দৰিদ্ৰ আৰ্তজনৰ বাবে যি ভগৱান স্বৰূপ ... বহু জটিল বেমাৰত ভুগি থকা ৰোগীও তেওঁৰ শুশ্ৰুষাত ভাল হোৱাৰ নজিৰ আছে ৰমেশ চন্দ্ৰ চৰেণ মানুহ আদৰ্শগত ...
দৰিদ্ৰ আৰ্তজনৰ বাবে যি ভগৱান স্বৰূপ
...বহু জটিল বেমাৰত ভুগি থকা ৰোগীও তেওঁৰ শুশ্ৰুষাত ভাল হোৱাৰ নজিৰ আছে
ৰমেশ চন্দ্ৰ চৰেণ
মানুহ আদৰ্শগত সৎ কৰ্মৰাজিৰে মহান হয় ৷ জীৱন হৈ পৰিব মহিয় বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্ত্তীৰ অনুন্নত এটি পিছপৰা অঞ্চল৷ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ অঞ্চলটোত প্ৰতিনিয়ত মানুহৰ মুখে চৰ্চিত হৈ আহিছে ডাঃ ৰঞ্জন গগৈৰ নাম ৷ সচৰাচত চিকিৎসক বুলি কলে কেৱল ৰোগীক চিকিৎসা কৰা চিকিৎসক জনকে কোৱা হয় ৷ প্ৰকৃতাৰ্থত চিকিৎসক বুলি কলে বহল পৰিসৰৰ অৰ্থ সন্নিবিষ্ট হৈ আহিছে ৷ যত চিকিৎসা সেৱাৰ লগত নিস্বাৰ্থ মনোভাৱৰ মানৱ সেৱাও জড়িত হৈ আছে ৷ মানৱদৰদী চিকিৎসক গৰাকীয়ে নাম মাত্ৰ ১০টকাৰ মাচুল লৈ চিকিৎসা সেৱা অব্যাহত ৰখা ইতিমধ্যে বিভিন্ন সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ দুখীয়া দৰিদ্ৰ সকলৰ বাবে ডাঃ ৰঞ্জন গগৈ ভগৱান স্বৰূপ ৷ বিনা পইছাৰে বহু দুখীয়া শ্ৰেণীৰ ৰোগীক সুস্থ কৰাৰ উদাহৰন আছে ৷ আনহাতে বহু জটিল বেমাৰত ভুগি থকা ৰোগীও তেওঁৰ আলপৈচান আৰু চিকিৎসাত ভাল হোৱাৰ নজিৰ আছে ৷ যি সময়ত মানুহে লাখ লাখ টকাৰ ব্যয়বহুল চিকিৎসা কৰিও ভাল নোহোৱা ৰোগীয়ে কেৱল মাত্ৰ তেওঁৰ তত্বাৱধানত নাম মাত্ৰ ব্যয় বহন কৰি চিকিৎসা সেৱাৰে সম্পুৰ্ণ সুস্থ হোৱা এই প্ৰতিবেদকৰ দৃষ্টিগোচৰ হৈছিল ৷ মানৱসেৱাৰ মনোবৃত্তিৰে চিকিৎসা কৰিলে ভগৱানেও সহায় কৰে ৷এই কথাই যেন আছে প্ৰতিফলিত কৰিলে ডাঃৰঞ্জন গগৈৰ জীৱনাদৰ্শত ৷ যি কি নহওক তেওঁ যে এগৰাকী সুচিকিৎসক এই কথা বঢ়াই কোৱাৰ প্ৰয়োজন নাই ৷
এই প্ৰতিবেদকে তেওঁৰ বিষয়ে জানিবলৈ উৎসুকতা লৈ কাষ চাপে ৷ বগা ৰঙৰ ইচপৰ্টিং আৰু হাফপেণ্ট পৰিহিত চিকিৎসক গৰাকীয়ে পাভৈ স্থিত নিজা চিকিৎসা প্ৰতিষ্ঠানত এগৰাকী বৃদ্ধাক চিকিৎসা সেৱা আগবঢ়াই আছে ৷ওপৰলৈ মুৰ তুলি মোলৈ চাই মৃদুসুৰেৰে কলে অ ৰমেশ দেখোন কেতিয়া আহিলা ? ময়ো চমুকৈ মোৰ উদ্দেশ্যৰ কথাটো কলো ৷উৎকট গৰম আছিল দিনটো ৷কিছু সময় ৰৈ তেওঁৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিলো ৷অৱশ্যে সেইদিনাখন ৰোগী বেছি থকাৰ বাবে