Page Nav

HIDE

Grid

GRID_STYLE

ফেব্ৰুৱাৰী,১৯৮৩: অসমীয়াৰ হিংস্ৰতাই বহু মহিলাৰ জীৱনলৈ নমাই আনিছিল অন্ধকাৰ

  হয়তো ন্যায় কোনোদিনেই নাপাও...: আহত সোণামতি নমসূদ্ৰ ‘হাতযোৰ কৰিছো–ঘৰ-মাটি-বাৰী সকলো এৰি যাম আমাক নামাৰিব’... . ...চকুৰ আগতে মোৰ স্বামী,  মা...

 হয়তো ন্যায় কোনোদিনেই নাপাও...: আহত সোণামতি নমসূদ্ৰ

‘হাতযোৰ কৰিছো–ঘৰ-মাটি-বাৰী সকলো এৰি যাম আমাক নামাৰিব’...


....চকুৰ আগতে মোৰ স্বামী,  মা আৰু মোৰ চাৰিবছৰীয়া ছোৱালী চামেলীক ঘপিয়াব ধৰিলে...উগ্ৰ অসমীয়া এচামে সংঘটিত কৰা বাংলাভাষী গণনিধন কাণ্ডৰ পৰিণতিয়ে ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে ৰামনগৰ গাঁৱৰ বহু পৰিয়াল নিঃশেষ হৈ গৈছিল...


  দিগন্ত শৰ্মাঃ

[ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে-চাপৰি , চিমেন-চাপৰি আদিত বাস কৰা বাংলাভাষী হিন্দু মানুহৰ গাঁওসমূহত ফেব্ৰুৱাৰী মাহৰ ২0 আৰু  ২১ তাৰিখত ধাৰাবাহিকভাৱে চলে ভয়াৱহ আক্ৰমণ, সংঘটিত হয় গণনিধন কাণ্ড৷অসমীয়াভাষী আৰু জনজাতীয় হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ অতিকে নিৰ্মম আৰু জঘন্যভাৱে আক্ৰমণ কৰে চিলাপথাৰৰ নিকতৱৰ্তী আৰ্নে চাপৰিৰ বৃহত্তৰ এলেকাত– য’ত আজিও আছে হাজাৰ হাজাৰ নিপীড়িত-নিৰ্যাতিত ভুক্তভোগী জনসাধাৰণ৷  সেই নৃশংস, নাৰকীয় ঘটনাৰ ন্যায়প্ৰাপ্তি অপেক্ষাত আজিও দিন অতিবাহিত কৰিছে দুৰ্গম অৰ্নে চাপৰি এলেকাত৷ সেই নিৰীহ বাঙালী লোকসকল বিদেশী বহিষ্কাৰ আন্দোলনে সৃষ্টি কৰা সংঘাতৰ কিদৰে বলি হৈছিল, সেই সংঘাতৰ পূৰ্বৰ আৰু পিচৰ প্ৰব্ৰজন [Migration] বা স্থানান্তৰণ [Displacement] পৰিস্থিতি, সংঘাতৰ পৰৱৰ্তী পৰ্যায়ৰ ন্যায়াপ্ৰাপ্তিৰ ব্যৱস্থাই নিপীড়িতসকলক কিদৰে প্ৰভাৱিত কৰিলে, পৰৱৰ্তী দিনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্যাতিতসকলৰ ভূমিকা কি আছিল...৷ অগ্নিগৰ্ভা ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত বাঙালীসকল কিদৰে নিৰ্যাতিত হৈছিল– ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন:]

প্ৰতিবেদন-৩

সোণামতি নমসূদ্ৰ নামৰ মহিলাগৰাকীয়ে ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ হিংসাত্মক ঘটনাৰ কথা ক’বলৈ মুখ মেলিয়েই হুকহুকাই কান্দিবলৈ ধৰিলে৷ শাৰীৰ আচলেৰে দুগালেৰে বৈ অহা চকুপানী মচিবলৈ চেষ্টা কৰিলে যদিও চকুপানী সোঁত থমকি নৰ’ল৷ কেইমুহূৰ্তমানৰ বাবে আমিও অস্বস্তি অনুভৱ কৰিলো৷ ‘মহিলাগৰাকীক সেই দুখৰ মুহূৰ্তবোৰৰ কথা শুধি ভুল কৰিলো নেকি?’– এনে এক ভাৱনাই জোকাৰি গ’ল৷ এনে সময়তে ওচৰতে ৰৈ থকা আৰ্নে ৰামনগৰ একাংশ লোকে ক’বলৈ ধৰিলে– নকন্দাকৈ কেনেকৈ থাকিব পাৰিব৷ চকুৰ সন্মুখতে পৰিয়ালৰ লোকক মাৰি পেলাইছে৷

