দৰিদ্ৰ পৰিয়ালৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ : 'চাবুৱা আইডল' শ্যাম কুমাৰ নাগৰ অনন্য যাত্ৰা ... আদিবাসী চাহ জনগোষ্ঠীৰ গীত মাতক এক সুকীয়া মাত...
দৰিদ্ৰ পৰিয়ালৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ : 'চাবুৱা আইডল' শ্যাম কুমাৰ নাগৰ অনন্য যাত্ৰা
...আদিবাসী চাহ জনগোষ্ঠীৰ গীত মাতক এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে কন্ঠশিল্পী গৰাকীয়ে ৷আনকি অসমৰ লগতে বৰ্হিৰাজ্যতো গীত পৰিবেশন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে...
ৰমেশ চন্দ্ৰ চৰেণ
সংগীতৰ সাধনাত নিৰৱছিন্ন ভাবে লাগি থকা অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী শ্যাম কুমাৰ নাগ ৷ তেওঁ সংগীত জগতত বিশেষ নাম থকা এগৰাকী কণ্ঠশিল্পী হিচাবে সৰ্বত্ৰে জনাজাত ৷ আদিবাসী চাহ জনগোষ্ঠীৰ গীত মাতক এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে কন্ঠশিল্পী গৰাকীয়ে ৷আনকি অসমৰ লগতে বৰ্হিৰাজ্যতো গীত পৰিবেশন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ হীৰা যিদৰে জিলিকে ৷ তদ্ৰুপ বিশ্বনাথ জিলাৰ শ্যাম কুমাৰ নাগেও সংগীত জগতত জিলিকি থকা এক ভোটাতৰা ৷ চতিয়াৰ উত্তৰে ঘিলাধাৰী চাহ বাগিচাত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পিতৃ প্ৰয়াত বিজয় নাগ মাতৃ শিৱানীৰ নাগৰ জেষ্ঠ পুত্ৰ ৷ঘিলাধাৰী চাহ বাগিচাৰ সেউজ পৰিবেশৰ মাজত ডাঙৰ দীঘল হোৱা নাগে কিশোৰকালত আৰ্থিক দৈন্যতাত ভুগিছিল ৷ তথাপিও শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথাটো ভালকৈয়ে অনুধাৱন কৰিব পাৰিছিল ৷ আনহাতে বাগিচাৰ গাতে লাগি থকা দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বিদ্যায়তনিক এক পৰিবেশ বৃহত্তৰ অঞ্চলটোত বিৰাজমান হৈ আছিল ৷ সেয়েহে শ্যাম কুমাৰ নাগে পঢ়াৰ ক্ষেত্ৰত বিশেষভাবে উদ্বুদ্ধ হৈছিল ৷ ইয়াৰ উপৰিও তেওঁৰ পিতৃ-মাতৃয়েও পঢ়াশুনাৰ ক্ষেত্ৰত কৃপনালি কৰা নাই ৷ ৷দৰিদ্ৰতাৰ মাজতো এনেদৰে স্থানীয় ঘিলাধাৰী এলপি স্কুলত নামভৰ্তি কৰি শ্যাম কুমাৰ নাগে শিক্ষা জীৱনৰ পাতনি মেলে ৷পিছলৈ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই তেওঁৰ শিক্ষা জীৱনৰ ইতি পৰে ৷ শিশু কালৰে পৰা নাগে সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল ৷ নিৰৱে সাধনা কৰি গৈছিল সংগীতৰ ৷ পঢ়ি থকা কালত বিভিন্ন সময়ত হোৱা কৃষ্টি প্ৰতিযোগিতা সমুহত অংশগ্ৰহণ কৰি নিজা কৃতিত্বৰ পৰিচয় দিছিল ৷ আনহাতে সংগীতৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰতো সমানে পাৰদৰ্শিতা থকা নাগে বিভিন্ন প্ৰান্তত হোৱা ক্ৰিকেট ভলিবল ,ফুটবল প্ৰতিযোগিতা সমুহত অংশগ্ৰহণ কৰি এগৰাকী সু- খেলুৱৈ হিচাবেও এক সুকীয়া পৰিচয় আছে ৷বৰ্হিৰাজ্যতো ক্ৰিকেট খেল খেলি অঞ্চলটোৰ সুনাম কঢ়িয়াই আনে ৷ সংগীত চৰ্চাৰ মাজতে কণ্ঠশিল্পী গৰাকীয়ে ২০০৫ চনত মোনাবাৰীৰ নীলা মহানন্দৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ বিবাহৰ পাছতে বাগিচাখনতে সৰুসুৰা ঠিকা ঠুকুলি কৰি পত্নী দুই পুত্ৰ সহ পৰিয়ালটিক চলাই