ভিন্ন কৰ্মৰে স্বাৱলম্বী হেমলতাই প্ৰান্তীয় অঞ্চলত গঢ়িছে গ্ৰাম্য অৰ্থনীতিৰ ভেটি ... হেমলতাই প্ৰশস্ত কৰা বাটেৰে আগুৱাই বহু মহিলাই অৰ্থনীতিৰ ভেট...
ভিন্ন কৰ্মৰে স্বাৱলম্বী হেমলতাই প্ৰান্তীয় অঞ্চলত গঢ়িছে গ্ৰাম্য অৰ্থনীতিৰ ভেটি
... হেমলতাই প্ৰশস্ত কৰা বাটেৰে আগুৱাই বহু মহিলাই অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছে...
দিগন্ত শৰ্মা:
হেমলতা ডেকাৰ পৰিয়ালটোৰ কেইবছৰমান আগলৈকে জীৱন-জীৱিকা বাবে নিৰ্ভৰ কৰিছিল পৰিয়ালৰ এগৰাকী সদস্যৰ উপাৰ্জনৰ ওপৰত৷ হেমলতাৰ স্বামী কুশল ডেকাৰ তিনি বিঘা মাটিতৰ ধান খেতিয়েই আছিল প্ৰধান উপাৰ্জন৷
এই উপাৰ্জনেৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা, অভাৱ-অনাতনে জুৰুলা কৰা পৰিয়ালটি পৰিচালনা কৰাটো আছিল অতিকে কষ্টকৰ ৷ এই
পৰিয়ালটোৰ মহিলা সদস্যা হেমলতা ডেকাই দৰিদ্ৰতা, দৈনন্দিন অভাৱগ্ৰস্ততাৰ পৰা মুক্ত হবলৈ বিগত ছটা বছৰত ক্ৰমাগতভাৱে এনে কেতবোৰ বহুমুখী কৰ্ম কৰিলে যাৰবাবে তেওঁ বছৰি প্ৰায় দুই লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ল৷ হেমলতাই ভিন্ন কামেৰে স্ৱাৱলম্বী হোৱাৰ লগতে তেওঁ বাস কৰা বৃহত্তৰ গ্ৰাম্য অঞ্চলৰ দুই সহস্ৰাধিক মহিলাকো অৰ্থ উপাৰ্জনৰ পথেৰে আগবাঢ়ি যাবলৈ সহায় কৰি আহিছে৷ দৰং জিলাৰ ৰামহৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দাঁহা গাঁৱত বাস কৰা এই পৰিয়ালটিৰ মহিলা সদস্যা পয়ত্ৰিশ বছৰীয়া হেমলতা ডেকাই ছটা বছৰ পূৰ্বে আৰম্ভ কৰা বিজ্ঞানসন্মত কৃষিকাৰ্য, হাঁহ- কুকুৰা পালন, মীন পালন আৰু বিশেষভাৱে পশুপালন কাৰ্যৰ বৈপ্লৱিক উত্তৰণ এনেদৰে সম্ভৱ কৰি তুলিছে যে সম্প্ৰতি তেওঁ দৰিদ্ৰতা উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি গঢ়াৰ আদৰ্শ মহিলাত পৰিণত হৈছে৷ আনহাতে, শিক্ষাগত অৰ্হতা হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হেমলতাই 'বেংক সখী' ৰূপে কাম কৰি দৰং জিলাৰ দুশটাতকৈ অধিক আত্মসহায়ক গোটৰ দুই সহস্ৰাধিক শিক্ষিত- অশিক্ষিত মহিলাক সেৱা আগবঢ়াই আহিছে৷
উল্লেখ্য যে ৰামহৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দাঁহা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দহ গৰাকী মহিলাই একত্ৰিত হৈ গঠন কৰা 'সেউজী আত্ম সহায়ক গোট'ৰ এগৰাকী সদস্য আছিল হেমলতা ডেকা৷ পিছে দীৰ্ঘদিন গোটটোৰ মহিলা সকলে বিশেষ সফলতা লাভ কৰিব পা নাছিল৷ কিন্তু ২০১৮ চনত হেমলতা ডেকাই আত্মসহায়ক গোটটিৰ আন মহিলা সকলৰ সৈতে 'চেষ্ট' নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে কৃষি, পশুপালন, হাঁহ- কুকুৰা পালন, মীন পালন, গাহৰি পালনৰ প্ৰশিক্ষণ লাভ কৰে৷ ইয়াৰ পিছতে ৰাজ্যিক জীৱিকা গ্ৰাম্য অভিযানত 'সউজী আত্মসহায়ক গোট'টো