Page Nav

HIDE

Grid

GRID_STYLE

স্বতন্ত্ৰ সাংবাদিকৰ মঞ্চ 'স্বতন্ত্ৰ সাংবাদিক সংস্থা' গঠন

ভিন্ন মাধ্যমত স্বতন্ত্ৰভাৱে সাংবাদিকতা আৰু সাহিত্য চৰ্চা কৰা ব্যক্তিসকলৰ সুকীয়া মঞ্চ ...স্বতন্ত্ৰ আৰু নিকা ভাৱমূৰ্তিৰ একাংশ অভিজ্ঞতা সম্পন্ন...


ভিন্ন মাধ্যমত স্বতন্ত্ৰভাৱে সাংবাদিকতা আৰু সাহিত্য চৰ্চা কৰা ব্যক্তিসকলৰ সুকীয়া মঞ্চ



...স্বতন্ত্ৰ আৰু নিকা ভাৱমূৰ্তিৰ একাংশ অভিজ্ঞতা সম্পন্ন সাংবাদিকৰ একত্ৰিত যাত্ৰা...

বিশেষ প্ৰতিবেদক:

 স্বতন্ত্ৰ সাংবাদিক সকলে ভিন্ন মাধ্যমৰ জৰিয়তে সমাজ আৰু সংবাদ জগতলৈ অপৰিসীম অৰিহণা যোগাই আহিছে৷ কিন্তু বহু সময়ত এইসকল সাংবাদিকে  বিভিন্ন সমস্যা তথা প্ৰত্যাহবানৰ সন্মুখীন হৈ আহিছে৷ আনকি কাকত- আলোচনীৰ সম্পাদকীয় পৃষ্ঠাৰ দৰে সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ স্থানত লেখা মেলা কৰা  বা ডিজিটেল মাধ্যমত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহাৰ পিছতো কেৱল সংবাদ প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ নোহোৱাৰ বাবেই সাংবাদিকৰ সংগঠন বা প্ৰেছক্লাৱ আদিৰ সদস্য হিচাপে স্থান লাভ নকৰে৷ এনে সাংবাদিকে বহু সময়ত বিশেষকৈ ক্ষেত্ৰ অধ্যয়নৰ কালত প্ৰয়োজনীয় সাংবাদিকৰ পৰিচয় পত্ৰখনো নথকাত বিভিন্ন সমস্যাৰ সন্মুখীন হয়৷ এনে বহু সমস্যা আৰু প্ৰত্যাহ্বান অতিক্ৰমি সংবাদ সেৱা আগবঢ়াই নিয়াৰ বাবে স্বতন্ত্ৰ আৰু নিকা ভাৱমূৰ্তিৰ একাংশ অভিজ্ঞতা সম্পন্ন সাংবাদিকে একত্ৰিত ভাৱে গঠন কৰিছে স্বতন্ত্ৰ সাংবাদিকৰ এটি যৌথ মঞ্চ৷ যোৱা ২৪ মাৰ্চত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ নিকটৱৰ্তী মান্দাকাটাত অনুষ্ঠিত এখন সাধাৰণ সভাত স্বাধীন ভাৱে সংবাদসেৱা কৰা আৰু সাহিত্যচৰ্চা কৰা একাংশ লোকে গঠন কৰে  “স্বতন্ত্ৰ সাংবাদিক সংস্থা, অসম” (Independent Journalist Organization, Assam) নামেৰে এটি সংস্থা ৷ ইতিপুৰ্বৰে পৰা বিভিন্ন মাধ্যমৰ জৰিয়তে মুক্ত তথা স্বতন্ত্ৰ ভাৱে সংবাদ সেৱা আৰু সাহিত্য চৰ্চা কৰি অহা  অসমৰ ভিন্ন প্ৰান্তৰ নিকা ভাৱমুৰ্তিৰ ব্যক্তি বাচনি কৰি সংস্থাটোৰ সাত জনীয়া কাৰ্য্যনিৰ্বাহক সমিতি খন গঠন কৰা হয় ৷ কাৰ্য্যনিৰ্বাহক  সমিতি খনৰ সভাপতি আৰু সম্পাদকৰ দ্বায়িত্ব অৰ্পন কৰে  ক্ৰমে সাংবাদিক তথা কবি চৈয়দ মেহবুব দেৱান আৰু সাংবাদিক দিগন্ত শৰ্মাক ৷ লগতে সাংবাদিক নুৰুুল হক (কামৰূপ), ভাস্কৰ কলিতা (গুৱাহাটী), ৰমেশ চন্দ্ৰ চৰেন (বিশ্বনাথ) আদিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়৷

কাকত- আলোচনীৰ সম্পাদকীয় পৃষ্ঠাৰ দৰে সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ স্থানত লেখা মেলা কৰা, বহু অনুসন্ধানমুলক প্ৰতিবেদন লিখা বা ডিজিটেল মাধ্যমত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহাৰ পিছতো কেৱল সংবাদ প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ নোহোৱাৰ বাবেই সাংবাদিকৰ সংগঠন বা প্ৰেছক্লাৱ আদিৰ সদস্য হিচাপে স্বতন্ত্ৰ সাংবাদিকে  স্থান লাভ নকৰে৷ এনে সাংবাদিকে বহু সময়ত বিশেষকৈ ক্ষেত্ৰ অধ্যয়নৰ কালত প্ৰয়োজনীয় সাংবাদিকৰ পৰিচয় পত্ৰখনো নথকাত বিভিন্ন সমস্যাৰ সন্মুখীন হয়...

যথেষ্ট সংখ্যক সাংবাদিক-সাহিত্যিকৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী  নুৰুল হকে ৷ সভাৰ আহ্বায়কদ্বয় চৈয়দ মেহবুব দেৱান আৰু দিগন্ত শৰ্মাৰ আহ্বান মৰ্মে অনুষ্ঠিত উক্ত সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সাম্প্ৰতিক সময়ত সংবাদ সেৱাৰ ক্ষেত্ৰত মুৰ দাঙি উঠা বিভিন্ন সমস্যা আৰু প্ৰত্যাহবানৰ বিষয়ে আলোকপাত কৰে ৷  বিভিন্ন প্ৰত্যাহবান নেওচি নিৰৱচিন্ন ভাৱে সংবাদ সেৱা আৰু সাহিত্য চৰ্চা কৰি অহা মুক্ত তথা স্বতন্ত্ৰ সাংবাদিক সকলক এখন উমৈহতীয়া মঞ্চ আৰু  পৰিচিতি প্ৰদানৰ লগতে মুক্ত তথা স্বতন্ত্ৰ সংবাদিক সকলে সংবাদ সেৱাৰ ক্ষেত্ৰত  সন্মুখীন হৈ অহা  বিভিন্ন সমস্যা তথা প্ৰত্যাহবানৰ ক্ষেত্ৰত যৌথ ভাৱে পদক্ষেপ গ্ৰহণ কৰাটোৱেই এই সংস্থাটোৰ মুল লক্ষ্য আৰু উদ্যেশ্য হ’ব বুলি জনিব দিয়ে সংস্থাটোৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে৷

No comments