আদিবাসী চাহ জনজাতি সকলৰ কৰম পৰৱ আহিছে ... পূজাৰ কাহিনী কোৱা বুঢ়া নিৰ্দেশ অনুসৰি এগচি চাকি জ্বলাই কৰি ধূপ-ধূনা দি পবিত্ৰ অন্তৰেৰে মনৰ আশা পূ...
আদিবাসী চাহ জনজাতি সকলৰ কৰম পৰৱ আহিছে
...পূজাৰ কাহিনী কোৱা বুঢ়া নিৰ্দেশ অনুসৰি এগচি চাকি জ্বলাই কৰি ধূপ-ধূনা দি পবিত্ৰ অন্তৰেৰে মনৰ আশা পূৰ্ণ কৰাৰ কামনাৰে পূজাত বহে ...
লক্ষীৰাম কুৰ্মি
অসমৰ আদিবাসী চাহ জনজাতি লোক সকলৰ কৃষিভিত্তিক পৰৱ সমূহৰ ভিতৰত কৰম পৰৱ হৈছে অন্যতম প্ৰধান পৰৱ।
আদিবাসী চাহ শ্ৰমিক লোকসকলৰ কৃষিভিত্তিক কৰম পৰৱ ভাদ মাহৰ শুক্লা একাদশীৰ দিনাৰ পৰা আৰম্ভ হয়। এই কৰম পৰৱ পাঁচ/সাত/ন- দিনৰ আগতে জাৱা উঠোৱা বা ধৰাৰ নিয়ম আছে।
এই জাৱা উঠোৱা বা ধৰাৰ নিয়ম গাঁৱৰ পাচঁ/সাত জনী কুমাৰী যুৱতীয়ে কৰে। ৰাতিপুৱা গা ধুই নদীৰ পাৰত জাৱা উঠাবলৈ যায়। জাৱা ধৰিবলৈ দুটাকৈ বাঁহৰ পাচি বা টোপা প্ৰয়োজন হয়। এই পাচিটোক কুড়মালি ভাষাত ডালি বুলি কয়। কুমাৰী যুৱতী সকলে যিদিনা জাৱা ধৰাৰ নিয়ম কৰিব সেইদিনা ব্ৰতত থাকি নদীৰ পাৰত পাচিত বালি-মাটি ভৰাই তাত মাটিমাহ,বুটমাহ, মগু, গোমধান, যৱধান, আদি শস্যৰ বীজ সিঁচি দিয়ে। শস্যৰ বীজ সমূহ সিঁচি প্ৰত্যেকে নিজৰ নিজৰ সিঁচা বীজৰ অংশ চিনাক্তকৰণৰ বাবে একোটাকৈ বাঁহৰ সৰু কাঠি বা কঁহুৱা ফুলৰ ঠাৰিৰে যুৱতী সকলে চিন দি লয়। বীজ বোৰ নষ্ট বা বেয়া নহ'বৰ বাবে হালধি পানী ছটিয়াই দিয়া হয়। পাচিত শস্যৰ বীজ বোৰ সিচি দিয়া পৰ্বটোক জাৱা উঠা বুলি কোৱা হয়। জাৱা উঠা বা ধৰা যুৱতী সকলক কৰমতী বুলি কয়।
চাকি-বন্তি, আদিৰে যাৱতীয় নীতি-নিয়ম কৰাৰ পাছত কৰমতীসকলে জাৱা টুকুৰীক কেন্দ্ৰ কৰি শাৰী পাতি বৃত্ত আকাৰে ঘুৰি ঘুৰি জাৱা ধৰা গীত গায়। এনেদৰে যাৱতীয় নীতি-নিয়ম মাজেৰে জাৱা ধৰা পৰ্ব সম্পূৰ্ণ হয়। জাৱা ধৰা পাচি টো সকলো কৰমতীয়ে একেলগে ধৰি লগৰ দুজনীৰ মূৰত উঠাই পুখুৰী নাইবা নদীৰ পানী এঘটি লৈ ঘৰলৈ আহে। জাৱা ধৰা পাচি দুটা লৈ আহি এটা আছুতীয়া কোঠাত থৈ দিয়া হয়।