বিশেষ কথা পতাৰ সুবিধা নাছিল ৷চিকিৎসাৰ মাজতে তেওঁলৈ সোধা কিছু নজনা কথা আপোনাসৱৰ ওচৰত ডাঙি ধৰিবলৈ প্ৰয়াস কৰিলো ৷ ডাঃৰঞ্জন গগৈ , লক্ষীমপুৰ জিলাৰ ঘিলামৰা নিবাসী ৺তাৰানাথ গগৈ আৰু ৺নিৰদা গগৈৰ পুত্ৰ ৷১৯৬৫ চনৰ ১৮ মাৰ্চ তাৰিখে জন্মগ্ৰহণ কৰে ৷ তেওঁৰ পিতৃ আছিল এগৰাকী ৰেচম বিভাগৰ পৰিদৰ্শক ৷ সম্পুৰ্ণ গাওঁলীয়া পৰিবেশৰ মাজত ডাঙৰ দীঘল হৈছিল তেওঁ ৷আহোম পৰিয়ালৰ এই গৰাকী ব্যক্তিৰ বাল্যকাল আছিল গাওঁকেন্দ্ৰীক ৷সচৰাচত খেতি পথাৰত হালবাই ভাল পোৱা গগৈয়ে সময় পালে খাল , বিল ,নদীত বৰশী বাই সময় কটাইছিল ৷ পৰিয়ালৰ লোকক সকাহ দিয়াৰ মানসেৰে খৰি কটাৰ লগতে গৰু ৰখীয়াও কৰিছিল ৷ লগৰীয়া সকলৰ লগত নদীত সাতুঁৰি নাদুৰি ফুৰিছিল ৷পথাৰত মাছ মাৰি ফুৰাটো তেওঁৰ আছিল চখ ৷ আনহাতে বিহু বুলি কলে তেওঁৰ যেন গাত তৎ নোহোৱা হয় ৷ গৰুক গা নুৱাকে ধৰি ঘৰত সমস্ত কাম কাজ কৰাৰ প্ৰয়াস কৰে ৷ কাতি বিহুত পথাৰত চাকি বন্তি দি সকলো ধৰনৰ ঘৰুৱা কাম কৰি ভাল পাইছিল ৷ কৃষিকাৰ্যত জড়িত গাওঁলীয়া পৰিবেশত থকা পৰম্পৰাগত আহোম ৰীতিনীতিৰ মাজেৰে ডাঙৰ দীঘল হোৱা গগৈয়ে লক্ষীমপুৰ জিলাৰ ন-পুখুৰী এলপি স্কুলত প্ৰথম শ্ৰেনীত নাম লগাই শিক্ষা জীৱনৰ পাতনি মেলে ৷ পৰৱৰ্তী সময়ত প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহনৰ পাছত ঘিলামৰা আৰু পিছলৈ গোগামুখ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হয় ৷ কলেজীয়া শিক্ষা সাং কৰে নৰ্থ লক্ষীমপুৰ কলেজৰ পৰা ৷ কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত আন এক পৰিঘটনাই তেওঁৰ জীৱনৰ গতিপথ সলাই ৷এসময়ত তেওঁ বসবাস কৰা অঞ্চলটোত কলেৰীয়া , মেলেৰীয়া ডাইৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি আছিল ৷ চিকিৎসা বুলিবলৈ নাই ৷পিছপৰা অনুন্নত অঞ্চল হিচাবে চিকিৎসা কৰিব পৰা কোনো ধৰনৰ সুবিধাও নাছিল ৷ সেয়েহে তেওঁৰ চকুৰ আগত মৃত্যুৰ কিৰিলি ৷ বহু লোক চিকিৎসা অবিহনে মৃত্যুমুখত পৰিবলগীয়া হৈছিল ৷ এই ঘটনাই গগৈৰ মনত বাৰুকৈয়ে মৰ্মাহত কৰি তুলিলে ৷ পাহৰিব নোৱাৰা হৈছিল মৃত্যুমুখী ৰোগীৰ আৰ্তনাদত ৷ সেই দিনাখনৰ পৰাই তেওঁৰ মানৱ সেৱাৰ উদ্দেশ্যে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছিল ৷ সেইমৰ্মে তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি সুখ্যাতিৰে প্ৰথম বিভাগত