পৰা গুৱাহাটীৰ বজাৰলৈ অহা  মহিলাসকলৰ পৰা। এই প্ৰতিবেদকৰ সৈতে হোৱা আলাপত একাংশ মহিলাই স্পষ্টভাৱেই ক'লে,-- 'আমি  বহু সিদ্ধান্তই মুক্তভাৱে  লওঁ। আজি যে বজাৰলৈ ওলাই আহিছো, স্বামীক ঘৰত থৈ ইমান দূৰৈৰ বজাৰলৈ আহি ৰাতিহে ঘৰ পামগৈ। আনহাতে আমাৰ পুৰুষসকলেও এই ক্ষেত্ৰত আমাক স্বাধীনতা দিছে।' এই ক্ষেত্ৰত প্ৰণীতা ৰাভা নামৰ মহিলাগৰাকীয়ে ক'লে,--''শ শ মহিলা যেতিয়া  ইমান দূৰ আহো প্ৰথমে দুই-এটা অঘটন ঘটিছিল। কিন্তু এতিয়া সেয়া সম্ভৱ নহয়। এচামে কৈছিল মহিলা ইমান দূৰলৈ বজাৰলৈ যাব নালাগে। কিন্তু আমি একাংশই মিলি  সিদ্ধান্ত ল'লো- আমি কিয় নাযাম। যিমান দূৰেই নহওক কিয়, মানুহ হিচাপে আমাৰ  অধিকাৰ আছে, যিকোনো স্থানত গৈ সৎপথেৰে ধন উপাৰ্জন কৰাৰ। আমি সৎপথেৰে ধন উপাৰ্জন  কৰিছো। ঘৰৰ বাবে প্ৰয়োজনীয় ধন, সন্তানৰ পঢ়াৰ বাবে প্ৰয়োজনীয় ধন আদি উলিয়াইছো। ঘৰৰ পুৰুষজনৰ  মুখলৈ চাই নাথাকি বা  তেওঁৰ ওপৰত নিৰ্ভৰ নকৰি  আমি স্বাৱলম্বনৰ বাবে ওলাই আহিছো।' অতিকে তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই গাঁৱৰ অৰ্থনীতিৰ ভেঁটি টনকীয়াল কৰিছে।  একে সময়তে অঞ্চলটোত মহিলা  সৱলীকৰণৰ এক  অনন্য  যাত্ৰা নিৰৱে অব্যাহত আছে। সমান্তৰালকৈ গঢ়ি উঠিছে লিংগ সমতাৰ  এক নিৰৱ বিপ্লৱ। যি সময়ত পৃথিৱীৰ বিভিন্ম প্ৰান্তত লিংগ সমতাৰ বাবে, নাৰীৰ অধিকাৰৰ বাবে সচেতন জনতাই ৰাজপথলৈ ওলাই আহি সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতি অব্যাহত আছে, মহিলাই বিভিন্ন ক্ষেত্ৰত  বঞ্চিত হৈছে অধিকাৰ প্ৰাপ্তিৰ পৰা, তেনে সময়ত কামৰূপ গ্ৰাম্য জিলাৰ বকো অঞ্চলৰ বা গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰংজুলি, ধূপধৰা অঞ্চলৰ একাংশ মহিলাই দেখুৱাইছে মহিলা সৱলীকৰণ, লিংগ সমতাৰ এখন অনন্য বাস্তৱ ছবি। ষাঠি-সত্তৰ কিলোমিটাৰ দূৰৈৰ গাঁৱৰ পৰা একত্ৰিত হৈ  আহি চহৰৰ মাজমজিয়াত  স্বাধীনভাৱে যি  ব্যৱসায় অব্যাহত ৰাখিছে, সেয়া নিসন্দেহেই আদৰণীয়। এইসকল মহিলাই  ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিছে আৰু উপভোগ কৰিছে স্ব-অধিকাৰ।

No comments