সহৰাই পৰব আৰু অহিৰা বা জাহলী : এক আলোকপাত আদিবাসী লোকসকলৰ লগতে অসমত বসবাস কৰা চাহ জনগোষ্ঠী লোকসকলেও উলহ-মালহৰে পালন কৰে সহৰা...
সহৰাই পৰব আৰু অহিৰা বা জাহলী : এক আলোকপাত
আদিবাসী লোকসকলৰ লগতে অসমত বসবাস কৰা চাহ জনগোষ্ঠী লোকসকলেও উলহ-মালহৰে পালন কৰে সহৰাই
শ্ৰী কৃষ্ণ পাতৰ :
অহিৰেই, ডিগি মিগি ডিগি মিগি বাজনা হৌ বাজি গেল,
কিয়া লাগিন বাজনা বাজাৱলি,
আৰে, বাৰ মাহীনা কেৰি লছমীকা সেৱা হৌ,
তাকৰ লাগিন বাজনা বাজাৱলি।।
সহৰাই পৰব মূলতঃ কৃষি ভিত্তিক উৎসৱ। এই পৰবক "বাঁধনা পৰব" বুলিও অভিহিত কৰা হয়। এই পৰবত গৰয়া পূজা, গোবৰ্ধন পূজা, গোহালি পূজা আৰু অহিৰা গীত পৰিৱেশন কৰা হয়। এই পৰবত মূলতঃ অসমীয়াৰ ৰঙালী বিহুৰ -গৰু বিহুৰ দৰে গৰু-গাইক সেৱা-শুশ্ৰূষা তথা আদৰ-যতন কৰাৰ লগতে অহিৰা গীত পৰিৱেশন কৰাটো এই পৰবৰ মূল বৈশিষ্ট্য।
ভাৰতীয় আদিবাসী মূলৰ জনগোষ্ঠী সমূহে মূলতঃ এই পৰব পালন কৰা দেখা যায়। ভাৰতবৰ্ষৰ বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, ছত্তীছগড়, উড়িষা, পশ্চিম বংগ আদি ৰাজ্যৰ সমূহৰ বিশেষকৈ কুড়মী, ভূমিজ, গোৱালা, কুমাৰ, চাওঁতাল, মুণ্ডা, পাতৰ, কৈৰী, লোধা, আদি সম্প্ৰদায়ৰ আদিবাসী লোকসকলৰ লগতে অসমত বসবাস কৰা চাহ জনগোষ্ঠী লোকসকলেও উলহ-মালহৰে পালন কৰে। খেতি-বাতি সামৰি আহিন-কাতি মাহৰ 'দেৱালী' আৰু শ্যামা পূজা (কালি পূজা) ৰ প্ৰায় একে সময়তে এই পৰব পালন কৰা হয়।
পৰবৰ আৰম্ভণি দিনৰ পৰা তিনিৰ পৰা পাঁচ দিনলৈকে দেৱালীৰ দৰে প্ৰতি ঘৰৰ চোতাল আৰু পদূলি মূৰত কলগছ পুতি শাৰী শাৰীকৈ মাটিৰ চাকি-বন্তি জ্বলাই দীপদান সম্পন্ন কৰা হয়। তাৰোপৰি গোহালি, ভঁৰাল, কুঁৱা, থানঘৰ (থাপনা), গ্ৰামথান, মন্দিৰ আদিতো চাফ-চিকুনাই চাকি বন্তি জ্বলোৱা হয়।
গৰু-গাইক এই পৰবত সেৱা-শুশ্ৰূষা কৰাটো এই পৰবৰ পৰম্পৰা। সেয়েহে 'গৃহস্থ' অথবা 'বাগাল ভাই'(গৰখীয়া) সকলে ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত গৰু-ম'হৰ লগতে ছাগলী, ভেড়া আদিৰো গা-মূৰে আৰু দুই শিং আদিত সৰিয়হ তেলত মচি-কুচি দিয়ে আৰু কটা ঘাঁহ খাবলৈ দিয়ে। কটা ঘাঁহ খাবলৈ দিয়াৰ লগতে এমুঠিকৈ তিনিমুঠি ঘাঁহ গোহালিৰ চালত দলিওৱাৰ নিয়ম আছে।