MBBS ডিগ্ৰী লাভ কৰে ৷ পিছলৈ আৰু ঘুৰি চাবলগীয়া নহল ক্ৰমাগত ভাবে গুৱাহাটী মেডিকেল কলেজত চাৰ্জাৰী আৰু প্ৰসুতি বিভাগৰ হাউচ চাৰ্জন হিচাবে মেডিকেলৰ শিক্ষা সমাপ্ত কৰে ৷ পিছলৈ ৰঞ্জন গগৈৰ পৰা ডাঃ ৰঞ্জন গগৈ হৈ খৰাশিমলু , চতিয়া , জপৌবাৰী, পাভৈৰ চৰকাৰী চিকিৎসালয় চিকিৎসা বিষয়া হিচাবে চিকিৎসা সেৱা আগবঢ়াই ৷ বাগিচাৰ চিকিৎসা পৰিদৰ্শকৰ হিচাবে লক্ষীমপুৰ ,ধেমাজি, আৰু বিশ্বনাথ চাৰিআলিত সেৱা আগবঢ়োৱা ডাঃগগৈয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকাৎসালয়ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া হিচাবেও কাৰ্যনিৰ্বাহ কৰে ৷ চৰকাৰীভাবে এনেদৰে বিভিন্ন ঠাইত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক গৰাকীয়ে অৱশেষত মানৱ সেৱাৰ বাবে বিশ্বনাথৰ পাভৈত এখন নিজাববীয়াকৈ চিকিৎসা সেৱা প্ৰতিষ্ঠান এটি খোলে ৷ পাভৈৰ এই চিকিৎসা প্ৰতিষ্ঠানে এতিয়া হৈ পৰিছে বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্ত্তীৰ এক মাত্ৰ নিৰ্ভৰযোগ্য চিকিৎসা সেৱা প্ৰতিষ্ঠান ৷ যত মানুহে সামান্য এটি মাননীৰে চিকিংসা গ্ৰহন কৰিব পাৰে ৷ উল্লেখযোগ্য যে কভিডকালীন পৰিস্থিতিত এই চিকিৎসা প্ৰতিষ্ঠানখনৰ বাবে সহস্ৰাধিক লোকে প্ৰাণ বচাবলৈ সক্ষম হয় ৷ মাত্ৰ দহ টকাৰ মাননী লৈ নিস্বাৰ্থভাবে চিকিৎসা সেৱাত মনোনিৱেশ কৰে ৷অসম অৰুণাচল সীমান্তৱৰ্তী ৫০০ ৰো অধিক গাওঁত তেওঁৰ নিজৰ বাহনখন লৈ বিভিন্ন অঞ্চল সমুহত চিকিৎসা শিবিৰৰ আয়োজন কৰি চিকিৎসা সেৱা প্ৰদান কৰে ৷ যিটো সময়ত চিকিৎসকে কভিডৰ ভয়ত সাধাৰন চিকিৎসাৰ বাবে SOP মানি চিকিৎসা কৰিবলগীয়া হৈছিল ৷ সেই সময়ছোৱাতে এই গৰাকী সাহসী চিকিৎসকে কভিডৰ পৰিস্থিতিৰ ওচৰত হাৰ নামানি সেৱাৰ মনোভাবেৰে কৰিছিল চিকিৎসা ৷ যাৰবাবে বহু লোকে প্ৰাণ বচাবলৈ সক্ষম হৈছিল ৷ আনকি ৰোগীৰ বাবে তেওঁৰ নিজৰ ফাৰ্মাচীখনো দিনে নিশাই খোলা ৰাখিছিল ৷ যাতে ৰাইজে সকলো সময়তে চিকিৎসা গ্ৰহন কৰিব পাৰে ৷ আনহাতে বৃদ্ধ-বৃদ্ধা দুখীয়া ঘৰৰ ছাত্ৰছাত্ৰী সকলকো এই পৰ্যন্ত বিনামুলীকৈ চিকিৎসা প্ৰদান কৰি আহিছে ৷ কেৱল যে চিকিৎসা সেৱাৰ মাজত সীমাবদ্ধ আছিল সেয়া নহয় সমান্তৰালকৈ দীন দৰিদ্ৰ মানুহৰ মাজত খাদ্য সামগ্ৰীকে ধৰি অন্যান্য প্ৰয়োজনীয় সা-সামগ্ৰীৰো যোগান ধৰিছিল ৷ মহানুভৱতাৰ পৰিচয় দিয়া চিকিৎসক গৰাকীয়ে