Page Nav

HIDE

Grid

GRID_STYLE

ন্যায় প্ৰাপ্তিৰ অপেক্ষাত অজস্ৰ অসমীয়া মাতৃ

এখন নিৰ্মম পৃথিৱীৰ নিৰৱ সাক্ষী বহাগী, ঝাপৈ, ৰত্নেশ্বৰী, লীলা.... ক্ষেত্ৰ অধ্যয়ন  / দিগন্ত শৰ্মাঃ অসমত মানৱ অধিকাৰ আৰু নাগৰিকৰ স্বাধীনতা উলংঘ...

এখন নিৰ্মম পৃথিৱীৰ নিৰৱ সাক্ষী বহাগী, ঝাপৈ, ৰত্নেশ্বৰী, লীলা....

ক্ষেত্ৰ অধ্যয়ন / দিগন্ত শৰ্মাঃ

অসমত মানৱ অধিকাৰ আৰু নাগৰিকৰ স্বাধীনতা উলংঘাৰ ঘটনা দশক দশক ধৰি সংঘটিত হৈ আহিছে। ৰাজ্যখনৰ সুস্থিৰ আৰ্থ-সামাজিক পৰিবেশক এনে ঘটনাই প্ৰায়ে অশান্ত আৰু অস্থিৰ কৰি আহিছে। মানৱ অধিকাৰ আৰু নাগৰিকৰ স্বাধীনতা (Human Rights and Civil Liberties)হৰণৰ ঘটনা কেতিয়াবা যদি ৰাষ্ট্ৰৰ দ্বাৰা (State Actors) সংঘটিত হৈছে, কেতিয়াবা অন্যান্য শক্তি (Non State Actors) যেনে বিভিন্ন উগ্ৰপন্থী সংগঠন বা আন ব্যক্তি, জন সমষ্টি, সংস্থা আদিৰ দ্বাৰা সংঘটিত হৈছে। দুয়োটা শক্তিয়ে সংঘটিত কৰা ঘটনাৰ ভূক্তভোগীয়ে ন্যায় লাভ কৰিছে নে? ন্যায় প্ৰাপ্তিৰ অধিকাৰো মানৱ অধিকাৰ। আমি ক্ষেত্ৰভিত্তিক অধ্যয়নৰে যগুত কৰা প্ৰতিবেদনৰ এই দফাত সন্নিৱিষ্ট হৈছে ৰাষ্ট্ৰৰ নিপীড়নৰ বলি হোৱা একংশ লোকৰ কথা।

অসমৰ যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ বৰহোলা বালিজান গাঁৱৰ লীলা বৰা নামৰ বিধৱা মহিলাগৰাকীৰ বাবে জীৱনৰ প্ৰধান সাৰথি আছিল একমাত্ৰ পুত্ৰ জয়ন্ত। ২৬ বছৰীয়া জয়ন্তৰ পিতৃ হেম বৰাই ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল যদিও তেওঁৰ মৃত্যু হৈছে। হেম বৰাৰ পত্নী লীলা বৰাৰ সৈতে বাস কৰিছিল বৃদ্ধা মাতৃ লেলেশ্বৰী শইকীয়া। তেঁওলোকৰ বাবে জীৱনৰ প্ৰধান সম্বল আছিল একমাত্ৰ জয়ন্ত। কিন্তু যোৱা ১৫ জুন (২০২০ চন)ৰ মাজনিশা সেই বালিজান গাঁৱৰ (গাভৰু ১৫নং ব্লকৰ) জয়ন্ত বৰা নামৰ একুৰি ছয় বছৰীয়া যুৱক এজনক সেনা আৰক্ষীয়ে শোৱাপাটীৰ পৰা তুলি নিয়ে। জয়ন্তক সেনা-আৰক্ষীয়ে এনেদৰে নিৰ্যাতন চলালে যে পিছদিনা চিকিৎসালয়লৈ নিওতে যুৱকজনৰ মৃত্যু হয়। এয়া সেনা-আৰক্ষীৰ জিম্মাত সংঘটিত হত্যা কাণ্ড (custodial torture and killing) বুলি বিবেচিত হৈছে। যুৱকজনৰ মৃত্যুৰ পিচত নিঠৰুৱা হৈ পৰিল জয়ন্তৰ বিধৱা মাতৃ আৰু বৃদ্ধ আাইতাক। 

সেনা-আৰক্ষী তথা ৰাষ্ট্ৰসন্ত্ৰাসে একোখন ঘৰ নিশেষ কৰি দিয়াৰ শেহতীয়া উদাহৰণ এয়া। ৰাষ্ট্ৰসন্ত্ৰাসৰ বিভীষিকাই যে কেৱল জয়ন্তৰ ঘৰখনকেই ক্ষতিগ্ৰস্ত কৰিছে তেনে নহয়, অঞ্চলটোৰ স্বাভাৱিক পৰিৱেশকেই সম্প্ৰতি ভাৰাক্ৰান্ত কৰি তুলিছে। চৰকাৰে ধন দিছে, কিন্তু লাখটকীয়া চেক মানুহৰ পৰিপূৰক নহয়। চিৰদিনৰ বাবে কাঢ়ি নিয়া হল শান্তি পৰিয়ালটোৰ পৰা।