যিসকল যুৱতীয়ে কৰম ব্ৰত পালন কৰে তেওঁলোকে নীতি নিয়ম অনুসৰি প্রতিদিন সন্ধিয়া গৃহস্থৰ চোতালত জাৱা ডালি (পাচি) পৰম্পৰা বিধি মতে উলিয়াই আনি গৃহস্থ ঘৰৰ চোতালৰ মধ্যম স্থানত পূব দিশত জাৱা ডালি (পাচি) স্থাপন কৰি পাচিটোক কেন্দ্ৰ কৰি বৃত্তকাৰে ঘূৰি ঘূৰি জাৱা গীত গায়।
এই অনুষ্ঠানটোক জাৱা জাগৰণি বুলি কোৱা হয়। জাৱা জাগৰণি অনুষ্ঠানত প্ৰতিটো সন্ধিয়া নীতি নিয়ম অনুসৰি বেলেগ বেলেগ গীত গোৱা হয়। প্ৰথম দিনা গোৱা গীত দ্বিতীয় দিনা নাগায়। তৃতীয় দিনা জাৱা শস্যৰ অংকুৰ বিলাক সুস্থ-সবল হ’বৰ বাবে গোবৰ পানী ছটিয়াই, চতুৰ্থ বা পঞ্চম দিনা হালধী পানী ছটিয়াই দিয়ে। জাৱা ধৰা অনুষ্ঠানত কোনোবা কৰমতী উপস্থিত থাকিব নোৱাৰিলে তৃতীয় দিনা জাৱা ডালিত (পাচি) নিজৰ নামত কঁহুৱা ফুলৰ ঠাৰি বা বাহঁৰ কাঠি পুতি কৰম ব্ৰত ধৰি কৰমতী হ’ব পাৰে। নিৰ্দিষ্ট জাগৰণী পৰ্ব শেষ হোৱাৰ পাছত জাৱা ডালিত (পাচিত) সেৱা জনায় ঘৰৰ ভিতৰত থয়। সেই সময়ত অংকুৰিত জাৱাসমূহক নিগনিয়ে যাতে নষ্ট নকৰে তাৰ বাবে নিগনিক সতৰ্ক কৰি গীত গায়।
এনেদৰে____
“জাৱা না’কুটৱে মুচা জাৱা না’কুটৱে
কচু পাতে চেকব মুচা
লুৱাঠি আগে বলবে।
জাৱা না'কুটবে মুচা জাৱা না'কুটবে
গণেশ বাবাক সেৱা মুচা
ইন্দ্ৰ ৰাজাক দোৱা ৷”
এনেদৰে জাৱা জাগৰণী পৰ্ব শেষ হোৱাৰ পাছত কৰমতীসকলে চোতালত সমবেত হৈ ঝুমইৰ
নাচ-গানৰ আখড়া বান্ধে। এইদৰে প্রতিটো সন্ধিয়া জাৱা জাগৰণৰ পিছত নিশাৰ প্রথম প্ৰহৰলৈকে ঝুমইৰ নাচ-গান কৰে।
এনেদৰে অনুষ্ঠানটো নিয়ম নীতিৰে পাৰ হৈ থকাৰ মাজতে কৰম পূজাৰ নিৰ্দিষ্ট একাদশী বা পূৰ্ণিমাৰ আগদিনা কৰমতীসকলে মানি লোৱা কৰম ভায়েক হাবি জংঘলত গৈ পূজাৰ বাবে ডাল নিৰ্বাচন কৰি সেই সন্ধিয়া গছৰ তলত নিৰ্দিষ্ট নীতি নিয়ম মতে চাকি এগছি জ্বলাই কৰি পূজাৰ বাবে আমন্ত্ৰণ জনাই আহে৷ কৰম ভায়েকে (কৰমতীসকলে মানি লোৱা) পূজাৰ দিনা কৰমতীসকলৰ দৰে উপবাসে থাকি নিৰ্দিষ্ট সময়ত আগলি কলপাত বা কাঁহীত
