গৃহহাৰাৰ অসুৰক্ষিত জীৱনধাৰা, নাৰী-শিশুৰ সুলভ মৃত্যু, অখাদ্য ভক্ষণ... ...এইসকলে যেন হেৰুৱাই পেলাইছে তেওঁলোকে সকলো মৌলিক অধিকাৰ...পৰিষ্কাৰ-পৰ...
গৃহহাৰাৰ অসুৰক্ষিত জীৱনধাৰা, নাৰী-শিশুৰ সুলভ মৃত্যু, অখাদ্য ভক্ষণ...
...এইসকলে যেন হেৰুৱাই পেলাইছে তেওঁলোকে সকলো মৌলিক অধিকাৰ...পৰিষ্কাৰ-পৰিচন্নতাপূৰ্ণ (Hygienic life) জীৱনৰ পৰা এইসকল উদাস্তু বা স্থানান্তৰিত মানুহ (Internally Displaced Persons) বহু দূৰৈত৷ নাই উপযুক্ত অনাময় ব্যৱস্থা...
[Story Theme: Unsafe life, Unhygienic water, Frequent Death of Women and Child, Newborn baby, Malnutrition and Hunger of Adivasi Internally Displaced Persons in Assam.]
By DIGANTA SARMA
দিগন্ত শৰ্মা:
আহল-বহল গাঁত এটাৰ কাষত থিয় হৈ প্ৰায় সাত-আঠ বছৰ বয়সৰ ছোৱালীজনীয়ে গাঁতটোৰ পৰা ৰচি লগোৱা সৰু বালতি এটাৰে পানী তুলিছিল। প্রায় তিনি-চাৰি ফুট ব্যাসৰ বহল গাঁতটোৰ পৰা তোলা পানীৰে ছোৱালীজনীয়ে প্রথমে হাত-ভৰি ধুলে। তাৰ পিচত আন এবাল্টি পানী আনি ছোৱালীজনীয়ে লগত নিয়া তিনি-চাৰি বছৰীয়া ল'ৰাটিৰ হাত-ভৰি ধুৱাই দি হাতেৰে অলপ পানী খুৱাই দিলে । সিহঁতে হাত-ভৰি ধোৱা পানীবোৰ বৈ আহি পুনৰ সেই গাঁটোততে পৰিল। এইবাৰ ছোৱালীজনীয়ে গাঁতটোৰ পৰা পানী তুলি গাঁতৰ কাষত থোৱা এলুমিনিয়ামৰ পাত্ৰটো ('হাড়ী') ভৰ্তি কৰিলে। এনেতে গাঁতটোৰ কাষতে বোকা লেটি লৈ থকা গাহৰি এটাই নোকনোকাই মূৰ জোকাৰি উঠি গুচি গ'ল। ছোৱালীজনীয়ে পুনৰ এবাল্টি পানী তুলি বাল্টিটোৰেই পানী খালে আৰু পানীভর্তি 'পাত্ৰ 'টো কোনোমাতে দাঙি লৈ ঘৰমুখে খোজ ল'লে। তাইৰ পিচে পিচে গৈ থাকিল সেই কণমানি ল'ৰাটোও। ... 'কেঁচা কুঁৱা বুলি কোৱা সেই গাঁতটোৰ পৰা পানী তোলা ছোৱালীজনীৰ নাম আছিল ৰেণু মুর্মু। ৰেণুৰ লগত থকা কণমানি ভায়েকৰ নাম চুমু মুর্মু। মাটিত খান্দি লোৱা গাঁতৰ পৰা ৰেণুয়ে পানী সংগ্ৰহ কৰাৰ সেই দৃশ্য আমি প্রত্যক্ষ কৰিছিলো ধুবুৰী জিলাৰ মহামায়া বনাঞ্চলৰ মাজত অৱস্থিত দেওখংকৰ গাঁৱত। ৰেণুক সুধিছিলো— 'এই পানীৰে কি কৰিবা?' ৰেণুৱে উত্তৰ দিছিল— "খাম, ভাত বনাম"। এই পানীকেই খোৱা? পানীবোৰ লেতেৰা নহয় জানো?' এই প্ৰশ্নৰ উত্তৰ নিদি ৰেণুৱে তলমূৰ কৰি ৰৈ আছিল। পুনৰ আমি সুধিছিলো, 'তোমালোকৰ ঘৰত ফিল্তাৰ আছেনে?' 'নাই' বুলি কৈ ৰেণুৱে যাবলৈ খোজ দিছিল। 'তুমি কোন শ্ৰেণীত পঢ়া?'... 'তৃতীয় শ্ৰেণীত'। উত্তৰ দিয়েই ৰেণুৱে পানী ভর্তি গধুৰ “হাড়ী'টো লৈ বনাঞ্চলখনৰ মাজৰ কটা গছৰ মুঢ়াৰ মাজে মাজে লুংলুঙীয়া বাটটোৰে শুচি গৈছিল।