সকলো সময়তে দৰিদ্ৰ মানুহৰ অভাৱ অভিযোগ পুৰণত আহোপুৰুষাৰ্থ চেষ্টা কৰিছিল ৷ স্বাস্থ্যৰ লগতে শৈক্ষিক ক্ষেত্ৰতো তেওঁৰ অৱদান আছে উল্লেখনীয় ৷ পাভৈতে নিজা ব্যক্তিগত প্ৰচেষ্টাত পাভৈ জুনিয়ৰ কলেজ এখন স্থাপন কৰি অসম অৰুণাচল সীমান্তৱৰ্তী ৰাইজৰ বহু দিনীয়া অভাৱ পুৰণ কৰিছিল ৷ সচৰাচৰ এই বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত বিশ্বনাথ চাৰিআলিৰ বাহিৰে উচ্চতৰ শাখাত পঢ়িব পৰা বিশেষ সুবিধা নাছিল ৷ সেয়েহে উচ্চতৰ শাখাৰ পাভৈ জুনিয়ৰ কলেজ নামৰ শিক্ষা প্ৰতিষ্ঠান খোলাৰ পাছত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰছাত্ৰী সকলৰ বাবে পঢ়াৰ ক্ষেত্ৰত কিছু হলেও সকাহ পাবলৈ সক্ষম হয় ৷ তদুপৰি দুখীয়া ঘৰৰ ছাত্ৰছাত্ৰী সকলক বিনামুলীয়াকৈ শিক্ষা গ্ৰহনৰ সুবিধা দিয়াৰ উপৰিও চাইকেল পৰ্যন্ত দি সহায় কৰি আহিছে চিকিৎসক গৰাকীয়ে ৷ আনকি মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰশাসনিক বিষয়া হব পৰাকৈ পঢ়াৰ বাবে সুবিধাও প্ৰদান কৰিছে ৷ মানৱ দৰদী চিকিৎসক গৰাকী সমাজসেৱক হিচাবেও জিলাখনত এক সুনাম আছে ৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , উৎসৱ পাৰ্বন , সভা সমিতিত জড়িত থাকি মানৱ সেৱাত সৰ্বদা প্ৰস্তুত হৈ থাকে ৷ অসহায় লোকক পাৰ্যমানে সহায় কৰি আহিছে ৷বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মালম্বী ভাষাভাষী লোকৰ মাজত একতা সমন্বয় স্থাপনৰ বাবে বিভিন্ন ধৰনৰ সাংস্কৃতিক কাৰ্যসুচীৰ পদক্ষেপো গ্ৰহন কৰা পৰিলক্ষিত হয় ৷তেওঁৰ নিজা একক প্ৰচেষ্টাত আদিবাসী চাহ শ্ৰমিক ৰাইজক লৈ কৰম পৰৱ আয়োজন কৰি এক সমন্বয়ৰ সুন্দৰ নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হয় ৷ তেওঁৰ সেৱা মনোভাৱাপন্নতাৰ বাবে ৰাইজে সদায় তেওঁক লৈ গৌৰৱ অনুভৱ কৰে ৷ সময়ৰ আহ্বান মৰ্মে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে সামাজিক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জড়িত হৈ পৰা এই গৰাকী চিকিৎসকে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে ৷ একেদৰে বিশ্বনাথ জিলা সাঁতোৰ সন্থাৰ সভাপতিৰ দৰে সন্মানজনক পদতো অধিষ্ঠিত হৈ আছে ৷ বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি পদত এই পৰ্যন্ত সেৱা আগবঢ়াই আছে ৷ আহোম জাতীয় মহাসভাৰ বিশ্বনাথ জিলা সভাপতি হিচাবেও নিষ্ঠাৰে নিজা দায়িত্ব পালন কৰা চিকিৎসক গৰাকীয়ে বিশ্বনাথ জিলা সত্ৰ মহাসভাৰ সভাপতি , JSP ৰ কাৰ্যকৰী সভাপতি , বিশ্বনাথ সমষ্টিৰ JSPৰ সভাপতি ৰূপে নিজা দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ সক্ষম হৈছে ৷ কেৱল জিলা ভিক্তিতে নহয় ৰাজ্যিক ভিক্তিত বিজেপি দলে অৰ্পণ কৰা দায়িত্বও পালন কৰি এগৰাকী ৰাজনৈতিক সুসংগঠক হিচাবেও চৰ্চাত আছে ডা°ৰঞ্জন গগৈৰ নাম ৷সুদীৰ্ঘ দহ বছৰৰ ধৰি ভাৰতীয় জনতা দলৰ কেন্দ্ৰীয় সদস্য হিচাবে সাংগাঠনিক কামত জড়িত হৈ আছে ৷ ক্ৰমাগতভাৱে দুটাকৈ কাৰ্যকালৰ বাবে বিশ্বনাথ জিলা বিজেপিৰ উপসভাপতিৰ দৰে পদত আছে ৷ এসময়ত বিশ্বনাথ জিলা বিজেপিৰ সাধাৰন সম্পাদক হিচাবেও আছিল ৷দুটা কাৰ্যকালৰ বাবে শোণিতপুৰ জিলা , ধেমাজী জিলাৰ প্ৰভাৰীৰ দায়িত্ব পালন কৰাৰ বিপৰীতে লক্ষীমপুৰ জিলাত সহ-প্ৰভাৰী ৰূপে নিজা সাংগঠনিক দায়িত্বৰ উপৰিও বুথ সৱলীকৰণৰ বাবে ওদালগুৰি জিলা আৰু গোৱালপাৰা জিলাত প্ৰভাৰী হিচাবে পালন কৰি আছে নিজা দায়িত্ব ৷ চৰকাৰীভাবে বৰ্তমান অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ (Vice Chairman) হিচাবে আছে ৷ সামাজিক স্বীকৃতি স্বৰূপে তেওঁ ৰ’দ গোষ্ঠীৰ দ্বাৰা সমাজহৈতেষী বঁটা লাভ কৰাৰ লগতে অসম খবৰ নিউজ মেডিয়াৰ তৰফৰ পৰা অলপতে সমাজ সেৱকৰ বঁটা লাভ কৰে ৷
ইয়াৰ উপৰিও বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান , দল সংগঠন আদিয়ে বিভিন্ন সময়ত আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট আসন অলংকিত কৰি অহা চিকিৎসক জনক সম্বৰ্দ্ধনা জনাই আহিছে ৷এই দৰে দেশ দহৰ বাবে কাম কৰি অহা ডাঃ ৰঞ্জন গগৈৰ সহধৰ্মিনী ডাঃ জোনালী গগৈ বৰ্তমান বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হিচাবে চৰকাৰী স্বাস্থ্য বিভাগৰ সেৱা আগবঢ়াই আছে ৷ তেওঁৰ পুত্ৰ দিব্যজ্যোতি গগৈ বৰ্তমান অভিযন্তা হিচাবে চাকৰি কৰি আছে ৷আৰু একমাত্ৰ কন্যা সোনালী গগৈয়ে সম্প্ৰতি আমেৰিকা Management Degree সম্পুৰ্ণ কৰি চাকৰি কৰি থকা জানিব পৰা গৈছে ৷এইদৰে নিষ্ঠা সহকাৰে কৰ্মময় জীৱনৰ মাজত সকলো ধৰনৰ ৰাজহুৱা দায়িত্ব পালন কৰা চিকিৎসক গৰাকীৰ কৰ্মদক্ষতাক সকলোৱে শলাগ লয় ৷এনে এগৰাকী মানৱদৰদী চিকিৎসক গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৰাইজে
No comments