ঘাতকৰ আক্ৰমণতকৈ আশ্ৰয় শিবিৰত ৰোগৰ সংক্ৰমণ আছিল অতি ভয়াবহ : এবছৰত মৃত্যু হোৱা ১০১৪ জনৰ ভিতৰত ৫২৫ জনেই আছিল শিশু ...চৌকাটো কাৰোবাৰ দিনৰ ভাগত...
ঘাতকৰ আক্ৰমণতকৈ আশ্ৰয় শিবিৰত ৰোগৰ সংক্ৰমণ আছিল অতি ভয়াবহ : এবছৰত মৃত্যু হোৱা ১০১৪ জনৰ ভিতৰত ৫২৫ জনেই আছিল শিশু
...চৌকাটো কাৰোবাৰ দিনৰ ভাগত এবাৰ জ্বলোৱাৰ প্রয়োজন হয়-যদিহে চাউল এমুঠি সংগ্রহ কৰিব পাৰে। কাৰোবাৰ দিনত এবাৰো জ্বলোৱাৰ প্ৰয়োজন নহয়। কাৰণ প্রতিদিনে খাবলৈ সংগ্ৰহ চাউল কৰাটো সম্ভৱ নহয়...
[Story Theme: Difficulties of Accessing Healthcare, Unhygienic Sanitation, Malnutrition Turned into Thousands Death of Assam's Adivasi IDP in Relief Camp]
By DIGANTA SARMA
দিগন্ত শৰ্মা:
এক: অস্বাস্থ্যকৰ পৰিৱেশত আছিল ১১ হাজাৰ শিশু
অসমৰ কোকোৰাঝাৰ জিলাৰ গোসাইগাঁও সমীপৱৰ্ত্তী সাপকাটাস্থিত আদিবাসী আশ্রয় শিবিৰত থকা পৰিয়ালৰ সংখ্যা ১০৫৭। শিবিৰটোৰ জনসংখ্যা সাত হাজাৰৰো অধিক। শিবিৰটোত থকা শিশুৰ সংখ্যাই প্ৰায় দুহাজাৰ। শিবিৰটো পৰ্যবেক্ষণৰ সময়ত একাংশ লোকক সোধা হৈছিল— শিবিৰৰ কিমানটা পৰিয়ালৰ শৌচালয় আছে? এই প্ৰশ্নৰ উত্তৰ চিপে কৈছিল— কাৰোৱেই নাই। স্থায়ী শৌচালয় দূৰৈৰ কথা, অস্থায়ীকৈয়ে কোনো শৌচালয় তাত নাই। অর্থাৎ প্রতিদিনে সেই শিবিৰৰ এহাজাৰতকৈয়ো অধিক পৰিয়ালৰ সাত হাজাৰমান লোকে মল-মূত্র ত্যাগ কৰি আছে শিবিৰৰ আশে-পাশে। আৰু এই প্ৰক্ৰিয়া অব্যাহত আছে ১৯৯৬ চনৰ পৰা ৷ শিবিৰৰ এজনে ক'লে ওচৰতে এখন 'নৈ'ৰ দৰে খাৱৈ আছে। তাত বাৰিষা পানী হয়, খৰালি শুকাই থকা সেই খাৱৈসদৃশ নৈখনেই সেয়া যিয়েই নহওক শিশুৰ পৰা বৃদ্ধলৈকে সেই সাত হেজাৰজন লোকৰ নিত্য- নৈমিত্তিক কার্য তেনেকৈয়ে চলি আহিছে প্রতিদিনে। বিশ্বৰ বিভিন্ন স্থানকে ধৰি অসমতো মূত্র ত্যাগৰ স্থলী। শিশুৰ পৰা বৃদ্ধলৈকে সেই সাত হেজাৰজন লোকৰ নিত্য- নৈমিত্তিক কার্য তেনেকৈয়ে চলিছিল। বিশ্বৰ বিভিন্ন স্থানকে ধৰি অসমতো কোটি কোটি টকা অনাময় ব্যৱস্থাৰ নামত ব্যয় কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে । কিন্তু শ শ কোটি টকাৰ যেন এটিও আহি পৰা নাছিল সাপকাটাৰ আদিবাসী জনসাধাৰণে বাস কৰা আশ্রয় শিবিৰত। সেই শিবিৰত থকা সংঘাতপিষ্ট উদ্বাস্তু আদিবাসী জনতাক এনে অনাময় ব্যবস্থাহীন পৰিবেশত বাস কৰিবলৈ দি চূড়ান্ত অমানৱীয় আচৰণ কৰিছিল চৰকাৰে। এটি পকী শৌচালয় নাই, অথচ শিবিৰটোত সাত হেজাৰ মানুহ — সেই শিবিৰটোৰ স্বাস্থাজনিত পৰিবেশ কি হ'ব পাৰে ব্যাখ্যাৰ কোনো প্রয়োজন নাই। মচে টুডু নামৰ শিক্ষিত ব্যক্তিজনে কৈছিল— 'সাপকাটাৰ আন এটা শিবিৰত ৮২ খন বিভিন্ন গাঁৱৰ আদিবাসী পৰিয়াল আছিল ৩,৯২০ টা। জনসংখ্যা ৩০,৫৭৪ জন। য'ত ১১ হাজাৰ শিশু। এবাৰ ভাৰকচোন ৩০ হাজাৰ উদ্বাস্তু মানুহে বাস কৰাৰ পৰিবেশ কিধৰণৰ হ'ব পাৰে। শিশুসকলৰ অৱস্থা কি হ'ব পাৰে। এনেদৰেই থাকিবলৈ বাধা হৈছিলো আমি। একেদৰে শীতৰ দিনত এনে পৰিবেশত কোনোবাটো পৰিয়ালৰ এখন বা দুখন কম্বলেই ঠাণ্ডাৰ পৰা পৰিত্ৰাণৰ একমাত্র