Page Nav

HIDE

Grid

GRID_STYLE

আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰে যিসকল শ্ৰমজীৱীয়ে...

পেলনীয়া সামগ্ৰীক অৰ্থনৈতিক বিকাশ, স্বাৱলম্বিতাৰ উৎসলৈ ৰূপান্তৰিত কৰা মানুহবোৰ... ...মহিলা সকলে ঘৰৰ পৰাই মাহেকীয়া উপাৰ্জন কৰি আহিছে... দিগন্...


পেলনীয়া সামগ্ৰীক অৰ্থনৈতিক বিকাশ, স্বাৱলম্বিতাৰ উৎসলৈ ৰূপান্তৰিত কৰা মানুহবোৰ...



...মহিলা সকলে ঘৰৰ পৰাই মাহেকীয়া উপাৰ্জন কৰি আহিছে...

দিগন্ত শৰ্মাঃ


সাধাৰণ দৃষ্টিত পেলনীয়া বা মূল্যহীন বস্তু হিচাপে বিবেচিত কিছুমান সামগ্ৰীক সম্পদলৈ ৰূপান্তৰ কৰাৰ দৰে এক পৰিৱৰ্তনকামী কাম কৰি উজলি উঠিছে অসমৰ কামৰূপ জিলাৰ একাংশ লোক৷ এইক্ষেত্ৰত বিশেষভাৱে আগুৱাই গৈছে মহিলিসকল৷ এই কৰ্মৰে একালৰ অভাৱগ্ৰস্ত, দৰিদ্ৰতাৰ কবলত পৰা লোকসকলে নিজৰ আৰ্থিক উত্তৰণ সম্ভৱ কৰি তুলিছে৷ আনকি দিনে এটকাও উপাৰ্জন কৰিবলৈ যিসকল লোক সক্ষম হোৱা নাছিল, তেনে লোকে এতিয়া মাহে দহ হেজাৰৰ পৰা পোন্ধৰ হেজাৰ টকা পৰ্যন্ত অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলৰ বামুনীগাঁও এলেকাৰ এইসকল লোকে কৰা এই ব্যতিক্ৰমী কৰ্মই আনকো আকৰ্ষিত কৰিছে৷ উল্লেখ্য যে গ্ৰামাঞ্চলত তামোল গছৰ ঢকুৱাবোৰ সাধাৰণতে বিশেষ গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ নহয়৷ কিছুমান লোকে বাৰীৰ কাষত বেৰ দিবলৈ ব্যৱহাৰ কৰে যদিও এইবিধ বস্তুৱে কোনোদিনে পৰিয়ালত কোনোকামতে আগস্থান নাপায়৷ পেলনীয়া বস্তু বা আৱৰ্জনাৰ দৰে বিবেচনা কৰে বহুতে৷ আনকি এচামে ঢকুৱাবোৰ শুকুৱাই জুইত পুৰি পেলায়৷ কিন্তু এই তামোলৰ ঢকুৱাবোৰক ছয়গাঁও, বামুনীগাঁও, বাঘমাৰা আদি গাৱঁৰ এচাম মহিলাই ৰূপান্তৰ কৰিছে মূল্যবান সম্পদলৈ৷ ঢকুৱাৰ পৰা কাহী, চামুচ, প্লেট, বাতি আদিৰ উপৰিও অন্যান্য বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে আৰু সেইবোৰ বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰি আহিছে৷ একালত উপাৰ্জনহীন এইসকল মহিলাই তামোলগছৰ ঢকুৱাবোৰক পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি নিজ গৃহত আৰ্থিকভাৱে  স্বাৱলম্বী  হৈ পৰিছে কামৰূপ গ্ৰাম্য জিলাৰ এইসকল মহিলা।


গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ ছয়গাঁও আৰু বনগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁওএকাংশত তামোলৰ ঢকুৱাৰ ব্যৱহাৰৰ বহু ক্ষুদ্ৰ উদ্যোগ স্থাপন হৈছে।
ছয়গাঁৱৰ এগৰাকী মহিলা প্ৰনতি ৰাভাই কলে, ”মই কেতিয়াও ভবা নাছিলো যে তামোল গছৰ ঢকুৱাৰ দৰে আৱৰ্জনাৰে কেৱল অসমতে নহয়, সমগ্ৰ দেশতে চাহিদা থকা সামগ্ৰী প্ৰস্তুত যে কৰিব পাৰি । এই কামে মোৰ লগতে অনেক লোকৰ জীৱিকাআৰু অৰ্থ উপাৰ্জনৰ বাট মুকলি কৰিছে। এসময়ত মোৰ কোনো উপাৰ্জন নাছিল৷ কিন্তু এই কামৰ জৰিয়তে মই মাহে পোন্ধৰ হেজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰো৷'