দেওখংকৰ নামৰ গাঁওখন মহামায়া বনাঞ্চলৰ মাজত অৱস্থিত। সেই 'অৰণ্য'ৰ অভ্যন্তৰত আছে কেইবাখনো গাঁও। দেওখংকৰ, সৃষ্টিঝাৰ, আমতলা আদি। পিচে এই গাঁওবোৰত যিবোৰ মানুহে বাস কৰে তেওঁলোক হৈছে আদিবাসী জনগোষ্ঠীৰ। সেই অৰণ্যৰ বাসিন্দাসকলে যেন হেৰুৱাই পেলাইছে তেওঁলোকে সকলো মৌলিক অধিকাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰণাৰ মাজে মাজে প্রায় পোন্ধৰ ষোল্ল কিলোমিতাৰ অতিক্ৰম কৰাৰ পিচতহে পোৱা যায় সেই গাঁওসমূহ। আৰু সেই অঞ্চলৰ বাসিন্দাসকলৰ জীৱন যাপনৰ প্ৰণালী কেনে সেয়া স্পষ্ট কৰি তোলে ওপৰত উল্লেখ কৰা ৰেণু নামৰ কিশোৰীজনীয়ে গাঁতৰ পৰা খোৱাপানী সংগ্ৰহ কৰাৰ দৃশ্যই। উপেক্ষিত, অৱহেলিত সেইসকল লোক ৷ বিজুলীৰ পোহৰ তেওঁলোকৰ কাৰণে সপোন। বহু শিশুৱেই দেখা নাই বিদ্যালয়। দেওখংকৰ গাঁৱত হৰি মাৰ্ডী নামৰ লোকজনে কৈছিল— 'পঢ়াশুনা, কিতাপ কিনাতকৈ পেটৰ ভোক গুচাবলৈ চাউল কিনাৰ কথাটোহে আমাৰ বাবে বেছি দৰকাৰী। কাৰণ বাচি থকাটোরেই এতিয়া আমাৰ প্ৰধান কথা৷ কেতিয়াবা দিনমজুৰি, কেতিয়াবা খৰি বিক্ৰী কৰি আমি সামান্য পইচা পাওঁ৷ তেনেকৈয় চলো৷'
তাতে লগ পাইছিলো বলু চৰেন নামৰ যুৱক জনক। পিছে বলুৱে ২০০৮ চনত প্ৰথমবাৰৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেতিয়া বয়স আছিল২১ বছৰ ৷ ২১ বছৰ বয়সত 'মেট্ৰিক' পৰীক্ষা দিয়াৰ কাৰণ হিচাপে বলুৱে কৈছিল- 'পঢ়াৰ ইচ্ছা আছিল৷ অন্ততঃ বি এ পাচ কৰাৰ খুব ইচ্ছা আছিল। কিন্তু শৰণার্থী শিবিৰতেই প্রায় পাঁচটা বছৰ গ'ল। গতিকে স্কুললৈ যোৱা নহ'ল। সপ্তম শ্ৰেণীত পঢ়োতে শিবিৰলৈ আহিিলো৷ ২০০৬নৱম শ্ৰেণীত নামভৰ্তি কৰাই এইবাৰ মেট্ৰিক' দিছো। মোৰ নিজা পঢ়াৰ খৰচ মই নিজেই উলিয়াওঁ। কেতিয়াবা খৰিবিক্ৰী কৰি কেতিয়াবা দিনমজুরি কৰি....।' শিক্ষাগ্ৰহণৰ প্ৰবল হেঁপাহ থকাৰ পিচতো বলুহ।ত হৈছিল বঞ্চিত৷
এই বঞ্চনা, অৱহেলাৰ কথাই তেওঁলোকৰ মনত যে আঘাত দিয়ে সেই কথা বলুৱে প্ৰকাশ কৰি কৈছিল— 'মোৰ লগৰ ল'ৰাই বি এ পাচ কৰি এম এ’ পাছ কৰিলে, চাকৰি কৰিলে। কিন্তু মই...'
