উগ্ৰপন্থীৰ নৃশংসতাৰ বলি হোৱা ভুক্তভুগীয়ে কিয় আজিও নাপালে ন্যায় .. .উগ্ৰপন্থীৰ একাংশই মূলসুঁতিত ভৰি দি বহুখিনি সা-সুবিধা লাভ কৰিলে ৷ চহিদ হোৱ...
উগ্ৰপন্থীৰ নৃশংসতাৰ বলি হোৱা ভুক্তভুগীয়ে কিয় আজিও নাপালে ন্যায়
...উগ্ৰপন্থীৰ একাংশই মূলসুঁতিত ভৰি দি বহুখিনি সা-সুবিধা লাভ কৰিলে ৷ চহিদ হোৱা আদিবাসীলোক ভুক্তভুগীয়ে কি পালে ?
বিশ্বনাথ চাৰিআলি (বালিচাং) ৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ:
আজিৰ পৰা প্ৰায় চাৰি দশক আগৰ কথা ৷ অবিভক্ত শোণিতপুৰ জিলাৰ উত্তৰে অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা , গাওঁ , খণ্ড সমন্বিতে এক শান্তিৰ পৰিবেশ বিৰাজমান আছিল ৷ হিংসা, অপ্ৰতীতিকৰ ঘটনা চুৰি ডকাইতি অন্যান্য অসামাজিক কাৰ্যকলাপ একেবাৰে নাছিল ৷ বড়ো , আদিবাসী কাৰ্বি ,অসমীয়া ,নেপালী , চাওঁতালীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মাজত মৰম চেনেহ আৰু ভাতৃত্ববোধ আছিল ৷ অনাবিল আনন্দৰ মাজত দিন অতিবাহিত কৰিছিল অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিভিন্ন জনগোষ্ঠীৰ লোক ৷ আনকি গাওঁসমুহত জাতিৰ নামত কোনো বিভাজনেই নাছিল বুলি কব পাৰি ৷ নিজৰ কলা কৃষ্টি সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত সমভাৱ স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷অবিভক্ত শোণিতপুৰ জিলাৰ বিশ্বনাথ , বিহালী , চতিয়া ,গহপুৰ সমষ্টিৰ অৰ্ধেক অংশ অসম অৰুণাচল সীমান্তৱৰ্তীলৈকে চুই যোৱা বাঘ , হাতী , ভালুকে ধৰি বিভিন্ন ধৰণৰ জীৱজন্তুৰ বিচৰণ স্থলীয়েই আছিল বুলি কব পাৰি ৷দিন অতিবাহিত হোৱাৰ লগে লগে বিভিন্ন স্থানৰ পৰা বড়ো জনজাতীয় লোকৰ এই বৃহত্তৰ অঞ্চললৈ আগমন ঘটিল ৷ অতি কম দিনৰ ভিতৰতেই পুৱ শোণিতপুৰৰ ঘোৰ অৰণ্যক একাকাৰ কৰি প্ৰায় অৰ্ধ শতাধিকতকৈ অধিক বড়ো জনপুৰ্ণ গাওঁলৈ ৰূপান্তৰিত হল ৷ক্ৰমে মাইদাংশ্ৰী , মইনাগুৰি , ক্ষমাবাৰী, ৰাইডাওলাং , মাইনাওপুৰ , ঝাৰুবাৰী বলামগুৰি ,ডিমাপুৰ আদিকে ধৰি বহুসংখ্যক সৰু সৰু গাওঁৰ সৃষ্টি হোৱা ঠাইবিশেষে অহা বড়ো জনজাতীয় লোকে দিয়া গাওঁসমুহৰ নাম ৷ তেতিয়া পৰ্যন্ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বড়ো সকলৰ মাজত এক প্ৰকাৰ সুসম্পৰ্কই আছিল ৷কিন্তু কালৰ কুটিল গ্ৰাসত বড়ো জাতিৰ মাজৰেপৰাই বড়ো ছিকিউৰিটি ফৰ্চ চমুকৈ বি.এচ.এফ নামৰ সশস্ত্ৰ সংগঠনৰ প্ৰাৰ্দুভাব ঘটে ৷