পঞ্জীয়ন কৰে৷ ২০১৮ চনৰ অক্টোবৰ মাহত হেমলতা ডেকাই জীৱিকা পৰিকল্পনা কৰে আৰু কম পৰিসৰত ঘৰৰ চৌহদতে দহটি হাঁহ, ন টি কুকুৰা, দুটি ছাগলী পালন কৰিবলৈ লয়৷ একেদৰে এটি বেচৰকাৰী সংস্থা পৰা পাঁচ হাজাৰ টকাৰ ঋণ লৈ দুটি গাহৰি পোৱালি ক্ৰয় কৰি আনি ঘৰৰ চৌহদতে বিজ্ঞান সন্মত পদ্ধতিৰে পোৱালি উৎপাদন কেন্দ্ৰ পালন কৰে৷ সেই বছৰে ধান খেতিৰ বাবে এছ আৰ আই পদ্ধতি প্ৰয়োগৰ প্ৰশিক্ষণ লয় হেমলতাই৷ ঘৰতে কুকৰা পালনত সফলতা লাভ কৰাত ছমাহ পিছত হেমলতাৰ কুকুৰাৰ সংখ্যা এশটিলৈ বৃদ্ধি হয়৷ একেদৰে গাহৰি পালন প্ৰক্ৰিয়াৰ উন্নতি হোৱাত বেংক আৰু বেচৰকাৰী সংস্থাক ঋণ দিবলৈ হেমলতা ডেকাই আবেদন জনায় ৷ ২০১৯ চনৰ মে' মাহত হেমলতাই একলাখ বিশ হাজাৰ টকা ঋণ লৈ গাহৰিৰ পোৱালি উৎপাদন কেন্দ্ৰ এটি বিজ্ঞানসন্মত পদ্ধতিৰে ঘৰৰ চৌহদত স্থাপন কৰে৷ পাঁচজনী মাইকী, এটি মতা গাহৰি পোৱালিৰে আৰম্ভ কৰা 'পোৱালি উৎপাদন কেন্দ্ৰটো 'ৰ উত্তৰণ এনেদৰে হ’ল যে এবছৰতে পোৱালি আৰু প্ৰাপ্তবয়স্ক গাহৰি বিক্ৰী কৰি হেমলতাই ঋণৰ ধন সমূদায় পৰিশোধ কৰিবলৈ সক্ষম হয়৷ তেওঁ ২০২০ বৰ্ষত গাহৰি বিক্ৰী কৰি লাভ কৰে এক লাখ ষোল্ল হাজাৰ পাঁচশ টকা৷ একেদৰে ২০২১ বৰ্ষত গাহৰি পোৱালি বিক্ৰী কৰি তেওঁ লাভ কৰে একলাখ সাতচল্লিশ হাজাৰ টকা৷ বিগত দুটা বছৰত তেওঁ শতাধিক গাহৰি পোৱালি বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷ ইফালে, হেমলতা ডেকাই কনী উৎপাদনৰ বাবে পালন কৰি আহিছে ৩০ জনী হাঁহ, এশজনী কুকুৰা৷ তেওঁৰ ঘৰত দুটি ছাগলীৰ পৰা এতিয়া হৈছেগৈ কেইবাটিও ছাগলী৷ ছাগলী বিক্ৰী কৰি বছৰি উপাৰ্জন কৰি আহিছে কেইবাহাজাৰ টকা৷ আনহাতে, হেমলতাই ২.৫ কঠা মাটি কালিৰ পুখুৰীত উন্নত পদ্ধতিৰে মাছ পালন কৰি বছৰি কেইবা হাজাৰ টকা উপাৰ্জন কৰি আহিছে৷ বৰ্তমান 'সেউজী আত্মসহায়ক গোট'ৰ সম্পািদকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হেমলতা ডেকাই 'এছ আৰ আই' পদ্ধতিৰে কৰা ধান খেতিৰ পৰাও অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হয়৷ যি ধান খেতিৰ লবলগীয়া মহিলাগৰাকীয়ে নিজে লয়৷ ধান, মাছ, কণী, হাঁহ - কুকুৰাৰ পোৱালি, ছাগলী, গাহৰি উৎপাদনেৰে স্বাৱলম্বিতাৰ ভেটি গঢ়া আৰু পৰিয়ালক দৰিদ্ৰতাৰ পৰা, অভাৱগ্ৰস্ততাৰ পৰা অৰ্থনৈতিক উত্তৰণৰ পথ প্ৰশস্ত কৰা হেমলতা ডেকাই দৰং জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ দুই সহস্ৰাধিক মহিলাকো বিভিন্ন কৰ্মৰে অৰ্থ উপাৰ্জনৰ পথত সহায় আগবঢ়াই আহিছে৷
শ্ৰেষ্ঠ মহিলা কৃষকৰ বটা গ্ৰহন কৰিছে হেমলতাই
—————————
উল্লেখনীয় যে আত্মসহায়ক গোট গঠনৰ জৰিয়তে গ্ৰাম্য মহিলাক আগবাঢ়ি যোৱাত সহায় কৰি অহাৰ বাবে হেমলতা ডেকাক অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা 'বেংক সখী' স্বেচ্ছাসেৱীকা হিচাপে নিযুক্ত কৰে ২০১৮ চনত৷ বেংক সখী হিচাপে হেমলতাই ৰাজ্যিক জীৱিকা অভিযানত পঞ্জীয়নকৃত মহিলা আত্মসহায়ক গোট সমূহক বেংকৰ পৰা ঋণ গ্ৰহনৰ বাবে যাৱতীয় অনলাইন আবেদনকে ধৰি সকলো কাম কৰি দিয়া আৰু সময়মতে ঋণৰ ধন পৰিশোধ কৰাই দিয়া কাম সমাধা কৰি দিয়ে৷ তাৎপৰ্যপূৰ্ণ যে হেমলতা ডেকাই ২০১৮ চনৰ পৰা এই পৰ্যন্ত দৰং জিলাৰ ৰামহৰি গাঁও পঞ্চায়ত, নগৰবাহী গাঁও পঞ্চায়ত, চপাই গাওঁ পঞ্চায়ত, চমুৱাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুশটাতকৈয়ো অধিক মহিলা আত্মসহায়ক গোটক বিভিন্ন উৎপাদনমুখী কামৰ বাবে ঋণ লাভ আৰু ধন পৰিশোধৰ ক্ষেত্ৰত সহায় কৰি আহিছে৷ একোটা আত্মসহায়ক গোটত দহ গৰাকীকৈ মহিলা থাকে আৰু দুশ গোটৰ সৈতে জৰিত স্বাক্ষৰ-নিৰক্ষৰ দুই সহস্ৰাধিক গ্ৰাম্য মহিলাই ঋণ লৈ হাঁহ - কুকুৰা পালন, পশুপালন, কৃষি, বোৱা-কটা, মীন পালন আদি পৰিকল্পিত জীৱিকাৰে অৰ্থ উপাৰ্জন কৰি আহিছে৷ বেংক সখী অবিহনে হয়তো বহু মহিলাই ঋণ লৈ কোনোদিনেই জীৱিকা হিচাপে উৎপাদনমুখী কামত হাত দিব নোৱাৰিলেহেতেন৷ কিন্তু হেমলতা ডেকাই প্ৰশস্ত কৰা বাটেৰে আগুৱাই যোৱা বাবে বহু মহিলাই সম্প্ৰতি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছে৷ ২০২২ চনত দৰং জিলাত অনুস্থিত হোৱা এক মহিলা সমাৰোহত এগৰাকী 'শ্ৰেষ্ঠ মহিলা কৃষক' হিচাপে স্বীকৃতি লাভ কৰা হেমলতা ডেকাই কয়, 'প্ৰথমে কামত আগবাঢ়িবলৈ ভয় শংকা আছিল৷ কিন্তু 'চেষ্টা' সংস্থাটোৱে লৈ গৈ আন জিলাৰ মহিলা সকলে কৰি থকা কামবোৰ যেতিয়া দেখুৱালে আৰু প্ৰশিক্ষণ দিলে তেতিয়া জীৱিকা নিৰ্দ্ধাৰণ কৰি আগবাঢ়িলো৷ অভাৱী পৰিয়ালটোক আজি এই বহুমুখী কামৰ মাজেৰে উন্নতিৰ দিশে অলপ হলেও আগুৱাই নিব পাৰিছো৷ বেংক সখী হিচাপে বেংকলৈ গ'লে গাহৰি পাম বা অন্য খেতি স্বামী কুশল ডেকাই চোৱা চিতা কৰে৷ নিজৰ ঘৰৰ লগতে এই অঞ্চলৰ মহিলা সকলক জীৱিকাৰ ক্ষেত্ৰত সহায় কৰাৰ মাজেৰে সামাজিক কাম অব্যাহত ৰাখিছো৷ '
সম্প্ৰতি হেমলতা ডেকাই ঘৰতে বেংকৰ 'গ্ৰাহক সেৱা কেন্দ্ৰ' এটি স্থাপন কৰি গ্ৰামাঞ্চলটিৰ জনসাধাৰণক পদূলিমুখতে ধনৰ লেনদেনৰ সুবিধা কৰি দিছে৷ অঞ্চলটিত বেংক সেৱা নথকা বাবে বহু লোকে ধনৰ লেনদেন কৰিবলৈ বহুদূৰ অতিক্ৰম কৰিবলগীয়া হৈছিল৷ হেমলতা ডেকাই এই সেৱা আৰম্ভ কৰাত গ্ৰামাঞ্চলীয় লোকৰ বহু সুবিধা হৈছে৷ হেমলতা ডেকাই আজি কেৱল নিজৰ দৰিদ্ৰ পৰিয়ালটিৰেই উত্তৰণ বাট মোকলোৱা নাই, আন দ্বি-সহস্ৰাধিক মহিলা আৰু তেওঁলোকৰ পৰিয়ালবোৰকো উন্নয়নৰ পথেৰে আগুৱাই যোৱাত সহায় আগবঢ়াই আৰ্থ-সামাজিক ৰূপান্তৰৰ ভেটি নিৰ্মাণ কৰিছে ; অভাৱ অনাতনে জুৰুলা কৰা অঞ্চলত গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ গঢ়িছে৷
-------------
দিগন্ত শৰ্মা
মবাইল: ৮৬৩৮৬৯৮৪৫০
No comments