মাটিৰ চাকিৰে আন্তঃগাঁথনি নথকা গাঁৱৰ মহিলাৰ অনন্য জীৱনধাৰা … অভাবগ্রস্ত একোটা পৰিয়ালৰ বাবে 'মৃৎ শিল্প'ই জীৱনৰ চালিকাশক্তি… দিগন্ত ...
মাটিৰ চাকিৰে আন্তঃগাঁথনি নথকা গাঁৱৰ মহিলাৰ অনন্য জীৱনধাৰা
… অভাবগ্রস্ত একোটা পৰিয়ালৰ বাবে 'মৃৎ শিল্প'ই জীৱনৰ চালিকাশক্তি…
দিগন্ত শৰ্মা
ঘৰৰ পিৰালিৰ দাঁতিত বহি কিশোৰী এগৰাকীয়ে কাঠৰ সৰু চাকটো হাতেৰে ঘূৰাই ঘূৰাই সাজি গৈছিল সৰু সৰু মাটিৰ চাকিবোৰ। মাজে মাজে উঠি গৈ সন্মুখৰ ঠাইকণত চাকিবোৰ ৰ'দ লগাবলৈ দিছিল। মাটিৰ চাকি প্রস্তুত কৰা ছোৱালীজনীৰ পিচফালে পিৰালিত বহি আছিল এগৰাকী মহিলা। পিৰালিত বহি চাই আছিল কন্যাৰ হাতৰ শিল্প। আৰু সেই কিশোৰীয়ে দুহাতৰ কামক 'শিল্প'ৰ ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল। সেই কণমানি কন্যাৰ হাতে গঢ়া চাকিবোৰেই পোহৰাই তুলিব ৰাতি। আঁতৰাব আন্ধাৰ। সমান্তৰালভাৱে সেই 'শিল্পী' নাৰীসকলৰ জীৱনৰ এন্ধাৰো আঁতৰে৷সেই মাটিৰ চাকিবোৰৰ বিনিময়ত তেওঁ লাভ কৰে ধন৷ মাটিৰ চাকি সাজি উপাৰ্জিত সেই ধনে উজলায় তেওঁলোকৰ জীৱন৷
মাটিৰ চাকি সজাত ব্যস্ত সেই কন্যাৰ নাম আছিল কমলা পাল। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত আলিচিঙা গাঁৱত মাটিৰ চাকি প্ৰস্তুত কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিলো কমলাক। কমলাই কৈছিল, 'অভাৱৰ তাড়নাত এদিন স্কুল এৰিছিলো। পঞ্চম শ্রেণীলৈকে স্থানীয় প্রাথমিক বিদ্যালয় এখনত পঢ়িছিলো। অৰ্থ উপাৰ্জনৰ বাবে এদিন মাটিৰ চাকি সজা কাম আৰম্ভ কৰিলো৷ এতিয়া এই কামেই কৰো।'...
কমলাই স্কুলত পঢ়ি থাকোতেই পিতৃৰ মৃত্যু হৈছিল। ৰোগাক্রান্ত হৈ কেইবাদিনো পৰি আছিল বিছনাত। উপযুক্ত চিকিৎসাৰ অভাৱত-খাদ্যৰ অভাৱত কমলাৰ পিতৃ মনোৰঞ্জন পালৰ মৃত্যু হৈছিল। ইয়াৰ পিচত মাটি-বাৰী বুলিবলৈ একমাত্র ভেটিটো থকা ঘৰখনৰ দায়িত্ব মূৰ পাতি লৈছিল কমলাৰ মাতৃ মালতী পালে। কিন্তু মালতী পালো দীর্ঘদিন ধৰি অসুস্থ হৈ পৰিছিল। ৰোগাক্রান্ত মাতৃৰ চিকিৎসাৰ
ব্যয় বা ঘৰখনৰ খোৱা-বোৱাৰ খৰচৰ বাবে প্রয়োজনীয় ধন উপাৰ্জনৰ পথ এটাই আছিল —মাটিৰ চাকি প্রস্তুত। আৰু সেই দায়িত্ব লৈছিল কমলাই। অর্থাৎ কিশোৰী কমলাই সজা মাটিৰ চাকি বিক্ৰীৰে যি ধন পায় সেই ধনেৰে পৰিয়ালটো পৰিচালনা হয় । কমলাৰ মাতৃ মালতী পালে ক'লে- 'এহাজাৰ চাকিৰ দাম ৪৫০ টকা। দিনে কেতিয়াবা এহাজাৰ
কেতিয়াবা বেছিকৈয়ো চাকি সাজিব পাৰি। মুঠতে আন কলৈকো নোযোৱাকৈ, আনৰ তলতীয়া নোহোৱাকৈ নিজ ঘৰতে স্বাধীনভাৱে এই কাম কৰি ধন উপাৰ্জন কৰিব পাৰি৷ বিভিন্ন প্ৰকাৰৰ চাকি সাজিব পাৰিলে উপাৰ্জন ভাল হয়৷ এই কামটো কৰাৰ পৰা আমাৰ পৰিয়াললৈ সকাহ আহিছে৷' একেদৰে, কল্পনা দাস নামৰ স্থানীয় এগৰাকী মহিলাই ক'লে- 'চাকি সাজিবৰ বাবে যিবিধ মাটি লাগে সেয়া কিনিবলগীয়া হয়। সেই আলতীয়া মাটিবিধ আমাৰ ওচৰত পোৱা নাযায়। সেয়ে এই মাটি ক্রয় কৰোঁতেও টকা দিব লাগে। তাতে এজন মানুহে দিনত প্রায় এহাজাৰ চাকি সাজিব পাৰে ৷ ইয়াৰ পিচত সেই চাকিবোৰ পুৰিব লাগে৷ ইয়াৰ পিছত কিছুমান চাকিত ৰং দিয়া হয়৷ ৰং দিয়া ডাঙৰ আকাৰৰ চাকিবোৰৰ দাম বেছি৷ গ্ৰাহকো বেছি৷'