অসম সীমান্তত থকা পাহাৰ ভৈয়াম সমীপৱৰ্তী গাওঁসমুহৰ লগতে সংলগ্ন হৈ থকা ৰাজহ গাওঁসমুহতো বসবাস কৰা বড়ো প্ৰধান ৰাইজক মাৰপিট নানান অমানুষিক অত্যাচাৰ আনকি হত্যা পৰ্যন্ত কৰি এন,ডি এফ বিয়ে প্ৰথমে নিজৰ বশতীয়া কৰি লয় ৷ খেয়ালখুচী মতে সংগঠনটোৱে কুটাঘাতমুলক কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ ধৰে ৷ প্ৰথমে ধন সংগ্ৰহ কৰা ব্যৱস্থাটো বড়ো ৰাইজৰ মাজতেই সীমাবদ্ধ আছিল ৷কোনো লোকে যদি সংগঠনটোৱে দাবী কৰা ধন দিব নোৱাৰিলে নতুৱা সংগঠনটোৰ বিৰুদ্ধে মাত মাতে তেন্তে তেনে লোক অমানুষিক শাস্তি দিয়াৰ লগতে হত্যা পৰ্যন্ত কৰে ৷
এই সশস্ত্ৰ সংগঠনেই পোনতেই খোপনি পুতি উগ্ৰপন্থীয় কাৰ্যকলাপ আৰম্ভ কৰে ৷ পিছলৈ এন.ডি .এফ .বি নামেৰে সশস্ত্ৰ সংগঠনৰ জন্ম হৈ অতি ক্ষিপ্ৰতাৰে সাংগঠনিক কাম কাজ সমুহ আগবঢ়াই নিয়াত সমৰ্থ হয় ৷ সাংগঠনিক কৰ্মকাণ্ডৰ নামত ধনদাবী , অপহৰণ, মাৰপিট হত্যা আদিৰ দৰে কাৰ্যকলাপ বৃদ্ধি কৰি অস্বস্তিকৰ পৰিবেশৰ সূচনা কৰে ৷ উল্লেখ্য যে অসম সীমান্তত থকা পাহাৰ ভৈয়াম সমীপৱৰ্তী গাওঁসমুহৰ লগতে সংলগ্ন হৈ থকা ৰাজহ গাওঁসমুহতো বসবাস কৰা বড়ো প্ৰধান ৰাইজক মাৰপিট নানান অমানুষিক অত্যাচাৰ আনকি হত্যা পৰ্যন্ত কৰি এন,ডি এফ বিয়ে প্ৰথমে নিজৰ বশতীয়া কৰি লয় ৷ খেয়ালখুচী মতে সংগঠনটোৱে কুটাঘাতমুলক কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ ধৰে ৷ প্ৰথমে ধন সংগ্ৰহ কৰা ব্যৱস্থাটো বড়ো ৰাইজৰ মাজতেই সীমাবদ্ধ আছিল ৷কোনো লোকে যদি সংগঠনটোৱে দাবী কৰা ধন দিব নোৱাৰিলে নতুৱা সংগঠনটোৰ বিৰুদ্ধে মাত মাতে তেন্তে তেনে লোক অমানুষিক শাস্তি দিয়াৰ লগতে হত্যা পৰ্যন্ত কৰে ৷আজিৰ পৰা প্ৰায় ২৩ বছৰ মানৰ পুৰ্বে চতিয়াৰ ভেলৌগুৰি নিবাসী ছেলেও বসুমতাৰীক সাপেকাঠি বজাৰৰ মাজমজিয়াত আঠুকঢ়াই নিৰ্মমভাবে গুলীয়াই হত্যা কৰে ৷ সম্ভৱত ১৯৯০/৯২ চনমানতেই ভেলৌগুৰি নদুৱাৰ মিশ্ৰিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলক অপহৰণ কৰিছিল ৷ একেদৰে ভীমাজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক তথা ডিপলোঙা নিবাসী মঃ ৰহমান আলিক ঘৰৰ পৰা অপহৰন কৰিছিল উগ্ৰপন্থীৰ দলটোৱে ৷ তদ্ৰুপ বিশ্বনাথ চাৰিআলিৰ গেলাপুখুৰীৰ ধৰণী ৰিজালকো দুস্কৃতিকাৰীয়ে হত্যা কৰি সন্ত্ৰাসৰাজ চলাই ৷ এই ঘটনাৰ পাছতেই উগ্ৰপন্থীয় কাৰ্যকলাপৰ প্ৰতি সাধাৰণ মানুহ শংকিত হবলগা হয় ৷পৰ্যায় ক্ৰমে বালিজুৰিৰ ধন পালক নিজ বাসগৃহতেই পৰিকল্পিতভাবে হত্যা কৰি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷সেই সময়ত ৰাইজে উগ্ৰপন্থী দমনৰ নামত প্ৰতিবাদী ধৰ্ণা আদি কাৰ্যসুচী গ্ৰহনেৰে চৰকাৰৰ ওচৰত দাবী উথথাপন কৰিছিল ৷ যদিও এন.ডি এফ বিয়ে সমান্তৰালকৈ বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰিয়ে থাকিল ৷
নব্বৈ দশকৰ সময়ছোৱাতে ছেলাইখাতি নিবাসী হেমচন্দ্ৰ মণ্ডল সহ পত্নী পুত্ৰ বোৱাৰী নাতি নাতিনীক কালসন্ধিয়াতে ঘৰত আহি অতি নিষ্ঠুৰভাবে গুলিয়াই হত্যা কৰি থৈ যায় ৷ দাবী কৰা ধন নিদিয়াৰ বাবেই পৰিয়ালটোৱে এই আততায়ীৰ হাতত প্ৰাণ দিবলগা হল ৷একেদৰে চিৰাচৰিত ভাবে এন.ডি.এফ বিৰ দুষ্কৰ্ম আৰু অত্যাচাৰৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল ৷যদিও চৰকাৰে উগ্ৰপন্থী দমনৰ নামত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰিলে ৷ এই সুযোগ গ্ৰহন কৰিয়েই সংগঠনটোৱে চাকৰিজীৱি ,ব্যৱসায়ী , ঠিকাদাৰী সকলৰ ওপৰত লক্ষ্য ৰাখি ধন সংগ্ৰহৰ অভিযানত নামি উঠিপৰি লাগে ৷এই লক্ষ্যত চিকাৰ হল দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগানন্দ কুৰ্মী ৷ নিদ্ধাৰিত সময়ৰ ভিতৰত টকা আদায় নিদিয়াৰ বাবে উগ্ৰপন্থীৰ দলটোৱে গুলি কৰিছিল ৷কিন্তু সৌভাগ্য বশত কথমপি প্ৰাণৰক্ষা পৰে ৷ পিছলৈ অপহৰণৰ দৰে দুষ্কাৰ্য কৰিবলৈ ললে ৷ঠিকাদাৰ মালিক পুজিপতি আনকি সৰু সুৰা ব্যৱসায়ীকো মাৰপিট অপহৰণ কৰি টকা পইছা বলপুৰ্বক সংগ্ৰহ কৰাৰ লগতে এন.ডি .