'পুনৰ সংস্থাপনৰ নামত কোনো এটা সা-সুবিধা প্ৰদান নকৰি আমাৰ আদিাসী সকলৰ পৰা জীয়াই থকাৰ অধিকাৰখিনিও কাঢ়ি নিছিল'। এই অভিযোগ কৰিছিল স্থানীয় একাংশ যুৱকে। সম্প্রতি সেই অঞ্চলটো বি ভি এ দিব পর্বতজো পৰিষদীয় সমষ্টিৰ অন্তর্গত।
মহামায়া অৰণ্যৰ অভ্যন্তৰৰ গাঁৱৰ পৰা উভতি আহি শেষত লগ পাইছিলো পথৰ দাঁতিত বাস কৰা দুটা পৰিয়াল। ঘৰৰ নামত দুখন ফটা প্লাস্তিক আৰি দিয়া হৈছে। মংগল মুৰ্মু আৰু চন্দ্ৰ মার্দি নামৰ দুজন ব্যক্তিৰ ঘৰ আছিল সেয়া। ইয়াৰে মংগল মুৰ্মুৰ পৰিয়ালৰ পাঁচজন সদস্যক বড়ো উৎপন্থীয়ে হত্যা কৰিছিল। কিন্তু নাপালে কোনো ক্ষতিপূরণ। গোষ্ঠী সংঘৰ্ষৰ কালত আদিবাসী এচামক নির্যাতন চলোৱা হৈছিল। সেয়া পাহৰণিৰ গৰ্ভত বিলীন হ'লেও আদিবাসী এচামক নির্যাতন চলোবার প্ৰক্ৰিয়াহে সলনি হৈছে৷ এতিয়া সেই নির্যাতন চলোৱা হৈছে মানসিকভাবে। নিপীড়ন চলোৱা হৈছে অত্যাচাৰ চলোৱা হৈছে অবহেলা বঞ্চনাৰে। যাৰ পৰিণতি সেই আদিবাসীৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতিনিধি ৰেণু মুৰ্মুয়ে গাহৰিয়ে লেটি লোৱা বোকাৰে মিশ্ৰিত গাঁতৰ পানী সংগ্ৰহ কৰিবলগীয়া হৈছে৷
পৰিষ্কাৰ-পৰিচন্নতাপূৰ্ণ (Hygienic life) জীৱনৰ পৰা এইসকল উদাস্তু বা স্থানান্তৰিত মানুহ (Internally Displaced Persons) বহু দূৰৈত৷ নাই উপযুক্ত অনাময় ব্যৱস্থা৷ যাবৰ বাবে, প্রশ্ন উঠিছে এইসকল নিৰীহ লোকক নিম্ন মানৰ জীবন যাপন কৰিবলৈ বাধ্য কৰোৱা বাবেই তেওঁলোকৰ মাজত বাঢ়িছে অকাল মৃত্যুৰ হাৰ, হেৰাইছে মানৱ সম্পদ, প্ৰত্যাহ্বান আহিছে ভৱিষ্যত প্ৰজন্মলৈ৷
অস্বাস্থ্যকৰ পৰিবেশত ঘৰতে সন্তান জন্ম দিয়াৰ উপৰি পুষ্টিহীনতাত ভোগিছিল মাতৃ আৰু সন্তান৷ মৃত্যু হৈছিল বহু গৰ্ভৱতী নাৰীৰ, প্ৰসূতিৰ, সদ্যোজাতৰ
৫ চেপ্তেম্বৰ, ২০০৮ চন। এই দিনটোতে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ এটি পর্যবেক্ষণকাৰী দল আহিছিল শৰণাৰ্থী শিবিৰসমূহৰ পৰিবেশৰ বুজ ল'বলৈ। সেইদিন অবিভক্ত কোকৰাঝাৰ (বৰ্তমান চিৰাং জিলাৰ শাস্তিপুৰ দেওশ্রী (দেবশ্রী) আদি ঠাইত থকা আদিবাসী আশ্রয় শিবিৰত (Adivasi Relief Camp) আয়োগৰ দলটোৱে শিবিৰবাসীৰ সমস্যা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল। শুনানিকালত শান্তিপুৰ অঞ্চলৰ শিবিৰৰ এগৰাকী শৰণাৰ্থীয়ে আয়োগৰ প্ৰতিনিধি দলটোৰ আগত ওপৰত উল্লেখ কৰা কথাখিনি যেতিয়া কৈছিল— তেতিয়া কেইমুহূৰ্তমানৰ বাবে মৌন হৈ ৰৈছিল আয়োগৰ দলটো। আয়োগৰ অধ্যক্ষ ডঃ সাস্থা সিনহাৰ নেতৃত্বত অহা দলটোৱে শুনিবলগীয়া হৈছিল শিবিৰৰ শিশুৱে দুৰৈৰ চাহ দোকানত এদিন দহ টকাত কাম কৰাৰ কথা । ” আয়োগৰ অধ্যক্ষই প্রতিবেদনত শিবিৰৰ শিশুসকলৰ কথা এঠাইত উল্লেখ কৰিছে এইদৰে— 'One of the most alarming issues concerning children is their nutritional health and access to education. Both are virtually non existent.' শিবিৰৰ শিশুবোৰ অৰ্থাৎ উপজিয়েই শৰণাৰ্থী ৰূপে চিহ্নিত শিশুসকলৰ ভৱিষ্যৎ অনিশ্চিত। সংঘাত যদি অতীত তেন্তে ভৱিষ্যত তেওঁলোকৰ অন্ধকাৰময় ।
