Page Nav

HIDE

Grid

GRID_STYLE

আদিবাসী- চাহজনগোষ্ঠীৰ সাংস্কৃতিক জগতৰ নায়ক — মংগল নায়ক

কৰম কাহিনীকাৰ, শিল্প-সাহিত্য সাধনাৰ অনন্য যাত্ৰা চাহবাগিছাৰ এগৰাকী সন্তানৰ ... সংগীত সাধনাৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰতো সমানে পাৰদৰ্শিতা ...


কৰম কাহিনীকাৰ, শিল্প-সাহিত্য সাধনাৰ অনন্য যাত্ৰা চাহবাগিছাৰ এগৰাকী সন্তানৰ



...সংগীত সাধনাৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰতো সমানে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা মংগলে বিভিন্ন কাকত আলোচনীত চুটিগল্প ,কবিতা , প্ৰবন্ধ আদি লেখা-মেলা অব্যাহত ৰাখে...




ৰমেশ চন্দ্ৰ চৰেণ

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি সাংস্কৃতিক ক্ষেত্ৰৰ অপুৰ্ব সমাহাৰ তথা সমন্বয়েৰে  পুষ্ট অসমৰ ডিব্ৰুগড় জিলাৰ নামৰূপ ৷ এই নামৰূপতেই কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিছালক ৰূপে  মংগল নায়ক , কণ্ঠশিল্পী বৰ্ণালী কলিতা ,যোগেশ ফুকনৰ দৰে  স্বনামধন্য শিল্পীৰ  জন্ম হৈছে ৷ নামৰূপ চাহ বাগিচাত জন্ম লাভ কৰা মংগল নায়কৰ  পিতৃ মহিন্দ্ৰ(চমৰা)নায়ক আৰু  মাতৃ শান্তি নায়ক৷ আদিবাসী চাহ জনগোষ্ঠীসকলৰ কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত অতিকৈ চহকী, মেটমৰা ভৰাল স্বৰূপ ৷ সংস্কৃতিক জগতক  ঐতিহ্যমণ্ডিত কৰি তুলিবৰ বাবে যেন মংগল নায়কৰ জন্ম হৈছিল   ৷ হয় ,  অভাব অনাটনৰ ওচৰত কেতিয়াও হাৰ মানিব নিবিচৰা নেৰানেপেৰা প্ৰচেষ্টাৰ বলত  ভবিষ্যতে শিল্পী হোৱাৰ সপোন দেখা মংগলে দিঠকলৈ পৰিণত কৰিলে ৷ পঢ়ি থকা  অৱস্থাতে নামৰূপ সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু  গুৰু লক্ষ্যধৰ চৌধুৰীৰ সানিধ্যত সংগীতৰ   শিক্ষা আৰম্ভ কৰে ৷নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মংগলে প্ৰবেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত গুৱাহাটীৰ বি .বৰুৱা মহাবিদ্যালয়ত কলা শাখাত নামভৰ্তি কৰে ৷গুৱাহাটীত তেওঁ  পুনৰ সংগীত গুৰু নন্দ বেনাৰ্জীৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহন  কৰে  ৷ সংগীতৰ লগতে শৈক্ষিক দিশতো সমানে সমানে আগবঢ়াই নিবলৈ সক্ষম হোৱা মংগল নায়কে  অৰ্থনৈতিক বিজ্ঞানত স্নাতক ডিগ্ৰী  লাভ কৰে ৷ ডিগ্ৰী লাভ কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে কটন কলেজিয়েটত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে৷ ইফালে সংগীত জগতত প্ৰবেশ ঘটা মংগলে  গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়  ৷সমসাময়িকভাৱে তেওঁ গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ , গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰ আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত  “চাহ শ্ৰমিকৰ আচৰ” নামৰ অনুষ্ঠানত   গীত পৰিবেশন কৰে ৷ পৰ্যায়ক্ৰমে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত “চাহ শ্ৰমিকৰ আচৰ” অনুষ্ঠানটিত ৫  বছৰ ঘোষক হিচাবেও  কাম কৰে ৷ ইয়াৰ উপৰিও  সংগীত সাধনাৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰতো সমানে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা মংগলে  সাদিন বাতৰি কাকত , দৈনিক জনমভূমিৰ লগতে অসমৰ বিভিন্ন আলোচনীত চুটিগল্প ,কবিতা , প্ৰবন্ধ আদি লেখা-মেলা অব্যাহত ৰাখে ৷ লগতে “ফুল ফুলাৰ যাত্ৰা” নামৰ কবিতাৰ  সংকলন এটি  প্ৰকাশ কৰে ৷ আনহাতে সাদিন কাকতত “চাহ বাগিচাৰ জীৱন ”নামৰ শিতানত প্ৰায় দুবছৰ ধৰি সাংবাদিকতা কৰে ৷ চুটিগল্প লিখাৰ বাবে তেওঁক সাদিন কাকতে  “গল্পকাৰ”  হিচাবে স্বীকৃতি প্ৰদান কৰে ৷   তেওঁ ২০০০ চনত অসমীয়া ছবি জগতত ভুমুকি মাৰে ৷ অশোক শৰ্মাই নিৰ্মাণ কৰা “ঘৰ সংসাৰ” নামৰ ছবিখনত আইচুংফা বৰুৱাৰ লগত নায়কৰ ভুমিকাত অভিনয় কৰে ৷তাৰ পাছত দেবাৰু ওৰাংৰ “বোনাছ” , বলদেৱ নাগৰ “বাদল ঢাকা চান্দ” আদি ছবিত অভিনয় কৰে ৷পৰৱৰ্তী সময়ত  তেওঁ নিজে চিনেমা নিৰ্মাণৰ পৰিকল্পনা কৰে ৷ 




