Page Nav

HIDE

Grid

GRID_STYLE

নগাবান্ধা, ১৯৮৩: স্কুল ঘৰত জুই দি জীৱন্তে দাহ কৰা হৈছিল শতজনক

প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য:মানুহবোৰক স্কুলঘৰটোত আশ্ৰয় ল’বলৈ দি বাহিৰৰ পৰা অগ্নিসংযোগ কৰিছিল ....মোৰ জীৱনত ইমান নৃশংস হত্যাকাণ্ড কেতিয়াও দেখা ...


প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য:মানুহবোৰক স্কুলঘৰটোত আশ্ৰয় ল’বলৈ দি বাহিৰৰ পৰা অগ্নিসংযোগ কৰিছিল

....মোৰ জীৱনত ইমান নৃশংস হত্যাকাণ্ড কেতিয়াও দেখা নাছিলো.... গছত উঠাসকলক তলৰ পৰা দীঘল বাঁহ-যাঁঠিৰে খুঁচি বাগৰি পৰাজনক পিচত হত্যা কৰিছিল.. 

  দিগন্ত শৰ্মা:
                                      
ফেব্ৰুৱাৰী, ১৯৮৩। অসমৰ অস্তিত্ব ৰক্ষাৰ নামত আন্দোলনে গোষ্ঠী বিদ্বেষ-সাম্প্ৰদায়িক চৰিত্ৰ বহন কৰিবলৈ  লয়। আৰম্ভণি হয় উত্তৰ পূব ভাৰতৰ অন্যতম ৰাজ্য অসমৰ ইতিহাসত এক কলংকিত আৰু ৰক্তাক্ত অধ্যায়ৰ৷১৪ ফেবু্ৰৱাৰীত ভোতগ্ৰহণ হৈ যোৱাৰ পিচত লাহৰীঘাট, মৈৰাবাৰী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ ১৬ ফেবু্ৰৱাৰীত অতি নিৰ্মমভাৱে শতজনক লোকক হত্যা কৰা হৈছিল....এই ঘটনাৰ এ প্ৰতিবেদন:  

নগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত নগাবান্ধাত ১৯৮৩ চনৰ ১৬ ফেবু্ৰৱাৰীত অতি নিৰ্মমভাৱে শতজনক লোকক হত্যা কৰা হৈছিল৷ আটাইতকৈ দুখজনক কথাটো হ’ল নিহত হোৱা লোকসকল আহিছিল নিৰাপত্তা বিচাৰি৷ আৰু¸ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰু¸তিৰে আতংকিত লোকসকলক বিদ্যালয়খনৰ মূলগৃহৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল৷ আৰু¸ তাৰ পিচত অগ্নিসংযোগ কৰা হৈছিল স্কুলঘৰটোত৷ 

এই ঘটনা সন্দৰ্ভত নগাবান্ধা হাইস্কুলৰ সহঃশিক্ষক  তথা সেই অগ্নিগৰ্ভ পৰিস্থিতিৰ প্ৰত্যক্ষদৰ্শী আবুল হাচিমে আমাৰ আগত এনেদৰে কৈছিল:‘১৪ ফেবু্ৰৱাৰিত ভোতগ্ৰহণ হৈ যোৱাৰ পিচত লাহৰীঘাট, মৈৰাবাৰী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ এচামে ভোতদান কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে ভোটদাতাসকলক বিদেশী বুলি ভবা হৈছিল আৰু উপদ্ৰৱ আৰম্ভ কৰিছিল আন্দোলনকাৰীয়ে৷ এনে উপদ্ৰৱ হোৱাৰ ফলত প্ৰায় শতাধিক লোকে নিৰাপদ আশ্ৰয়স্থল বিচাৰি আহি নগাবান্ধাত উপস্থিত হৈছিল৷ পিচত অসম আৰক্ষী আৰু¸ হাৰিয়ানা আৰক্ষীৰ পহৰাদাৰীসকলে নগাবান্ধা বিদ্যালয়ত সেই লোকসকলক আশ্ৰয় ল’বলৈ দিছিল৷ পিচে নগাবান্ধা বিদ্যালয়ত এনেদৰে শতাধিক লোক সোমাই থকা বুলি জানিব পাৰি আন্দোলনকাৰীবোৰে আহি  মানুহবোৰ ভিতৰত সোমাই থকাৰ সুযোগতে বাহিৰৰ পৰা স্কুল ঘৰটোৰ দুৱাৰ-খিৰিকিবোৰ বন্ধ কৰি দিছিল৷ তাৰ পিচত কেৰাচিন-পেত্ৰ’ল ঢালি আমাৰ স্কুলঘৰটোত অগ্নিসংযোগ কৰিছিল৷ স্কুলঘৰটোত জুই লগাৰ উমান পাই ভিতৰত থকা সকলৰ কিছুমানে  দুৱাৰ-খিৰিকি-বেৰ ভাঙি পলাবলৈ ধৰিছিল যদিও তাৰে একাংশক খেদি খেদি হত্যা কৰা হৈছিল৷ আনহাতে এচাম লোকে প্ৰাণ বচাবলৈ স্কুলঘৰটোৰ পৰা কেনেবাকৈ ওলাই আহি ওচৰৰ দুই-এজোপা গছত উঠিছিল৷ কিন্তু আন্দোলনকাৰীসকলে গছত উঠাসকলক তলৰ পৰা দীঘল বাঁহ-যাঁঠিৰে খুঁচি খুঁচি আহত কৰিছিল৷ আঘাত পাই গছৰ পৰা বাগৰি পৰাজনক পিচত হত্যা কৰিছিল৷ স্কুলঘৰৰ ভিতৰতে একাংশৰ মৃত্যু হৈছিল আৰু জীৱন্তে অগ্নিদগ্ধ হৈছিল কিছুমান৷

