দিগন্ত শৰ্মা অভাৱ-অনাটনৰ চাপ স্পষ্ট হৈ থকা এখন ঘৰ। ঘৰটোত ইফালে-সিফালে থৰক-বৰক খোজেৰে ঘূৰি ফুৰে কুৰি বছৰীয়া এগৰাকী কন্যা। কোনোমতে শৰীৰৰ ভ...
অভাৱ-অনাটনৰ চাপ স্পষ্ট হৈ থকা এখন ঘৰ। ঘৰটোত ইফালে-সিফালে থৰক-বৰক খোজেৰে ঘূৰি ফুৰে কুৰি বছৰীয়া এগৰাকী কন্যা। কোনোমতে শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰি চলা-ফুৰা কৰা সেইগৰাকী ঘৰখনৰ প্ৰথম সন্তান। কেৱল যে খোজবোৰেই যে থৰক-বৰক এনে নহয়, মাত কথাবোৰতো উচ্চাৰণৰ স্বাভাৱিকতা নাই। যিয়ে নিজৰ নামটোও ভালদৰে উচ্চাৰণ কৰোতে খোকোজা লাগে। যুৱতী গৰাকীৰ নাম মনীষা ৰাজবংশী।
আশ্বৰ্যজনক অথচ এক ভাললগা কথা যে যিগৰাকী ছোৱালীয়ে ভালদৰে খোজকাঢ়িব নোৱাৰে, যিয়ে ভালদৰে কথা ক'ব নোৱাৰে- সেই কন্যাই এইবাৰ স্নাতক মহলাৰ চুড়ান্ত পৰীক্ষা অতিক্ৰম কৰিলে। অথচ সেই দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ ওচৰত নাই কোনো স্নাতক মহাবিদ্যালয়। ঘৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৈৰ মহাবিদ্যালয়ত কিদৰে পঢ়িছে? জীৱনৰ শাৰীৰিক আৰু আৰ্থিক প্ৰত্যাহ্বান এইগৰাকী কন্যাই অতিক্ৰম কৰিলে কিদৰে-এইয়া যেন এক ৰহস্য।
উল্লেখ্য যে দৰং জিলাৰ বোনমাঝা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাহতলী গাঁৱৰ বাসিন্দা ধনেশ্বৰ ৰাজবংশীৰ কন্যা মনীষা ৰাজবংশী জন্মৰে পৰাই এনে ৰোগত আক্ৰান্ত হৈ যে শাৰীৰিক সঞ্চালনত বাধা আহি পৰিছিল।বহু চিকিৎসায়ো মনীষাৰ শৰীৰ সুস্থ কৰিব পৰা নাছিল। অৱশেষত মনীষা "লকমটৰ" ৰোগত আক্ৰান্ত এগৰাকী দিব্যাংগ বুলি চিহ্নিত হৈছিল। কিন্তু পিতৃ-মাতৃয়ে অশেষ কষ্টৰে মনীষাক ছবছৰ বয়সত স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তী কৰাই দিছিল। মাতৃ তৰুলতা ৰাজবংশী আৰু পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে খোজ কাঢ়িব নোৱাৰা মনীষাক কোলাত তুলি নি বিদ্যালয়ত থৈ আহিছিল। বিদ্যালয় ছুটীৰ পাছত একেদৰেই লৈ আহিছিল।যেতিয়া পিতৃ মাতৃয়ে দিন মজুৰি কৰিবলৈ যায় তেতিয়া মনীষাৰ স্কুললৈ যোৱা বন্ধ হৈছিল।যদিও ঘৰতে পিতৃ মাতৃয়ে মনীষাক পঢ়ুৱাইছিল। এনেদৰে প্ৰাথমিক শিক্ষা শেষ হোৱাৰ পিছত ডেৰ কিলোমিটাৰ নিলগৰ বামুনঝাৰ এম ই স্কুলত মনীষাক নামভৰ্তি কৰাই দিছিল।কিশোৰী মনীষাক ডেৰ কিলোমিটাৰ বাট কেতিয়াবা বোকোচাত তুলি , কেতিয়াবা চাইকেলত তুলি স্কুললৈ অনা নিয়া কৰিছিল পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে।কেৱল এইয়াই নহয় ,হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যন্ত মনীষাক পিতৃয়ে চাইকেলত তুলি প্ৰতিদিনে স্কুললৈ অনা নিয়া কৰিছিল। যাৰবাবে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকৰ্তা ধনেশ্বৰ ৰাজবংশীয়ে দিন-মজুৰি কৰিবলৈ যাব নোৱাৰা হৈছিল।তৎসত্ত্বেও দুই পিতৃ-মাতৃয়ে আন সময়ত ইটো সিটো কাম কৰি উপাৰ্জন কৰিছিল।সমান্তৰালকৈ মনীষা আৰু একেসময়তে আন দুই পুত্ৰক স্কুললৈ পঠিয়াইছিল।
মনীষাই বিদ্যালয়ত বিশেষ একো ক'ব পৰা নাছিল,কিন্তু সকলো পাঠ্যপুথিৰ সকলো কথা বুজিছিল।অৱশ্যে লিখাত কিছু লেহেমীয়া আছিল। তথাপিও বহু কষ্ঠৰে ২০১৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিছিল আৰু ৫৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল। মনীষাৰ এই ফলাফলে অঞ্চলটোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছিল। উজ্জীৱিত কৰিছিল ধনেশ্বৰ- তৰুলতাৰ সংসাৰক।ইয়াৰ পিছত ঘৰৰ পৰা দুই কিলোমিটাৰ নিলগৰ বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত মনীষাক উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰাই দিছিল পিতৃ-মাতৃয়ে। আকৌ আগৰ দৰেই চাইকেলত অনা-নিয়া কৰিছিল মনীষাক দেউতাকে।উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো মনীষাই ৫৬ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল।প্ৰতিটো মুহূৰ্তৰ দৈহিক প্ৰত্যাহ্বান নেওচি মনীষাই লাভ কৰা এই ফলাফলে পৰিয়ালটোক মনীষাৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে।ইয়াৰ বিপৰীতে আন এচাম লোকে মনীষাই দুৰৈৰ কলেজলৈ গৈ পঢ়িলে বহু কষ্ট হ'ব বুলি পঢ়িব নালাগে বুলিয়েই মন্তব্য দিছিল।
কিন্তু পিতৃ-মাতৃয়ে সেই কন্যা সন্তানক উচ্চ শিক্ষা দিবলৈ এনেদৰে আগ্ৰহী হৈ উঠিল যে ঘৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দুৰৈৰ বাগসা জিলাৰ অন্তৰ্গত গোৰেশ্বৰ মহাবিদ্যালয়ত স্নাতক শাখাত নামভৰ্তি কৰাই দিলে।কেৱল এইয়াই নহয় ,মনীষাই আগ্ৰহেৰে শিক্ষাতত্ত্ব বিভাগত মেজৰৰ আসনৰ বাবে আবেদন কৰিলে আৰু মেজৰ লাভ কৰিলে। পিচে ঘৰৰ পৰা পোন্ধৰ কিলোমিটাৰ দুৰৈৰ মহাবিদ্যালয়লৈ মনীষাই অহা যোৱা কৰে কিদৰে। কিয়নো দৰিদ্ৰ পৰিয়ালটোৱে কোনো ব্যক্তিগত বাহন ক্ৰয় কৰাৰো ক্ষমতা নাই। শৰীৰ সঞ্চালনাৰ ক্ষেত্ৰত ৬০ শতাংশ বাধাগ্ৰস্থতা থকাৰ পিছতো ঘৰৰ পৰা ২৫ কিলোমিটাৰ দুৰৈৰ মহাবিদ্যালয়লৈ দৈনিক অহা যোৱা কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে সাজু হোৱাটোৱেই আছিল ডাঙৰ প্ৰত্যাহবান। মনীষাই সম্ভৱ কৰিব পাৰিবনে এই শৈক্ষিক যাত্ৰা - এচাম