প্ৰথমবাৰ “আইনা”নামৰ পুৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰি ছবিখনত কণ্ঠদান , অভিনয়ৰ লগতে কাহিনী, সংলাপ, চিত্ৰনাট্য, প্ৰযোজনা, আৰু পৰিছালনা নিজে কৰে ৷ ইয়াৰ লগে লগে তেওঁ একেধাৰে “আখড়া মে বাজে ঢল” “আঁখিয়া” , লালচুনাৰীয়া, ধোঁৱা, কালা যাদু, নিস্তদ্ধ , সুন্দৰ চেহেৰা(এলবাম), মালতী, মহিমা(হিন্দী এলবাম),  ইয়াৰ উপৰিও কৰোণাৰ ওপৰত আধাৰিত দুখন চুটি ছবি নিৰ্মান কৰে ৷ বোলছবিৰ সমান্তৰালকৈ মংগলে এন.কে প্ৰডাকচনৰ পৰদেশী বাবু, ৱেভ নিবেদিত দিলৰুৱা, কৃষ্ণমণি চুতীয়াৰ লালপাড়ী, চলগৰী দ্বিতীয়, তিলক নেৱাৰৰ মেম চাহাব , জে.ডি.ৰ চামেলী আদি জনপ্ৰিয় এলবামৰ  গীত ৰচনা কৰি সুৰ দিছে ৷আৰু তেওঁ লিখা গীতত কণ্ঠ নিগৰাইছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ , কৃষ্ণমণি চুতীয়া,সীমান্ত শেখৰ,বৰ্ণালী কলিতা, ছয়নিকা ভুঞা, তুষাৰ অৰ্জুন আদি স্বনামধন্য শিল্পী সকলে ৷ উল্লেখ্য যে   বিভিন্ন সময়ত  আদিবাসী চাহ জনগোষ্ঠীৰ দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে  আয়োজন কৰা অনুষ্ঠানত তেওঁক শিল্পী হিচাবে বিশেষভাবে সম্বৰ্দ্ধনা জনাই আহিছে ৷  শেহতীয়াকৈ  তেওঁৰ শিল্পী সত্বাৰ প্ৰতি সন্মান জনাই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে   শিল্পী বঁটা প্ৰদান কৰে ৷ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ মাজত বহু চৰ্চিত শিল্পী গৰাকী বৰ্তমান নগাওঁ জিলাৰ চাপানালাৰ বাসিন্দা ৷  সহজ সৰল  আৰু নিষ্পাপমনৰ গৰাকী বহু চৰ্চিত কণ্ঠশিল্পী গৰাকী বিভিন্ন মঞ্চত গীত পৰিবেশন কৰাৰ উপৰিও ঝুমইৰ গীত-নৃত্যৰ  বিচাৰক হিচাবে বিশেষ সুনাম আছে ৷ কৰমপুজাত কৰম কাহিনীকাৰ হিচাবে সমগ্ৰ চাপানালাত এক সুনাম আছে ৷   সামাজিক কামতো তেওঁ জড়িত  ৷ বিভিন্ন ধৰনৰ সমাজ হিতকৰ কাম কৰা মংগলে গড় হত্যা ৰোধ কৰাৰ  সজাগতা অনাৰ প্ৰয়াসেৰে  নগাওঁ জিলাৰ  উদমাৰীত  প্ৰায় ১৪ ফুট ওখ, দীঘলে ২১ ফুট  বিশাল আকাৰৰ গড় নিৰ্মাণ কৰি  বাতৰিৰ শিৰোনাম দখল কৰে ৷   সম্প্ৰতি  মংগল নায়কে আদিবাসী চাহ জনগোষ্ঠীৰ ভাষাৰ ছবি গুমৰাহ, পাঞ্জা,  আৰু খিলাড়ী  চুটিঙত ব্যস্ত হৈ আছে ৷

 


No comments