Page Nav

HIDE

Grid

GRID_STYLE

ঢেকিয়াজুলিৰ 'জোনাকে ধোৱা অৰণ্যত' অজস্ৰ জনতা

ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান "ৰণ্ লী"ৰ  কাৰ্যক্ৰমৰ অনন্য  সফলতা ...অভিনেতা ৰণজুল বৰুৱা আৰু সংগীত শিল্পী লীমাকৃষ্ণা বৰাৰ যুটিয...


ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান "ৰণ্ লী"ৰ  কাৰ্যক্ৰমৰ অনন্য  সফলতা



...অভিনেতা ৰণজুল বৰুৱা আৰু সংগীত শিল্পী লীমাকৃষ্ণা বৰাৰ যুটিয়া সহযোগত গঢ় লৈ উঠা ৰণলীৰ কাৰ্যাৱলী...


ঢেকিয়াজুলিৰ পৰা সঞ্জয় বৰুৱা :

২৯ ডিচেম্বৰ : সাংস্কৃতিক আৰু বৌদ্ধিক মহলত চৰ্চিত ৰাজ্যৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ৰণ্ লীৰ কাৰ্যক্ৰম ২৪ ডিচেম্বৰত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত সফল সমাপন হয়। অভিনেতা ৰণজুল বৰুৱা আৰু সংগীত শিল্পী লীমাকৃষ্ণা বৰাৰ যুটিয়া সহযোগত গঢ় লৈ উঠা ৰণলীয়ে অন্যান্য কাৰ্যাৱলীৰ লগতে ২৩ আৰু ২৪ ডিচেম্বৰত মঞ্চস্থ কৰিলে নাট্যকাৰ লিয়াকৎ আলীৰ নাটক "জোনাকে ধোৱা অৰণ্যত"। জ্যেষ্ঠ সাংবাদিক তথা পৰিচালক ভাস্কৰ ডেকাৰ পৰিচালনাত নাটখন মঞ্চস্থ কৰাৰ প্ৰাক মুহূৰ্তত ২৩ ডিচেম্বৰত বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু আৰু ২৪ ডিচেম্বৰত বিশিষ্ট চিকিৎসক জাহানাৰা বেগমে বন্তি প্ৰজ্বলনৰে মঞ্চ মুকলি কৰে। 

 ৰাজ্যৰ কেইবাগৰাকীও আগশাৰীৰ নাট্যশিল্পী ক্ৰমে - ৰণজুল বৰুৱা, মানসজ্যোতি নাথ, পশু চিকিৎসক অমৰজ্যোতি বড়ো, মৌচুম শইকীয়া, অনুপজ্যেতি নাথ আৰু বাবলু আনচাৰীয়ে অভিনয় কৰে

আদৰণি ভাষণ প্ৰদান কৰে ঢেকিয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাই। ইয়াৰ আগেয়ে ত্ৰিমূৰ্তি ভৱনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আৰু নটসূৰ্য ফণী শৰ্মাৰ অৱক্ষ মূৰ্তিৰ সন্মুখত শ্ৰদ্ধা নিবেদন কৰে ৰণ্ লীৰ কৰ্মকৰ্তাসকলে। অসমৰ সাংস্কৃতিক জগতৰ পৰা অকালতে আঁতৰি যোৱা জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ প্ৰতিচ্ছবিৰ সন্মুখতো শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে সশ্ৰদ্ধ স্মৰণ কৰে ৰণ্ লীৰ উদ্যোক্তাসকলে। উল্লেখ্য যে এন. এছ. ডিৰ প্ৰশিক্ষণপ্ৰাপ্ত কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীৰে পূৰ্ণ ৰণ্ লীৰ প্ৰযোজনা নিয়ন্ত্ৰক লীমাকৃষ্ণা বৰা আৰু সহ: প্ৰযোজনা নিয়ন্ত্ৰক বিপ্লৱ শঙ্কৰ বৰুৱাই  জনায় - নাটকখনৰ অভিনয়ত ৰাজ্যৰ কেইবাগৰাকীও আগশাৰীৰ নাট্যশিল্পী ক্ৰমে - ৰণজুল বৰুৱা, মানসজ্যোতি নাথ, পশু চিকিৎসক অমৰজ্যোতি বড়ো, মৌচুম শইকীয়া, অনুপজ্যেতি নাথ আৰু বাবলু আনচাৰীয়ে অভিনয় কৰে। 

—————

[ দিগন্ত শৰ্মা ৰ দ্বাৰা  সম্পাদিত আৰু প্ৰকাশিত৷ 

কাৰ্যালয়ৰ ঠিকনা: চুনচালি, গুৱাহাটী ২০, অসম৷ যোগাযোগ : ৮৬৩৮৬৯৮৪৫০]




No comments