পৌৰাণিক আখ্যান মতে, ভগৱান মহাদেৱে 'ষাঁড়ক' মৰতৰ দুখ -দুৰ্গতি নিৰীক্ষণ আৰু নিৰাময়ৰ উপায় দিবলৈ মৰতলৈ প্ৰেৰণ কৰিছিল। কথা মতেই কাম। "দৈনিক পৰিশ্ৰম লগতে তিনি বেলা স্নান কৰিবা আৰু মাহে-পষেকে এবাৰ খাবা "। মহাদেৱে প্ৰেৰণ কৰা এই বাৰ্তাটো ষাঁড়ে ওলোটাকৈ প্ৰচাৰ কৰিলে- "তিনি বেলা খাবা আৰু মাহে-পষেকে স্নান কৰিবা"। এই ভুল বাৰ্তাটো দিয়াৰ বাবে মৰতৰ লোক সকলৰ দুখ - দুৰ্গতি দুগুণে বাঢ়িবলৈ ধৰিলে। উপায়ন্তৰ হৈ মহাদেৱে ষাঁড় আৰু গৰু-গাই বোৰক মৰতৰ লোকসকলক খেতি- বাতিত সহায় কৰিবলৈ আদেশ দিলে আৰু কাতি মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত গৰু-গাই বোৰৰ খবৰ ল'বলৈ মহাদেৱ মৰতলৈ আহিম বুলি কথা দিয়ে। চতুৰ মানুহে গৰু-গাইক দিয়া দুখ-কষ্টৰ কথা ঢাকিবলৈ উক্ত কাতি মাহৰ কৃষ্ণা চতুৰ্দশী তিথিৰ পৰা কেইবা দিন ধৰি গৰু-ম'হৰ লগতে ছাগলী,ভেড়া আদি পোহনীয়া জীৱ-জন্তু বোৰক সেৱা-শুশ্ৰূষা কৰাৰ পৰম্পৰা আৰম্ভ কৰিলে।
পূজাৰ ৰীতি-নীতি:
চাকি-বন্তি জ্বলোৱাৰ তৃতীয় বা পঞ্চম দিনা গোহালিত গৰয়া পূজা কৰা হয়। পূজাৰ দিনা পদূলি মূৰৰ,চোতাল,গোহালি আদিত গোৱৰ আৰু পানীৰে লেচি-কুচি চাফ চিকুনাই লোৱা হয়। পদূলি মূৰৰ পৰা গোহালি লৈকে মহিলা সকলে পিঠাগুৰিৰে মাড়ুৱা(আল্পনা) আঁকে। মাড়ুৱা অঙ্কন যাতে সুন্দৰ হয় তাৰ বাবে পিঠাগুৰিৰ লগত পূৰৈ জাতীয় গছ থেতালি মিহলাই বিজলুৱা কৰি লোৱা হয়। লতা ফুলৰ দৰে বিভিন্ন চানেকিৰ মাড়ুৱাৰ মাজে মাজে সেন্দুৰৰ ফোট দিয়া হয়। মাড়ুৱাৰ আৰম্ভণি অংশ অৰ্থাৎ পদূলি মূৰত এগছি বন্তি জ্বলাই থোৱা হয় আৰু গোবৰৰ সৰু লদা এটাত ভোলৰ ফুল আৰু 'শিশীৰ কাটা' নামৰ এবিধ বন জাতীয় গছ গোঁজি দিয়া হয়। গোটেই মাড়ুৱাৰ মাজে মাজে গোহালি পৰ্যন্ত ঘাঁহ-বন সিঁচি থোৱা হয়। গৰু-গাই