আদিবাসী শৰণাৰ্থীসকলে মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত ক্রীতদাসৰ পৰে বিক্ৰী হৈছিল। নির্যাতিত হৈছিল ৷দেহ ব্যবসায়ত নিয়োজিত কৰাইছিল দুষ্ট চক্ৰই৷ জীৱনৰ মান হেৰাই গৈছিল। আর্থসামাজিক অবস্থার অস্তিত্ব শূন্য। 'আমাৰ সংস্কৃতি কি 'আছিল পাহৰি পেলাইছো— দুখেৰে এগৰাকী বৃদ্ধাই কৈছিল।..." আৰু সাংস্কৃতিক জীবন ? -- অভাৱনীয় দৰিদ্ৰতাই এনে পৰিস্থিতিলৈ ঠেলি দিছে আদিবাসী শৰণাৰ্থীসকলক। এই সম্পর্কত NCPCR অধ্যক্ষই প্রতিবেদনত উল্লেখ কৰিছে এইদৰে 'Abject poverty has forced many to be trafficked to Bhutan and indulge as commercial sex workers. Chil- dren too have been forced to work for Rs. 10.00 per day. Rarely do they find work within/near the camps."
আনহাতে আশ্ৰয় শিবিৰত গৰ্ভৱতী মহিলা সকলৰ অৱস্থা আছিল অতি দুখজনক। অস্বাস্থ্যকৰ পৰিবেশত ঘৰতে সন্তান জন্ম দিয়াৰ উপৰি পুষ্টিহীনতাত ভোগিছিল মাতৃ আৰু সন্তান৷ মৃত্যু হৈছিল বহু গৰ্ভৱতী নাৰীৰ, প্ৰসূতিৰ, সদ্যোজাতৰ৷ সমাজ কল্যাণ বিভাগৰ আঁচনি, স্বাস্থ্য বিভাগৰ আঁচনিয়ে স্পর্শই কৰা নাছিল এই সকল উদাস্তু আদিবাসীক৷।
[Versatile Story (www.versatilestory.com) is a media platform, dedicated to carry quality journalism through in-depth field study report photo essay, research article, literature, art and culture etc. The editorial head office of V. S is situated in Guwahati, Assam's capital, and the infamous commercial hub of India's Northeast and a connectivity corridor of Southeast Asia. The editorial team comprises experienced journalists and researchers and presently Dr. Sonali Sarma, a researcher is acting as Editor. The other members of editorial board are Rabson Munda ( journalist, author, field researcher), Nisha Bhuyan ( journalist) , Binekha Sinha ( journalist), Narayan Phayel ( journalist), Ramesh C. Soren ( journalist, author, community leader), Rabiul Haque ( journalist)
'The versatilestory' is financially supported by its readers, well wishers through Donation. Any one can make financial support and to Donate can contact through e-mail.
Head Office: Kanchan Nagar, P.O.: Noonmati, Guwahati, District: Kamrup Metro, Assam, India, PIN 781020.
e-mail: versatilestory2020@gmail.com
Contact No: +918638698450
Versatile Story Branch office : Jyotinagar, Mangaldai Town, Darrang Ward no 6. Pin 784125 Assam, India.
Mobile : +91 8638698450]
No comments