সোণামতিয়ে লাহে লাহে ক’বলৈ আৰম্ভ কৰিলে– ‘সেই উত্তৰ দিশৰ পৰা যাঠি-জোং-ধনুকাড়-তৰোৱাল আদি লৈ অহা অজস্ৰ মানুহে যেতিয়া আমি থকা ঘৰটো আগুৰি ধৰিলে তেতিয়া দৌৰিব খুজিলো৷  নোৱাৰিলো৷ আক্ৰমণকাৰী দলটোৱে আমাৰ পৰিয়ালটোক ধৰি ল’লে৷ তেতিয়া মই সিহঁতলৈ চাই কাকুতি কৰিলো– হাতযোৰ কৰিছো, ভৰিত ধৰিছো৷ এই ঘৰ-মাটি-বাৰী এৰি আমি গুচি যাম৷ আমাক নামাৰিব৷ খন্তেক ৰৈ তেওঁ উচুপি উচুপি পুনৰ ক’লে– ‘সিহঁতে মোৰ অনুৰোধ নুশুনিলে৷ মোৰ চকুৰ আগতে মোৰ মানুহটোক [স্বামীক], মোৰ মা আৰু মোৰ চাৰিবছৰীয়া ছোৱালী চামেলীক ঘপিয়াব ধৰিলে৷ মই চিঞৰ মাৰি কোলাত লৈ থকা দুবছৰীয়া ল’ৰা কাজলক এফালে দৌৰিলো৷ পিছে পিছফালৰ পৰা কোনোবাই মোক লাঠি এডালেৰে কোব মাৰি দিয়াত বাগৰি পৰিলো৷ তাৰ পিচত মই ক’ব নোৱাৰো৷ পিছদিনা কোনোবা দুজন মানুহে মোক ধৰি থিয় কৰাই দিয়াতহে দেখিলো মই ঘৰ কাষতে পৰি আছিলো৷ মোৰ গাত তেজ৷ মোৰ কাষতে বাগৰি পৰি কান্দি আছে ল’ৰা কাজল৷ মানুহ দুজনৰ এজনে ধৰি ধৰি মোক গাঁৱৰ সিটো মূৰে থকা শিবিৰলৈ লৈ আহিলে৷ আনজন মানুহে কাজলক লৈ আহিল৷ আমাৰ গাঁৱৰ মানুহে কৈছিল সেইদিনাৰ ঘটনাত মোৰ স্বামী ৰাজকুমাৰ নমসূদ্ৰ, মা কুমুদিনী নমসূদ্ৰ, মোৰ ছোৱালী চামেলী মৰিছে৷...

ইফালে সেই সময়ত মই আছিলো চাৰি মাহৰ গৰ্ভৱতী৷ সকলো হেৰুৱাই মই উপায়হীন হৈ পৰিলো৷ আহত দেহা, পেটত কেঁচুৱা৷ লগতে দুবছৰীয়া কাজলৰ আহত অৱস্থা৷ শিবিৰলৈ অহা ডক্টৰে কাজলৰ চিকিৎসা কৰিছিল যদিও কেইমাহমান পিছত সিয়ো মৰি থাকিল৷ ভাল চিকিৎসা কৰাব নোৱাৰিলো৷ গৰ্ভস্থ সন্তানটোকে জীৱনৰ ভৱিষ্যত বুলি থাকিলো৷ সেই সন্তানটোৰে এতিয়া মই মাতৃ৷ সেই অন্যায়ৰ বিচাৰ আমি নাপালো৷ হয়তো ন্যায় কোনোদিনেই নাপাও৷...’


....পৰি থকাৰ পৰাই দিবাসীয়ে দেখিছিল তেওঁৰ পুত্ৰ, গিৰিয়েক আৰু দেউতাকক ঘপিয়াই ঘপিয়াই কাটিছিল৷ সেইদিন ধৰি দিবাসীয়ে আগৰদৰে কথা নোকোৱা হ’ল৷ আনকি স্বামী, পিতৃ-পুত্ৰৰ নামো পাহৰি পেলালে...


