দৰিদ্ৰতা উত্তৰণৰ সংগ্ৰামেৰে প্ৰগতিৰ বাট বন্ধা এগৰাকী অনন্য নাৰী ...ঘৰৰ চৌহদৰ ভূমিতেই উপাৰ্জনত নামি গ্ৰাম্য অৰ্থনীতিলৈ বৰঙনি আগবঢ়োৱাৰ উপৰিও প...
...ঘৰৰ চৌহদৰ ভূমিতেই উপাৰ্জনত নামি গ্ৰাম্য অৰ্থনীতিলৈ বৰঙনি আগবঢ়োৱাৰ উপৰিও পৰিয়ালকো আৰ্থিক সকাহ দিছে...
দিগন্ত শৰ্মা
১৬ নৱেম্বৰ, ২০২৩
দৰং জিলাৰ গ্ৰামাঞ্চলৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলা সদস্যই নিজৰ প্ৰয়োজনীয় ধনৰ বাবে প্ৰধান উপাৰ্জনকৰ্তা পুৰুষ সদস্যজনৰ ওচৰত হাত পতাৰ পৰিবৰ্তে এতিয়া নিজে মুকলি কৰিছে উপাৰ্জনৰ পথ৷ অথচ এবছৰ আগলৈকে মহিলাগৰাকীৰ নাছিল কোনো বিশেষ উপাৰ্জনৰ পথ৷ পিছে কৃষিকৰ্মত জৰিত হৈ টুটুমনি ডেকা নামৰ মহিলাগৰাকীয়ে সফলতাৰ বাটেৰে আগুৱাবলৈ সক্ষম হৈছে ৷ দৰং জিলাৰ চপাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিজ চপাই গাৱঁৰ এই গৰাকী মহিলাই ২০২২ চনত মীন পালনৰ বাবে আই টি চি প্ৰকল্পৰ 'মিছন চুনহেৰা কল' ৰ পৰা অৰ্থ সাহায্য লৈ বৈজ্ঞানিক আৰ্হিত মাছ পালন আৰম্ভ কৰে। ছমাহৰ পিছৰপৰা পুখুৰীত মাছ পালনেৰে মহিলা গৰাকীয়ে প্ৰতি সপ্তাহতে ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে৷ আনহাতে, পুখুৰীৰ সতে সংলগ্ন কৰি হাঁহ পালন কৰিবলৈ লয়৷ একোটাকৈ হাঁহ পোৱালি ৭০ দৰত ক্ৰয় কৰি আনে আৰু ছমাহ পিছত সেই হাঁহৰ ওজন ১.২ কিল’গ্ৰামৰ পৰা ১.৫ কিল'গ্ৰাম হয়৷
গাঁওখনৰ কপৌপাহি আত্ম সহায়ক গোটৰ সদস্যা টুটুমনি ডেকাই ঘৰৰ চৌহদৰ ভূমিতেই এনেদৰে উপাৰ্জনত নামি গ্ৰাম্যঅৰ্থনীতিলৈ বৰঙনি আগবঢ়োৱাৰ উপৰিও পৰিয়ালকো আৰ্থিক সকাহ দিছে আৰু নিজৰ প্ৰয়োজনীয় ধনৰ বাবে আনৰ ওচৰত হাত নপতাকৈ চলিবলৈ সক্ষম হৈছে।
প্ৰতিকিল'গ্ৰামত ৪০০ টকাকৈ হাঁহ বিক্ৰী কৰি ছমাহতেই মূলধনী ব্যয়তকৈ তিনিগুণ ধন লাভ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি হাঁহ পালন পাম খন মহিলা গৰাকীয়ে প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে৷ ইফালে মাছ উৎপাদনৰ পৰা প্ৰতি সপ্তাহতে ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা টুটুমনি ডেকাই পুখুৰীৰ পাৰত অমিতা, কলৰ খেতিৰ পৰাও ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷
অৰ্থাভাৱত পৰি হাত সাৱতি বহি নিজৰ উপাৰ্জনেৰে টুটুমনিয়ে পৰিয়ালৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে৷
গাঁওখনৰ কপৌপাহি আত্ম সহায়ক গোটৰ সদস্যা টুটুমনি ডেকাই ঘৰৰ চৌহদৰ ভূমিতেই এনেদৰে উপাৰ্জনত নামি গ্ৰাম্যঅৰ্থনীতিলৈ বৰঙনি আগবঢ়োৱাৰ উপৰিও পৰিয়ালকো আৰ্থিক সকাহ দিছে আৰু নিজৰ প্ৰয়োজনীয় ধনৰ বাবে আনৰ ওচৰত হাত নপতাকৈ চলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মহিলা গৰাকীয়ে কৃষিকৰ্মত নমাৰ পূৰ্বে 'চেষ্টা' নামৰ স্বেচ্ছাসেৱী সংস্থাটিৰ জৰিয়তে প্ৰশিক্ষণ লৈছিল। আত্মনিৰ্ভৰশীলতা আৰু পৰিয়ালৰ দৰিদ্ৰতা উত্তৰণৰ বাবে মহিলা কৃষক টুটুমনি ডেকা আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ অৰ্থাভাৱত পৰি হাত সাৱতি বহি নাথাকি বা পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰী পুৰুষ সদস্যৰ ওপৰতে নিৰ্ভৰ নকৰি নিজৰ উপাৰ্জনেৰে টুটুমনিয়ে পৰিয়ালৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে৷
=======
ফোন: ৮৬৩৮৬৯৮৪৫০
No comments