সৰু -বৰ বিভিন্ন আকাৰৰ ভিন্ন দামৰ মাটিৰ চাকিৰে কমলাৰ দৰে গাওঁখনৰ অনেক পৰিয়ালে দৰিদ্ৰতাক প্রত্যাহ্বান জনাই আহিছে৷ কেৱল হাতৰ কামেৰে মৃৎশিল্পীসকলে অব্যাহত ৰাখিছে কঠোৰ জীৱন সংগ্রাম। আনকি আন উপায়ে ধন উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱা বহু অভাবগ্রস্ত একোটা পৰিয়ালৰ বাবে 'মৃৎ শিল্প'ই জীৱনৰ চালিকাশক্তি। এনে বহুকেইটা পৰিয়ালে মাটিৰ চাকি সাজি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে৷ কিয়নো ইয়াত বহুত মূলধন বিনিয়োগ কৰিব নালাগে৷ উল্লেখ্য যে আলিচিঙা গাঁওখনত কেৱল কমলা-মালতীৰ পৰিয়ালটোৱেই নহয়, গাঁওখনৰ প্ৰায় প্রতিটো পৰিয়ালৰে প্ৰধান বৃত্তি বিভিন্ন আকাৰৰ মাটিৰ চাকি প্ৰস্তুতকৰণ। গাঁওখনৰ এগৰাকী ব্যক্তিয়ে ক'লে- 'এসময়ত আমাৰ পুৰুষবোৰে আনৰ পথাৰত হাল বাইছিল, খেতিপথাৰত কাম কৰি উপাৰ্জন কৰিছিল। এতিয়া সেয়া কমি আহিল। দিন-মজুৰিও লাহে লাহে নোপোৱা হ'ল। গাঁওখনৰ প্ৰতিটো পৰিয়ালেই দুখীয়া-অভাৱগ্রস্ত আছিল৷ অৰ্থাভাৱত পৰিছিল বহু লোক৷ অধিকাংশ পৰিয়ালে আগৰে পৰাই মৃৎশিল্পৰ স'তে জড়িত। অধিকাংশ পৰিয়ালৰে খেতিমাটি নাই। কেবল ভেটিটোহে আছে। বিশেষ আন্তঃগাঁথনি নথকা গাঁওখনৰ পৰিয়ালবোৰে দৰিদ্ৰতাক প্রত্যাহ্বান জনাবলৈ মাটি চাকি প্রস্তুত বা মাটিৰ আন সামগ্রী প্রস্তুতেই একমাত্র উপায় হিচাপে বাচি ললে। এই কামৰ সতে মহিলাসকল অধিক জড়িত৷ ঘৰতে বহি এই কাম কৰি থাকে৷ মৃৎশিল্পৰ কামত জৰিত হোৱাৰ পিছত প্ৰতিটো পৰিয়ালে আগৰদৰে অভাৱৰ তাড়নাত ভুগিব লগা নহয়৷ কাৰন বেছি ধনৰ প্ৰয়োজন হ’লে চাকিৰ পাইকাৰ ব্যৱসায়ীৰ পৰা আগধনো ল’ব পাৰে৷ সেয়ে, আলিচিঙা গাঁৱৰ পৰিয়ালবোৰে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুত কৰি গৈছে মাটিৰ চাকি বা আন সামগ্ৰীবোৰ।'
কমলা পাল, মালতী পালহঁতৰ হাতে গড়া মাটিৰ চাকিয়ে সমগ্র সমাজৰ জনতাক পোহৰাই ৰাখিছে আৰু মাটিৰ চাকিৰ বিনিময়ত লাভ কৰা উপাৰ্জনে সেই মৃৎশিল্পী সকলৰ পৰিয়ালবোৰো আৰ্থিকভাৱে উজলি উঠিছে৷
দৰিদ্ৰতাক প্রত্যাহ্বান জনাই মাটিৰ চাকি সজাত ব্যস্ত থকা কমলা পাল, মালতী পাল, কল্পনা দাস, সন্তোষী পাল আদি মহিলাই আলিচিঙা গাৱঁত অব্যাহত ৰাখিছে স্বাধীনভাৱে অৰ্থ উপাৰ্জন আৰু পৰিয়ালক অভাৱগ্ৰস্ততাৰ পৰা উত্তৰণৰ অনন্য সংগ্ৰাম৷ অঞ্চলটিৰ কেইবাশ মহিলা মৃৎশিল্পীয়ে মাটিৰ চাকি, গছা, ধূপদানি, ঘট, সৰু সৰু চৰু, ধূণাদানি আদি প্ৰস্তুত কৰি আৰ্থিকভাৱে সচ্ছল হ’বলৈ সক্ষম হৈছে৷ আলিচিঙাৰ দৰে গাঁৱৰ একালৰ
অভাবগ্রস্ত আবাসীসকলে মৃৎশিল্পক জীৱিকাৰ সম্বল হিচাপে লৈ উত্তৰণ ঘটাইছে জীৱনধাৰাক।
No comments