সম্বল। পৰিয়ালবোৰ ক'ত থাকে বুলি যেতিয়া সুধিছিলো তেতিয়া দেখুৱাই দিছিল কিছুমান ধানখেৰ ঘৰবোৰৰ মজিয়াৰ ভিতৰত পাৰি থোৱা আছিল। আনহাতে পৰিয়াল এটা বুলিবলৈ তেনেকুৱা বিশেষ একো নাই। এটি চাপৰ পলিথিনৰ চালৰ ঘৰ। ঘৰটোৰ বাহিৰত এটি মাটিৰ চৌকা। চৌকাটো কাৰোবাৰ দিনৰ ভাগত এবাৰ জ্বলোৱাৰ প্রয়োজন হয় যদিহে চাউল এমুঠি সংগ্রহ কৰিব পাৰে। কাৰোবাৰ দিনত এবাৰো জ্বলোৱাৰ প্ৰয়োজন নহয়। কাৰণ প্রতিদিনে খাবলৈ সংগ্ৰহ চাউল কৰাটো সম্ভৱ নহয়। বেছিভাগ পৰিয়ালেই দুদিনত এবাৰ খায়।”—মুকলি স্থানত খাদ্য প্ৰস্তুত কৰা সন্দৰ্ভত সোধোতেই শিবিৰৰ বাসিন্দা এজন লোকে এনেদৰেই কৈছিল সাপকাটাত। সেইদৰে শিবিৰৰ লোকসকলে চাহ নাযায়। কাৰণ তেওঁলোকে চাহপাত কিনিবলৈ সক্ষম নহয়।
দুই: বছৰৰ পিচত বছৰ ধৰি শিবিৰত দুর্বিসহ জীবন, প্ৰতিদিন হৈ আছিল ভোকাতুৰ , নাছিল উপযুক্ত স্বাস্থ্যসেৱা
একেদৰে চিৰাং জিলাৰ শান্তিপুৰ বা কোকৰাঝাৰৰ নিচমুৰি শিবিৰতো একেই পনিবেশ। শৰণাৰ্থী বুলি প্রথম দুই-তিনি বছৰ তেওঁলোকক মাত মাত্ৰ দহ দিনৰ ৰেচন দিয়া হৈছিল। কিন্তু তাৰ পিচত সেয়াও বন্ধ। সমবায় বিভাগৰ দ্বাৰা যি ৰেচনৰ চাউল, চেনি, নাইল, কেৰাচিন আদি সুলভ মূল্যৰ সামগ্ৰী দিয়া হয়, সেয়াও নাপায়। কারণ ইতিপূর্বে তেওঁলোক আছিল বেলেগ স্থানৰ বাসিন্দা। একেদৰে নি তি এ দিত পঞ্চায়ত ব্যৱস্থা উঠাই দিয়া হৈছে বি. তি চি চুক্তি অনুসৰি। গতিকে পঞ্চায়তৰ কোনো কাম- কাজ লাভ নকৰে এইসকল লোকে। এনৰেগাৰ নামৰ আঁচনিয়ে এইসকল লোকক বছৰত এশ দিন দূৰৈৰ কথা— এদিনৰ কামো দিব পৰা নাই। ইফালে দিনমজুৰি কৰিবলৈয়ো প্রতিদিনে সুযোগ নাপায়। তাকো এদিন দিনমজুৰি কৰিলে সত্তৰ বা আশী টকাহে পায়। তেনেক্ষেত্ৰত এদিনত এটি পৰিয়ালৰ এজনে দিনমজুৰি কৰি কেই দিনলৈ পৰিয়ালটোৱে খাই থাকিব পাৰিব। প্ৰায় প্ৰতিদিনেই সহস্ৰাধিক লোক হৈ থাকে ভোকাতুৰ৷পুষ্টিহীনতাৰ নিৰ্মম ছবি দেখা গৈছিল যিফালে চোৱা যায় সেইফালেই৷সন্তানৰ পঢ়াশুনাতকৈ জীয়াই ৰখাটোৱেই আছিল পিতৃমাতৃৰ প্ৰধান চিন্তা। আনহাতে সন্ধিয়াৰ আন্ধাৰ নামি অহাৰ লগে লগে শিবিৰৰ সকলোৱে শুবলৈ লয়। কাৰণ কেৰাচিন বা মমবাটি কিনাৰ সামৰ্থ তেওঁলোকৰ নাই। আনহাতে বহুতো পৰিয়ালেই মিঠাতেল কিনি পোৱা নাই বহুদিন ধৰি। ইফালে শিবিৰসমূহৰ জনসাধাৰণ জীৱন যাপন প্রক্রিয়া অতিকেই নিম্নগামী হৈ আহিছিল মূল্যবৃদ্ধিৰ বাবে। চিকিৎসাৰ অভাৱত কেইবাশ শৰণাৰ্থীয়ে বিগত কালত মৃত্যুবৰণ কৰিছিল। কিন্তু তাৎপর্যপূর্ণ যে বিগত ১৯৯৬ - ৯৮ চনৰ পৰা বহু লোক বিভিন্ন স্থানত আশ্রয় লৈ আছিল ৷যিসকলক পৰা পূৰ্বৰ স্থানলৈ ঘূৰাই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। কাগজে-পত্রই বহুতো লোকক পুনৰ সংস্থাপিত কৰা বুলি দেখুওৱাইছে চৰকাৰে। কিন্তু প্ৰকৃতাৰ্থত সেয়া হোৱা নাই। আনহাতে এচামক পুনৰ সংস্থাপনৰ নামত পঞ্চাচ হাজাৰকৈ টকা দিয়াৰ প্ৰক্ৰিয়া চলি আছিল। এচামে পঞ্চাচ হাজাৰ টকাকৈ লাভ কৰিছিল চৰকাৰী নথি-পত্ৰত। আনহাতে যিসকল লোকক পুনৰ সংস্থাপনৰ নাম চৰকাৰে ধন দিছে পঞ্চাচ হাজাৰ টকাকৈ, সেই পৰিয়ালবোৰে শিবিৰৰ পৰা গৈ ক'ত বাস কৰিব সেয়া নিৰ্ধাৰণ কৰি দিয়া নাই চৰকাৰে। ইফালে পূর্বে যি স্থানত আছিল সেই স্থানলৈ গৈ বহু লোকেই কান্দি কান্দি উভতি আহিছিল। কিয়নো সেই স্থানত ইতিমধ্যে আন জনগোষ্ঠীৰ লোকে দখল কৰি নতুনকৈ ঘৰ সাজি বাস কৰি আছে। খেতিমাটিত আন লোকে খেতি কৰিছে। এনেদৰে অজস্ৰ আদিবাসী গৃহহাৰা লোকৰ সন্মুখত ভয়ংকৰ ভবিষ্যৎ। চৰম অনিশ্চয়তাই আশ্রয় শিবিৰৰ জনসাধাৰণক আৱৰি ধৰিছিল। এফালে শিবিৰৰ কদৰ্যময় পৰিবেশ, আনফালে ভাত-কাপোৰৰ চিন্তা। একে সময়তে পূৰ্বৰ ভেটিমাটি, খেতিমাটি কাৰোবাৰ দখললৈ যোৱাৰ বেদনাই শৰণাৰ্থীসকলৰ জীৱন দুর্বিসহ কৰি পেলাইছে। তাৰ মাজতে এইসকলৰ এচামৰ সন্তানক মানৱ সৰবৰাহকাৰীয়ে লৈ গৈ ক্রীতদাসৰ দৰে বিক্ৰী কৰে বহিঃৰাজ্যত । লজ্জাজনক কথা ইমানৰ পিচতো চৰকাৰী পক্ষই এইচাম সর্বস্বান্ত লোকক এই দেশৰ মানৱ সম্পদ হিচাপে গণ্য কৰা পৰিলক্ষিত নহয়। বছৰৰ পিচত বছৰ ধৰি শিবিৰত দুর্বিসহ জীবন কটাই থকাসকলক দুৰৱস্থাৰ পৰা উত্তৰণ ঘটোৱাৰ বিশেষ পৰিকল্পনা গ্ৰহণ কৰা নাছিল চৰকাৰে। আদিবাসী শৰণাৰ্থীয়েই হওক, কিম্বা মুচলিম শৰণাৰ্থীয়েই হওক সকলোৰে ক্ষেত্ৰত অসম চৰকাৰৰ, বি তি চি কৰ্তৃপক্ষৰ একেই অৱহেলাৰ দৃষ্টি। কি ৰহস্যজনক কাৰণত আদিবাসী আৰু মুচলিম শৰণাৰ্থীসকল শিবিৰতে থাকিবলগীয়া হৈছে— সেয়া তাৎপর্যপূর্ণ নে অস্বাস্থ্যকৰ পৰিবেশত কৌশলেৰে থাকিবলৈ দি শাসক শ্রেণীয়ে এই গৃহহাৰা জনতাক তিলতিলকৈ ঠেলি দিছে অন্ধকাৰ ভৱিষ্যতৰ পিনে?
তিনি: উগ্রবাদীৰ হাতত যিমানৰ প্ৰাণ গৈছিল তাতকৈ কেইবাগুণ অধিক লোকৰ মৃত্যু হৈছিল শিবিৰত— অস্বাস্থ্যকৰ পৰিৱেশ,উপযুক্ত চিকিৎসা-খাদ্যৰ অভাৱত
সেয়া যিয়েই নহওক, সংঘৰ্ষত বা গোষ্ঠীগত হিংসাত যিমান সংখ্যক লোকৰ মৃত্যু হৈছিল তাতকৈ কেইবাগুণ অধিক লোকৰ মৃত্যু হৈছিল শৰণাৰ্থী শিবিৰত। নিৰাপত্তা বিচাৰি শিবিৰত আশ্ৰয় লোৱা শৰণাৰ্থী শিবিৰতো উগ্ৰপন্থীৰ আক্ৰমণ চলিছিল। প্রাণ গৈছিল বহুতৰ। ৰাষ্ট্ৰসংঘই সংঘাত বা অন্যান্য কাৰণত স্থানান্তৰিত হ'বলগীয়া লোকৰ (Internally Displaced Person) বাবে যি সা-সুবিধাৰ নীতি-নিৰ্দেশাৱলী দিছে সেয়া কাৰ্যকৰী কৰাত চৰকাৰ ব্যৰ্থ হৈছিল। নিৰাপত্তা আৰু অন্যান্য সা-সুবিধা প্ৰদানত ব্যৰ্থ হৈছিল চৰকাৰ। ফলত সংঘৰ্ষৰ সময়ত উগ্রবাদীৰ হাতত যিমানৰ প্ৰাণ গৈছিল তাতকৈ কেইবাগুণ অধিক লোকৰ মৃত্যু হৈছে শিবিৰত। ১৯৯৬ চনৰ পৰা অস্বাস্থ্যকৰ পৰিবেশত, খাদ্য আৰু চিকিৎসাৰ অভাৱত শিবিৰত থকা হাজাৰ্জনে তিলতিলকৈ মৃত্যুক আকোৱালি লৈছে। বিচমুৰি শিৰিত লগ পোৱা ৰোগাক্ৰান্ত চেতন মার্দি নামৰ লোকজনে কৈছিল— 'এনেকৈ, জীয়াই থকাতকৈ গুলিত মৰাই ভাল আছিল। যিবোৰ মৰিছে সেইবোৰে মুক্তি পাইছে। কথাখিনি কৈ তেওঁ উচুপিউঠিছিল। কিছু পিচত তেওঁ পুনৰ কৈছিল— 'খাবলৈ ভাত নাই, বেমাৰত ঔষধ নাই। এই প্লাস্তিকখনৰ তলত জীয়াই থাকি কি হ'ব? এসময়ত মই ৫ বিঘা মাটিত খেতি কৰিছিলো। ল'ৰা-ছোৱালীক স্কুললৈ পঠিয়াইছিলো। শিবিৰতে বেমাৰত ল'ৰাটো মৰিল। ছোৱালীকেইজনী হেৰাল। মই এতিয়া বেমাৰী।...
