যিখন গাঁৱৰ প্ৰতিটো পৰিয়ালে অব্যাহত ৰাখিছে লোক কলা-কৃষ্টিৰ সাধনা .. . গাঁওখনৰ সকলোৱে বিভিন্ন ধৰণেৰে আন্তৰিকতাৰে লোক-কৃষ্টিৰ সৈতে জড়িত দিগন্ত ...
যিখন গাঁৱৰ প্ৰতিটো পৰিয়ালে অব্যাহত ৰাখিছে লোক কলা-কৃষ্টিৰ সাধনা
...গাঁওখনৰ সকলোৱে বিভিন্ন ধৰণেৰে আন্তৰিকতাৰে লোক-কৃষ্টিৰ সৈতে জড়িত
দিগন্ত শৰ্মা:
গাঁওখনত প্রায় প্রতিদিনেই ধ্বনিত হয় অসমীয়া লোক-কলা কৃষ্টি সাধনাৰ প্ৰতিধ্বনি। গাঁওখনৰ একাংশ লোকে যদি এফালে খুলীয়া ভাওৰীয়াৰ দল লৈ ক'ৰবাত প্ৰদৰ্শনৰ বাবে যাবলৈ সাজ-সজ্জা লৈ ধুমধামেৰে প্ৰস্তুতি চলাইছে, আনফালে হয়তো আন এটি দলে খুলীয়া ভাওৰীয়াৰ আখৰাৰ বচন মাতিছে। এফালে যদি গাঁওখনৰ একাংশ নাগাৰা নামৰ আখৰাৰ বাবে সাজু হৈছে, আন এটি নাগাৰা নামৰ দলে হয়তো আন ঠাইলৈ নাগাৰা নাম প্ৰদৰ্শন কৰিবলৈ যাবলৈ সাজু হৈছে। সেই সময়তে হয়তো গাঁওখনৰ কোনোটো প্রান্তত মহিলাসকলে গাই থাকে 'আই নাম'। এফালে যদি গাঁওখনৰ ব্যাসৰ ওজাপালি দল এটিয়ে দূৰৈৰ গাঁৱৰ কোনো সভা বা অনুষ্ঠানত ওজাপালি প্ৰদৰ্শন কৰি আহি গাঁৱত প্ৰৱেশ কৰিছেহি, তেতিয়া হয়তো গাঁওখনৰ শুকনানী ওজাপালি দলটোৱে দূৰৈৰ গাঁৱৰ কাৰোবাৰ মনসা পূজা বা আন অনুষ্ঠানত ওজাপালি প্ৰদৰ্শন কৰিবলৈ ওলাইছে। একেদৰে গাঁওখনৰ চেমনীয়াসকলে চুবুৰিৰ মন্দিৰৰ চৌহদত যদি নাগাৰা নামৰ আখৰা কৰিছে, গাঁওখনৰ সিটো প্রান্তত বাজি উঠিছে ঢেপা ঢুলীয়াৰ ঢোলৰ ঢেপ্ ঢেপ্ শব্দ।.....
আৰু এনেকৈয়ে গধিয়াপাৰা নামৰ দৰং জিলাৰ চপাই গাঁও পঞ্চায়তৰ অন্তর্গত গাঁওখনত প্রতি দিনে লোক-কলা কৃষ্টি-সংস্কৃতি সাধনাৰে মুখৰ হৈ থাকে। কণমানি ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে গাঁওখনৰ প্রায় সকলোৱে বিভিন্ন ধৰণেৰে আন্তৰিকতাৰে লোক-কৃষ্টিৰ সৈতে জড়িত। প্রায় তিনি শতাধিক পৰিয়াল বাস কৰা গাঁওখনৰ প্ৰতিটো পৰিয়ালে লোক-কৃষ্টি সাধনাৰ স'তে ওতপ্রোতভাবে জড়িত। অর্থাৎ ৰাজহ গাঁওখনৰ এশ শতাংশ পৰিয়ালেই দৰঙী কলা-কৃষ্টি তথা লোক-কলা সাধনাত জড়িত হৈ আছে। এয়া কেৱল আজিৰ কথা নহয়, পৰম্পৰাগতভাৱে গাঁওখনৰ প্ৰতিটো পৰিয়ালে দৰঙী লোক-কলা কৃষ্টিৰে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি জড়িত হৈ সমগ্র গাঁওখনকে এখন অনন্য সাংস্কৃতিক গাঁৱলৈ ৰূপান্তৰিত কৰিছে।