উল্লেখ্য যে তেওঁ অঞ্চলটিৰ আন একাংশ মহিলাৰ সতে কেইবছৰমান পূৰ্বে এটা বেচৰকাৰী সংস্থাৰ জৰিয়তে তামোল গছৰ ঢকুৱাৰ পৰা প্লেট প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়াৰ  লৈছিল।যেতিয়া এই কামটো প্ৰথম কৰিছিল, তেতিয়া কোনোৱেই বিশ্বাস কৰিব পৰা নাছিল যে এবিধোপেলনীয়া সামগ্ৰীক এনে এটা সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পৰা যায়, যাৰ কেৱল সমগ্ৰ বিশ্বতে এক লাভজনক বজাৰ আছে। লগতে ইয়াৰ আছে পৰিৱেশ অনুকূল মান্যতা, যাৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত নকৰে৷

প্ৰনতি ৰাভাৰ উপৰিও অঞ্চলটিৰ কেইবাশ মহিলা এই কামৰ সতে জৰিত হৈ আছে৷ অঞ্চলটিত আছে ২৫ টি উদ্যোগ৷ যিবোৰ ঘৰুৱা উৎপাদন গোটৰ সৈতে পাঁচশতাধিক লোক কেঁচামাল সংগ্ৰাহক হিচাপে নিযুক্ত হৈ আছে৷ লগতে মেচিন অপাৰেটৰ হিচাপে নিয়োজিত হৈ আছে শতাধিক মহিলা ।


এই উদ্যোগসমূহ স্থাপনৰ ফলত অঞ্চল  প্ৰচুৰ পৰিমাণে উপলব্ধ স্থানীয় কেঁচামালৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ আয় বৃদ্ধি হৈছে । ইয়াৰে মহিলাসকলে নিজা ব্যৱসায়ৰে আৰু স্বতন্ত্ৰভাৱে উপাৰ্জন গঢ়ি তুলিবলৈ সক্ষম হৈছে৷

একেদৰে, উদ্যোগে মহিলা অল্পনা দাসে জানিবলৈ দিয়ে যে ঢকুৱাৰ পৰা প্লেট প্ৰস্তুত কৰি তেওঁলোকে দৈনিক ২৫০ — ৪০০ টকা উপাৰ্জন কৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নত হৈছে।

আন এগৰাকী উদ্যোগী দীপা ৰাভাই জানিবলৈ দিয়ে যে  তামোলৰ ঢকুৱাৰ মৌলিক কেঁচামালৰ কোনো আৰ্থিক মূল্য নাই, কিন্তু স্থানীয় লোকৰ পৰা প্ৰতিখন ঢকুৱা এটকা বা ডেৰটকাকৈ ক্ৰয় কৰোঁ।তামোল প্লেটছ মাৰ্কেটিং প্ৰাইভেট লিমিটেড (টিপিএমপিএল) নামৰ এটা কোম্পানীৰ সামগ্ৰীসমূহৰ  প্ৰত্যক্ষভাৱে ক্ৰয় কৰে। মহিলা উদ্যোগীসকলক সামগ্ৰীৰ বিনিময়ত ক্ৰয় কৰাৰ ২০ দিনৰ ভিতৰত ধন পৰিশোধ কৰে। উল্লেখ্য যে একোখন প্লেটত চাৰিৰ পৰা পাঁচ টকা পৰ্যন্ত দৰত বিক্ৰী কৰি আহিছে৷

 তামোলৰ ঢকুৱাৰ ব্যৱসায়েৰে অঞ্চলটিৰ মহিলা সকলে ঘৰৰ পৰাই মাহেকীয়া উপাৰ্জন কৰি আহিছে আৰু সকলোৱে আৰ্থিক উত্তৰণ সম্ভৱ হৈছে৷ কোনোৱে সামগ্ৰী প্ৰস্তুত কৰাত জৰিত, আন কোনোবাগৰাকী হয়তো ঢকুৱা সংগ্ৰহ কৰা কাৰ্যত নিযুক্ত — মুঠতে পেলনীয়া বস্তু হিচাপে এসময়ত বিবেচিত তামোলৰ ঢকুৱাক সম্পদলৈ ৰূপান্তৰ কৰি এসময়ত কোনো উপাৰ্জন নথকা দৰিদ্ৰ পৰিয়ালৰ এই সকল মহিলা এতিয়া স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ অভাৱৰ তাড়নাৰ পৰা উত্তৰণ ঘটাই প্ৰগতিৰ দিশে আগুৱাইছে ব্যতিক্ৰমী কৰ্মৰে৷

———————


No comments