ঘাতকৰ আক্ৰমণতকৈ শৰণার্থী শিবিৰত সংক্ৰমিত ৰোগৰ আক্ৰমণ আছিল অতি ভয়াবহ। একেটা শিবিৰত যদি ৩০ হাজাৰ লোকে বাস কৰে, অথচ তাত নাথাকে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা, পৰিস্থিতি কি হ'ব পাৰে। উদাহৰণ সাপকাটা শিবিৰ, কচুগাঁও শিবিৰ। মৃত্যুৰ পৰোৱানা এনেদৰে আহিছিল যে গৃহহাৰা একো একোটা পৰিয়ালে শিবিৰত নিৰাপদে থাকিব পাৰিব বুলি আহি অৱশেষত শিবিৰতে গোটেই পৰিয়ালটো নিঃশেষ হ'বলগীয়া হৈছিল। অর্ধশতাধিক শিবিৰত এনে অৱস্থাই বিৰাজ কৰিছিল। উদাহৰণ স্বৰূপে গোলাঝাৰ শিবিৰ ।
ধপোৰ চৰেন নামৰ ব্যক্তিজনে গৰসিংপাৰা গাঁৱৰ পৰা আহি গোলাঝাৰ শিবিৰত পৰিয়ালসহ থিতাপি লৈছিল। পিচে শিবিৰত ধপোৰ চৰেনৰ আত্মীয় সকলোৰে মৃত্যু হ'ল। ১৯৯৯ চনৰ ৯ মে'ৰ দিনা কন্যা মইনো (৪)ৰ জ্বৰত ভুগি থাকি মৃত্যু হৈছিল। ইয়াৰ পিচত দ্বিতীয় কন্যা সুমিৰ মৃত্যু হ'ল ১৮ জুলাইত। তাৰ পিচত আগষ্টত পত্নী লুদগি চৰেনৰ, ২৯ অক্টোবৰত বায়েক লক্ষ্মীৰ, ২৫ নৱেম্বৰত ভাইবোৱাৰী ৰাণীৰ, ১৯৯৯ চনত ভায়েক ইপা চৰেনৰ মৃত্যু হৈছিল। একেদৰে কিয়াঝাৰনাৰ সোম হাচদা নামৰ ব্যক্তিজনৰ পত্নী-কন্যাসহ চাৰিজনৰ মৃত্যু হ'ল। এনেদৰে অনেক ব্যক্তি আছে যাৰ পৰিয়ালৰ বাবে শৰণাৰ্থী শিবিৰ মৃত্যুৰ কাৰক হৈ পৰিছে। গোলাঝাৰ শিবিৰত ২১৯ জন লোকৰ মৃত্যু হৈছে কেৱল চিকিৎসাৰ অভাৱত।
আনহাতে শিবিৰত মৃত্যুৰ হাৰ কি ধৰণৰ হ'ব পাৰে এক পৰিসংখ্যাই যথেষ্ট হয়। ১৯৯৬ চনৰ মে' মাহৰ পৰা ১৯৯৭ চনৰ মে' মাহলৈ কোকৰাঝাৰ জিলাৰ কেইবাটাও শিবিৰত মৃত্যুৰ হিচাব কৰা হৈছিল। শিবিৰত মৃত্যু হোৱা ১০১৪ জন লোকৰ ভিতৰত ৫২৫ জনেই আছিল শিশু। এই সংখ্যাই স্পষ্ট কৰে ১৯৯৬ চনৰ পৰা বিগত দিনত কিমান হাজাৰজনে আশ্রয় শিবিৰত খাদ্য-চিকিৎসা অবিহনে মৃত্যুক আকোৱালি লৈছিল৷++ [ About Versatile Story: [Versatile Story (www.versatilestory.com) is a media platform, dedicated to carry quality journalism through in-depth field study report photo essay, research article, literature, art and culture etc. The editorial head office of V. S is situated in Guwahati, Assam's capital, and the infamous commercial hub of India's Northeast and a connectivity corridor of Southeast Asia. The editorial team comprises experienced journalists and researchers and presently Dr. Sonali Sarma, a researcher is acting as Editor. The other members of editorial board are Rabson Munda ( journalist, author, field researcher), Nisha Bhuyan ( journalist), Binekha Sinha ( journalist), Narayan Phayel ( journalist), Ramesh C. Soren ( journalist, author, community leader), Rabiul Haque ( journalist). 'The versatilestory' is financially supported by its readers, well wishers through Donation. Any one can make financial support and to Donate can contact through e-mail.