জয়ন্ত বৰাৰ এই ঘটনাৰ পূৰ্বে উজনি অসমৰ তিনিচুকীয়া জিলাৰ পুৰণি মতাপুং গাঁৱৰ বহাগী চুতীয়া নামৰ বিধৱা মহিলাগৰাকীৰ পুত্ৰ দ্বীপ চুতীয়াও বলি হৈছিল ৰাষ্ট্ৰসন্ত্ৰাসৰ। ২০১৬ চনৰ ১৪ ডিচেম্বৰৰ দিনা দ্বীপ চুতীয়াক হত্যা কৰিছিল সেনাবাহিনীয়ে। দৰিদ্ৰ ঘৰখনৰ বাবে দ্বীপ আছিল একমাত্ৰ উৰ্পাজনকৰ্তা ব্যক্তি। স্থানীয় বিলত মাছ মাৰি বিক্ৰী কৰি পৰিয়ালটো চলাইছিল দ্বীপে। পিতৃ বিয়োগৰ পিছত দ্বীপ আছিল বিধবা মাতৃ বহাগী চুতীয়া আৰু অশীতিপৰ আইতাক ঝাপৈ চুতীয়াৰ বাবে একমাত্ৰ ভৰসা। পিছে এদিন মাছ ধৰা জাল কিনিবলৈ যোৱা দ্বীপ ঘৰলৈ ঘূৰি নাহিল। সেনাবাহিনীয়ে আলফা সন্দেহত আটক কৰি নি অৰুণাচল সীমান্তত গুলীয়াই হত্যা কৰিলে দ্বীপক। চিৰদিনৰ বাবে নিঠৰুৱা হৈ পৰিল বহাগীৰ জীৱন। বহাগীৰ সমুখত এন্ধাৰৰ বাহিৰে একো নাই। এফালে বৃদ্ধা শাহু আনফালে আন দুটি সন্তান। চিৰদিনৰ বাবে বহাগীৰ দৰে মহিলাই হেৰুৱালে জীৱন-বহাগৰ ৰং। আজিলৈকে বহাগীয়ে ন্যায়ৰ নামত পালে কি? উত্তৰ শূন্য। মতাপুং গাৱৰ এটি উৰুখা পজাত চৰম অৰ্থ সংকট, মানসিক যন্ত্ৰণাৰে দিন অতিবাহিত কৰিছে বিধৱা বহাগী চুতীয়া, বৃদ্ধা ঝাপৈ চুতীয়াই।

ঠিক একেদৰে তিনিচুকীয়া জিলাৰে দীঘলীপথাৰ গাঁৱৰ ১৬ বছৰীয়া কিশোৰ অনুপম মৰানকো সেনাই আলফা সজাই হত্যা কৰিছিল। ফুৰিবলৈ যোৱা অনুপম সন্ধানহীন হৈছিল আৰু পিছত মৃতদেহ হৈ উভতি আহিছিল। বুকুত সেনাবাহিনীৰ আগ্নেয়াস্ত্ৰৰ গুলী। অনুপমৰ পৰিয়ালটো, দ্বীপৰ পৰিয়ালটো আজিও ন্যায়প্ৰাপ্তিৰ পৰা বহু দূৰৈত। সেইদৰে জিলাখনৰে মতাপুং গাঁৱৰ দেবেশ্বৰ মৰান আৰু ৰত্নেশ্বৰী মৰানৰ পুত্ৰ জনক মৰানক ২০১১ চনৰ ২৫ ডিচেম্বৰৰ নিশা সেনাবাহিনীয়ে ধৰা নি অৰুণাচলৰ লোহিত জিলালৈ লৈ গৈ ভুৱা সংঘৰ্ষৰে হত্যা কৰিছিল। একেদৰে গাঁৱখনৰ ধীৰাজ দুৱৰা আৰু শিৱ মৰানকো ভুৱা সংঘৰ্ষৰে সেনাবাহিনীয়ে হত্যা কৰিছিল।

এয়া বিগত বছৰৰ কেইটামান পৰিক্ৰমা। আনহাতে, আমি এনে কেইটামান পৰিয়ালক সাক্ষাৎ কৰিছিলো যিকেইটা পৰিয়ালৰ সদস্যক সেনাবাহিনীয়ে নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল উগ্ৰপন্থী বিচৰাৰ নামত। যাৰ বাবে তেওঁলোকে পিছৰ পৰ্যায়ত স্বাভাৱিকভাৱে কাম বন কৰিব নোৱৰা হৈ পৰিছিল। লগতে মনত এক আতংক কঢ়িয়াই লৈ ফুৰিছিল। অৰ্থাৎ ৰাষ্ট্ৰসন্ত্ৰাসে তেওঁলোকক উপহাৰ দিছিল বিধ্বস্ত শৰীৰ আৰু কাঢ়ি নিছিল শংকামুক্ত মনৰ জীৱন। 

