উত্তৰ-পূৱৰ 'স্কটলেণ্ড'বাসীয়ে এক ফেব্ৰুৱাৰীত আৰম্ভ কৰিলে নৱ বৰ্ষ ......উৎসৱৰ আয়োজনেৰে এক পৰম্পৰা ধৰি ৰাখিছে....এই উৎসৱৰ সৈতে ঝুম খে...
উত্তৰ-পূৱৰ 'স্কটলেণ্ড'বাসীয়ে এক ফেব্ৰুৱাৰীত আৰম্ভ কৰিলে নৱ বৰ্ষ
কনক দেউৰীঃ
এক জানুৱাৰীও নহয়, এক বহাগো নহয়, তেওঁলোকৰ বাবে এক ফেব্ৰুৱাৰীহে হৈছে নৱবৰ্ষৰ প্ৰথম দিন। হয়, সমগ্ৰ কাৰ্বি আংলঙতে ১ ফেব্ৰুৱাৰীৰ দিনটোত কাৰ্বি জনতাই উলহ মালহেৰে কাৰ্বি নৱ বৰ্ষ উদযাপন কৰে। কাৰ্বি সমাজে ইং ১ ফেব্ৰুৱাৰীৰ পৰাই আন এটা নতুন বৰ্ষৰ আৰম্ভ হয় বুলি জ্ঞান কৰি অহিছে। এই দিনটোৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত কাৰ্বি জনগোষ্ঠীয় খেল-ধেমালি, নৃত্য-গীত আদি প্ৰতিযোগিতাৰ আয়োজনেৰে আনন্দ উল্লাহেৰে কাৰ্বি নৱ বৰ্ষ উদযাপন কৰা পৰিলক্ষিত হয় কাৰ্বি জনগোষ্ঠীয় লোকসকলে। গুৰুত্বপূৰ্ণ যে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ, হামৰেণ, ডংকামোকাম, টুমপ্ৰেঙ, কলঙা, জেংখা, খেৰণি আদি অঞ্চলৰ দৰে আৰচঙতো পৰম্পৰাগত কাৰ্বি জনগোষ্ঠীয় খেল ধেমালি, নৃত্য গীত আদি প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধ্যা আৰু খাদ্য সম্ভাৰৰ আয়োজনেৰে সকলোৱে একেলগে তৃপ্তিৰে এসাজ খায় আনন্দ উল্লাহেৰে কাৰ্বি নৱ বৰ্ষ উদযাপন কৰা দেখিবলৈ পোৱা যায় আৰচঙবাসীয়ে। মনকৰিবলগীয়া, হাম্বি, কেং-দংদাং, ৰচি টনা, বাঁহ লৈ দুই পক্ষৰ মাজত ঠেলা-ঠেলি আদি পৰম্পৰাগত খেল ধেমালি আৰু কাৰ্বি পৰম্পৰাগত বাঁহ নৃত্য, শস্য চপোৱা নৃত্য আদি প্ৰতিযোগিতা আয়োজনেৰে আনন্দ উপভোগ কৰে। উল্লেখ্য যে উত্তৰ পূৱৰ 'স্কটলণ্ড' খ্যাত কাৰ্বি আংলঙৰ জনতাই এই উৎসৱৰ আয়োজনেৰে এক পৰম্পৰা ধৰি ৰাখিছে। এই উৎসৱৰ সৈতে ঝুম খেতি আৰম্ভনিৰ সম্পৰ্ক আছে। আৰচঙবাসীয়ে এই উৎসৱ আয়োজনেৰে জনগোষ্ঠীয় ঐতিহ্য সংৰক্ষনৰ ক্ষেত্ৰত বৰঙনি যোগাইছে। সেইদিনটোতে আৰচঙত চৰকাৰী আঁচনিৰ অধীনত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা মুকলি মঞ্চ, ৰাজহুৱা প্ৰেক্ষাগৃহ, আৰচঙ সমবায় সমিতিৰ কাৰ্যালয় গৃহ আৰু মজুত গৃহৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে শুভ উদ্বোধন কৰি নৱ বৰ্ষৰ উপলক্ষে কাৰ্বি পৰিষদৰ হৈ উক্ত সফল আঁচনি সমূহ আৰচঙবাসীক উপহাৰ হিচাপে দিয়ে মঙ্গলছিং তিমুঙে। আয়োজিত কাৰ্বি নৱ বৰ্ষ উদযাপন অনুষ্ঠানত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপৰিও হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণৰ বীৰেন, জয়ছিং ইংতি, পিটৰ তিমুং, লংছিং ৰংফাৰ, চৱীয় বে, আৰচঙ ৰংহাং আদি উপস্থিত থাকে।।
ফোন-৮৬৩৮৫১৯০৬২
No comments