Head Office: Kanchan Nagar, P.O.: Noonmati, Guwahati, District: Kamrup Metro, Assam, India, PIN 781020. e-mail: versatilestory2020@gmail.com Contact No: +918638698450
Versatile Story Branch office : Jyotinagar, Mangaldai Town, Darrang Ward no 6. Pin 784125 Assam, India.Mobile : +91 8638698450]
ঘাতকৰ আক্ৰমণতকৈ আশ্ৰয় শিবিৰত ৰোগৰ সংক্ৰমণ আছিল অতি ভয়াবহ : এবছৰত মৃত্যু হোৱা ১০১৪ জনৰ ভিতৰত ৫২৫ জনেই আছিল শিশু
...চৌকাটো কাৰোবাৰ দিনৰ ভাগত এবাৰ জ্বলোৱাৰ প্রয়োজন হয়-যদিহে চাউল এমুঠি সংগ্রহ কৰিব পাৰে। কাৰোবাৰ দিনত এবাৰো জ্বলোৱাৰ প্ৰয়োজন নহয়। কাৰণ প্রতিদিনে খাবলৈ সংগ্ৰহ চাউল কৰাটো সম্ভৱ নহয়...
[Story Theme: Difficulties of Accessing Healthcare, Unhygienic Sanitation, Malnutrition Turned into Thousands Death of Assam's Adivasi IDP in Relief Camp]
By DIGANTA SARMA
দিগন্ত শৰ্মা:
এক: অস্বাস্থ্যকৰ পৰিৱেশত আছিল ১১ হাজাৰ শিশু
অসমৰ কোকোৰাঝাৰ জিলাৰ গোসাইগাঁও সমীপৱৰ্ত্তী সাপকাটাস্থিত আদিবাসী আশ্রয় শিবিৰত থকা পৰিয়ালৰ সংখ্যা ১০৫৭। শিবিৰটোৰ জনসংখ্যা সাত হাজাৰৰো অধিক। শিবিৰটোত থকা শিশুৰ সংখ্যাই প্ৰায় দুহাজাৰ। শিবিৰটো পৰ্যবেক্ষণৰ সময়ত একাংশ লোকক সোধা হৈছিল— শিবিৰৰ কিমানটা পৰিয়ালৰ শৌচালয় আছে? এই প্ৰশ্নৰ উত্তৰ চিপে কৈছিল— কাৰোৱেই নাই। স্থায়ী শৌচালয় দূৰৈৰ কথা, অস্থায়ীকৈয়ে কোনো শৌচালয় তাত নাই। অর্থাৎ প্রতিদিনে সেই শিবিৰৰ এহাজাৰতকৈয়ো অধিক পৰিয়ালৰ সাত হাজাৰমান লোকে মল-মূত্র ত্যাগ কৰি আছে শিবিৰৰ আশে-পাশে। আৰু এই প্ৰক্ৰিয়া অব্যাহত আছে ১৯৯৬ চনৰ পৰা ৷ শিবিৰৰ এজনে ক'লে ওচৰতে এখন 'নৈ'ৰ দৰে খাৱৈ আছে। তাত বাৰিষা পানী হয়, খৰালি শুকাই থকা সেই খাৱৈসদৃশ নৈখনেই সেয়া যিয়েই নহওক শিশুৰ পৰা বৃদ্ধলৈকে সেই সাত হেজাৰজন লোকৰ নিত্য- নৈমিত্তিক কার্য তেনেকৈয়ে চলি আহিছে প্রতিদিনে। বিশ্বৰ বিভিন্ন স্থানকে ধৰি অসমতো মূত্র ত্যাগৰ স্থলী। শিশুৰ পৰা বৃদ্ধলৈকে সেই সাত হেজাৰজন লোকৰ নিত্য- নৈমিত্তিক কার্য তেনেকৈয়ে চলিছিল। বিশ্বৰ বিভিন্ন স্থানকে ধৰি অসমতো কোটি কোটি টকা অনাময় ব্যৱস্থাৰ নামত ব্যয় কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে । কিন্তু শ শ কোটি টকাৰ যেন এটিও আহি পৰা নাছিল সাপকাটাৰ আদিবাসী জনসাধাৰণে বাস কৰা আশ্রয় শিবিৰত। সেই শিবিৰত থকা সংঘাতপিষ্ট উদ্বাস্তু আদিবাসী জনতাক এনে অনাময় ব্যবস্থাহীন পৰিবেশত বাস কৰিবলৈ দি চূড়ান্ত অমানৱীয় আচৰণ কৰিছিল চৰকাৰে। এটি পকী শৌচালয় নাই, অথচ শিবিৰটোত সাত হেজাৰ মানুহ — সেই শিবিৰটোৰ স্বাস্থাজনিত পৰিবেশ কি হ'ব পাৰে ব্যাখ্যাৰ কোনো প্রয়োজন নাই। মচে টুডু নামৰ শিক্ষিত ব্যক্তিজনে কৈছিল— 'সাপকাটাৰ আন এটা শিবিৰত ৮২ খন বিভিন্ন গাঁৱৰ আদিবাসী পৰিয়াল আছিল ৩,৯২০ টা। জনসংখ্যা ৩০,৫৭৪ জন। য'ত ১১ হাজাৰ শিশু। এবাৰ ভাৰকচোন ৩০ হাজাৰ উদ্বাস্তু মানুহে বাস কৰাৰ পৰিবেশ কিধৰণৰ হ'ব পাৰে। শিশুসকলৰ অৱস্থা কি হ'ব পাৰে। এনেদৰেই থাকিবলৈ বাধা হৈছিলো