গাঁওখনত আছে 'আইনাম'ৰ দুটি মহিলাৰ দল, বিয়া নামৰ দুটি দল। য'ত গাঁওখনৰ অধিকাংশ মহিলা জড়িত হৈ আছে। ওজাপালিৰ দুটি দলৰ উপৰি একাংশই ব্যাস সংগীতৰ সাধনা কৰি আহিছে। সেইদৰে গাঁওখনৰ লোকসকলে ধৰি ৰাখিছে অতীজৰে পৰা চলি অহা মহৌখুন্দা বা মহখেদা গীতৰ দলক। 'মহৌখুন্দা' দলৰ স'তে অর্ধশতাধিক লোক জড়িত হৈ অসমৰ বিভিন্ন প্রান্তত মহৌখুন্দা কৃষ্টি প্ৰদৰ্শন কৰি অসমীয়া সংস্কৃতিক গধিয়াপাৰা গাঁৱৰ জনতাই সমৃদ্ধ কৰিছে।
উল্লেখযোগ্য যে গাঁওখনত আছে তিনিটাকৈ বৃহৎ খুলীয়া ভাওৰীয়া দল। তিনিটা দল আছে নাগাৰা নামৰ শিল্পী। খুলীয়া ভাওৰীয়াৰ দলকেইটা হৈছে গধিয়াপাৰা খুলীয়া ভাওৰীয়া দল, নৱজাগৰণ খুলীয়া ভাওৰীয়া (চেমনীয়া ল'ৰাৰ) দল আৰু নেহেৰুপাৰা চুবুৰি কৃষক সংঘ খুলীয়া ভাওৰীয়া দল। খুলীয়া ভাওৰীয়াৰ এটি দলতে ৪৫ জনৰ পৰা ৫৫ জন পর্যন্ত সদস্য থাকে। আনহাতে খুলীয়া ভাওৰীয়া দলে প্ৰদৰ্শন কৰা নাটকত নাৰী চৰিত্ৰবোেৰতো অভিনয় কৰে পুৰুষসকলেই। অকল খুলীয়া ভাওৰীয়া কৃষ্টিৰ | সৈতে গাঁওখনৰ ডেৰশগৰাকীতকৈ অধিক লোক জড়িত। সেইদৰে নাগাৰা নামৰ তিনিটি দলৰ ভিতৰত এটি জ্যেষ্ঠ পুৰুষসকলৰ দল, এটি স্কুল-কলেজত অধ্যয়নৰত চেমনীয়াৰ দল আৰু আনটি যুৱতী-মহিলাসকলৰ দল। নাগাৰা নামৰ সৈতে ডেৰ শতাধিক পৰিয়াল জড়িত। আনহাতে গাঁওখনত আছে 'আইনাম'ৰ দুটি মহিলাৰ দল, বিয়া নামৰ দুটি দল। য'ত গাঁওখনৰ অধিকাংশ মহিলা জড়িত হৈ আছে। ওজাপালিৰ দুটি দলৰ উপৰি একাংশই ব্যাস সংগীতৰ সাধনা কৰি আহিছে। সেইদৰে গাঁওখনৰ লোকসকলে ধৰি ৰাখিছে অতীজৰে পৰা চলি অহা মহৌখুন্দা বা মহখেদা গীতৰ দলক। 'মহৌখুন্দা' দলৰ স'তে অর্ধশতাধিক লোক জড়িত হৈ অসমৰ বিভিন্ন প্রান্তত মহৌখুন্দা কৃষ্টি প্ৰদৰ্শন কৰি অসমীয়া সংস্কৃতিক গধিয়াপাৰা গাঁৱৰ জনতাই সমৃদ্ধ কৰিছে। আনকি আঘোণ মাহৰ পূৰ্ণিমা তিথিত নিজৰ গাঁওখনৰ উপৰি নিকটৱৰ্তী গাঁৱতো মহৌখুন্দা কৃষ্টি প্ৰদৰ্শন কৰি আহিছে। সেইদৰে দৰঙী কলা- কৃষ্টিৰ এটি অন্যতম হৈছে ঢেপা ঢুলীয়া। দীঘল দীঘল ঢোল কান্ধত লৈ ভোৰতালৰ সৈতে সংগীতৰ তালে তালে বজোৱা ঢেপা ঢুলীয়া আজিৰ প্ৰজন্মৰ বহুতেই দেখা নাই। কিন্তু গাঁওখনৰ বয়োজ্যেষ্ঠ শিল্পী ভদ্রকান্ত ডেকা, মুকুন্দ ডেকা, লক্ষ্য ডেকা, লম্বু ডেকা, ৰত্নেশ্বৰ বড়ো, কাতিৰাম বড়ো, ঘটেশ্বৰ ডেকাই বহু কষ্ট আৰু সাধনাৰে