Page Nav

HIDE

Grid

GRID_STYLE

একালৰ উগ্ৰপন্থী কবলিত দূৰ্গম গাঁৱৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ ময়নাাগুৰিবাসী…

তাঁতশালেৰে অৰ্থনীতিৰ ভেটি গঢ়িছে মইনাগুৰিৰ জনজাতীয় গঞাই ...থলুৱা মহিলাৰ হাতৰ পৰশ লগা মইনাগুৰিৰ ৰাভা জনগোষ্ঠীয় কাপোৰে অসমৰ সীমা অতিক্ৰমি দিল্ল...


তাঁতশালেৰে অৰ্থনীতিৰ ভেটি গঢ়িছে মইনাগুৰিৰ জনজাতীয় গঞাই



...থলুৱা মহিলাৰ হাতৰ পৰশ লগা মইনাগুৰিৰ ৰাভা জনগোষ্ঠীয় কাপোৰে অসমৰ সীমা অতিক্ৰমি দিল্লীৰ প্ৰদৰ্শনীত  স্থান লাভ...





দিগন্ত শৰ্মা:


  পুৱাৰ পৰাই দুপৰ নিশালৈ তাঁতশালৰ শব্দত মুখৰিত হৈ থাকে মইনাগুৰি গাঁওখন । তাঁতশালৰ শব্দৰ ছন্দ আৰু গাঁওবাসীৰ জীৱন- জীৱিকা সম্প্ৰতি একাকাৰ । তাঁতশালখনেই মইনাগুৰিৰ বাসিন্দাসকলৰ জীৱিকা, পৰিচয় আৰু অৰ্থনৈতিক উত্তৰণৰ প্ৰধান সম্বল। তাঁতশালক বাদ দি অন্য চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই। অসমৰ পশ্চিম প্ৰান্তৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অতিকৈ ভিতৰুৱা এলেকাৰ গাওঁ এই মইনাগুৰি। ৰাভা জনগোষ্ঠীৰ তিনিকুৰি ছটা পৰিয়ালে বাস কৰা এই গাঁওখনৰ মহিলা সকলে অশেষ শ্ৰম আৰু সাধনাৰে সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে৷ কেৱল কাপোৰ উৎপাদন কৰিয়েই গাওঁখনৰ মহিলাসকলে গঢ়ি তুলিছে অৰ্থনীতিৰ ভেটি আৰু সুকীয়া পৰিচয়৷ অথচ এসময়ত দৰিদ্ৰতাৰ বাবে গাঁওখনৰ লোকসকলৰ অভাৱ অনাতনৰ সীমা নোহোৱা হৈছিল৷ কৃষিকৰ্ম কৰিবলৈ পৰিয়ালবোৰৰ পৰ্যাপ্ত পৰিমানৰ মাটি নথকাৰ বাবে জীৱিকালৈ সংকট নামি আহিছিল৷ তাতে এসময়ত উগ্ৰপন্থীৰ কাৰ্যকলাপেও গাওঁবাসীৰ উন্নয়ন স্থবিৰ  কৰিছিল৷ কিন্তু 