আমি। একেদৰে শীতৰ দিনত এনে পৰিবেশত কোনোবাটো পৰিয়ালৰ এখন বা দুখন কম্বলেই ঠাণ্ডাৰ পৰা পৰিত্ৰাণৰ একমাত্র সম্বল। পৰিয়ালবোৰ ক'ত থাকে বুলি যেতিয়া সুধিছিলো তেতিয়া দেখুৱাই দিছিল কিছুমান ধানখেৰ ঘৰবোৰৰ মজিয়াৰ ভিতৰত পাৰি থোৱা আছিল। আনহাতে পৰিয়াল এটা বুলিবলৈ তেনেকুৱা বিশেষ একো নাই। এটি চাপৰ পলিথিনৰ চালৰ ঘৰ। ঘৰটোৰ বাহিৰত এটি মাটিৰ চৌকা। চৌকাটো কাৰোবাৰ দিনৰ ভাগত এবাৰ জ্বলোৱাৰ প্রয়োজন হয় যদিহে চাউল এমুঠি সংগ্রহ কৰিব পাৰে। কাৰোবাৰ দিনত এবাৰো জ্বলোৱাৰ প্ৰয়োজন নহয়। কাৰণ প্রতিদিনে খাবলৈ সংগ্ৰহ চাউল কৰাটো সম্ভৱ নহয়। বেছিভাগ পৰিয়ালেই দুদিনত এবাৰ খায়।”—
মুকলি স্থানত খাদ্য প্ৰস্তুত কৰা সন্দৰ্ভত সোধোতেই শিবিৰৰ বাসিন্দা এজন লোকে এনেদৰেই কৈছিল সাপকাটাত। সেইদৰে শিবিৰৰ লোকসকলে চাহ নাযায়। কাৰণ তেওঁলোকে চাহপাত কিনিবলৈ সক্ষম নহয়।
দুই: বছৰৰ পিচত বছৰ ধৰি শিবিৰত দুর্বিসহ জীবন, প্ৰতিদিন হৈ আছিল ভোকাতুৰ , নাছিল উপযুক্ত স্বাস্থ্যসেৱা
একেদৰে চিৰাং জিলাৰ শান্তিপুৰ বা কোকৰাঝাৰৰ নিচমুৰি শিবিৰতো একেই পনিবেশ। শৰণাৰ্থী বুলি প্রথম দুই-তিনি বছৰ তেওঁলোকক মাত মাত্ৰ দহ দিনৰ ৰেচন দিয়া হৈছিল। কিন্তু তাৰ পিচত সেয়াও বন্ধ। সমবায় বিভাগৰ দ্বাৰা যি ৰেচনৰ চাউল, চেনি, নাইল, কেৰাচিন আদি সুলভ মূল্যৰ সামগ্ৰী দিয়া হয়, সেয়াও নাপায়। কারণ ইতিপূর্বে তেওঁলোক আছিল বেলেগ স্থানৰ বাসিন্দা। একেদৰে নি তি এ দিত পঞ্চায়ত ব্যৱস্থা উঠাই দিয়া হৈছে বি. তি চি চুক্তি অনুসৰি। গতিকে পঞ্চায়তৰ কোনো কাম- কাজ লাভ নকৰে এইসকল লোকে। এনৰেগাৰ নামৰ আঁচনিয়ে এইসকল লোকক বছৰত এশ দিন দূৰৈৰ কথা— এদিনৰ কামো দিব পৰা নাই। ইফালে দিনমজুৰি কৰিবলৈয়ো প্রতিদিনে সুযোগ নাপায়। তাকো এদিন দিনমজুৰি কৰিলে সত্তৰ বা আশী টকাহে পায়। তেনেক্ষেত্ৰত এদিনত এটি পৰিয়ালৰ এজনে দিনমজুৰি কৰি কেই দিনলৈ পৰিয়ালটোৱে খাই থাকিব পাৰিব। প্ৰায় প্ৰতিদিনেই সহস্ৰাধিক লোক হৈ থাকে ভোকাতুৰ৷পুষ্টিহীনতাৰ নিৰ্মম ছবি দেখা গৈছিল যিফালে চোৱা যায় সেইফালেই৷
সন্তানৰ পঢ়াশুনাতকৈ জীয়াই ৰখাটোৱেই আছিল পিতৃমাতৃৰ প্ৰধান চিন্তা। আনহাতে সন্ধিয়াৰ আন্ধাৰ নামি অহাৰ লগে লগে শিবিৰৰ সকলোৱে শুবলৈ লয়। কাৰণ কেৰাচিন বা মমবাটি কিনাৰ সামৰ্থ তেওঁলোকৰ নাই। আনহাতে বহুতো পৰিয়ালেই মিঠাতেল কিনি পোৱা নাই বহুদিন ধৰি। ইফালে শিবিৰসমূহৰ জনসাধাৰণ জীৱন যাপন প্রক্রিয়া অতিকেই নিম্নগামী হৈ আহিছিল মূল্যবৃদ্ধিৰ বাবে। চিকিৎসাৰ অভাৱত কেইবাশ শৰণাৰ্থীয়ে বিগত কালত মৃত্যুবৰণ কৰিছিল। কিন্তু তাৎপর্যপূর্ণ যে বিগত ১৯৯৬ - ৯৮ চনৰ পৰা বহু লোক বিভিন্ন স্থানত আশ্রয় লৈ আছিল ৷যিসকলক পৰা পূৰ্বৰ স্থানলৈ ঘূৰাই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। কাগজে-পত্রই বহুতো লোকক পুনৰ সংস্থাপিত কৰা বুলি দেখুওৱাইছে চৰকাৰে। কিন্তু প্ৰকৃতাৰ্থত সেয়া হোৱা নাই। আনহাতে এচামক পুনৰ সংস্থাপনৰ নামত পঞ্চাচ হাজাৰকৈ টকা দিয়াৰ প্ৰক্ৰিয়া চলি আছিল। এচামে পঞ্চাচ হাজাৰ টকাকৈ লাভ কৰিছিল চৰকাৰী নথি-পত্ৰত। আনহাতে যিসকল লোকক পুনৰ সংস্থাপনৰ নাম চৰকাৰে ধন দিছে পঞ্চাচ হাজাৰ টকাকৈ, সেই পৰিয়ালবোৰে শিবিৰৰ পৰা গৈ ক'ত বাস কৰিব সেয়া নিৰ্ধাৰণ কৰি দিয়া নাই চৰকাৰে। ইফালে পূর্বে যি স্থানত আছিল সেই স্থানলৈ গৈ বহু লোকেই কান্দি কান্দি উভতি আহিছিল। কিয়নো সেই স্থানত ইতিমধ্যে আন জনগোষ্ঠীৰ লোকে দখল কৰি নতুনকৈ ঘৰ সাজি বাস কৰি আছে। খেতিমাটিত আন লোকে খেতি কৰিছে।
