Page Nav

HIDE

Grid

GRID_STYLE

মৰাণ জনগোষ্ঠীৰ কৃষ্টি সম্ভাৰ সংৰক্ষণৰ অনন্য নিদৰ্শন সাঁচি ৰাখিছে ৭৫০ বিধ সামগ্ৰী

ক্ষেত্ৰ অধ্যয়ন/মানৱ চুতীয়া, বসন্ত চুতীয়া  অসমৰ অন্যতম জনগোষ্ঠী মৰাণ সকলৰ বহুতো আপুৰুগীয়া সম্পদ আছে। কৃষ্টি-সংস্কৃতিৰে চহকী এই জনগোষ্ঠী। জনগো...

Thakur Sing Chutia

ক্ষেত্ৰ অধ্যয়ন/মানৱ চুতীয়া, বসন্ত চুতীয়া 

অসমৰ অন্যতম জনগোষ্ঠী মৰাণ সকলৰ বহুতো আপুৰুগীয়া সম্পদ আছে। কৃষ্টি-সংস্কৃতিৰে চহকী এই জনগোষ্ঠী। জনগোষ্ঠীয় বহু সম্পদ এতিয়াও সংৰক্ষণ কৰিবলৈ বাকী আছে। কিন্তু এগৰাকী ব্যক্তিয়ে বহু শ্ৰম আৰু ত্যাগেৰে এনে কৃষ্টি সংৰক্ষন কৰিছে। তেওঁ হ'ল ঠাকুৰ সিং চুতীয়া– যি নিজা প্ৰচেষ্টাৰে মৰাণ জনগোষ্ঠীৰ বহুতো আপুৰুগীয়া সম্পদ নিজ গৃহত সংৰক্ষণ কৰি আহিছে। তিনিচুকীয়া জিলাৰ ঐতিহাসিক বাৰেকুৰি অঞ্চলৰ ন-মটাপুং গাঁৱত ঠাকুৰ সিং চুতীয়াৰ ১৯৭২ চনৰ ফাগুন মাহত জন্ম হৈছিল। উল্লেখ্য যে তেখেতৰ জন্মৰ তাৰিখ সম্বন্ধে তেখেতে জ্ঞাত নহয়। মাতৃয়ে তেওঁক কৈ থৈ যোৱা মতে ১৯৭২ চনৰ ফাগুন মাহত তেখেতৰ জন্ম হৈছিল বুলি আমাক অৱগত কৰিলে। তেখেতৰ প্ৰকৃত নাম আজেনকান্ত ঠাকুৰ সিং চুতীয়া। সংৰক্ষনৰ উপৰিও এই আপুৰুগীয়া কৃষ্টি সম্ভাৰৰ সম্পদসমূহ তেখেতে বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি নৱ প্ৰজন্মৰ আগত চিনাকি দিয়াৰ প্ৰয়াস কৰি আহিছে। বৰ্তমানলৈকে তেওঁ বিভিন্ন ঠাইত এই কৃষ্টি সম্ভাৰ প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ নিজা গৃহত (গাঁওঃ ন-মটাপুং, বাৰেকুৰি, জিলা-তিনিচুকীয়া) মৰাণ জনগোষ্ঠীৰ লোকে ঘৰত ব্যৱহাৰ কৰা সঁজুলি, কাপোৰ-কানি, কৃষি সা-সঁজুলি আদি সকলো সামৰি ৭৫০ বিধ সামগ্ৰী সাঁচি ৰাখিছে বুলি আমাক জানিবলৈ দিয়ে। তদুপৰি এইবোৰতকৈয়ো অধিক সামগ্ৰী উদ্ধাৰ কৰি তেখেতে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ সাঁচি ৰখা কৃষ্টি সম্ভাৰৰ কিছু উল্লেখ কৰিলোঃ