বোৰক পদূলি মূৰতে গা-পা ধুৱাই-পখলাই চাফ-চিকুনাই পদূলি মূৰৰ পৰা গোহালি লৈকে অঙ্কন কৰা মাড়ুৱাৰ মাজে মাজে সোমোৱাই অনা হয়। প্ৰৱেশ পথত ঘটি পানীৰে মহিলা সকলে গৰু-গাইৰ ঠেং ধুৱাই আৰু ধূনা জ্বলাই অঁটে(মুখ লগা ভঙা কাৰ্য) কৰি গোহালিলৈ আনে। ফুলৰ মালা, বনফুলৰ মালা, টিলিঙা আদিৰে গৰু-ম'হক পিন্ধাই সজোৱা হয় আৰু নতুন পঘাৰে বন্ধা হয়। গোহালিৰ উত্তৰ পূব কোণত অৱস্থিত খুটা এটাৰ তলত 'গৰয়া' থাপনা পতা হয়। গৰয়া হৈছে মেৱা গছৰে তৈয়াৰ কৰা শিৱলিংগ প্ৰতীকৰূপ বিশেষ। গৰয়াৰ কাষতে কৃষি কৰ্মত ব্যৱহৃত 'পইনা' (হালোৱা এচাৰি), যতী ৰচী (নাঙল বন্ধা ৰচী) আৰু নতুকৈ থোঁক মেলা ধানৰ নৰাৰে বোৱা "মূড়" বোৰ সেই খুটাটোত বান্ধি দিয়া হয়। গৰু-গাইৰ মংগলৰ বাবে ধূপ-ধূনা, ফুল-পাণ, বুট-মগু, কল-নাৰিকল, ৰুটি-পিঠা, আদি অৰ্পণ কৰি পূজা-অৰ্চনা কৰা হয়। স্মৰ্তব্য যে, এই পূজা ভাগত কিছুমান লোকে বিভিন্ন বৰণৰ হাঁহ-মুৰ্গী বলি দিয়া বিধানো প্ৰচলন কৰে।
গৰয়া পুজাৰ দিনা আবেলি পৰত বা সন্ধিয়া পৰত ঘৰৰ মহিলা সকলে অহিৰা গীত গাই গাই, গাই-গৰুক চুমান(নোৱা) কৰা হয় আৰু পুৰুষ সকলে ঢোল-মাদল বজাই সহযোগ কৰে। চুমান কৰিবলৈ এখন কাঁহীত মাটি চাকি এগছি, চাউল, দুৱৰিবন,এযোৰ পাণ আদি সজোৱা হয়। প্ৰথমতে নিজৰ ঘৰতে গৰু-গাই বোৰক চুমান কৰি ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ গাই চুমান কৰিবলৈ যোৱাৰ নিয়ম আছে। গৃহস্থই গাই চুমান কৰিবলৈ অহা লোক সকলক আদৰ-সাদৰ কৰি পিঠা-পনা, লেটৱা(চাউল গুড়ি আৰু মাংস মিশ্ৰিত পোলাৱৰ দৰে), ভাজি আদি খাবলৈ দিয়ে।
গাই জাগা গীত: প্ৰথম নিশা অহিৰা-বাগাল ভাই সকলে গোৱা গীত সমূহক গাই জাগা অহিৰা গীত বোলে। গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ দুটা বা তিনিটা মান গীত গোৱাৰ নিয়ম কৰে। সেই দিনা গৃহস্থই তেওঁলোকক কোনো ধৰণৰ আলপৈচান বা মান-দান কৰাৰ নিয়ম নাই।
(গীত নং:১)
অহিৰে, খোজ খোজত আৱলি পুছ পুছত আৱলি,
লছমীকা ঘৰ কতি দূৰঅ ?
