Page Nav

HIDE

Grid

GRID_STYLE

নিপীড়িত জনতাৰ খাদ্যৰ অধিকাৰ সংগ্ৰামৰ সফলতাৰ আঁৰৰ কথা

খাদ্য নিৰাপত্তা আইন আৰু  গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এটি গোচৰ ...দীঘলীয়া আইনী যুঁজৰ অন্তত ২০২৪ চনৰ ২৪ জানুৱাৰী ত বস্তি অঞ্চলৰ ৮০ টা...


খাদ্য নিৰাপত্তা আইন আৰু 
গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এটি গোচৰ







...দীঘলীয়া আইনী যুঁজৰ অন্তত ২০২৪ চনৰ ২৪ জানুৱাৰী ত বস্তি অঞ্চলৰ ৮০ টা পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হয়...

ভাস্কৰ কলিতা

 প্ৰখ্যাত সাংবাদিক ৰৱিশ কুমাৰৰ ভাষাৰেই - Not all battles are fought for victory. Some are fought simply to tell the world that someone was there on the battlefield."    
   স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰি ভাৰত ৰাষ্ট্ৰ‌ই যথেষ্ট বিকাশ কৰিলে। কিন্তু Discovery of India খন কাৰাগাৰৰ ভিতৰত লিখি থকা সময়ত জৱাহৰলাল নেহৰুৱে নিশ্চয় কল্পনা কৰা নাছিল যে ২০২৪ ৰ ভাৰতত ৮০% জনতাই দৰিদ্ৰতাৰ মাজেৰে দিন পাৰ কৰিব লাগিব। তেওঁলোকে তাহানিতে সংবিধানখনত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ জৰি‌য়তে চৰকাৰৰ দায়িত্ব কি হোৱা উচিত সেয়া উল্লেখ কৰি থৈ গৈছে। কিন্তু দুখৰ বিষয় যে বৰ্তমানৰ চৰকাৰখনে যেন সেই অনুচ্ছেদৰ সকলো শব্দাৱলী নিজৰ মতে লিখিব বিচাৰিছে। জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ বাবে এখন কল্যাণকামী চৰকাৰে যি দায়িত্ব পালন কৰিব লাগে তাৰ পৰা এতিয়া বহুদূৰ আতঁৰি অহা হ'ল। আজিৰ দিনত উন্নয়নৰ পৰিভাষা হৈছে শ-শ কোটি টকাৰে নিৰ্মিত উৰণ সেতু, হাজাৰ কোটি টকাৰ বিশাল উচ্চতাৰ মূৰ্তি তথা লক্ষাধিক লোকৰ বাবে নিৰ্মিত ষ্টেডিয়াম সমূহ। বাস্তৱিকতে এতিয়াও দেশৰ গৰিষ্ঠসংখ্যক জনতাই ভাত, কাপোৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ নামত হাবাথুৰি খাই ফুৰিছে। বছৰি প্ৰকাশ হৈ থকা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সূচাংক সমূহ তাৰেই প্ৰমাণ। ২০২৩ Global  Hunger Index ( GHI) ৰ তথ্য অনুসৰি পৃথিৱীৰ ১২৫ খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১১১ নম্বৰত । ৰাষ্ট্ৰীয় স্তৰত অসমৰ ছবিখন আৰু পুতৌজনক। স্মৃতি পটত এতিয়াও সজীৱ , যোৱা লকডাউনৰ সময়ছোৱাত কাৰোবাৰ অদূৰদৰ্শী সিদ্ধান্তৰ বাবে সহস্ৰ জনে জীৱন - জীৱিকা হেৰুৱাবলগীয়া হয় । বহু মাইল জুৰি পদব্ৰজে আহি থকা শ্ৰমিকে জিৰণিৰ বাবে ৰেল আলীত বহোতে ৰেলৰ ছেপাত ছিন্ন বিছিন্ন হৈ মৃতদেহ হিচাপে বাতৰিৰ প্ৰথম পৃষ্ঠা দখল কৰা ছবিবোৰ আজিও জীৱন্ত । কিন্তু সেই সময়তেই আম্বানী - আদানীৰ দৰে পুঁজিপতিৰ সম্পত্তিৰ পৰিমাণো চমৎকাৰ ভাৱে বৃদ্ধি পাইছিল। এই বৈষম্যৰ ছবিখন এৰাই চলিলে নহ'ব। 
   

দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে খাদ্য নিৰাপত্তা প্ৰদান কৰিবলৈ ২০১৩ চনতে প্ৰণয়ন হোৱা এখন কেন্দ্ৰীয় আইন নথকা নহয় । যিখন আইনৰ অধীনত আৰ্থিক ভাৱে দুৰ্বল বুলি চিহ্নিত পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈ আহিছে। কিন্তু ২০১৭-১৮ চনৰ পৰা অসমৰ প্ৰেক্ষাপটত এই আইনখন সফল ভাৱে কাৰ্যকৰী হৈ উঠা দেখা পোৱা নাছিলোঁ । কভিডৰ ভয়াৱহ সময়ছোৱাত খাদ্য নিৰাপত্তাৰ সংকটত ভোগা গুৱাহাটীৰ বস্তি অঞ্চলৰ জনতাই ৰেচন কাৰ্ডৰ বাবে স্থানীয় বিধায়ক লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দপ্তৰত আবেদন কৰি কৰি  নিৰাশ হ'বলগীয়া হৈছিল ।  জনপ্ৰতিধিয়ে ২০২১ ৰ বিধানসভা নিৰ্বাচন আৰু পৌৰনিগমৰ নিৰ্বাচনত বিকাশৰ শ্লোগান আওৰাই মানুহখিনিক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দি থ'লে। যাৰ ফলত ৰেচন কাৰ্ডৰ অভাৱত চৰকাৰৰ পৰা পোৱা অন্যান্য সুবিধা সমূহো বস্তি বাসীয়ে ঢুকি নাপালে। উজানবজাৰ, নাৰেঙ্গী তথা ভূতনাথৰ দুই - এগৰাকী গৃহকৰ্মীৰ সৈতে কথা পাতি জানিব পাৰিলো যে ৰেচন কাৰ্ড নথকা বাবে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত প্ৰাপ্ত আয়ুষ্মাণ কাৰ্ড খনো বনাব পৰা নাছিল। 

এপিনে  দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিকাশৰ শ্লোগান দিছে আনপিনে সমাজৰ নিপিড়ীত জনতাই আজি পৰ্যন্ত ভাত - কাপোৰৰ প্ৰশ্নক লৈ আদালতৰ কাষ চাপিব লগীয়া হৈছে

   এইবোৰ মৌলিক সমস্যাক লৈ চৰকাৰৰ সৈতে আলোচনাত বহিবলগীয়া দল সংগঠনেও যেন নিতাল মাৰিলে। সেয়েহে বিকল্প উপায় হিচাপে এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু সামাজিক নেত্ৰীয়ে Human Rights Law Network নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ ফালৰ পৰা খাদ্য নিৰাপত্তা আইন ২০১৩ ৰ সফল ৰূপায়ণৰ বাবে ২০২১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক জন স্বাৰ্থ জড়িত গোচৰ দাখিল কৰে। এই গোচৰৰ ভিত্তিত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২২ চনত ৰাজ্যিক চৰকাৰক এক নিৰ্দেশ দিয়ে যে অতি শীঘ্ৰে যেন ৰেচন কাৰ্ড বঞ্চিত মানুহ খিনিৰ তথ্যভিত্তিক জৰীপ কৰি ৰেচন কাৰ্ড প্ৰদান কৰা হ‌ওক।
    অৱশেষত এই দীঘলীয়া আইনী যুঁজৰ অন্তত ২০২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে বস্তি অঞ্চলৰ ৮০ ঘৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। সংবিধান প্ৰদত্ত খাদ্যৰ অধিকাৰৰ সংগ্ৰামত সাধাৰণ মানুহখিনয়ে এক ক্ষুদ্ৰ সফলতা লাভ কৰিলে। 
   এই সমগ্ৰ ঘটনাটোৰ পৰা দুখন ছবি স্পষ্ট হৈ পৰিছে। একপিনে  দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিকাশৰ শ্লোগান দি ফুৰা দেখা পাইছোঁ । আনপিনে সমাজৰ নিপিড়ীত জনতাই আজি পৰ্যন্ত ভাত - কাপোৰৰ প্ৰশ্নক লৈ আদালতৰ কাষ চাপিব লগীয়া হৈছে।
   যি কি নহওঁক, অধিকাৰ লাভৰ এই সংগ্ৰামখনত চামিল হোৱা প্ৰতিগৰাকী সতীৰ্থ ধন্যবাদৰ পাত্ৰ। কিয়নো যিসময়ত মানুহে মানুহক জাতি - ধৰ্মৰ নামত এৰাই চলা পৰিলক্ষিত হৈছে সেই সময়তো মানৱ অধিকাৰৰ হৈ কাম কৰি থকা দুই -এক ব্যক্তিত্ব‌ই সামাজিক ন্যায়ৰ সংগ্ৰামখনক নেতৃত্ব দিবলৈ পিছ হুহুকি থকা নাই। মৌন হৈ পৰা নাগৰিকৰ দেশত এয়াও যেন এক প্ৰতিবাদী কবিতা।

No comments