জীয়াই ৰাখিছে ঢেপা ঢুলীয়া- কৃষ্টিক আৰু বিভিন্ন স্থানত প্ৰদৰ্শন কৰাৰ উপৰি - নৱ-প্ৰজন্মৰ একাংশক শিকাবলৈও লৈছে। কেৱল এয়াই নহয়, গাঁওখনৰ এগৰাকী ষাঠিৰোৰ্ধ্বৰ শিল্পী আৰু লোক-কৃষ্টি সংগঠক, 二 খুলীয়া ভাওৰায়ীৰ অভিনেতা নীলকান্ত ডেকাই হেৰাই যাব ধৰা বহুৱা গীত আৰু বিলাপ গীত প সংৰক্ষণ কৰি আৰু প্ৰদৰ্শন কৰি অন্যতম কৃষ্টিৰাজিক জীয়াই ৰাখিছে। উল্লেখযোগ্য যে গাঁওখনৰ আশী বছৰীয়া' কান্তৰাম চহৰীয়া, লোকনাথ ডেকাই নাগাৰা নামৰ প্ৰধান সংগঠকৰ ভূমিকা পালন কৰে। একেদৰে সত্তৰ বছৰ গৰকা আনন্দিৰাম কলিতাই আজিও ৰাজ্যৰ বিভিন্ন প্রান্তলৈ গৈ ব্যাসৰ ওজাপালি প্ৰদৰ্শন কৰি আহিছে। অনিল চহৰীয়া, শৰৎ কুমাৰ আদিয়ে শুকনানি ওজাপালিৰে সংস্কৃতিক জীপাল কৰিছে। নীলকান্ত ডেকা নামৰ গাঁওখনৰ ষাঠিৰোধ্বৰ ব্যক্তিগৰাকীয়ে খুলীয়া ভাওৰীয়াত 'দুশাসন'ৰ চৰিত্ৰত দুর্দান্ত অভিনয় কৰি ৰাজ্যৰ বিভিন্ন প্রান্তত প্রশংসিত হৈছে। এইগৰাকী ব্যক্তিয়ে খুলীয়া ভাওৰীয়াৰ নাটকৰ পৰিচালক, প্রশিক্ষক, সংগঠনক আৰু গাঁওখনৰ নৱ প্ৰজন্মক দৰঙী কলাকৃষ্টিৰ সাধনাত সদা নিমগ্ন হ'বলৈ অৰিহণা যোগাই আহিছে।
উল্লেখযোগ্য যে গাঁওখনৰ এশ শতাংশ পৰিয়ালেই কৃষিজীৱী যদিও দহ শতাংশ পৰিয়ালতহে আছে চৰকাৰী চাকৰি কৰা লোক। কেৱল কৃষিক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকিও কলা- কৃষ্টিৰ সাধনাত ওতপ্রোতভাবে গাঁওখনৰ প্ৰতিঘৰ পৰিয়ালৰ কোনো নহয় কোনোগৰাকী সদস্য জড়িত হৈ থকাটো অতিকে তাৎপর্যপূর্ণ বিষয়। এই সন্দর্ভত নীলকান্ত ডেকাই কয়, 'প্রতিঘৰ পৰিয়ালৰ কলা-কৃষ্টি সাধনাৰ প্ৰতি প্রচণ্ড ধাউতি আছে আৰু এয়া আমি পূৰ্বপুৰুষৰ পৰা পাই আহিছো। ইয়াত কোনো ধনৰ লালসা নাই। কিয়নো গাঁৱৰ বহু লোক-শিল্পীৰ 'শিল্পী - পেন্সন' নোপোৱাকৈয়ে মৃত্যু হৈছে। মোৰ দেউতাও আছিল খুলীয়া ভাওৰীয়াৰ অভিনেতা, ময়ো অভিনয় কৰো, নাট পৰিচালনা কৰো, প্রশিক্ষণ দিওঁ, মোৰ ভাতৃও আছিল অভিনেতা আৰু এতিয়া পত্নীয়েও 'আইনাম', 'বিয়া নাম'ৰ দলৰ সক্রিয় সদস্য।