লছমীকা আঙনা মে তুলসী কা পীড়া হৌ,
ওপৰেত ঘূৰে ৰাজহাঁস ৰে।।
(গীত নং:২)
আসিন গোজৰাইতে,
কাৰ্তিক অমাবস্যা,
কান্দে লাগিন শ্ৰীমণি গায়া হৌ।
মতি কান্দ মতি খিজ শ্ৰীমণি গায়া হৌ,
খাইকে দেৱ দুৱ ঘাঁস ৰে।।
(গীত নং:৩)
জাগঅ মা লছমী গৌ,
জাগঅ মা ভগৱতী,
জাগী শুনি অমাৱস্যা ৰাতি হৌ,
আগে যে জাগয় শ্ৰীমণি গায়া হৌ
তাকৰ পিছে জাগে ৰে কিষানী।।
ওঘা অহিৰা গীত: উঘা অহিৰা গীত সমূহক 'জাহলি' গীত বুলিও কোৱা হয়। প্ৰথম নিশা অহিৰা-বাগাল ভাই সকলে গাই জাগাৰ পিছদিনা উঘা গীত সমূহ গোৱাৰ নিয়ম।অহিৰা-বাগাল ভাই সকলে বছৰটোত কৰা কষ্টৰ বাবে কিষাণী অৰ্থাৎ গৃহস্থৰ পৰা সেই দিনা মান-দান বিচাৰে। গৃহস্থয়ো বাগাল ভাই সকলক সন্তুষ্ট কৰি খোৱা-বোৱাত আলপৈচান ধৰে আৰু মান-দান কৰি পৰিয়ালৰ কুশল-মঙ্গল কামনা কৰি সেৱা কৰি আশীৰ্বাদ বিচাৰে। অহিৰা-বাগাল ভাই সকলে আশীৰ্বাদ দিবলৈ 'আশীষ গীত' গায়। আশীৰ্বাদ দিবলৈ গোৱা অহিৰা গীতক আশীষ গীত বুলি কোৱা হয়।
বাগাল ভাই সকলে গৃহস্থৰ ঘৰত সদায় দুখ-কষ্ট, ত্যাগ-পৰিশ্ৰম আদি নিৰন্তৰে সহ্য কৰি কাম-বনত সহায় কৰি আহে। সেয়েহে চহৰাই পৰবৰ এই সময়ত গৃহস্থই আদৰ-সন্মান, আলপৈচান ধৰা বা সহাঁৰি জনোৱাত পলম কৰিলে, আহিৰা সকলে গ্ৰহস্থিৰ প্ৰতি ধেমালিৰ চলেৰে কিছুমান 'জোকোৱা গীত' পৰিৱেশন কৰা দেখা যায়।
আনহাতেদি অহিৰা সকলে ই ঘৰৰ পৰা সি ঘৰলৈ গৈ থাকোঁতে গোৱা গীত সমূহক 'জাৰগা গীত' বুলি কোৱা হয়। জাৰগা গীত সমূহ ধেমেলীয়া আৰু হাস্যৰসৰ হয়।
অহিৰা গীত সমূহত প্ৰশ্ন-উত্তৰ আৰ্হিতো গীত পৰিৱেশন কৰা হয়। গীতৰ জৰিয়তে প্ৰথমতে এজনে প্ৰশ্ন সুধে আৰু গীতৰ জৰিয়তেই সংগী সকলে উত্তৰ সমূহ দিয়ে।
প্ৰশ্ন-উত্তৰ আহিৰা গীত:
(প্ৰশ্ন:)অহিৰে,কাঁহাৰে কানু গায়াৰে চৰাৱলি,
কাঁহাৰে পানীয় পিয়াৱলি,
অহিৰে কাঁহাৰে কানু গায়াৰে গঠাৱলি,
কাহাৰে টিপকলই ফেন।।
(উত্তৰ:) অহিৰে, ৰণেবনে বিজুবনে গায়াৰে চৰাৱলি,
মালাদহে পানীয়া পিয়ালি ৰে,
আৰে বড় কা তলে ভালা গায়াৰে গঠাৱলি,
কাশী ডুম্বাই টিপকলৌ ফেন।।
