কাৰ্বি, আদিবাসী, বড়ো আৰু অসমীয়া ভাষাত গীত পৰিবেশন কৰি উজলিছে ৰাজু ... এই গৰাকী যুৱ কণ্ঠশিল্পীৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়...কোনোমতে তেওঁৰ...
কাৰ্বি, আদিবাসী, বড়ো আৰু অসমীয়া ভাষাত গীত পৰিবেশন কৰি উজলিছে ৰাজু
... এই গৰাকী যুৱ কণ্ঠশিল্পীৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়...কোনোমতে তেওঁৰ পিতৃয়ে হাজিৰা আদি কৰি পৰিয়ালটিক পোহপাল দি আছে...
বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ:
বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বালিচাঙৰ একেবাৰে ভিতৰুৱা গাওঁৰ প্ৰচাৰ বিমুখ যুৱ কণ্ঠ শিল্পী ৰাজু ৰংপী ৷ সংগীতৰ প্ৰতি অগাধ অনুৰাগ থকা যুৱক ৷ সৰু কালৰে পৰা সংগীতৰ সাধনা কৰি উজলি উঠিছে বিশ্বনাথৰ কাৰ্বি জনজাতিৰ যুৱ কণ্ঠশিল্পী ৰাজু ৰংপী ৷ ১ নং দিল্লীচাং গাওঁৰ নিবাসী খৰসিং ৰংপী আৰু মাতৃ মীৰা টকবীপিৰ পুত্ৰ ৰাজু ৰংপী সম্প্ৰতি Karbi Anglong Singing Suparstar Online Audition ৰ ৩০০০ হেজাৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা তাৰে ভিতৰত প্ৰথম স্থানত নিৰ্বাচিত ৬ গৰাকী ভিতৰত স্থান দখল কৰা প্ৰতিযোগী কণ্ঠ শিল্পী৷
চুড়ান্ত স্থান নিশ্চিতৰ বাবে ইতিমধ্যে ভোট গ্ৰহনো সম্পন্ন হৈ যায় ৷ এতিয়া মাথো অপেক্ষা ৷ লাখ লাখ সংগীত প্ৰেমী লোকে অপেক্ষাৰত কোন হব Karbi Anglong Singing Superstar ৰ মহানায়ক ৷ অৱশেষত ফলাফল ঘোষণা কৰা হল ৷ প্ৰথম স্থান দখল কৰি KARBI ANGLONG SINGING SUPERSTAR ৰ খিতাপ অৰ্জন কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনে নবাগত কণ্ঠশিল্পী গৰাকীয়ে ৷
উল্লেখ্য যে ৰাজু ৰংপীৰ সুললিত কণ্ঠই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে উৎসৱ পাৰ্বনৰ উপৰিও দল সংগঠনৰ মঞ্চৰ কাৰ্যসুচীতো নিমন্ত্ৰিত হৈ গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰিছে ৷ কোনো ধৰণৰ আনুষ্ঠানিকতা শিক্ষা তথা প্ৰশিক্ষণ গ্ৰহন নকৰাকৈ তেওঁৰ সুললিত সুৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় ৷ স্ব- সাধনাত উদ্ভাসিত হোৱা ৰাজুয়ে কাৰ্বি ,আদিবাসী , বড়ো , আৰু অসমীয়া ভাষাত গীত পৰিবেশন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ এই গৰাকী যুৱ কণ্ঠশিল্পী গৰাকীৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয় ৷ কোনোমতে তেওঁৰ পিতৃয়ে হাজিৰা আদি কৰি পৰিয়ালটিক পোহপাল দি আছে ৷ ২০০১ চনৰ ৭ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰাজুয়ে স্থানীয় দিলীচাং প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি পৰ্যায়ক্ৰমে চতিয়া হাইস্কুলত দশম মানলৈ পঢ়ি শিক্ষা জীৱন সমাপ্ত কৰিবলগীয়া হয় ৷ আৰ্থিক সংকটৰ বাবে আগলৈ আৰু পঢ়া নহল ৷ আৰ্থিক অৱস্থাই কোঙা কৰা পৰিয়ালটিয়ে পুত্ৰৰ মনোকামনা পুৰণ কৰিব পৰা নাই ৷ আনকি সংগীতৰ প্ৰতি প্ৰৱল ধাউতি থকা পুত্ৰৰ বাবেও সামান্য কিছু সুবিধা দিব পৰা নাই পিতৃ মাতৃয়ে ৷ যদিও ৰাজুয়ে ভাগি পৰা নাই ৷ নিজৰ মনোশক্তি আৰু একান্ত চেষ্টাৰ বাবেই নিৰৱে সংগীতৰ সাধনা অব্যাহত ৰাখিছে ৷ এতিয়া পৰিয়ালৰ মাথো এটাই আশা ; চৰকাৰ তথা দল , সংগঠন , অথবা অনুষ্ঠান -প্ৰতিষ্ঠানে সহায় সহযোগিতা আগবঢ়ালে কিছু হলেও আগবাঢ়ি যাব আৰু দুৰ্ভগীয়া পৰিয়ালটিৰ প্ৰতি সকাহ দিয়া হব ৷
====
[Versatile Story (www.versatilestory.com) is a media platform, dedicated to carry quality journalism through in-depth field study report photo essay, research article, literature, art and culture etc. The editorial head office of V. S is situated in Guwahati, Assam's capital, and the infamous commercial hub of India's Northeast and a connectivity corridor of Southeast Asia. The editorial team comprises experienced journalists and researchers and presently Dr. Sonali Sarma, a researcher is acting as Editor. The other members of editorial board are Rabson Munda ( journalist, author, field researcher), Nisha Bhuyan ( journalist) , Binekha Sinha ( journalist), Narayan Phayel ( journalist), Ramesh C. Soren ( journalist, author, community leader), Rabiul Haque ( journalist)
'The versatilestory' is financially supported by its readers, well wishers through Donation. Any one can make financial support and to Donate can contact through e-mail.
Head Office: Kanchan Nagar, P.O.: Noonmati, Guwahati, District: Kamrup Metro, Assam, India, PIN 781020.
e-mail: versatilestory2020@gmail.com
Contact No: +918638698450
Versatile Story Branch office : Jyotinagar, Mangaldai Town, Darrang Ward no 6. Pin 784125 Assam, India.
Mobile : +91 8638698450]
No comments