 ...এচাম লোকে প্ৰাণ বচাবলৈ স্কুলঘৰটোৰ পৰা কেনেবাকৈ ওলাই আহি ওচৰৰ দুই-এজোপা গছত উঠিছিল৷ আন্দোলনকাৰীসকলে গছত উঠাসকলক তলৰ পৰা দীঘল বাঁহ-যাঁঠিৰে খুঁচি খুঁচি আহত কৰিছিল৷ আঘাত পাই গছৰ পৰা বাগৰি পৰাজনক পিচত হত্যা কৰিছিল....

 কিছুমানৰ দেহ ছাই হৈ গৈছিল৷ ফলত ৩৭ জন লোক নিহত হোৱা বুলি আৰক্ষীৰ পৰা জানিব পাৰিছিলো যদিও আমাৰ চাক্ষুস অভিজ্ঞতাৰ  পৰা ক’বলৈ গ’লে স্কুল ঘৰটোত কমেও এশজন মানুহ সোমাইছিল আৰু প্ৰায় বেছিসংখ্যকৰেই মৃত্যু হৈছিল৷ মোৰ জীৱনত ইমান নৃশংস হত্যাকাণ্ড কেতিয়াও দেখা নাছিলো৷ তেতিয়া জুইত জাহ যোৱা আমাৰ স্কুলঘৰটো পিচত পুনৰ নিৰ্মাণ কৰা হৈছিল৷ মই সেই বিদ্যালয়খনৰেই ছাত্ৰও আছিলো আৰু¸ পিচত বিদ্যালয়খনৰ সহকাৰী শিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰোঁ৷...’

উল্লেখ্য যে বিদ্যালয়খনত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ নিকট আত্মীয়সকলৰ বহুতেই আজি পৰ্যন্ত সাহায্য নাপালে৷ নগাবান্ধা হাইস্কুলৰ ঘটনাটোৱে অসম আন্দোলনৰ সময়ত কেৱল জাতীয় স্বাৰ্থৰ নামত এচাম লোকৰ মনোবৃত্তি কিমান নীচ হৈ পৰিছিল তাকেই উন্মোচিত কৰে৷ আন্দোলনকাৰীৰ একাংশ নেতাই সমগ্ৰ আন্দোলনটোক বৰ্বৰতম্‌ স্তৰত উপনীত কৰাইছিল৷  জাতি প্ৰেমৰ নামত মানৱতা ভূ-লুণ্ঠিত কৰিছিল৷ হিংস্ৰ আচৰণেৰে খৰ্ব কৰিছিল মানৱ অধিকাৰ৷ আন্দোলনকাৰীয়ে ‘জাতীয় অস্তিত্ব ৰক্ষা'ৰ নামত অসমবাসীক অতি বিভৎসভাৱে যে উপহাৰ দিছিল কেইটামান কালিমা সনা দিন তাৰেই জলন্ত প্ৰমাণ  নগাবান্ধাৰ  ঘটনা৷

[অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]


No comments