এফ বিৰ সাংগঠনিক কামকাজ সুদৃঢ় কৰাত লাগিল ৷মুঠতে ৰাইজক বন্দুক বাৰুদৰ ভয় দেখুৱাই ভয় , শংকা আৰু ত্ৰাসক মুলধন হিচাবে লৈ সন্ত্ৰাসৰাজ চলাই ধন ঘটাত উঠিপৰি লাগে ৷ ইফালে বিশ্বনাথৰ ছেলাইখাতি নিবাসী ছাৰসিং ইংতি কাথাৰ ওৰফে সংবিজিত নামৰ অনাবড়ো লোক এগৰাকীয়ে সংগঠনটোৰ নেতৃত্ব বহন কৰি বড়োলেণ্ড ন্যয্যতাক লৈ সমগ্ৰ অসমত ত্ৰাসৰ সৃষ্টি কৰিলে ৷ক্ৰমাগত পুৱ শোণিতপুৰৰ ভীমাজুলিত ১৩ জনকৈ নিৰিহ লোকক নিৰ্মমভাবে হত্যা কৰিলে ৷মহালক্ষী তেজালপট্টী চাহ বাগিচা তথা গুৱাহাটী ডাইনেষ্টি হোটেলৰ স্বৰ্তাধিকাৰী আদিলোৰ ৰহমানক পৰিকল্লিতভাবে বড়ো অধ্যুষিত অঞ্চল নগদাত কেওঁপিনৰ পৰা ঘেৰি ধৰি দিনৰ ১১ মান বজাত অতি ওচৰৰ পৰা নিৰ্মমভাবে গুলিয়াই থকাসৰকা কৰি হত্যা কৰি থৈ যায় এন.ডি .এফ বিৰ দলটোৱে ৷ছেলাইখাতি মহজুলি পথাৰৰ ব্যৱসায়ী নৱৰংগলাল শৰ্মা আৰু দোকানখনৰ কৰ্মচাৰী চন্দু নেৱাৰক অপহৰন ৷ছেলাইখাতি পাচলগীৰ দুই সহোদৰ ৰাজু গোঁড় আৰু দিপক গোড়ঁক ধন নিদিয়াৰ বাবে আঠু কঢ়াই পিষ্টলেৰে ভাবুকি দি শাৰিৰীক নিৰ্যাতন চলোৱাৰ লগতে বাসগৃহটিও জ্বলাই দিয়ে দুস্কৃতিকাৰী দলটোৱে ৷আনকি গাওঁখনৰ পৰাই খেদি পঠিয়াই ৷ আৰু মাটি বাৰী সমুহ এন.ডি. এফ বি নিজৰ কব্জাত ৰাখে ৷ফলস্বৰূপ দুইভ্ৰাতৃৰ পৰিয়ালবৰ্গৰ পানীত হাঁহ নচৰা অৱস্থাৰ পৰিণত হল ৷এইদৰে আততায়ী সকলে অসামাজিক দুষ্কৰ্ম নিৰ্বিঘ্নে চলাই থাকিল ৷প্ৰতিক্ৰিয়া স্বৰূপে ৰাইজে উগ্ৰপন্থীৰ কুটাঘাতমুলক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ ধৰ্ণা আদি অব্যাহত ৰাখিছে ৷ইয়াৰ বিপৰীতে উগ্ৰপন্থীসকলে দুগুণ উৎসাহেৰে সন্ত্ৰাসিত কাৰ্যকলাপ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷অৱশেষত চৰকাৰে উগ্ৰপন্থীৰ দমনৰ নামত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে জীৱন সম্পত্তি আৰু নিৰাপত্তা স্বাৰ্থত ৰাইজে নিজাববীয়াকৈ উগ্ৰপন্থীৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ পুৱ শোণিতপুৰ সন্ত্ৰাস বিৰুধী অবড়ো সুৰক্ষা সমিতি নামৰ ৰাজহুৱা মঞ্চৰ জন্ম দিব লগা হৈছে ৷চৰকাৰেও ৰাইজৰ নিৰাপত্তা দিয়াৰ নামত তৰাজুলি ভীমাজুলি মহালক্ষী আৰু অন্যান্য ঠাই বিশেষে নিম্নমানৰ অস্থায়ী বেটেলিয়ন কেম্প স্থাপন কৰি উগ্ৰপন্থী দমনৰ নামত বৃথা চেষ্টা কৰা পৰিলক্ষিত হৈছিল ৷সময়ে সময়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা জানিব পৰা যায় ৷৮০% ফোটোকাৰ ফেন বুলি কব পাৰি ৷অভিযানৰ নামত চৰকাৰৰ সামৰিক শক্তিক প্ৰতিহত কৰিব পৰাকৈ উগ্ৰপন্থী সকলে নিজৰ স্থিতি আৰু শক্তিশালী কৰি তোলে ৷ যাৰ ফলত চৰকাৰেও থমকি ৰৱ লগা হয় ৷শেহতীয়াকৈ দিৰিং বনাঞ্চলত দুই খৰিকটীয়া নিৰুদ্দেশয়ো হয় ৷
বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত বিশ্বজুৰি কপাই যো্ৱা ৩১ জনকৈ চাওঁতালক হত্যা
যোৱা ২৩ ডিচেম্বৰ ২০১৪ চনত উত্তৰ অসমৰ ঢেকীয়াজুলিৰ ফিলবাৰীৰ পৰা বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত বিশ্বজুৰি কপাই যো্ৱা ৩১ জনকৈ চাওঁতাল জনগোষ্ঠীৰ নিৰিহ লোকে এন .ডি .এফ. বিৰ সংবিজিতৰ গোটৰ হাতত প্ৰান দিবলগা হল ৷ সমান্তৰালকৈ উত্তৰ অসমৰ সকলো চাহ বাগিচাত পৰিছালক সকলক ভাবুকি দি ধন দাবী কৰি আনকি দৰমহা বোনাচৰ টকাও কাঢ়ি নিয়াৰ নজিৰ আছে বড়ো উগ্ৰপন্থীৰ ৷ এনে পৰিস্থিতিত পৰিপেক্ষিতত অসম বিধান সভাৰ মজিয়াত চতিয়া আৰু বিহালীৰ বিধায়ক ক্ৰমে পদ্ম হাজৰিকা আৰু পল্লৱলোচন দাসে চৰকাৰৰ ভূমিকাক সমালোচনা কৰাৰ লগতে সশস্ত্ৰ সংগঠন সমুহৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনাই আহিছে ৷ কিন্তু এন.ডি .এফ .বিৰ ওপৰত চৰকাৰে ৰহস্যজনক ভাবে উপযুক্ত তদন্ত নকৰি গাপ দিব বিচৰা কাৰ্য্যই বাৰে বাৰে প্ৰতাৰিত হৈছিল সাধাৰন লোকসকল ৷বৰঞ্চ অনাগত দিনত চৰকাৰে যে এন.ডি. এফ বি.সংবিজিত গোটক দমন কৰিব নোৱাৰিৱ সি ধ্ৰুৱ সত্য ৷ সেই সময়ৰ পৰিস্থিতি পৰ্যাবেক্ষন কৰিলে এটা কথাই প্ৰতীয়মান হৈ যে অসম চৰকাৰৰ বৰমুৰীয়া সকলেই নিজৰ নিৰাপত্তাৰ বাবে চিন্তিত হবলগা হৈছিল ৷জনসাধাৰণক নিৰাপত্তা দিয়াটো পৰ্বতত কাছ কণী বিচৰা লেখীয়া কথা ৷ফলস্বৰূপে শান্তিপ্ৰেমী ৰাইজে শান্তি বিচাৰি নিজা মৰমৰ গাওঁখন এৰি নিৰাপদ ঠাইত অৱস্থান গ্ৰহন কৰিব লগা হৈছিল ৷এনেবোৰ ঘটনাৰ আৰঁৰ ৰহস্য কি আজিও কিন্তু সাথৰ হৈ পৰিল ৷ সততে মনলৈ কিছু প্ৰশ্ন আহে : আদিবাসী সকলক হত্যা কৰি এন.ডি .এফ .বিৰ সংগ্ৰাম সফল হল ৷চৰকাৰৰ পৰা ভালে খিনি জাতীয় স্বাৰ্থত তেওঁলোকে সুবিধা পালে আৰু নিজৰ বাবেও বহুখিনি লাভ কৰিলে ৷ চহিদ হোৱা আদিবাসীলোক অথবা আদিবাসী জনগোষ্ঠীয়ে কি পালে ?
No comments