এনেদৰে অজস্ৰ আদিবাসী গৃহহাৰা লোকৰ সন্মুখত ভয়ংকৰ ভবিষ্যৎ। চৰম অনিশ্চয়তাই আশ্রয় শিবিৰৰ জনসাধাৰণক আৱৰি ধৰিছিল। এফালে শিবিৰৰ কদৰ্যময় পৰিবেশ, আনফালে ভাত-কাপোৰৰ চিন্তা। একে সময়তে পূৰ্বৰ ভেটিমাটি, খেতিমাটি কাৰোবাৰ দখললৈ যোৱাৰ বেদনাই শৰণাৰ্থীসকলৰ জীৱন দুর্বিসহ কৰি পেলাইছে। তাৰ মাজতে এইসকলৰ এচামৰ সন্তানক মানৱ সৰবৰাহকাৰীয়ে লৈ গৈ ক্রীতদাসৰ দৰে বিক্ৰী কৰে বহিঃৰাজ্যত । লজ্জাজনক কথা ইমানৰ পিচতো চৰকাৰী পক্ষই এইচাম সর্বস্বান্ত লোকক এই দেশৰ মানৱ সম্পদ হিচাপে গণ্য কৰা পৰিলক্ষিত নহয়। বছৰৰ পিচত বছৰ ধৰি শিবিৰত দুর্বিসহ জীবন কটাই থকাসকলক দুৰৱস্থাৰ পৰা উত্তৰণ ঘটোৱাৰ বিশেষ পৰিকল্পনা গ্ৰহণ কৰা নাছিল চৰকাৰে। আদিবাসী শৰণাৰ্থীয়েই হওক, কিম্বা মুচলিম শৰণাৰ্থীয়েই হওক সকলোৰে ক্ষেত্ৰত অসম চৰকাৰৰ, বি তি চি কৰ্তৃপক্ষৰ একেই অৱহেলাৰ দৃষ্টি। কি ৰহস্যজনক কাৰণত আদিবাসী আৰু মুচলিম শৰণাৰ্থীসকল শিবিৰতে থাকিবলগীয়া হৈছে— সেয়া তাৎপর্যপূর্ণ নে অস্বাস্থ্যকৰ পৰিবেশত কৌশলেৰে থাকিবলৈ দি শাসক শ্রেণীয়ে এই গৃহহাৰা জনতাক তিলতিলকৈ ঠেলি দিছে অন্ধকাৰ ভৱিষ্যতৰ পিনে?
তিনি: উগ্রবাদীৰ হাতত যিমানৰ প্ৰাণ গৈছিল তাতকৈ কেইবাগুণ অধিক লোকৰ মৃত্যু হৈছিল শিবিৰত— অস্বাস্থ্যকৰ পৰিৱেশ,উপযুক্ত চিকিৎসা-খাদ্যৰ অভাৱত
সেয়া যিয়েই নহওক, সংঘৰ্ষত বা গোষ্ঠীগত হিংসাত যিমান সংখ্যক লোকৰ মৃত্যু হৈছিল তাতকৈ কেইবাগুণ অধিক লোকৰ মৃত্যু হৈছিল শৰণাৰ্থী শিবিৰত। নিৰাপত্তা বিচাৰি শিবিৰত আশ্ৰয় লোৱা শৰণাৰ্থী শিবিৰতো উগ্ৰপন্থীৰ আক্ৰমণ চলিছিল। প্রাণ গৈছিল বহুতৰ। ৰাষ্ট্ৰসংঘই সংঘাত বা অন্যান্য কাৰণত স্থানান্তৰিত হ'বলগীয়া লোকৰ (Internally Displaced Person) বাবে যি সা-সুবিধাৰ নীতি-নিৰ্দেশাৱলী দিছে সেয়া কাৰ্যকৰী কৰাত চৰকাৰ ব্যৰ্থ হৈছিল। নিৰাপত্তা আৰু অন্যান্য সা-সুবিধা প্ৰদানত ব্যৰ্থ হৈছিল চৰকাৰ। ফলত সংঘৰ্ষৰ সময়ত উগ্রবাদীৰ হাতত যিমানৰ প্ৰাণ গৈছিল তাতকৈ কেইবাগুণ অধিক লোকৰ মৃত্যু হৈছে শিবিৰত। ১৯৯৬ চনৰ পৰা অস্বাস্থ্যকৰ পৰিবেশত, খাদ্য আৰু চিকিৎসাৰ অভাৱত শিবিৰত থকা হাজাৰ্জনে তিলতিলকৈ মৃত্যুক আকোৱালি লৈছে। বিচমুৰি শিৰিত লগ পোৱা ৰোগাক্ৰান্ত চেতন মার্দি নামৰ লোকজনে কৈছিল— 'এনেকৈ, জীয়াই থকাতকৈ গুলিত মৰাই ভাল আছিল। যিবোৰ মৰিছে সেইবোৰে মুক্তি পাইছে। কথাখিনি কৈ তেওঁ উচুপি
উঠিছিল। কিছু পিচত তেওঁ পুনৰ কৈছিল— 'খাবলৈ ভাত নাই, বেমাৰত ঔষধ নাই। এই প্লাস্তিকখনৰ তলত জীয়াই থাকি কি হ'ব? এসময়ত মই ৫ বিঘা মাটিত খেতি কৰিছিলো। ল'ৰা-ছোৱালীক স্কুললৈ পঠিয়াইছিলো। শিবিৰতে বেমাৰত ল'ৰাটো মৰিল। ছোৱালীকেইজনী হেৰাল। মই এতিয়া বেমাৰী।...