পূজাৰ সামগ্ৰী চাকি বন্তি, ধূপ-ধুনা , সেন্দুৰ, কাজল, মাহ-প্রসাদ, পিঠা ৰুটি ,আদি লৈ কৰমতীসকলক লগত লৈ কৰম ডাল আনিবলৈ যায়। কৰম গছৰ তলত নীতি নিয়ম অনুসৰি পূজা-অৰ্চনা কৰি কৰম ভায়েকে কটাৰীৰে একে চেৱত ডাল কাটে। লগে লগে কৰমতীসকলে ডাল মাটিত পৰিবলৈ নিদিয়াকে ওপৰতে ধৰি নাচ-গান আৰম্ভ কৰি দিয়ে। ইয়াৰ পাছত কৰমডাল লৈ উল্লাসিত খোজেৰে সকলোৱে নাচ-গান কৰি ঘৰলৈ ওভতি আহে। কৰমডাল লৈ গৃহস্থৰ চোতাল পোৱাৰ পিছত গৃহস্থই কৰম ডালক নীতি-নিয়ম অনুসৰি ঘটি পানীৰে ধোৱাই লৈ
চাউল,আখৈ, দুবৰীবনৰে চুমন কৰি কৰমডালক গাত খান্দি ৰোপণ কৰে। লগে লগে কৰমতীসকলে নিজৰ নিজৰ ঘৰলৈ গৈ ফুল, প্রসাদ,
পিঠাৰুটি ,চাকি-বাতি,আদি পূজাৰ সামগ্ৰী, চুপত সজাই পৰাই লৈ পৰম্পৰাগত লালপাৰী শাৰী, আ-অলংকাৰ পৰিধান কৰি পূজাস্থলীত উপস্থিত হয়। সকলো কৰমতী উপস্থিত হোৱাৰ পিছত নিৰ্দিষ্ট নিয়মেৰে পুনৰ জাৱা গীত পৰিবেশন কৰি জাৱা পাচিসমূহ বাহিৰলৈ আনি কৰম ডালৰ তলত থৈ পূজাৰ কাহিনী কোৱা বুঢ়া নিৰ্দেশ অনুসৰি এগচি চাকি জ্বলাই কৰি ধূপ-ধূনা দি পবিত্ৰ অন্তৰেৰে মনৰ আশা পূৰ্ণ কৰাৰ কামনাৰে পূজাত বহে আৰু মনোযোগ দিয়ে। কাহিনী বুঢ়াই কৰম পূজাৰ আখ্যানমূলক কাহিনী ক’বলৈ আৰম্ভ কৰে। কাহিনী শেষ হোৱাৰ পাছত কৰমতীসকলে কৰমডালত সূতা বান্ধে। যিমান বছৰ কৰম পূজা পালন কৰি আহিছে, সিমান পাক ঘুৰাই সূতা বান্ধে। কৰম কাহিনী আৰু পূজাৰ কাজ সমাপন হোৱাৰ পাছত আৰতী গীত পৰিৱেশন কৰে। আৰতী গীত পৰিৱেশনৰ অন্তত
কৰমতীসকলৰ কৰম পূজা কৰাৰ উদ্দেশ্যে আৰু ফলাফল লাভ কৰাৰ সন্দৰ্ভত কাহিনী বুঢ়াই পৰস্পৰে পৰস্পৰৰ মাজত প্রশ্ন কৰি উত্তৰ বিচাৰে। যেনে –
প্ৰশ্ন: কেকৰ কৰম, কেকৰ ধৰম?
