Page Nav

HIDE

Grid

GRID_STYLE

দৰিদ্ৰতাৰ প্ৰাচীৰ অতিক্ৰমি ডিপ্লিঙৰ পৰা সাহিত্য জগত, শ্ৰমিক জগতলৈ হৰেণ ঘাটোৱাৰ

চাহ বাগিচাৰ শ্ৰমজীৱী জনতাৰ স্বনামধন্য ব্যক্তিত্ব… …সমাজৰ দক্ষ সংগঠক, সমাজসেৱক, সাহিত্যিক , সাংস্কৃতিককৰ্মী... ৰমেশ চন্দ্ৰ চৰেণ: মম গলি আনক প...


চাহ বাগিচাৰ শ্ৰমজীৱী জনতাৰ স্বনামধন্য ব্যক্তিত্ব…


…সমাজৰ দক্ষ সংগঠক, সমাজসেৱক, সাহিত্যিক , সাংস্কৃতিককৰ্মী...






ৰমেশ চন্দ্ৰ চৰেণ:

মম গলি আনক পোহৰাই তোলাৰ দৰে এগৰাকী জ্ঞান পিপাসু লোকে নিজৰ লগতে আনকো পোহৰাই তোলে ৷ জ্ঞানৰ পোহৰে উদ্ভাসিত কৰে সকলোকে ৷ সাহিত্য সংস্কৃতিৰে  সমাজখনক সুন্দৰ ৰূপত গঢ় দিবলৈ চেষ্টা কৰে ৷ সাহিত্য সংস্কৃতিৰ লগতে আৰ্থসামাজিক তথা শৈক্ষিক উত্তৰণত কাম কৰাৰ দুৰ্বাৰ বাসনা লৈ নিৰন্তৰভাবে কাম কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা এগৰাকী  শিক্ষক  তথা সাহিত্যনুৰাগীৰ  ব্যক্তি এগৰাকীৰ কথাকে কোৱা হৈছে  ৷ তেনে এগৰাকী  জ্ঞান পিপাসু ব্যক্তি হল আদিবাসী সমাজৰ হৰেন ঘাটোৱাৰ ৷ উচ্চ শিক্ষিত এই গৰাকী যুৱকে  শিক্ষাৰ লগতে সাহিত্য সংস্কৃতিৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰি আহিছে ৷ চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিছাত জন্মগ্ৰহণ কৰা যুৱক জনৰ পিতৃৰ  নাম  প্ৰয়াত শশী ঘাটোৱাৰ আৰু মাতৃৰ নাম প্ৰয়াত বিনতী ঘাটোৱাৰ ৷ বাগিছাৰ চাহ  শ্ৰমিকৰ সন্তান হিচাবে পিতৃ মাতৃৰ সীমিত উপাৰ্জনৰে ঘৰখন চলিবলগা হৈছিল ৷ অভাৱ অনাটনৰে জৰ্জৰিত বিভিন্ন  প্ৰতিকুল পৰিস্থিতিৰ মাজতো পিতৃ মাতৃৰ চেষ্টাত  শিক্ষা গ্ৰহনৰ মনোনিৱেশ দিয়ে   কিশোৰ মনৰ   হৰেন ঘাটোৱাৰে ৷ এমুঠি ভাত সাজৰ বাবে চিন্তা কৰিব লগা হৈছিল  পৰিয়াল বৰ্গ  ৷ যদিও দৰিদ্ৰতাৰ হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি   ডিপ্লিং চাহ বাগিছাৰ কৃষ্ণ নগৰ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি  হৰেন ঘাটোৱাৰে শিক্ষা জীৱনৰ পাতনি মেলে ৷  ঘাটোৱাৰে  পৰ্যায়ক্ৰমে মাহমৰা ডিপ্লিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ একেদৰে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত সুখ্যাতিৰে  উত্তীৰ্ণ হবলৈ সক্ষম হয় ৷ শৈক্ষিক জীৱন পৰিক্ৰমাত  আৰু পিছলৈ ঘুৰি চাবলগা  নহল ৷ নিজৰ আশাশুধীয়া প্ৰচেষ্টাৰ বলত সোনাৰি মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিভাগক মুল বিষয় হিচাবে লৈ স্নাতক ডিগ্ৰী লাভ কৰে ৷ বাগিছাখনৰ  পৰিবেশ পৰিস্থিতি তথা ঘৰুৱা সমস্যাও  টলাব নোৱাৰা ঘাটোৱাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  পৰা ৰাজনীতি বিজ্ঞান বিষয়ক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ৷ শেষত আইনৰ শিক্ষা গ্ৰহন কৰিবলৈ মন মেলা ঘাটোৱাৰে নামভৰ্তি কৰিও বিভিন্ন  কাৰণত আৰু  পঢ়া নহল ৷ এয়া হল চাহ শ্ৰমিকৰ সন্তান হৰেন ঘাটোৱাৰৰ শৈক্ষিক  জীৱন পৰিক্ৰমা ৷ সচাকৈয়ে ঘাটোৱাৰে বাগিছাখনৰ চাহ শ্ৰমিক সকলে বসবাস কৰা  কলনীত   পঢ়াৰ পৰিবেশ নথকা  তথা ঘৰুৱা  প্ৰতিকুল  পৰিস্থিতিৰ মাজতো পঢ়া জীৱনৰ  এক নজিৰ স্থাপন কৰিলে ৷ নিজৰ চেষ্টাৰ অসাধ্য একো নাই , ইয়াকে যেন প্ৰতিপন্ন কৰিলে ঘাটোৱাৰে ৷ এগৰাকী উচ্চ শিক্ষিত যুৱক হিচাবে বাগিছাখনৰ সুনাম আনিলে ঘাটোৱাৰে ৷ পৰিস্থিতিত পৰা দুখ দৈন্যতাৰে ভৰা বাগিছাখনৰ শ্ৰমিক সকলৰ কথাও কেতিয়াবা ভাবিবলৈ বাধ্য হৈ পৰে ঘাটোৱাৰে ৷ বাগিছা খনৰ লগতে  মালিকপক্ষই কৰা শোষণ বঞ্চনৰ প্ৰতিও সোচ্ছাৰ হৈ পৰিছিল তেওঁ ৷ বাগিছা কৰ্তৃপক্ষ তথা চৰকাৰখনৰ প্ৰতি  সঘনাই প্ৰতিবাদমুখৰ হৈ পৰিছিল ৷ বাগিছাৰ শ্ৰমিক সকলক ন্যায্যপ্ৰাপ্তিৰ বাবে আন্দোলনৰ পথো বাচিব লব লগা হৈছিল ৷ সেয়েহে তেওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ  সাংগঠনিক কামকাজ ব্যস্ত হৈ পৰে ৷ ডিপ্লিং  উপশাখা সমিতিৰ সভাপতি হিচাবে দায়িত্বভাৰ লৈ শ্ৰমিক আৰ্থ সামাজিক তথা শৈক্ষিক দিশৰ ওপৰত কাম কৰিবলৈ লয় ৷  পিছলৈ তেওঁ আদিবাসী চাহ জনগোষ্ঠী  সুৰক্ষা সমিতিৰ শিক্ষা আৰু সাহিত্য সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰে ৷ পৰৱৰ্তী সময়ত   সদৌ অসম ঘাটোৱাৰ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰিছে ৷ আনকি ডিপ্লিং  কৃষ্ণ নগৰ যুৱক সংঘৰ সম্পাদকৰ পদো গ্ৰহন কৰি সমাজখনৰ স্বাৰ্থত নিস্বাৰ্থ সেৱা আগবঢ়ায় ৷ 



