Page Nav

HIDE

Grid

GRID_STYLE

চাউলখোৱাত একাংশ অসমীয়াৰ মানৱতা-ভাতৃত্ববোধৰ মহান আদৰ্শ

ওমৰ আলী আহমেদে হিন্দু যুৱকক মুছলিম লোকসকলে হত্যা কৰিবলৈ নি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল ...একাংশই চাউলখোৱাত আক্ৰমন কৰিছিল, একাংশই আমাৰ আক্ৰ...


ওমৰ আলী আহমেদে হিন্দু যুৱকক মুছলিম লোকসকলে হত্যা কৰিবলৈ নি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল


...একাংশই চাউলখোৱাত আক্ৰমন কৰিছিল, একাংশই আমাৰ আক্ৰান্ত সকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল৷ অৰ্থাৎ মানৱতা হেৰাই যোৱা  নাছিল...

সম্পাদকীয়ঃ

VOL. 1, ISSUE NO 8

মৃত মাতৃৰ বুকুত মুখ গুঁজি দুদিন গাখীৰৰ সন্ধান কৰি লেবেজান হৈ পৰি থকা এটি কন্যা সন্তানক তুলি লৈছিল অসমীয়াভাষীলোক এজনে

আন্দোলনকাৰীৰ প্ৰৰোচনাত পৰি চাউলখোৱাত আক্ৰমণ চলাবলৈ আৱেগিকভাৱে যোৱা সকলৰ বিপৰীতে এনে এচাম লোক আছিল যি সকলে চাউলখোৱাৰ আক্ৰান্ত লোক সকলক আক্ৰমণৰ পিছত সহায়ৰ হাত আগবঢ়াইছিল৷ এই কথা স্বীকাৰ কৰে চাউলখোৱাৰ ৰাইজেই৷ জাকিৰ হছেইন নামৰ চাউলখোৱাৰ বাসিন্দা এগৰাকী যি পেছাত এজন শিক্ষক৷ তেওঁ কৈছিল “ছিপাঝাৰ অঞ্চলৰ একেখন গাঁৱৰে একাংশই চাউলখোৱাত আক্ৰমন কৰিছিল, একাংশই আমাৰ আক্ৰান্ত সকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল৷ অৰ্থাৎ মানৱতা হেৰাই যোৱা  নাছিল৷ উদাহৰণ স্বৰূপে ছিপাঝাৰ অঞ্চলৰ শূলত নাথ নামৰ এজন ব্যক্তিৰ কথা উল্লেখ কৰিব পাৰি৷ তেওঁ আমাৰ গাঁৱলৈ আক্ৰমণৰ পিছদিনাই আহিছিল কিছু খোৱা বস্তু লগত লৈ৷ যিজন মানুহে সেই ভয়াৱহ সময়ত আমাক সকাহ দিলে সেয়া আমি কিদৰে পাহৰিম৷’

সেইদৰে চাউলখোৱাত আক্ৰমণ চলাবলৈ ৰঙামাটি ছিপাঝাৰৰ নিকটৱত¹ অঞ্চলৰ অসমীয়াভাষী মুছলিম লোক একাংশও গৈছিল৷ চাউলখোৱা চাপৰিত পৰি থকা মৃত মাতৃৰ বুকুত মুখ গুঁজি দুদিন গাখীৰৰ সন্ধান কৰি লেবেজান হৈ পৰি থকা এটি কন্যা সন্তানক তুলি লৈছিল অসমীয়াভাষীলোক এজনেই, যি কন্যা শিশুটো এতিয়া এগৰাকী যুৱতী৷ সেইদৰে ওমৰ আলী আহমেদ এনে এগৰাকী ব্যক্তি যিজন চাউলখোৱাত আহত হৈছিল আন্দোলনকাৰীৰ আক্ৰমণত৷ অথচ সেইজন ওমৰ আলী আহমেদেই চাউলখোৱাৰ ঘটনাৰ দুদিন পিছত এজন হিন্দু যুৱকক চাউলখোৱাৰ মুছলিম লোকসকলে হত্যা কৰিবলৈ নি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল৷ ওমৰ আলী আহমেদে কৈছিল “ আক্ৰমণৰ পিছদিনা মই আৰু কেইজনমান লোকে গাঁওবোৰ ঘুৰিবলৈ লওঁ আৰু মৃত মানুহবোৰক কবৰ দিওঁ৷ য’ত তিনি-চাৰিটা মৃতদেহ আছিল তাতেই গাত খান্দি পুতি থৈছিলো৷ তেনেদৰে মৃতদেহবোৰ পুতিবলৈ আমাৰ প্ৰায় দুদিন লাগিছিল৷ কাৰণ একে সময়তে আমি মানুহ চিনাক্তকৰণ কৰিবলৈয়ো চেষ্টা কৰিছিলো৷ সন্ধানহীন সকলৰ সন্ধান কৰিছিলো৷ ইয়াৰ মাজতে আমাৰ একাংশ যুৱকে  চাপৰিত এজন যুৱকক টনা আঁজোৰা কৰি থকা দেখিবলৈ পাইছিলো৷ তেতিয়া আগুৱাই গৈ কথাটো জানিব পাৰিলো যে, আমাৰ মুছলিম যুৱকসকলে ধৰি অনা যুৱকজন এজন হিন্দু যুৱক৷ তাক হত্যা কৰিব বিচাৰিছিল আগদিনাৰ ঘটনাৰ প্ৰতিশোধ পূৰণ কৰিবলৈ৷ তেতিয়া মই আমাৰ মুছলিম যুৱক কেইজনক কিছু বুজনি দি হিন্দু যুৱকজনক লৈ আহিলো৷ যুৱকজনক কিছু মাৰ ধৰ কৰিছিল৷ সেয়ে কিছু শুশ্ৰষা কৰি পিছত ঘৰলৈ পঠিয়াই দিওঁ৷ অন্ততঃ সেই যুৱকজনৰ প্ৰাণ বচাইছিলো৷ ” মানৱতা বা ভাতৃত্ববোধ এই মহান আদৰ্শ সেই সময়ৰ আন্দোলনকাৰী নেতৃত্বই শিকিব নে? যিয়ে ভতৃঘাতী সংঘাত সৃষ্টি কৰি মহান অসমীয়া জাতিৰ অংশীদাৰ ভিন্ন ভাষাৰ, ভিন্ন ধৰ্মৰ মানুহৰ মাজত হিংসাৰ বীজ চটিয়াই বিদ্বেষৰ বটবৃক্ষ ৰোপন কৰিলে, সেই সকলে শূলত নাথৰ দৰে ব্যক্তিৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজন৷ 

(সম্পাদনা সমিতিৰ হৈ)

দিগন্ত শৰ্মা 

www.versatilestory.com

VOL -1  ISSUE No -8

FEBRUARY 28, 2021

No comments