পিছৰদিনা গৰু-গাইক মূৰে-গাত পিঠাগুড়ি সনা, কাজল ফোট, সেন্দুৰ ফোট আদি সানি কপালত 'মূড়' সমূহ পিন্ধাই দি দমৰা আৰু বলধ গৰু বোৰক ঢোল বজাই জোকোৱা বা নচুৱা পৰম্পৰা আছে। শেষত গাঁৱৰ সকলোৰে গৰুক একেলগে দৌৰাই দৌৰাই গাঁৱৰ চাৰিওফালে ফুৰোৱা হয়।
এই পৰবৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল- 'সহৰাই' গীত সমূহ। সহৰাই গীত সমূহক 'অহিৰা' গীত, 'জাহলি' গীত আদি নামেৰে জনাজাত। এই অহিৰা গীত সমূহত বিশেষকৈ গৰু-গাইক প্ৰশংসা কৰা পৰিলক্ষিত হয় । তাৰোপৰি নন্দ গোৱালৰ উপাখ্যান আৰু দেহ বিচাৰ মূলক গীত বুলিও উল্লেখ কৰিব পাৰি। গীত সমূহৰ জৰিয়তে চহা খেতিয়ক, চিকাৰী, কেওঁটা(মছুৱা), গৰখীয়া আদি বৃত্তিধাৰী লোক সকলৰ দুখ-সুখ, হাঁহি-কান্দোন আদিকো প্ৰতিফলিত কৰা দেখা যায়।
'অহিৰা' অৰ্থাৎ বাগাল ভাই'(গৰখীয়া) সকলে ঘৰে ঘৰে 'অহিৰা গীত' গাৱলৈ যোৱাটো এই পৰবৰ অন্যতম বৈশিষ্ট্য। প্ৰথম দিনা গোৱা গীত সমূহক 'গাই জাগা' গীত অৰ্থাৎ সেৱা শুশ্ৰূষা কৰা গীত বুলি কোৱা হয়। আনহাতেদি পিছৰ দিনৰ পৰা গোৱা গীত সমূহক 'ওঘা গীত' অৰ্থাৎ প্ৰাপ্য বিচৰা গীত বোলা হয়। আনহাতেদি ৰাস্তা ৰাস্তা গৈ থাকোঁতে গোৱা গীতক 'জাৰগা গীত' বোলা হয়। তাৰোপৰি সঞ্জা দিয়া, মাড়ুৱা অঁকা, গাই চুমা (নোৱা) আদি অহিৰা গীত আছে।
9
কিষাণীক জোকোৱা অহিৰা গীত:
(গীত নং:১)
অহিৰে,সবদিনে যে ভালা আইস বস বলয়ে,
আইজত মুখে নাহি পুছেৰে
আৰে, হামে নাহি বান্ধে আৱলি
হামে নাহি ছান্দে আৱলি
হামে আৱলি লছমীকা সেৱাৰে।।
(গীত নং: ২)
এত ন বাত শুনি,
দাদা মৰ মনে মনে ভাৱত
কিয়া দিয়ে কৰব বিদায়
আৰে, হামে নাহি বান্ধে আৱলি
হামে নাহি ছান্দে আৱলি
হামে আৱলি লছমীকা সেৱাৰে।।
(গীত নং:৩)
অহিৰে,ৰুটি যে দিলে ভালা
চুটীয়া কাণঅ ৰুটি হৌ,
মদ বিনা ৰহল টেকাই
আনঅ কিষাণী গৰয়া কলচ হৌ
সেহ খায়ে কৰব বিদায়।।
(গীত নং:৪)
অহিৰে, মদ যে দিলে ভালা
চালু শুদা মদ হৌ,
চাখনা বিনা ৰহল টেকাই
আনহঅ কিষাণী এক পাতঅ চাখনা হৌ
সেহ খায়ে কৰব বিদায়।।
আশীষ দিয়া গীত:
(গীত নং:১)
অহিৰে, উত্তৰে দক্ষিণে বাঙলা যে টানৱলি
পূৰব মুখে ৰাখলি দুৱাৰ
বাহৰাইতে চামাতে সূৰয কা সেৱা
আৱৰ বাড়ত শৃঙ্গা লাখ
শীস কাটতে মুঠি বান্ধলি