আছিল ৷ সময়ৰ লগে লগে সংগীতৰ প্ৰতি দুৰ্বাৰ টান থকা নাগে সাংস্কৃতিক জগতত একানপটীয়াকৈ মনোনিৱেশ দিয়ে ৷ এসময়ত স্কুলীয়া জীৱনত গীত গাই ফুৰা নাগে অসমৰ বিভিন্ন প্ৰান্তত হোৱা অনুষ্ঠান প্ৰতিষ্ঠানত গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰে ৷আনুষ্ঠানিক ভাবে দিকৰাইত অনুষ্ঠিত হোৱা আটছাৰ অধিবেশনত প্ৰথমবাৰ শ্যাম কুমাৰ নাগে গীত পৰিবেশন কৰি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে ৷ পিছলৈ আৰু ঘুৰি চাবলগীয়া নহল ৷অসমৰ বিভিন্ন প্ৰান্তত হোৱা অনুষ্ঠান আদিত গীত পৰিবেশন কৰাৰ সুবিধা লাভ কৰে ৷আনকি বৰ্হিৰাজ্যত যেনে উৰিষ্যা, অৰুণাচল প্ৰদেশ, পশ্চিমবংগতো গীত পৰিবেশন কৰি আহিছে ৷ এনেদৰে ধাৰাবাহিকভাবে গীত পৰিবেশন কৰি সংগীত জগতৰ খুপনি পুতিবলৈ সমৰ্থ হয় ৷ জনপ্ৰিয়তাৰ শীৰ্ঘত থকা কণ্ঠশিল্পী গৰাকীয়ে নিউজলাইভ , ডি ওৱাই 365 , প্ৰতিদিন টাইমৰ দৰে চেটেলাইট চেনেলত সাক্ষাৎকাৰৰ মাজে মাজে গীত পৰিবেশন কৰি বিশেষ চৰ্চালৈ মাজলৈ আহে ৷আনকি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ লগতো গীত পৰিবেশনৰ সুযোগ লাভ কৰে ৷ ইমানতো ক্ষান্ত নাথাকি কণ্ঠশিল্পী গৰাকীয়ে মাদল , শাওন ভাদৰ মাসে , আসামেৰ উড়িয়া, জালেৰ মাছ গালে , বাঁহ গাচ্ছে বকলি বচ্চে , হেপী নিউ ইয়েৰ , দুৰ্গাপুজাৰ গীত , আদি নিতৌ নতুন নতুন গীত ৰচনা কৰি সুৰ সজাই নিজে কণ্ঠদান কৰি অডিঅ , ভিডিঅ এলবাম নিৰ্মাণেৰে ৰাইজৰ মাজত সমাদৃত হয় ৷ একাধিক ভিডিঅ এলবামত তেওঁ নিজেও সুন্দৰকৈ নৃত্যাভিনয় কৰিছে ৷ তেওঁৰ নিজা প্ৰচেষ্টাত চাহ বাগিচাক ভিক্তি কৰি “চাবুৱা আইডল' নামেৰে এক জনপ্ৰিয় ভিডিঅ এলবাম নিৰ্মান কৰি ৰাইজৰ মাজত এক খলকনিৰ সৃষ্টি কৰিছিল ৷এসময়ত মানুহৰ মুখে মুখে চাবুৱা আইডলৰ গীত শুনা গৈছিল ৷ আনকি আঁখিয়া নামৰ বোলছবিতো অভিনয় কৰে ৷ ইয়াৰ উপৰিও অসমীয়া উড়িয়া নেপালী ,বড়ো ,বেংগলীকে ধৰি কেইবাটাও ভাষাত গীত গাই দপদপাই আছে সকলোৰে মৰমৰ শ্যাম কুমাৰ নাগ ৷ অলপতে শিল্পী হিচাবে বিটিআৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰাগাম দা বড়োলেণ্ড সাংস্কৃতিক তৰফৰ পৰা বঁটা লাভ কৰে ৷ উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ উড়িয়া গীত-নৃত্যৰ প্ৰতিযোগিতাত গীত গাই প্ৰথম স্থান লাভ কৰি বঁটা লাভ কৰে ৷ইয়াৰ উপৰিও ২০২১ চনত অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী হিচাবে স্বীকৃতি লাভ কৰে ৷ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বিশেষভাবে সম্বৰ্দ্ধিত হৈ আহিছে ৷ তদুপৰি বিভিন্ন সামাজিক সংগঠনৰ ভিতৰত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা , অসম চাহ জনগোষ্ঠী সাহিত্য সভা তথা অলপতে গঠন হোৱা “ঝুমইৰ সন্মিলনী অসম ” নামৰ সাংস্কৃতিক সংগঠনত জড়িত থাকি সাংগঠনিক কামকাজৰ উপৰিও বিভিন্ন সমাজহৈতেষী সামাজিক কামত জড়িত হৈ আছে ৷ ইতিমধ্যে কৰম পৰৱৰ সময় সমাগত ৷ সেয়েহে কণ্ঠশিল্পী গৰাকীয়ে গীত পৰিবেশনৰ বাবে সাজু হৈ থকাৰ লগতে গীতৰ এলবাম নিৰ্মাণৰ কামতো মনোনিৱেশ কৰা বুলি এই প্ৰতিবেদকক জানিব দিয়ে ৷
No comments