সেইদৰে গাঁওখনৰ এজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ খঞ্জন কুমাৰ ডেকা নাগাৰা নামৰ চেমনীয়া দলৰ পাঠক। সেই ছাত্ৰজনৰ পিতৃ-মাতৃ-ককাদেউতাকো আছিল কলা-কৃষ্টি সাধনাৰ সৈতে জড়িত। এনেদৰে সমগ্র গাঁওখনতে আজি সাংস্কৃতিক পৰিৱেশ এটি গঢ় লৈ উঠিছে। ইয়াত পাৰিশ্ৰমিক হিচাপে বিশেষ একো ধন লাভ নকৰে শিল্পীসকলে। কেৱল সংস্কৃতি ৰক্ষা, পৰম্পৰাগতভাৱে লোক কৃষ্টি সাধনাৰে একাত্ম হৈ থকাৰ প্ৰেৰণা, সমাজ গঢ়া আৰু কৃষ্টি জীয়াই ৰখাৰ প্ৰচেষ্টা। তাৎপৰ্যপূৰ্ণ যে গাঁৱৰ একোখন ঘৰৰ প্ৰায় অধিকাংশ সদস্যকে কোনো এটি শিল্পী দলত পোৱাটো অতিকে ডাঙৰ কথা। আনহাতে অধিকাংশ জ্যেষ্ঠ শিল্পীৰে বয়স ষাঠি বছৰৰ ওপৰত। ইমান বয়সতো গধিয়াপাৰাৰ পুৰুষ- মহিলাই ওৰে ৰাতি উজাগৰে থাকিও কৃষ্টি প্রদর্শন কৰে। কেতিয়াবা এনেও হয় যে আমাৰ গোটেই গাঁওখনেই কলা-কৃষ্টি প্রদৰ্শনৰ বাবে উবুৰি খাই পৰে।'
আনহাতে দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘই 'গধিয়াপাৰা' গাঁওখনক সাংস্কৃতিক পর্যটন গাঁও হিচাপে স্বীকৃতি দিছে। ইয়াৰ অংশ স্বৰূপে কেইমাহমান পূর্বে গাঁওখনৰ মাজমজিয়াত দৰঙী জিলাৰ ১৫টি খুলীয়া ভাওৰীয়া দলে নাট প্রদর্শন কৰিছিল, য'ত কেইবা সহস্ৰ লোকৰ সমাগম হৈছিল। আগন্তুক দিনত সেই গাঁওখনক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ সংঘই চেষ্টা চলাব বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে এখন গাঁৱৰ প্ৰতিটো পৰিয়ালে পৰম্পৰাগত লোক-কলা কৃষ্টিৰ সাধনাত জড়িত হৈ থকাই নহয়, যুগে যুগে নিৰৱচ্ছিন্নভাৱে সাধনা কৰি অহাৰ উদাহৰণ বিৰল।
গাঁওখনৰ নৱ প্ৰজন্মৰ বহুতেই লোক- সংগীতৰ সাধনাও অব্যাহত ৰাখিছে। যিদৰে কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ পৰা বৃদ্ধ- বৃদ্ধালৈকে সকলোৱে শিল্প সাধনাৰ সৈতে জড়িত হৈ সমৃদ্ধ কৰিছে ঐতিহ্যবাহী দৰঙী লোক-কলা কৃষ্টিক। গধিয়াপাৰা গাঁৱৰ ইটো প্ৰজন্মৰ পাছত সিটো প্রজন্মই এই শিল্প সাধনাৰে সমৃদ্ধ কৰিছে অসমীয়া লোক- সংস্কৃতিৰ বৰভঁৰাল। আগন্তুক দিনত গধিয়াপাৰা গাঁৱক কেন্দ্ৰ কৰি চৰকাৰে লোক- কৃষ্টি বিকাশ আৰু সংৰক্ষণৰ মহান প্রচেষ্টা ল'ব পাৰে। বিজতৰীয়া 'সংস্কৃতি'য়ে ভিন্ন স্থানত আগ্রাসী ৰূপ লোৱাৰ সময়ত গধিয়াপাৰা গাঁৱৰ লোকসকলে সমৃদ্ধ কৰিছে অসমীয়া জাতিৰ সংস্কৃতিৰ বৰঘৰ।
======
লেখক - 'নেশ্বনেল ফাউণ্ডেচন ফৰ ইণ্ডিয়া', নতুন দিল্লী আৰু 'ৰাষ্ট্ৰসংঘ জনসংখ্যা নিধিৰ অৰ্থসাহায্যপ্ৰাপ্ত পপুলেচন ফাৰ্ষ্ট, মুম্বাই' ৰ প্ৰাক্তন মেডিয়া ফেল’ ৷
মবাইল: ৮৬৩৮৬৯৮৪৫০
No comments