উত্তৰ: হামৰ কৰম, ভাইক ধৰম।
প্ৰশ্ন: ‘কৰম কৰকে কি পালি মায়া চব'
উত্তৰ: কহঁৰা এচন বেটা পালি, হামৰ মনে খজা ফল। এনেদৰে প্ৰশ্ন-উত্তৰ হোৱাৰ পিছত পূজা সামৰণি হয় আৰু কৰমতীসকলে সমবেত ৰাইজক প্ৰসাদ বিতৰণ কৰে। প্ৰসাদ বিতৰণ কিছুসময়ৰ পাছত কাহিনী বুঢ়ায়ে ঝুমইৰ নাচ-গানৰ আখড়া শুভাৰম্ভণি কৰে। কাহিনী বুঢ়াই ৰাইজৰ বাবে আখড়া মুকলি কৰা পাছত সকলোৱে ঢোল-মাদলৰ চেঁৱে চেঁৱে নাচিব ধৰে। এনেদৰে প্ৰথম প্ৰহৰৰ পৰা (আগবেলা ৰাতি) দোকমোকালি ৰাতিপুৱা লৈকে ঢোল-মাদলৰ চেৱত নাচ-গান কৰে। ৰাতিপুৱা নাচ-গানৰ মাজতে এজনী নাইবা দুইজনী কৰমতীয়ে কৰমডাল বিসৰ্জনৰ বাবে সকলোবোৰ পূজাৰ সামগ্ৰী নিৰ্দিষ্ট এক পাচিত গোটাই লয় আৰু লগে লগে নিয়ম নীতি অনুসৰি কৰমডাল উঘালি বিসৰ্জনৰ বাবে কৰমতীসকলে আগবাঢ়ে। এনেদৰে গীত-মাত কৰি আনন্দ ফুৰ্তিৰ মাজত নৈ নাইবা জানৰ ঘাটত নিৰ্দিষ্ট নীতি নিয়মৰ মাজত কৰম পূজাত ব্যৱহাৰিত সকলো সামগ্ৰী যেনে- জাৱা, টুকুৰী, পূজাত উচৰ্গিত সামগ্ৰীসমূহৰ লগতে কৰম ডালক পানীত বিসৰ্জন কৰি সামৰণি মাৰে। আকৌ বিসৰ্জন কৰা দিনা গধূলি পুনৰ কৰমডালৰ গাঁতৰ কাষত চাকি-বন্তি জ্বলায় আৰু একো মুঠি মাটিৰে গাঁতটো পুতি পেলায়। এই পর্বক ‘গাড়া ভোতা’ (গাত বন্ধ কৰা) বুলি কোৱা হয়। অসমৰ কোনো কোনো ঠাইত কৰম পূজা অনুষ্ঠিত হোৱাৰ আঠ দিনৰ দিনাহে গাড়া ভোতা অনুষ্ঠান কৰে। সময়ৰ লগে লগে বিভিন্ন কাৰণত অৱশ্যে
পৰম্পৰাগত নিয়মৰ কিছু সাল-সলনি হোৱাও দেখা যায়। মূলত: কৃষিভিত্তিক এই কৰম পূজা আদিবাসী চাহ জনজাতি সমাজৰ পূজা-পাৰ্বণসমূহৰ ভিতৰত আটাইতকৈ আড়ম্বৰপূৰ্ণ, উৎসাহ ভৰা আৰু গুৰুত্বপূৰ্ণ উৎসৱ বুলি গণ্য কৰা হয়।
তলত দুটামান গীত উল্লেখ কৰা হ’ল-
জাৱাগীত-
এটি এটি জাৱা
কিয়া কিয়া জাৱা
ধান বনাই'ল!
চেহসৰে ধানা
এক পাচী ছাইৰে।
ডাল আদৰি আনিবলৈ যোৱা সময়ত গোৱা গীত –
“দে দাদা দে দাদা,
ডাইৰ কাইট দে
দে ভজি দে ভজি ,
ৰটি ছাইক দে।
দে ভজি দে ভজি
শাৰী পিন্ধাই দে
দে ভজি দে ভজি
ডাইৰ ঝইক দে।
কাহিনী কোৱা বুঢ়াই কৰম দেৱতাক আদৰণি জনোৱা গীত-
নৱা ডালি নাৱা চুপ নাৱাৰে কৰমতী,
বাইৰ দিয়া হৌ লাল ৰেচম কে বাতি
আইজ ৰে কৰ্মা কেৰ ৰাতি
ভাদকে একাদশী পূর্ণিমা তিথি।
কৰমা গাড়াইল ৰাতি
ডাইৰ ধৰে বৰ মাগে
যতৰে উপাচি
আইজৰে কৰমাকেৰ ৰাতি ।
ঝুমইৰ আখঢ়া গীতঃ
“আখঢ়া বন্দনা কৰি
সৰস্বতী মাইগ বলি
আখঢ়া বন্দনা ব্ৰত নাৰী
মদনে ঝুমুইৰ লাগল ভাৰি।"
No comments