উদাহৰণস্বৰূপে, তিনিচুকীয়া জিলাৰ ডিমৰুহোলা গাঁৱৰ দ্বীপ মৰান, সোণোৱাল গাঁৱৰ পোনাৰাম সোণোৱাল। চৰাইদেউ জিলাৰ কানু খনিকৰ, যাদৱ ফুকনৰ দৰে যুৱক এতিয়া শয্যাশায়ী। আত্মীয়ৰ সহায় অবিহনে এই যুৱকৰ জীৱন অচল। সেনাৰ নিৰ্যাতনে অচল কৰিলে জীৱন।

এনে ঘটনাৰ তদন্ত চলিছিল। কিন্তু বিচাৰ হব কেতিয়া! বিগত দিনত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা কিমান পৰিয়ালে ন্যয় লাভ কৰিলে? গুপ্তহত্যাৰ ঘটনাবোৰৰ তদন্ত হ’ল। দোষীয়ে শাস্তি পোৱা দূৰৈৰ কথা (তদন্ত আয়োগৰ প্ৰতিবেদন মতে) এই ঘটনাত জড়িত আৰক্ষী বিষয়াই পদোন্নতি লাভেৰে প্ৰশাসনৰ ওখ আসনত আজিও কৰ্মৰত। মুঠতে অসমৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ ইতিহাসত দোষীৰ শাস্তি, ভুক্তভোগীৰ ন্যায় প্ৰাপ্তি সুদূৰ পৰাহত। 

বিগত তিনিটা দশকত অসমত উগ্ৰপন্থী বিৰোধী অভিযানৰ নামত কিমান লোকক হত্যা কৰা হ'ল, অত্যাচাৰত কিমান ঘূণীয়া হ'ল----তাৰ সঠিক হিচাপ নাই। জয়ন্ত বৰাৰ দৰে যুৱকক সেনা-আৰক্ষীয়ে মিলি নিশেষ কৰি দিয়া কাৰ্যই প্ৰমাণ কৰিছে জনগণৰ নিৰপত্তা এতিয়াও সুনিশ্চিত নহয়।। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ দোহাই দি ৰাজ্যত উলংঘা হৈছে মানৱ অধিকাৰ। সমান্তৰালকৈ ন্যয়প্ৰাপ্তিৰ অধিকাৰকো শাসকে নস্যাৎ কৰি আহিছে। দ্বীপ চুতীয়া, অনুপম মৰাণহঁতৰ পৰিয়ালেই তাৰ প্ৰমাণ। কেইদিনমান পূৰ্বে দীপৰ মাতৃ বহাগী চুতীয়াই আমাক প্ৰশ্ন কৰিছিল, "মই ন্যায় পাম কেতিয়া?"

সেই প্ৰশ্নৰ উত্তৰ আমি দিব পৰা নাছিলো। হয়তো তিতাবৰৰ জয়ন্তৰ বিধৱা মাতৃ, বৃদ্ধা আইতাকে বছৰ বাগৰাৰ পিছত একেটা প্ৰশ্নকে ৰাজ্যবাসীক সুধিব! অসমৰ বহু মাতৃয়ে বিগত দিনতো একেটা প্ৰশ্নকেই সুধি আহিছে। কিন্তু উত্তৰ কাৰো হাতত নাই। 

এয়া কেৱল উজনি অসমৰে যে ছবি তেনে নহয়। নামনি অসম বা উত্তৰ অসমত বিগত দিনত এনে অজস্ৰ ঘটনা ঘটিছে। সন্তান-স্বামী-ভাতৃ-ভগ্নী হেৰুৱা বহু নিকট আত্মীয় আছে। নায়ৰ দুৱাৰ খোল খাব বুলি অপেক্ষা কৰাৰ বাহিৰে তেওঁলোকৰ আগত আন পথ নথকাৰ দৰে। বহাগী, ঝাপৈ, ৰত্নেশ্বৰী, লীলা.... এখন নিৰ্মম পৃথিৱীৰ নিৰৱ সাক্ষী হৈ জীৱন অতিবাহিত কৰিব লগীয়া হোৱা এনে অজস্ৰ মাতৃক ৰাষ্ট্ৰই ন্যায় দিবনে? নে আগন্তুক দিনতো মানৱ অধিকাৰ উলংঘা আৰু নাগৰিকৰ স্বাধীনতা (Human Rights and Civil Liberties) হৰণৰ ঘটনা পৰিনতি ভোগ কৰি থাকিবলীয়া হ’ব বিগত সময়ৰ দৰেই? 

[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

4 comments

  1. এফালৰ পৰা প্ৰতিটো লিখনি পঢ়িলো। খুব সুন্দৰ উপস্থাপন। ভাল লাগিছে। মানৱ অধিকাৰ উলঙ্ঘন হোৱা কাহিনী বোৰে হৃদয় স্পৰ্শ কৰি গ'ল।

    ReplyDelete