ঘাটোৱাৰ বৰ্তমান বহু সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে ৷  পৰোপকাৰী ঘাটোৱাৰে বৰ্তমান  নিজৰ স্বগোষ্ঠীয় সমাজৰে  সামাজিক সংগঠন সদৌ অসম ঘাটোৱাৰ সমাজৰ সাধাৰন সম্পাদক হিচাবে  কাৰ্যনিৰ্বাহ কৰি আছে ৷ হৰেণ ঘাটোৱাৰ উচ্চমনৰ শিক্ষিত যুৱক ৷ সমাজ সংস্কাৰ . তথা বিভিন্ন সমস্যা অভাৱ অভিযোগ সমুহ নিৰাকৰণ কৰিবলগা হলে চাহ শ্ৰমিক সকলৰ মাজত শৈক্ষিক জাগৰণ অনাটো নিতান্তই প্ৰয়োজন ৷ সেয়েহে তেওঁ  প্ৰথম পদক্ষেপ স্বৰূপ শিক্ষকতাৰ দৰে  পৱিত্ৰ বৃত্তিকে আকোৱালী ললে ৷ তেওঁ প্ৰথমে বৰবৰুৱাৰ  পুৰ্বাঞ্চল জাতীয় বিদ্যালয়ত  শিক্ষকতাৰ জীৱন আৰম্ভ কৰে ৷ পিছলৈ তেওঁ মৰাণৰ তিলৈত অৱস্থিত K.G  Junior College ত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাবে যোগদান কৰি শৈক্ষিক উত্তৰণত সেৱা আগবঢ়াই ৷ এইখিনিতে মন কৰিবলগা যে হৰেন ঘাটোৱাৰ শিক্ষকতাৰ সমান্তৰালকৈ শৈক্ষিক ক্ষেত্ৰতো  নিজকে সমানে আগবঢ়াই লৈ গৈছে ৷ শেহতীয়াকৈ তেওঁ অসম ৰাষ্ট্ৰীয়ভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰবীন পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে  চতুৰ্থ স্থান লাভ কৰি আদিবাসী সমাজৰ গৌৰৱ কঢ়িয়াই আনে ৷ তেওঁ বৰ্তমান বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ছেলাইখাতি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছে ৷ পৰিয়ালটোৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰা ঘাটোৱাৰে  সৰুকালৰে পৰা সাহিত্যৰ প্ৰতি  বিশেষ অনুৰাগ  ৷ তেওঁ কাব্য চৰ্চাৰ লগতে কবিতা ৰচনা কৰি বিভিন্ন কাকত আলোচনীত নিয়মিতভাবে  প্ৰকাশ পাই আহিছে ৷  লগতে সময়োপযোগী বিভিন্ন  শিক্ষামুলক প্ৰবন্ধ লেখি বৌদ্ধিক চেতনাক জাগ্ৰত কৰাৰ প্ৰয়াস কৰে ৷ বিভিন্ন কাকত আলোচনীত লেখামেলা অব্যাহত ৰখা ঘাটোৱাৰে   নিজৰ একাণপতীয়া প্ৰচেষ্টাত ইতিমধ্যে  তেওঁ কেইবাখনো  মুল্যবান গ্ৰন্থ প্ৰকাশ কৰিছে ৷ “সেউজী কন্যা ' নামৰ কবিতা পুথিখন প্ৰকাশ কৰাৰ পাছত “বহাগী ঐ তই আকৌ আহিবিদেই ”  নামৰ আন এখন কবিতাপুথি সংকলন কৰে ৷ আনহাতে “আটছা নেতা বিক্ৰম কৰ্মকাৰ”  নামৰ জীৱনীগ্ৰন্থ এখনো প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও হৰেন ঘাটোৱাৰে  প্ৰয়াত মহেশ্বৰ তাঁতিৰ জীৱনীমূলক “শ্ৰদ্ধাঞ্জলি”  নামৰ গ্ৰন্থ এখন প্ৰকাশ কৰি সাহিত্য জগতত খোপনি পুতিবলৈ  সক্ষম হয়  ৷ তেওঁৰ কলম থমকি ৰোৱা নাই   ৷ ক্ৰমে  ইখনৰ পাছত সিখন গ্ৰন্থ প্ৰকাশ কৰাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা ঘাটোৱাৰে   বাগিছাৰ বিভিন্ন সমস্যা অভাৱ- অভিযোগ সম্বলিত  সমাধানৰ পথ বিচাৰি   এখনি মুল্যবান গ্ৰন্থ প্ৰকাশ কৰে ৷ য’ত ঘাটোৱাৰে জন্মগ্ৰহণ কৰা নিজা বাগিছাখনৰ আলমত প্ৰকাশ কৰে গ্ৰন্থখন ৷ “মই ডিপ্লিং চাহ বাগিছাৰ পৰা কৈছো” নামৰ প্ৰকাশ কৰা এই  গ্ৰন্থখনে পঢ়ুৱৈ সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে ৷   অসমীয়াৰ লগতে ইংৰাজী ভাষাতো সমানে দখল থকা ঘাটোৱাৰে A Massage TO PAYEL নামৰ ইংৰাজীৰ  কবিতাপুথি এখন  প্ৰকাশ কৰি চৰ্চিত হয় ৷ ইয়াতো ক্ষান্ত নাথাকি ঘাটোৱাৰে শেহতীয়াকৈ“ অসমৰ চাহ বাগিছা ঘাটোৱাৰসকল আৰু ঘাটোৱাৰ জাতিৰ চমু ইতিহাস ” নামৰ গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যিক হিচাবে নিজৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হয় ৷  একেদৰে বৌদ্ধিক চেতনাৰে পৰিপুষ্ট ঘাটোৱাৰে   “দশৰথ মাঝি জিন্দাবাদ ” , আৰু“ বীৰ দুৰ্গাসিং ঘাটোৱাৰ এক সংগ্ৰামী সত্বা ”  নামৰ গ্ৰন্থখন প্ৰকাশ কৰি  সাহিত্যৰ জগতত সুনাম অৰ্জন কৰে ৷ তেওঁ একেধাৰে কবি , লেখক তথা বিপ্লৱী মনৰ লোক ৷ সংগ্ৰামী সত্বা তেওঁৰ এক বৈশিষ্ট্য বুলি কব লাগিব ৷  সমাজ সংস্কাৰক , দক্ষ সংগঠক হোৱাৰ লগতে সমাজসেৱক , সাহিত্যিক , সাংস্কৃতিককৰ্মী  তথা সুশিক্ষিত ব্যক্তি হিচাবে সমাজৰ মাজত বিশেষভাবে পৰিচিত ৷ আদিবাসী সমাজখনৰ লগতে নৱপ্ৰজন্মৰ উপৰিও  মানৱ সমাজৰ  বাবে কাম কৰা প্ৰৱল ইচ্ছা থকা ঘাটোৱাৰে বিভিন্ন জনহিতকৰ কাম কৰি আছে ৷ তেওঁৰ জীৱনত কৰা কামৰ স্বীকৃতি স্বৰূপে বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনাই আহিছে ৷ এই গৰাকী জনদৰদী শিক্ষক তথা সাহিত্যিক গৰাকীৰ আদৰ্শ সকলোৰে বাবে পাথেয় হৈ ৰব বুলি  এই প্ৰতিবেদকে আশা প্ৰকাশ কৰে ৷ 


 


No comments