হাতৰ মুঠিত জনতাৰ জীৱন ... এডাল বাঁহত বিচনা চাদৰ বান্ধি ৰোগাক্ৰান্তক নিব লাগে চিকিৎসাকেন্দ্ৰলৈ কাৰ্বি আংলঙৰ পৰা বিশেষ প্ৰতিনিধি : অসমৰ ...
হাতৰ মুঠিত জনতাৰ জীৱন
...এডাল বাঁহত বিচনা চাদৰ বান্ধি ৰোগাক্ৰান্তক নিব লাগে চিকিৎসাকেন্দ্ৰলৈ
অসমৰ কাৰ্বি আংলং জিলাৰ দূৰ্গম এলেকাৰ বাসিন্দাসকলৰ যন্ত্ৰণাময় দৃশ্য দেখিই সকলোৰে বুকু কঁপাই তুলিব৷ কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অন্তৰ্গত ২৫ নং নিলীপ পৰিষদীয় সমষ্টিৰ লৱাৰ তাৰাপুঙৰ ছাই তাৰ’ গাঁৱৰ জনতাই ৰোগীক জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ পাহাৰুৱা পথেৰে নৈ পাৰ হৈ বহু দূৰ নিব লাগে কান্ধত কঢ়িয়াই৷
কেইদিনমান পূৰ্বে ছাই তাৰ’ গাঁওখনৰ ৰলেন ৰংপিৰ পত্নী ৰবিকা ইংতিপীক বাহত কাপোৰ বান্ধি তোপোলা কঢ়িওৱাৰ দৰে নিব লগীয়া হৈছিল৷ তেওঁ সুদীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল | তাৰাপুং অঞ্চলত নাই কোনো চিকিৎসা কেন্দ্ৰ | যাতায়তৰ বাবেও নাই সুচল বাট পথ | উপায়ন্তৰ হৈ এডাল বাঁহত বিচনা চাদৰ বান্ধি ৰোগাক্ৰান্ত ৰবিকা ইংতিপীক কোনো ৰকমে ডলামাৰা চিকিৎসাকেন্দ্ৰলৈ আনে৷ ইফালে অসুস্থ ৰবিকাৰ কোলাত কণমানি পুত্ৰ সন্তান।
বাসিন্দাসকলে হাতৰ মুঠিত জীৱনটো লৈ হাবি ফালি অথবা নদীৰ পানীৰ উপৰেদি বাহৰ চাক (কলৰ ভূৰৰ দৰে) সাজি চিকিৎসালয়লৈ যাত্ৰা ৰোগী নিব লাগে
জিলাখনৰ দূৰ্গম এলেকাসমূহত আজিও উন্নয়নৰ কোনো চিন মোকাম নাই | তাৰাপুং এলেকাৰ উক্ত কাৰ্বি গাঁওখনত অথবা আশে-পাশে নাই বাট-পথ, নাই চিকিৎসালয় |
এলেকাটোৰ বাসিন্দাসকলে হাতৰ মুঠিত জীৱনটো লৈ হাবি ফালি অথবা নদীৰ পানীৰ উপৰেদি বাহৰ চাক (কলৰ ভূৰৰ দৰে) সাজি চিকিৎসালয়লৈ যাত্ৰা ৰোগী নিব লাগে | নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাসকলে সভাই – সমিতিয়ে, ঘৰে ঘৰে আহি উন্নয়নৰ কথা কোৱাৰ পাছতো এই অঞ্চলবাসীৰ খবৰ নলয় কোনেও৷
সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা নিলীপ সমষ্টিৰ জনপ্ৰতিনিধি সমষ্টিটোৰ উন্নতিত গুৰুত্ব দিবলৈ সচেতন মহলে দাবী জনাইছে৷ ।
No comments