Page Nav

HIDE

Grid

GRID_STYLE

সাহিত্যৰথীৰ জীৱনৰ অনন্য দলিলঃ অন্য এক দৃষ্টিকোণেৰে লক্ষ্মীনাথ বেজবৰুৱা

নিশা ভূঞা "বুঢ়ী আইৰ সাধু" - শৈশৱতে আমাৰ দৰে বহুতেই হয়তো এই কিতাপখন পঢ়িয়েই নিজৰ পাঠ্যপুথি বাহিৰেও অন্য কিতাপ পঢ়িবলৈ ভালপাবলৈ শিকিছি...

নিশা ভূঞা

"বুঢ়ী আইৰ সাধু" - শৈশৱতে আমাৰ দৰে বহুতেই হয়তো এই কিতাপখন পঢ়িয়েই নিজৰ পাঠ্যপুথি বাহিৰেও অন্য কিতাপ পঢ়িবলৈ ভালপাবলৈ শিকিছিল। স্কুলীয়া দিনবোৰত কেইগৰাকীমান বিশেষ ব্যক্তিৰ জীৱনৰ সবিশেষ জনাটো আমাৰ বাবে বাধ্যতামূলক আছিল। তেনে বিশেষ ব্যক্তিসকলৰ চমু জীৱনী আমি অহৰহ আওৰাইছিলোঁ। তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰে আমাৰ মনত সাঁচ বহুৱাইছিল।বহু সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকক নিজৰ জীৱনৰ আদৰ্শৰূপে গ্ৰহণ কৰে। সেই সকলৰ ভিতৰত অন্যতম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী সময়ত তেওঁৰ ৰচনাৰাজী অধ্যয়ন কৰি আমি সমৃদ্ধ হৈছোঁ যদিও তেওঁৰ জীৱনৰ সবিশেষ ভালদৰে পঢ়া হোৱা নাছিল। যেন কেইখনমান বিশেষ গ্ৰন্থৰ মাজতেই তেওঁৰ নাম তথা কৰ্মৰাজী, জীৱন চৰিত আমাৰ বাবে আবদ্ধ হৈ আছিল। তেওঁৰ জীৱনৰ বিষয়ে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা প্ৰায়েই অনুভৱ কৰিছিলোঁ। সেই প্ৰয়োজনীয়তাই পূৰণ কৰিলে সূৰ্য্য হাজৰিকাৰ দ্বাৰা সংকলিত তথা সম্পাদিত " অন্য এক দৃষ্টিকোণেৰে লক্ষ্মীনাথ বেজবৰুৱা" নামৰ গ্ৰন্থখনে।

অসমীয়া সাহিত্য, সংস্কৃতি,সংবাদ সেৱা আৰু সামাজিক দিশৰ লগত ওত:প্ৰোত ভাৱে জড়িত সূৰ্য্য হাজৰিকাই এই গ্ৰন্থখনৰ সুদীৰ্ঘ পাতনিত গ্ৰন্থখনৰ সাম্যক ধাৰণা তুলি ধৰিছে। তেওঁৰ ভাষাৰে- "....এই গ্ৰন্থখনত সাহিত্যৰথীগৰাকীৰ জীৱন পৰিক্ৰমাত সংঘটিত হোৱা বিভিন্ন ঘটনা-পৰিঘটনা, বিষয়-বাসনা, চিন্তা জগতৰ সমল, সুখ-দুখ, সন্তোষ-অসন্তোষ, হাঁহি-কান্দোনৰ হৰ্ষ -বিষাদৰ মুহূৰ্ত, পুৰস্কাৰ, তিৰস্কাৰ,খেদ,প্ৰত্যক্ষ বা পৰোক্ষভাৱে পোৱা বিভূষা, মান-সন্মান, সম্বৰ্ধনা, জীৱন সংগ্ৰামৰ বিভিন্ন সময়ত সান্নিধ্য ঘটা ব্যক্তিবৃন্দ আদি সহস্ৰাধিক বিষয় সংগ্ৰহ আৰু সংকৰ্ষিত অনুসন্ধান আৰু গৱেষণাৰ দৃষ্টিভংগীৰে চিন্তা চৰ্চাৰ ক্ষেত্ৰত কিঞ্চিত পৰিমাণেও প্ৰয়োজন হ'ব পৰা ধৰণৰ বিষয়সমূহ সজোৰে টানি নি এক প্ৰকাৰ সংকৰ্ষণ (forcefull pulling) কৰি সংপৃক্ত (reunited) কৰা হৈছে।" এই গ্ৰন্থখনত লক্ষ্মীনাথ বেজবৰুৱাৰ সবিশেষ জীৱনী তেওঁৰ জীৱনকালৰ ভিন্ন ভিন্ন সময়ৰ আলোকচিত্ৰ, কিছু কাল্পনিক ৰেখাচিত্ৰৰ সৈতে সন্নিবিষ্ট কৰা হৈছে । তদুপৰি কিতাপখনত তেওঁৰ জন্ম- জন্মস্থান সম্পৰ্কীয় বিভিন্ন টোকা, বংশৰ আঁতি-গুৰি, পিতৃ-মাতৃৰ সবিশেষ পৰিচয়, শৈক্ষিক জীৱনৰ সবিশেষ, সৃষ্টিশীল জীৱন যাত্ৰা, বৈবাহিক জীৱন,পৰিয়ালৰ সদস্য- বন্ধুৰ সৈতে সম্পৰ্ক, সম্বলপুৰ- কলকাতাৰ বাসভৱনৰ কথা , জী-জোঁৱাই- নাতি-নাতিনীৰ কথা, জোনাকী- বাঁহী আলোচনীৰ সম্পাদনা আদি তেওঁৰ জীৱনৰ সৈতে জড়িত সকলো দিশ সুন্দৰভাৱে তুলি ধৰা হৈছে, প্ৰায়বোৰ বিষয়ৰ সৈতে সম্পৰ্ক থকা আলোকচিত্ৰ সংলগ্ন কৰা হৈছে । তদুপৰি তেওঁ বিভিন্ন স্থানত দিয়া ভাষণ, প্ৰদান কৰা ন্যায়িক প্ৰতিবেদনৰ লিখিত ৰূপ আদিও গ্ৰন্থখনত সংকলিত কৰা হৈছে। কেৱল এগৰাকী সাহিত্যিকৰূপে নহয়, লক্ষ্মীনাথ বেজবৰুৱাৰ সামগ্ৰিক সত্তাক এই গ্ৰন্থখনত অতি যত্নেৰে তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। 