আৰ্নে তিৰাশী গাঁৱত জুম বন্ধা গাঁওবাসীৰ ভিতৰৰে এগৰাকী বৃদ্ধাই মাটিত বহি মূৰে-কঁপালে হাত দি কথাবোৰ শুনি আছিল৷ সেই বৃদ্ধগৰাকীৰ সৈতে আমি কথা পাতিবলৈ খোজাত গাঁৱৰ মানুহে ক’লে– তেওঁ কথাবোৰ ভালদৰে ক’ব নোৱাৰে৷ আগতে গাঁৱৰ এগৰাকী সক্ৰিয় মহিলা আছিল সেই বৃদ্ধা৷ তেওঁৰ নাম আছিল দিবাসী নমসূদ্ৰ৷ তেওঁৰ গাত ধেনুকাড় বিন্ধিছিল৷ দৌৰি থাকোতে দিবাসীয়ে ধেনুৰ কাড়ৰ আঘাতত বাগৰি পৰিছিল৷ আনকি পৰি থকাৰ পৰাই দিবাসীয়ে দেখিছিল তেওঁ পুত্ৰ, গিৰিয়েক আৰু দেউতাকক ঘপিয়াই ঘপিয়াই কাটিছিল৷ সেইদিন ধৰি দিবাসীয়ে আগৰদৰে কথা নোকোৱা হ’ল৷ আনকি স্বামী, পিতৃ-পুত্ৰৰ নামো পাহৰি পেলালে৷... কাৰো বুজিবলৈ বাকী নাথাকে যে ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত ‘আছু’, ‘সদৌ অসম গণ সংগ্ৰাম পৰিষদ’ৰ নেতৃত্বত হোৱা আন্দোলনৰ অস্ত্ৰধাৰীসকলে বাংলাভাষীসকলৰ ওপৰত চলোৱা আক্ৰমণে বহুজনৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল৷ দিবাসী নমসূদ্ৰৰ দৰে মহিলাৰো জীৱনলৈয়ো নমাই আনিছিল অকাল আন্ধাৰ– যাৰ বাবে তেওঁ হেৰুৱালে স্মৃতিশক্তি৷

 ...উগ্ৰ অসমীয়া এচামে সংঘটিত কৰা বাংলাভাষী গণনিধন কাণ্ডৰ পৰিণতিয়ে ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে ৰামনগৰ গাঁৱৰ বহু পৰিয়াল নিঃশেষ হৈ গৈছিল...

সোণামতি, পক্ষ, মিছিলা, দিবাসী নমসূদ্ৰৰ দৰে... অজস্ৰ মহিলাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল বিদেশী বহিষ্কাৰ আন্দোলনৰ ফেচিষ্ট কাৰ্যকলাপে৷ সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম গণ সংগ্ৰাম পৰিষদ আৰু ইয়াৰ সমৰ্থক [অসম সাহিত্য সভা] সংগঠনৰ নেতৃত্বত উগ্ৰ অসমীয়া এচামে সংঘটিত কৰা বাংলাভাষী গণনিধন কাণ্ডৰ পৰিণতিয়ে ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে ৰামনগৰ গাঁৱৰ বহু পৰিয়াল নিঃশেষ হৈ গৈছিল৷ পিচে কেৱল আৰ্নে ৰামনগৰেই নহয়৷ এই গাঁৱৰ নিকটৱৰ্তী ‘আৰ্নে তিৰাশী’ নামৰ গাঁওখনৰ শতাধিক লোককো হত্যা কৰিছিল ‘অসমৰ অস্তিত্ব ৰক্ষা’ৰ আন্দোলনৰ ঘাতক বাহিনীয়ে৷ চিলাপথাৰৰ নিকটৱৰ্তী বৃহত্তৰ আৰ্নে চাপৰি অঞ্চলৰ অন্তৰ্গত ‘আৰ্নে তিৰাশী’ নামৰ গাঁওখনতেই ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি মানুহৰ মৃত্যু হৈছিল৷ মাত্ৰ তিৰাশীটা পৰিয়ালে প্ৰথমে গাঁওখন স্থাপন কৰা বাবে গাঁওখনৰ নামেই হৈছিল ‘আৰ্নে তিৰাশী’৷ পিছে তিৰাশীটা পৰিয়ালৰ গাঁওখনৰ মৃতকৰ সংখ্যা আছিল শতাধিক৷ আনহাতে গাঁওখনৰ কোনো এটি পৰিয়ালৰে এটি পজাঘৰো থিয় হৈ থকা নাছিল৷ আক্ৰমণকাৰীয়ে সমগ্ৰ গাঁওখনকে জ্বলাই ভস্মীভূত কৰিছিল৷ আনকি আক্ৰমণকাৰীয়ে হত্যা কৰা একাংশ লোকৰ মৃতদেহ পজাঘৰৰ জুইতে জ্বলি নিঃশেষ হৈছিল৷ 

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

No comments