দিলিৰে মুধনা ঠেকাই
এইচন আশীষ দেবে মা লছমী গৌ
আঔৰ বাড়ত শৃঙ্গা লাখ।।
(গীত নং:২)
(প্ৰশ্ন): অহিৰে,উত্তৰে দক্ষিণে বাঙলা যে টানৱলি
কেৱ ত কৰে আৱা দান
কেৱ মাগে অন্ন ধন
কেৱ মাগে পুত্ৰ
কেৱ মাগে ভৈশীৱাস্থান ৰে।।
(উত্তৰ): অহিৰে, উত্তৰে দক্ষিণে বাঙলা যে টানৱলি
মহাদেৱে কৰে আৱা দান
দুখী মাগে অন্ন ধন
সুখী মাগে পুত্ৰ
গুৱাল মাগে ভৈশীৱাস্থান
এইসন আশীষ দেবে মা লছমী গৌ
পাঁচ পুত্ৰ দশ ধেনু গাই।।
জাৰগা গীত বা চাচইৰ:
(গীত নং:১)
দল দল পখৰী দল কেনে হিলে,
দাদা দল কেনে হিলে,
আছে ৰে দাদা নাগ নাগিন আছে।।
(গীত নং:২)
এই বাড়ীকেৰ ঝিঙ্গা লত সেই বাড়ীতে যায়,
বড় ঘৰেৰ বহু বেটী গৌ,
ঝিঙ্গা নাই খাই, ডড়কাও নাই খায়।।
(গীত নং:৩)
(তামাৰীয়া-পাতৰ দোৱানত):
তাং না ধাপুং না বাবা না ৰং তানা,
দাৰজা মায়া দাৰজা ঘুচু,
বাবুৱা কয়ং তানা।।
(গীত নং:৪)
ছটে মটে নেবু গাছ বাতাচে বাঢ়িল,
ৰাজাৰ বেটা গোপীনাথ খৰমে চাপিল।।
(গীত নং:৫)
চুড়ি মুড়ি ডহৰ হাতী না চলে বাবা ঘড়া না চলে
আছে ৰে বাবা নাগ নাগিন আছে।।
(গীত নং:৬)
টুঙৰিকা ধাৰে ধাৰে ধান যে বুনৱলি হৌ,
চবু ধান খাই দিলাই মেজুৰা হৌ।
চবু ধান খাই দিলাই হৰিণা হৌ।।
কৈছে মাৰবে ৰাজা মেজুৰা হৌ?
কৈছে মাৰবে ৰাজা হৰিণা হৌ?
এক কাড় মাৰব মেজুৰা হৌ।
দুয় কাড় মাৰব হৰিণা হৌ।।
(গীত নং:৭)
তাল বন কাটি কুটি বিজু বন ৰে।
হায় ৰে বাবা ৰে
দশপতি ৰাজা মৰি গেল।।
(গীত নং:৯)
কলি কলি ডাক দেই
লেগৌ লেগৌ মালা মাদলী
হান্দেৰ ঘৰে বেটী ছাইলা নাই গৌ কি কৰিব মালা মাদলী।
(গীত নং:১০)
শাক তুলে লতা পতা মাছ ধৰে গেঁতা
ননদ ভজি দেখা দেখি কাৰ কিমান খঁশা
(গীত নং:১১)
বাঁস গাছেৰে দাদা ধামনা চাপিল
হায় ৰে বাবা ৰে
দশপতি ৰাজা মৰি গেল ।।
গাই চুমা গীত:
গৰয়া পূজাৰ দিনা আবেলি পৰত বা সন্ধিয়া, ঘৰৰ মহিলা সকলে অহিৰা গীত গাই গাই, গাই-গৰুক চুমান(নোৱা কাৰ্য) কৰে আৰু পুৰুষ সকলে ঢোল বজাই বজাই সহযোগিতা কৰে। চুমান কৰিবলৈ এখন কাঁহীত মাটি চাকি এগছি, চাউল, দুৱৰিবন, এযোৰ পাণ আদিৰে সজোৱা হয়। প্ৰথমতে নিজৰ ঘৰত গৰু-গাইক চুমান কৰি ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যোৱা হয়। গৃহস্থই গাই চুমান কৰিবলৈ অহা লোক সকলক আদৰ-সাদৰ কৰি পিঠা-পনা, লেটৱা (পোলাও জাতীয়), চাখনা (ভাজি) আদি খাবলৈ দিয়ে।
