আৰ্থিক স্বাৱলম্বিতা, গ্ৰাম্য অৰ্থনীতি উত্তৰণৰ ব্যতিক্ৰমী দৃষ্টান্ত কেৱল ঘৰৰ পুৰুষজনৰ ওপৰতে নিৰ্ভৰ নকৰি আমি নিজৰ উপাৰ্জনৰ পথ উলিয়াইছো... একা...
আৰ্থিক স্বাৱলম্বিতা, গ্ৰাম্য অৰ্থনীতি উত্তৰণৰ ব্যতিক্ৰমী দৃষ্টান্ত
দিগন্ত শৰ্মাঃ
ৰাতি বাৰটামান বজাতে আমি মহিলাবোৰে শাক-পাচলি, ফল-মূলৰ বস্তাবোৰ গাড়ীত উঠাওঁ। একেলগে ছয়-সাতগৰাকী মহিলাই একোখন গাড়ী ভাৰাত লওঁ। সামগ্ৰীৰ বস্তাবোৰৰ সৈতেই আমি গাড়ীৰ পিচফালে উঠি থিয় হৈ আহো। ৰাতি এক বজাত শদিয়াৰ তৰাণী গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিলে পুৱা ছয় বজামানত তিনিচুকীয়া চহৰ পাওঁ। ইয়াতে আহি পথৰ দাঁতিত বস্তাবোৰ নমাই বজাৰ পাতোতে এঘণ্টামান লাগে। তাৰপিছত দিনটো সামগ্ৰীবোৰ বিক্ৰী কৰি আকৌ ৰাতি আঠটামান বজাত আমি উভটি যাওঁ। ঘৰ পাওঁতে এক-দুই বাজে। শদিয়াৰ ভিতৰৰ গাঁৱৰ পৰা প্ৰায় আশী কিলোমিটাৰ পথ এইদৰেই আহি আমি যিকেইটা ধন পাওঁ সেইকেইটাৰে আমি ঘৰ চলাওঁ।'....এইদৰে ক'লে অনুপমা চিৰিং নামৰ মহিলাগৰাকীয়ে। তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এটি পথৰ দাঁতিত বহি শাক-পাচলি, ফল-মূল বিক্ৰী কৰি আছিল মহিলাগৰাকীয়ে। প্ৰায় পঞ্চাশ বছৰ বয়সীয়া অনুপমা চিৰিঙৰ ঘৰ শদিয়াৰ তৰাণী গাৱঁত। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় আশী কিলোমিটাৰ দুৰৈৰ এই গাঁওখনৰ পৰা শাক-পাচলি, ফল-মূল লৈ আনি বিক্ৰী কৰিছে জিলা সদৰত। ঢলা-শদিয়া সংযোগী 'ড° ভূপেন হাজৰিকা সেঁতু'ৰে পাৰ হৈ আহিছে অনুপমা। পিছে কেৱল অনুপমাই নহয়, শদিয়া অঞ্চলৰ নতুন তৰাণী গাঁৱৰ মামনি চেতিয়া, জোনালী চেতিয়া, ছপাখোৱা অঞ্চলৰ শেৱালি গগৈ, কাকপথাৰৰ নিজৰা ফুকন আদিকে ধৰি কেইবা শতাধিক মহিলাই সপ্তাহৰ প্ৰতিটো দেওবাৰে আশী-নব্বৈ কিল'মিটাৰ পথ অতি কষ্টৰে অতিক্ৰম কৰি আহে তিনিচুকীয়া চহৰলৈ। সকলোৰে উদ্দেশ্য- নিজ ঘৰত উৎপাদিত বা গাঁৱৰ ঘৰে ঘৰে উৎপাদিত বিভিন্ন শাক-পাচলি, কচু-ঢেঁকীয়া, আদা-হালধি, আলু, বিভিন্ন জাতৰ টেঙা, হাঁহ-পাৰ-কুকুৰা, কল-কুঁহিয়াৰ আদি লৈ আহি চহৰত বিক্ৰী কৰা।
কেৱল ঘৰৰ পুৰুষজনৰ ওপৰতে নিৰ্ভৰ নকৰি...