ঘাতকৰ আক্ৰমণতকৈ শৰণার্থী শিবিৰত সংক্ৰমিত ৰোগৰ আক্ৰমণ আছিল অতি ভয়াবহ। একেটা শিবিৰত যদি ৩০ হাজাৰ লোকে বাস কৰে, অথচ তাত নাথাকে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা, পৰিস্থিতি কি হ'ব পাৰে। উদাহৰণ সাপকাটা শিবিৰ, কচুগাঁও শিবিৰ। মৃত্যুৰ পৰোৱানা এনেদৰে আহিছিল যে গৃহহাৰা একো একোটা পৰিয়ালে শিবিৰত নিৰাপদে থাকিব পাৰিব বুলি আহি অৱশেষত শিবিৰতে গোটেই পৰিয়ালটো নিঃশেষ হ'বলগীয়া হৈছিল। অর্ধশতাধিক শিবিৰত এনে অৱস্থাই বিৰাজ কৰিছিল। উদাহৰণ স্বৰূপে গোলাঝাৰ শিবিৰ ।
ধপোৰ চৰেন নামৰ ব্যক্তিজনে গৰসিংপাৰা গাঁৱৰ পৰা আহি গোলাঝাৰ শিবিৰত পৰিয়ালসহ থিতাপি লৈছিল। পিচে শিবিৰত ধপোৰ চৰেনৰ আত্মীয় সকলোৰে মৃত্যু হ'ল। ১৯৯৯ চনৰ ৯ মে'ৰ দিনা কন্যা মইনো (৪)ৰ জ্বৰত ভুগি থাকি মৃত্যু হৈছিল। ইয়াৰ পিচত দ্বিতীয় কন্যা সুমিৰ মৃত্যু হ'ল ১৮ জুলাইত। তাৰ পিচত আগষ্টত পত্নী লুদগি চৰেনৰ, ২৯ অক্টোবৰত বায়েক লক্ষ্মীৰ, ২৫ নৱেম্বৰত ভাইবোৱাৰী ৰাণীৰ, ১৯৯৯ চনত ভায়েক ইপা চৰেনৰ মৃত্যু হৈছিল। একেদৰে কিয়াঝাৰনাৰ সোম হাচদা নামৰ ব্যক্তিজনৰ পত্নী-কন্যাসহ চাৰিজনৰ মৃত্যু হ'ল। এনেদৰে অনেক ব্যক্তি আছে যাৰ পৰিয়ালৰ বাবে শৰণাৰ্থী শিবিৰ মৃত্যুৰ কাৰক হৈ পৰিছে। গোলাঝাৰ শিবিৰত ২১৯ জন লোকৰ মৃত্যু হৈছে কেৱল চিকিৎসাৰ অভাৱত।
আনহাতে শিবিৰত মৃত্যুৰ হাৰ কি ধৰণৰ হ'ব পাৰে এক পৰিসংখ্যাই যথেষ্ট হয়। ১৯৯৬ চনৰ মে' মাহৰ পৰা ১৯৯৭ চনৰ মে' মাহলৈ কোকৰাঝাৰ জিলাৰ কেইবাটাও শিবিৰত মৃত্যুৰ হিচাব কৰা হৈছিল। শিবিৰত মৃত্যু হোৱা ১০১৪ জন লোকৰ ভিতৰত ৫২৫ জনেই আছিল শিশু। এই সংখ্যাই স্পষ্ট কৰে ১৯৯৬ চনৰ পৰা বিগত দিনত কিমান হাজাৰজনে আশ্রয় শিবিৰত খাদ্য-চিকিৎসা অবিহনে মৃত্যুক আকোৱালি লৈছিল৷
++
[ About Versatile Story: [Versatile Story (www.versatilestory.com) is a media platform, dedicated to carry quality journalism through in-depth field study report photo essay, research article, literature, art and culture etc. The editorial head office of V. S is situated in Guwahati, Assam's capital, and the infamous commercial hub of India's Northeast and a connectivity corridor of Southeast Asia. The editorial team comprises experienced journalists and researchers and presently Dr. Sonali Sarma, a researcher is acting as Editor. The other members of editorial board are Rabson Munda ( journalist, author, field researcher), Nisha Bhuyan ( journalist), Binekha Sinha ( journalist), Narayan Phayel ( journalist), Ramesh C. Soren ( journalist, author, community leader), Rabiul Haque ( journalist).
'The versatilestory' is financially supported by its readers, well wishers through Donation. Any one can make financial support and to Donate can contact through e-mail.
Head Office: Kanchan Nagar, P.O.: Noonmati, Guwahati, District: Kamrup Metro, Assam, India, PIN 781020.
e-mail: versatilestory2020@gmail.com
Contact No: +918638698450
Versatile Story Branch office : Jyotinagar, Mangaldai Town, Darrang Ward no 6. Pin 784125 Assam, India.
Mobile : +91 8638698450]
No comments