ৰাভা সম্প্রদায়ৰ এই পৰিয়ালবোৰৰ মহিলা সকলে ক্ৰমান্বয়ে ঘৰতে এখন দুখনকৈ জনগোষ্ঠীয় সাজপাৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰে৷ এই কাপোৰকে প্ৰথমে স্থানীয় বজাৰত বিক্ৰী কৰিবলৈ লয়৷ লাহে লাহে জনগোষ্ঠীয় কাপোৰৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰে আৰু পুৰুষ সকলে গাওঁখনৰ মহিলা সকলক অধিক কাপোৰ উৎপাদন কৰাত সহায় কৰে৷ প্ৰায় দহ বছৰ পূৰ্বে আৰম্ভ কৰা এই কামটোৱে প্ৰতিটো পৰিয়ালৰ উপাৰ্জনৰ প্ৰধান কৰ্ম হৈ পৰে৷ আনকি স্থানীয় বজাৰতো মইনাগুৰি গাৱঁৰ কাপোৰৰ চাহিদা বাঢ়ে৷ ফলত একাংশ পাইকাৰী কাপোৰ বিক্ৰেতাই মইনাগুৰি গাৱঁলৈ গৈ ঘৰে ঘৰে উৎপাদিত কাপোৰ সংগ্ৰহ কৰিবলৈ লয় আৰু নগদ আগধন পৰ্যন্ত দিয়ে এচাম বোৱনীক৷ প্ৰতিঘৰতে থকা তাতশালবোৰৰ অহৰহ চলিবলৈ ধৰে৷ গাওঁখনৰ বাটপথবোৰত প্ৰতিনিয়ত মহিলা সকলে সুতা বাতি কৰাত ব্যস্ত হৈ পৰে৷ থলুৱা মহিলাৰ হাতৰ পৰশ লগা মইনাগুৰিৰ ৰাভা জনগোষ্ঠীয় কাপোৰে অসমৰ সীমা অতিক্ৰমি এদিন দিল্লীৰ প্ৰদৰ্শনীত  স্থান লাভ কৰে৷ লগতে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভেগে গাৱঁখনত উপস্থিত হৈ মহিলাসকলক অধিক উৎপাদনৰ বাবে প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ জনায় আৰু বিটি আৰ প্ৰশাসনেও সহায় কৰে৷ এনেদৰে গাওঁখনৰ প্ৰতিটো পৰিয়ালে জীৱিকাৰ প্ৰধান সম্বল হিচাপে গ্ৰহন কৰে তাতশালক ৷ একালত অভাৱৰ তাড়নাই গ্ৰাস কৰা পৰিয়ালবোৰৰ আৰ্থিক স্বাৱলম্বিতা গঢ়ি উঠে বস্ত্ৰশিল্পৰ জৰিয়তে৷ জীৱন নিৰ্বাহৰ একমাত্র পথ তাঁতশালত কাপোৰ ব'ই বিক্ৰী কৰা গাওঁবাসীৰ প্ৰতিটো পৰিয়ালতে আছে দুই- তিনিখনকৈ তাঁতশাল।  গাভৰু ছোৱালী- মহিলা সকলো তাঁতশালত ব্যস্ত। অতীজৰে পৰা প্ৰয়োজনীয় কাপোৰবোৰ বোৱাৰ পৰম্পৰা আছিল যদিও বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হোৱা নাছিল আৰু জীৱিকা বা অৰ্থনৈতিক উত্তৰণৰ আধাৰ হোৱা নাছিল৷ কিন্তু দহবছৰ পূৰ্বে মহিলাসকলে গ্ৰহন কৰা সবল পদক্ষেপে গাওঁখনৰ লোক সকলক অভাৱগ্ৰস্ততাৰ পৰা উত্তৰণ ঘটালে৷ আনকি মইনাগুৰি গাৱঁৰ বস্ত্ৰশিল্প পৰিদৰ্শন কৰিবলৈ তিনিবছৰ পূৰ্বে কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প দপ্তৰৰ মন্ত্ৰীয়েও মইনাগুৰি মহিলাসকলৰ কৰ্মৰাজি প্ৰত্যক্ষ কৰিবলৈ আহি শিপিনীসকলক প্ৰসংশা কৰিছিল৷  উল্লেখ্য যে গাওঁখনৰ শিপিনীসকলে ৰাভা জনগোষ্ঠীৰ কামবাং, কেমলেট, গামোচা, মাফলাৰ, এৰি চাদৰ আৰু বিছনা চাদৰ প্ৰস্তুত কৰে যিবোৰে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিছে। তাঁতশালত প্রস্তুত কৰা কাপোৰ ঘৰতে পাহকাৰী দৰত বিক্ৰী কৰে গাঁওবাসীয়ে। গাঁওখনৰ সকলো পৰিয়াল কাপোৰ প্ৰস্তুত কৰা কামৰ সৈতে জড়িত হোৱাত গোসাঁইগাঁও মহকুমা হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে তাঁতশাল আৰু অন্যান্য  বিভিন্ন সামগ্রী যোগান ধৰি অহাৰ উপৰি গাঁওখনৰ পৰিয়ালবোৰক মাজে সময়ে উন্নত প্রশিক্ষণ দি আহিছে।  


জয়মতী ৰাভা নামৰ শিপিনী গৰাকীয়ে ক’লে,' এসময়ত অভাৱৰ বাবে কি কাম কৰিম , কি কাম কৰি উপাৰ্জন কৰিম চিন্তা হৈছিল৷ কিন্তু এতিয়া নিজৰ ঘৰতে বহি কাপোৰ বই ধন উপাৰ্জন কৰি আছো৷ আমাৰ হাতেবোৱা কাপোৰ দেশৰ বহু ঠাইলৈকে চালান হয়৷ এই কামেৰে আমাৰ আগৰ দৰিদ্ৰ অৱস্থাৰ উন্নতি হৈছে৷ কেৱল মোৰেই নহয় আমাৰ গাৱঁৰ সকলো মানুহে এই কামত নিয়োজিত হোৱাত গাওঁখনলৈকে পৰিৱৰ্তন আহিছে৷ এসময়ত আমাৰ গাৱঁৰ মানুহবোৰ বহু দুখীয়া আছিল৷ এতিয়া তাঁতশালেৰে জনগোষ্ঠীয় কাপোৰ উৎপাদন সকলোৱে স্বাৱলম্বী হৈছে ৷'
উল্লেখ্য যে এসময়ত মইনাগুৰি অঞ্চলটি আছিল উগ্ৰপন্থী প্ৰভাৱিত সংঘাত জৰ্জৰ অঞ্চল৷ যি অঞ্চললৈ আন ঠাইৰ লোক যাবলৈ সংকাবোধ কৰিছিল৷ কিন্তু সেই মইনাগুৰিত আজি উৰিছে শান্তি আৰু উন্নয়নৰ পতাকা৷ অঞ্চলটি আছিল আৰ্থিকভাৱে পিছপৰা, উন্নত শিক্ষা ব্যৱস্থা নথকা এলেকা৷

পিছে, দৰিদ্ৰতাৰ পৰিধি অতিক্ৰমি মইনাগুৰিৰ মহিলাসকলে শ্ৰম আৰু সাধনাৰে আগুৱাই গৈছে আৰ্থিক প্ৰগতিৰ বাটেৰে৷ উপনীত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত৷


———————————


No comments