পিছে ইয়াৰ আঁৰত লুকাই আছে শদিয়া, কাকপথাৰ, আদিৰ দৰে অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ, গ্ৰাম্যঞ্চলীয় জনতাৰ অৰ্থনীতি প্ৰসংগ। নতুন তৰাণী গাঁৱৰ মামনি চেতিয়া নামৰ মহিলা গৰাকীয়ে ক'লে, 'আমি কেৱল নিজৰ ঘৰত উৎপাদিত সামগ্ৰীয়েই যে লৈ আহো তেনে নহয়, সপ্তাহৰ আন দিনবোৰত আমাৰ অঞ্চলটোৰ খেতিয়কসকলে ঘৰতে উৎপাদন কৰা সামগ্ৰীবোৰ সংগ্ৰহ কৰো। বিশেষকৈ মহিলাসকলে ঘৰত যিবোৰ সামগ্ৰী উৎপাদন কৰে সেইবোৰ আমি বিচাৰি কিনি আনো। শনিবাৰে দিনটো সেইবোৰ গোটাই ৰাতি সাত-আঁঠগৰাকীয়ে একেলগে গাড়ী ভাৰা কৰি আশী-নব্বৈ কিলোমিটাৰ বাট গাড়ীৰ পিচফালে থিয় হৈ গুচি আহো। আমাৰ এই ব্যৱসায়ৰ ফলত গাঁৱৰ আন মানুহেও উৎপাদিত ফচলৰ এখন বজাৰ ঘৰতে লাভ কৰিছে। বিশেষকৈ মহিলাসকলে এইক্ষেত্ৰত এঢাপ আগবাঢ়িছে। আগতে সামগ্ৰী উৎপন্ন কৰিলেও বজাৰ নাছিল। দাম কম আছিল। এতিয়া ঢলা-শদিয়া দলংখন হোৱাৰ পিচত আমি মুকলিকৈ ওলাই আহিব পৰা হ'লো। এশ কিল'মিটাৰ দূৰৈৰ বজাৰলৈয়ো গৈ আমাৰ গাঁৱৰ মহিলাই সামগ্ৰী বিক্ৰী কৰে। কেৱল ঘৰৰ পুৰুষজনৰ ওপৰতে নিৰ্ভৰ নকৰি আমি নিজৰ উপাৰ্জনৰ পথ উলিয়াইছো। মোৰ দৰে কেইবাশ মহিলাই পৰিয়াল চলাইছে এইদৰে।'
মহিলা সৱলীকৰণ, লিংগ সমতাৰ এখন অনন্য বাস্তৱ ছবি
উল্লেখ্য যে, দেওবাৰৰ দিনটোত কেৱল তিনিচুকীয়া চহৰতেই চাৰি শতাধিক মহিলাই সামগ্ৰী বিক্ৰী কৰিবলৈ আহি পথৰ দাঁতিত বজাৰ পাতে। তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই অশেষ কষ্টৰে শদিয়াৰ বিভিন্ন গ্ৰাম্যঞ্চলৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে। সমান্তৰালকৈ কৃষিজ সামগ্ৰীক অধিক হাৰত বজাৰলৈ উলিয়াই অনাত সহায় কৰিছে। আনকি এইসকল মহিলাৰ বলিষ্ঠ পদক্ষেপৰ বাবে শদিয়া , কাকপথাৰ, ছপাখোৱা, ঢলা আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে পৰোক্ষভাৱে আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত এখোজ আগবাঢ়িছে। গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰাতকৈয়ো এইসকৰ মহিলাই দেখুৱাইছে লিংগ সমতাৰ অনন্য নিদৰ্শন। গ্ৰাম্যাঞ্চলীয় একোখন ঘৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত যে মহিলাই পুৰুষৰ স'তে সমভূমিকা পালন কৰে সেয়াও জানিব জানিব পৰা যায় তিনিচুকীয়া বজাৰলৈ অহা শদিয়াৰ মহিলাসকলৰ পৰা। এই প্ৰতিবেদকৰ সৈতে হোৱা আলাপত একাংশ মহিলাই স্পষ্টভাৱেই ক'লে,-- 'আমি বহু সিদ্ধান্তই মুক্তভাৱে লওঁ। আজি যে বজাৰলৈ ওলাই আহিছো, স্বামীক ঘৰত থৈ এশ কিলোমিটাৰ দুৰৈৰ বজাৰলৈ আহি ৰাতিহে ঘৰ পামগৈ-এই সিদ্ধান্তও আমাৰেই। আনহাতে আমাৰ পুৰুষসকলেও এই ক্ষেত্ৰত আমাক স্বাধীনতা দিছে।'