  • ৰান্ধনী ঘৰৰ সঁজুলি
  • বাদ্যযন্ত্ৰ
  • চালি গামোচা
  • লোহাৰ সঁজুলি
  • ধান থোৱা সঁজুলি 
  • কপাহৰ তাঁতশালৰ সঁজুলি
  • চিটিকা
  • মাছধৰা সঁজুলি
  • বৰবিয়া-শান্তি বিয়াৰ সঁজুলি

মৰাণ জনগোষ্ঠীৰ কৃষ্টি সম্ভাৰৰ সংৰক্ষণৰ কথা কেনেকৈ মনলৈ আহিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল পিতৃ স্বৰ্গীয় তিলক চুতীয়াদেৱে ঘৰতে কিছুমান পুৰণি সামগ্ৰী সাঁচি ৰাখিছিল। পিতৃৰ মৃত্যুৰ পিছত মাকে তেখেতক দেউতাকে সাঁচি ৰখা সামগ্ৰীসমূহ ভালদৰে থৈ দিবলৈ কৈছিল। মাতৃৰ কথা মতে সামগ্ৰীসমূহ সংৰক্ষণ কৰোঁতে এই সামগ্ৰীসমূহ মিউজীয়ামত দিয়াৰ কথা তেখেতৰ মনলৈ আহিছিল। প্ৰথম অৱস্থাত তেখেতে মিউজীয়ামত দিয়াৰ উদ্দেশ্যৰে সামগ্ৰীসমূহ সংৰক্ষণ কৰিছিল যদিও পিছলৈ নিজৰ ঘৰতে সামগ্ৰীসমূহ সংৰক্ষণ কৰাৰ চিন্তা কৰিলে। ১৯৮২ চনৰে পৰা ঠাকুৰ সিং চুতীয়াই মৰাণ জনগোষ্ঠীৰ কৃষ্টি সম্ভাৰৰ সামগ্ৰীসমূহ সংৰক্ষণ কৰাৰ উদ্যোগ লৈছিল।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ঠাকুৰ সিং চুতীয়াই নিজা প্ৰচেষ্টাৰে কোনো ধৰণৰ চৰকাৰী বেচৰকাৰী সাহাৰ্যৰ অবিহনে এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰাত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে।

ঠাকুৰ সিং চুতীয়াই বৰ্তমানলৈকে সাঁচি ৰখা ৭৫০ বিধ বিভিন্ন ধৰণৰ সামগ্ৰীৰ উপৰিও আৰু বেলেগ বেলেগ সঁজুলি উদ্ধাৰ কৰি সাঁচি ৰখাৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। যি ব্যৱস্থাই  মৰাণ জনগোষ্ঠীৰ চহকী কৃষ্টি সম্ভাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি নিঃসন্দেহে কব পাৰি। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ঠাকুৰ সিং চুতীয়াই নিজা প্ৰচেষ্টাৰে কোনো ধৰণৰ চৰকাৰী বেচৰকাৰী সাহাৰ্যৰ অবিহনে এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰাত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে। তেখেতৰ ঘৰত সামগ্ৰীসমূহ সংৰক্ষণ কৰিবলৈ উপযুক্ত ঠাইৰ অভাৱ হোৱাৰ কাৰণে কিছুমান মূল্যৱান সামগ্ৰী ভাঙি গৈছে। বাহ আৰু বেতেৰে তৈয়াৰ কৰা কিছুমান সামগ্ৰী পুনৰ নিৰ্মাণ বহু কষ্ট আৰু সময়ৰো প্ৰয়োজন হয়। ফলত কিছুমান আপুৰুগীয়া সামগ্ৰী এবাৰ ভাঙি যোৱাৰ পিছত পুনৰ নিৰ্মাণ প্ৰায় অসম্ভৱ হৈ পৰে। সময় থাকোতেই চৰকাৰে এই সামগ্ৰীসমূহৰ সংৰক্ষণৰ কাৰণে উপযুক্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ বিভিন্ন সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

No comments