(গীত নং:১)
(প্ৰশ্ন): অহিৰে, কন শিঙে লেবে গায়া তেল সিন্দুৰ,
কন শিঙে ঝুকবে চুমান,
কন শিঙে লেবে গায়া নোৱাৰ ধান শীশ ৰে,
কন শিঙে দেবে আসিশ,
(উত্তৰ): অহিৰে বাওঁআ শিঙে লেবে গায়া তেল সিন্দুৰ,
দাইনা শিঙে ঝুকবে চুমান,
আগশিঙে লেবে গায়া নোৱাৰ ধান শীশৰে।
দুনশিঙে দেবে আশীষ ।।
(গীত নং:২)
সব দিনযে ৰে ব্ৰদা মাৰলি পিটলি,
আইজত কৰব সুশাৰ,
গঙ্গা গহালে জাঙেহে বচাব
কৰব দুখ সুখ বাত।।
সহৰাই পৰব-এই জাতীয় পৰম্পৰা তথা জাতীয় উৎসৱটি পালন কৰা ৰীতি-নীতি সমূহ আৰু গীত-মাত সমূহ মুখে মুখে বাগৰি অহা। ঠাই ভেদে আৰু জনগোষ্ঠী তথা সম্প্ৰদায় ভেদে কিছু তাৰতম্য হোৱা দেখা পোৱা যায়। তৎস্বত্তেও সহৰাই পৰবে চহা জীৱনৰ সুখ-দুখক সুন্দৰ ভাৱে প্ৰতিফলিত কৰি আহিছে। গৃহস্থ আৰু বাগাল ভাই অৰ্থাৎ মালিক আৰু কৰ্মী মাজত থকা ব্যৱধানক কমাই আনে আৰু ভাতৃত্ববোধৰ সম্বন্ধক সমৃদ্ধিশালী কৰে। দৈনন্দিন জীৱনত পোহনীয়া জীৱ-জন্তু সমূহে মানৱ জীৱনত কৰি অহা সহায় আৰু উপকাৰীতা সম্বন্ধে সোঁৱৰাই দিয়াৰ লগতে জীৱ-জন্তুৰ প্ৰতি থকা আমাৰ দ্বায়বদ্ধতাক আঙুলিয়াই দিয়ে । তাৰোপৰি ৰাইজৰ মাজত আনন্দ- স্ফূৰ্তি, মিলাপ্ৰীতি , ভাতৃত্ববোধ তথা আত্মীয়তাৰ ভাৱ জগাই তোলাটো এই পৰবৰ অন্যতম বৈশিষ্ট্য। কিন্তু আধুনিকতাৰ ধামখুমিয়াত পৰি অন্যান্য উৎসৱ পাৰ্বণৰ লগতে সহৰাই পৰবৰো পৰম্পৰা কিছু পৰিমাণে লোপ পাব ধৰিছে। নিজৰ কলা-সংস্কৃতিৰ বিষয়ে নাজানিলে এটা জাতিৰ পৰিচয় কেতিয়াও অক্ষুণ্ণ নাথাকে। সেয়েহে উত্তৰ প্ৰজন্মক কলা-কৃষ্টি সমূ্হক আমি গুৰুত্ব সহকাৰে চিনাকী কৰাই দিয়াৰ লগতে শিকাই-বুজাই দিয়াটো আমাৰ দ্বায়িত্ব। আহক আমি সকলোৱে নিজৰ নিজৰ জাতীয় কলা-কৃষ্টি, পৰম্পৰা, উৎসৱ-পাৰ্বণ, ৰীতি-নীতি আদি সমূহ পালন কৰাৰ ওপৰিও বিজ্ঞান সন্মত ভাৱে সংৰক্ষণ কৰি নিজৰ জাতীয় চিনাকী অক্ষুণ্ণ ৰখাৰ লগতে কৃষ্টি-সংস্কৃতিৰ ভঁৰালখন চহকী কৰি ৰাখোঁ...!
No comments