এই ক্ষেত্ৰত প্ৰণীতা ফুকন নামৰ মহিলাগৰাকীয়ে ক'লে,--''শ শ মহিলা যেতিয়া ইমান দূৰ আহো প্ৰথমে দুই-এটা অঘটন ঘটিছিল। কিন্তু এতিয়া সেয়া সম্ভৱ নহয়। প্ৰথমে আমাক এচামে বাধা দিবলৈ চেষ্টা কৰিছিল। এচামে কৈছিল মহিলা ইমান দুৰলৈ বজাৰলৈ যাব নালাগে। কিন্তু আমি একাংশই মিলি সিদ্ধান্ত ল'লো- আমি কিয় নাযাম। যিমান দূৰেই নহওক কিয়, মানুহ হিচাপে আমাৰ অধিকাৰ আছে, যিকোনো স্থানত গৈ সৎপথেৰে ধন উপাৰ্জন কৰাৰ। আমি সৎপথেৰে ধন উপাৰ্জন কৰিছো। সপ্তাহটোৰ বাবে প্ৰয়োজনীয় ধন, সন্তানৰ বাবে প্ৰয়োজনীয় ধন আদি উলিয়াইছো। ঘৰৰ পুৰুষজনৰ মুখলৈ চাই নাথাকি বা তেওঁৰ ওপৰত নিৰ্ভৰ নকৰি আমি স্বাৱলম্বনৰ বাবে ওলাই আহিছো।' অতিকে তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই গাঁৱৰ অৰ্থনীতিৰ ভেঁটি টনকীয়াৰ কৰিবলৈ ওলাই আহিবলৈ সক্ষম হোৱাৰ আঁৰত অন্যতম ভূমিকা আছে 'ড° ভূপেন হাজৰিকা সেতু'(ঢলা-শদিয়া সংযোগী)খনৰ। অঞ্চলটোত দলংকেন্দ্ৰিক অৰ্থনীতিয়ে শদিয়াৰ জনগণক উপকৃত কৰিছে। একে সময়তে অঞ্চলটোত মহিলা সৱলীকৰণৰ এক অনন্য যাত্ৰা নিৰৱে অব্যাহত আছে। সমান্তৰালকৈ গঢ়ি উঠিছে লিংগ সমতাৰ এক নিৰৱ বিপ্লৱ। যি সময়ত পৃথিৱীৰ বিভিন্ম প্ৰান্তত লিঃগ সমতাৰ বাবে, নাৰীৰ অধিকাৰৰ বাবে সচেতন জনতাই ৰাজপথলৈ ওলাই আহি সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতি অব্যাহত আছে, মহিলাই বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈছে অধিকাৰ প্ৰাপ্তিৰ পৰা, তেনে সময়ত তিনিচুকীয়া জিলাৰ শদিয়াৰ একাংশ মহিলাই দেখুৱাইছে মহিলা সৱলীকৰণ, লিংগ সমতাৰ এখন অনন্য বাস্তৱ ছবি। প্ৰায় শত কিলোমিটাৰ দূৰৈৰ গাঁৱৰ পৰা একত্ৰিত হৈ আহি চহৰৰ মাজমজিয়াত স্বাধীনভাৱে যি ব্যৱসায় অব্যাহত ৰাখিছে, সেয়া নিসন্দেহেই আদৰণীয়। এইসকল মহিলাই শক্তিশালী কৰিছে নিজক, শক্তিশালী কৰিছে গ্ৰাম্য অৰ্থনীতিক, শক্তিশালী ৰূপত উপস্থাপন আৰু উপভোগ কৰিছে স্ব-অধিকাৰক। ৰাজ্যৰ আৰ্থ-সামাজিক উত্তৰণত শদিয়াৰ গ্ৰামাঞ্চলৰ মহিলাৰ এই অগ্ৰগামী যাত্ৰাই জাগ্ৰত কৰিব অসমৰ অন্য প্ৰান্তৰৰ জনতাকো।
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments