Page Nav

HIDE

Grid

GRID_STYLE

সংগ্ৰাম আৰু সংঘাতৰ দিনলিপিত 'ফেব্ৰুৱাৰী, ১৯৮৩'

ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ  তথ্য ..... . ......মাহটোৰ সংঘাত আৰু সংগ্ৰামৰ গুৰুত্ব ৰাজনৈতিক ভাৱে আৰু গৱেষণামূলক ভাৱে অপৰিসীম....আ...


ফেব্ৰুৱাৰী,৮৩ মাহটোৰ প্ৰতিটো দিনৰ ঘটনাৰ  তথ্য .....

.......মাহটোৰ সংঘাত আৰু সংগ্ৰামৰ গুৰুত্ব ৰাজনৈতিক ভাৱে আৰু গৱেষণামূলক ভাৱে অপৰিসীম....আমি বিশেষভাৱে এই পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো....

দিগন্ত শৰ্মাঃ 

সমগ্ৰ অসম আন্দোলনৰ ভিতৰত 'ফেব্ৰুৱাৰী, ১৯৮৩' মাহটোৱেই আছিল আন সময়তকৈ পৃঠক, সেয়ে আমি বিশেষভাৱে এই মাহটোৰ ঘটনাৰাজি-পৰিস্থিতিক ২০২১ চনৰ ফেব্ৰুৱাৰীত চাব বিচাৰিছো। ফেব্ৰুৱাৰী,১৯৮৩ মাহটোৰ প্ৰতিটো দিনৰ প্ৰতিটো ক্ষনত সংঘটিত ঘটনাৰ গুৰুত্ব ৰাজনৈতিক ভাৱে আৰু গৱেষণামূলক ভাৱে অপৰিসীম। সেয়ে প্ৰতিটো ঘটনাক দিনলিপিত সন্নিৱিষ্ট কৰা অসম্ভৱ যদিও সীমিত পৰিসৰত ঘটনা ৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। যাতে মাহটোৰ সংঘাত আৰু সংগ্ৰামৰ কিছু আভাস ন-প্ৰজন্মই পাব পাৰে। প্ৰতি দেওবাৰে 'ফেব্ৰুৱাৰী,১৯৮৩'-ৰ সাতোটাকৈ দিনৰ ঘটনাৰ কিছু তথ্য আগবঢ়াই লৈ যোৱা হ'ব---

ফেব্ৰুৱাৰী–১

o আছু আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত নিৰ্বাচনৰ বিৰুদ্ধে সমগ্ৰ অসমত মুক্তি যুঁজাৰুসকলৰ সমদল৷ 

o প্ৰবীন ৰাজনীতিবিদ ৰাজনাৰায়ণে অসমৰ নিৰ্বাচন স্থগিত কৰণৰ বাবে উচ্চতম ন্যায়ালয়ত কৰা আবেদন নাকচ৷

o নিৰ্বাচনত সহযোগ কৰা অসমৰ আৰু অসমৰ বাহিৰৰ বিষয়া আৰু কৰ্মচাৰীক Group Insurance Benefit দিয়াৰ চৰকাৰী ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।

o অসমৰ বিভিন্ন স্থানত নিৰ্বাচন বিৰোধীৰ দ্বাৰা বোমা বিস্ফোৰণ৷ অসম প্ৰদেশ  কংগ্ৰেছৰ [ই] সভাপতি হৰেন্দ্ৰ নাথ তালুকদাৰলৈ পত্ৰবোমা প্ৰেৰণ৷

o অসমৰ শতাধিক দলঙত অগ্নিসংযোগ৷ চাপাগুৰিৰ  জনৈক ৰাজনৈতিক কৰ্মী অপহৰণ৷ 

o শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এখন বজাৰত অগ্নিসংযোগ৷

o কামৰূপ জিলাৰ কমলপুৰত দুটা দলৰ মাজত সংঘটিত হয় সংঘৰ্ষ৷

ফেব্ৰুৱাৰী – ২

o মঙলদৈ মহকুমাৰ বৰদৌলগুৰি, জনাৰাম চৌকাত নিৰ্বাচন বিৰোধী জনতাৰ ওপৰত আৰক্ষীৰ গুলিচালনা৷ একাধিক হতা-হত ৷