মানুহৰ বাবে এয়া আছিল ভাবিৱলগীয়া কথা। কিন্তু পিতৃ মাতৃয়ে কোনো নেতিবাচক চিন্তা নকৰি কেৱল কন্যাক আগবঢ়াই দিছিল শিক্ষাৰ বাটেৰে। পিতৃ-মাতৃ দুয়োৰো বিশেষ শিক্ষা নাছিল যদিও কন্যাক উচ্চ শিক্ষাৰে শিক্ষিত কৰোৱাৰ আছিল প্ৰবল হাবিয়াস। আৰ্থিক অনাটন অতিক্ৰম কৰিবলৈ আগবঢ়া পিতৃ-মাতৃৰ আগ্ৰহক সাকাৰ কৰিবলৈ মনীষাও সাজু হৈ উঠিছিল। গোৰেশ্বৰ মহাবিদ্যালয়ত স্নাতক মহলাত নামভৰ্তি কৰাৰ পিচৰে পৰা প্ৰায় প্ৰতিদিনে মনীষাক পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে চাইকেলৰ পিছফালে বহুৱাই লৈ কিছু দুৰৈৰ আন্ধেৰীঘাটলৈ যায়। তাৰ পৰা গোৰেশ্বৰলৈ যোৱা ট্ৰেকাৰ বা ডিজেল অটোত উঠে। গোৰেশ্বৰত নামি পূণৰ ৰিক্সাত উঠি কলেজ পায়। সহায় কৰি দিয়ে ৰিক্সা চালক বা কোনো সহপাঠীয়ে। কলেজৰ পৰা উভতি আহি মনিষা আন্ধেৰীঘাটত নামে। গাড়ীৰ পৰা নামোতেও কোনো লোকে সহায় কৰি দিয়ে। ইয়াৰ পিছত মনীষাৰ বাবে ৰৈ থকা দেউতাকে চাইকেলত তুলি ঘৰলৈ লৈ আহে! এনেকৈয়ে মনীষাৰ কলেজীয়া জীৱন অব্যাহত আছিল। আনহাতে, কলেজত ৭০ শতাংশতকৈ কম উপস্থিত থাকিলেও জৰিমনা ভৰিব লগা হয়। সেয়ে কলেজলৈ যোৱাটোও বাধ্যতামূলক।
পিতৃ ধনেশ্বৰ ৰাজবংশীয়ে এই প্ৰতিবেদকক ক'লে- 'মনীষাক কলেজলৈ যাবলৈ থৈ অহা বা কলেজৰ পৰা আহোতে চাইকেলত তুলি অনা কামটো কৰিবলগীয়া হোৱা বাবে মই দিনমজুৰি কৰা কামটোও বন্ধ কৰি দিবলগীয়া হৈছে। ইয়াৰ পৰিবৰ্তে আন কাম কৰি কোনোমতে পৰিয়াল চলাও। মনীষাৰ বাবে প্ৰয়োজনীয় ধন বৰ কষ্টৰে যোগাৰ কৰো। তথাপিও মনীষাৰ উচ্চ শিক্ষাৰ বাট বন্ধ হ'বলৈ নিদিলো। মাকে কাপোৰ বয়, বিক্ৰী কৰে । এটা কোঠালীৰ ঘৰটোৰ মাজত বাঁঁহৰ জেওৰাসদৃশ বেৰ এখন দি দুই কোঠালীৰ কৰি লোৱা হৈছে। আমাৰ দুই পুত্ৰ সন্তানো আছে । সিহঁতৰো পঢ়াৰ বাবদ খৰচ দিব লাগে। ভূ-সম্পদ বুলিবলৈ একমাত্ৰ ঘৰৰ ভেঁটিটোৱেই। তথাপিও মনীষাই বি এ চুড়ান্ত পৰীক্ষা পাছ কৰিলে মেজৰ সহ। এই সফলতা আমাৰ বাবে চৰম প্ৰাপ্তি।'
এফালে প্ৰবল আৰ্থিক সংকট- অথচ কন্যাৰ প্ৰতি প্ৰচুৰ দায়িত্বশীল পিতৃ মাতৃৰ এনে উচ্চাকাংক্ষা এইখন সমাজৰ বাবেই আদৰণীয়। চৰম অৰ্থাভাৱ, দৈহিক প্ৰত্যাহ্বান---- এই সকলো প্ৰতিবন্ধকতা অতিক্ৰমি উচ্চ শিক্ষাৰ উজ্জ্বল বাটেৰে আগবাঢ়িছে মনীষা। মনীষাৰ এই সংগ্ৰামে দেখুৱাইছে অনন্য আদৰ্শ। দৰিদ্ৰতা নেওচি, বহু প্ৰত্যাহ্বান অতিক্ৰমি ধনেশ্বৰ ৰাজবংশী-তৰুলতা ৰাজবংশীয়ে কন্যা সন্তানটিক যি বাটেৰে আগুৱাই নিছে সেয়া সুন্দৰৰ বাট।
[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]
No comments