এই সকলো বিষয়ৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত প্ৰকাশ কৰা ডাকটিকট, বহু মনিষীয়ে তেখেতৰ সন্দৰ্ভত প্ৰদান কৰা মন্তব্য (অসমীয়া আৰু ইংৰাজী উভয় ভাষাত), তেওঁৰ সন্দৰ্ভত প্ৰকাশিত বিভিন্ন বাতৰিৰ কাটিং, মৰণোত্তৰ ভাৱে প্ৰকাশিত তেওঁৰ গ্ৰন্থ - ৰচনাৱলী, বিভিন্ন সাহিত্যিকে ৰচনা কৰা তেওঁৰ জীৱনভিত্তিক গ্ৰন্থৰ বেটুপাতৰ ছবি, লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়ৰ ফটো, তেওঁ লিখা পাৰিবাৰিক চিঠিৰ নমুনা আদি সকলো সুন্দৰভাৱে গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। মূলতঃ তেওঁৰ জীৱন-পৰিক্ৰমাৰ অগ্ৰগতিসমূহৰ ক্ষেত্ৰত বিশেষ ভেদে একো একোটি বিষয়ভিত্তিক নামাকৰণ কৰি অধ্যায়ৰূপে শ্ৰেণীভুক্ত কৰা হৈছে। বয়সৰ সকলো শ্ৰেণীৰ পাঠকৰ বাবেই অতি সৰল ভাষাত ৰচিত এই কিতাপখন পঠনীয়। তদুপৰি অসমীয়া সাহিত্য ক্ষেত্ৰৰ পুৰোধা এইজনা ব্যক্তিৰ বিষয়ে গৱেষকসকলোকে ধৰি গুণগ্ৰাহী পঢ়ুৱৈসমাজে তেওঁৰ বিষয়ে প্ৰায় সকলো সমলেই এই গ্ৰন্থখনৰ জড়িয়তে লাভ কৰিবলৈ সক্ষম হ'ব বুলিও ন দি ক'ব পাৰি। অসমীয়া ভাষাত এনে দৃষ্টিভংগীৰে গ্ৰন্থ প্ৰণয়ন কৰা কাৰ্য্য এয়াই হয়তো প্ৰথম। সেয়ে " অন্য এক দৃষ্টিকোণেৰে লক্ষ্মীনাথ বেজবৰুৱা"ৰ সঠিক সাহিত্যিক পৰ্যালোচনা তথা মূল্যায়ন হোৱা উচিত। ২০১৯ চনত প্ৰকাশিত কিতাপখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৪০৮। গুৱাহাটীৰ এছ. এইছ. শৈক্ষিক ন্যাসে প্ৰকাশ কৰি উলিওৱা কিতাপখনৰ মূল্য ১০০০ টকা।।

No comments