o ছিপাঝাৰ অঞ্চলত তিনিজন আন্দোলনকাৰী যুৱকক চি আৰ পিয়ে দলঙৰ জ্বলন্ত জুইত জাপি দিয়া বুলি আছুৰ অভিযোগ৷ স্বতস্ফূত ভাৱে ওলাই অজস্ৰ জনতা।

o আছু-গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত নিৰ্বাচনৰ বিৰুদ্ধে উকীলসকলৰ সমদল৷ 

o মঙলদৈ আৰু নগাঁওত ৫খন চৰকাৰী গাড়ীত অগ্নিসংযোগ৷

o সন্ধিয়া দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত  নিৰ্বাচন বিৰোধী জনতাৰ ওপৰত পুলিচৰ গুলী চালনা৷ এজন নিহত৷

ফেব্ৰুৱাৰী– ৩

o দৰঙত সান্ধ্য আইন জাৰি। ৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ১৮ দিনীয়া ৰাজ্যিক কৰ্মচাৰীৰ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী আন্দোলনৰ নেতৃবৃন্দৰ দ্বাৰা ঘোষণা ৷


o নিশা শদিয়াত গুলী চালনা৷ এজন আন্দোলনকাৰী নিহত৷

ফেব্ৰুৱাৰী– ৪

o উত্তৰ লক্ষীমপুৰৰ নাওবৈচাত নিৰ্বাচন বিৰোধী জনতাৰ ওপৰত পুলিচৰ গুলী চালনা৷ কেবাজনো আহত৷

o নিৰ্বাচনৰ বিৰোধিতাৰে ৰাজ্যজুৰি শিক্ষকসকলৰ প্ৰতিবাদী সমদল৷

o কামৰূপ, দৰং, নগাঁও আৰু উত্তৰ লক্ষীমপুৰ জিলাৰ বিভিন্ন স্থানত শতাধিক কাঠৰ দলঙত অগ্নি সংযোগ৷

o শিৱসাগৰৰ ৰাংগলী ৰিজাৰ্ভৰ জংগলৰ পৰা চি পি আই [এম এল] প্ৰাৰ্থীৰ  সমৰ্থকৰ মৃতদেহ উদ্ধাৰ৷

ফেব্ৰুৱাৰী– ৫

o কৰ্মচাৰী পৰিষদৰ সৰ্বাত্মক অসহযোগ আৰম্ভ৷

o সমগ্ৰ অসমত বে-চৰকাৰী যান-বাহনৰ চলাচল বন্ধ আৰু চৰকাৰী কাৰ্যালয়সমূহো বন্ধ৷

o মঙলদৈ মহকুমাৰ টংলাত আন্দেলনকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাত কেইবাজন লোকৰ মৃত্যু৷

o নিৰ্বাচন বন্ধৰ দাবীত কাৰ্বি আংলঙৰ দুই ছাত্ৰসংগঠনৰ আহ্বানত ৩৬ ঘণ্টীয়া কাৰ্বি-আংলং জিলা বন্ধ৷

o গুৱাহাটীৰ উজানবজাৰ আৰু পানবজাৰ আৰু লক্ষীমপুৰত কেইবাটাও বোমা বিস্ফোৰণ৷

o ডিব্ৰুগড় জিলা বন্ধ৷

o কেন্দ্ৰৰ পৰা অসমলৈ অতিৰিক্ত ৩০ টা বেটেলিয়ান চি. আৰ. পি. পঠিওৱাৰ সিদ্ধান্ত৷

ফেব্ৰুৱাৰী– ৬

o গুৱাহাটী জৰ্জ খেলপথাৰত পিছদিনাৰ [৭ তাৰিখ] বাঁও-গণতান্ত্ৰিক মৰ্চাৰ নিৰ্বাচনী সভা ব্যৰ্থ কৰাৰ উদ্দেশ্যে জিলা ছাত্ৰ সন্থাৰ কামৰূপ জিলা বন্ধৰ আহ্বান৷

(আগলৈ)

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

No comments