প্ৰত্যাহ্বান নেওচি লোকসংস্কৃতি জগতত দৰিদ্ৰ শিল্পীৰ অনন্য যাত্ৰা .....বাঁহৰ জুপুৰিত বাস কৰা এই লোকজনে এককভাৱে কৰি গৈছে সংগীত সাধনা...যাক ঢুক...
প্ৰত্যাহ্বান নেওচি লোকসংস্কৃতি জগতত দৰিদ্ৰ শিল্পীৰ অনন্য যাত্ৰা
.....বাঁহৰ জুপুৰিত বাস কৰা এই লোকজনে এককভাৱে কৰি গৈছে সংগীত সাধনা...যাক ঢুকি নাপালে চৰকাৰী সাহাৰ্যই...
ৰমেশ চন্দ্ৰ চৰেণ
প্ৰতিভা বিকাশ অথবা প্ৰতিষ্ঠিত হবলৈ শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰি ৷ এই কথাকেই প্ৰতিপন্ন কৰিলে এগৰাকী দৃষ্টিহীন লোকে ৷ জন্মকালতে দৃষ্টিশক্তি হেৰুওৱা লোকজনে চেষ্টা আৰু সাধনাৰ বলত সংগীত জগতত প্ৰতিষ্ঠিত হবলৈ সপোন পুহি ৰাখিছে ৷ এগৰাকী দৃষ্টিহীন বাঁহী বাদক হিচাবে খ্যাতি অৰ্জন কৰা বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ তৰাজুলি গাওঁৰ নিবাসী যোগেশ্বৰ বসুমতাৰী ৷ পিতৃ ঁমহন বসুমতাৰী আৰু মাতৃ ঁডুমিলা বসুমতাৰীৰ কনিষ্ঠ পুত্ৰ ৷ পেচা বুলিবলৈ একো নাই ৷ যদিও বিভিন্ন জনৰ দান বৰঙনিৰে জীৱন নিৰ্বাহ কৰি আহিছে দৃষ্টিহীন লোকজন ৷ বাঁহৰে সজা জুপুৰি সদৃশ ঘৰটোত বসবাস কৰা এই লোকজনে নিৰৱে সাধনা কৰি গৈছে বাহীবাদন ৷ বাঁহী বনোৱাৰ লগতে বাঁহী বজাই ৰাইজক আপ্লুত কৰাৰ উপৰিও বিহু মঞ্চতো বাঁহী বজাই ৰাইজৰ মন জয় কৰি আহিছে যোগেশ্বৰ বসুমতাৰীয়ে ৷
দৃষ্টিহীন যোগেশ্বৰে খোল , তাল , গীতাৰ , মেণ্ডোলিন , ভায়লিন , তবলা, হাৰমনিয়াম , ঢোল আদি বাদ্যযন্ত্ৰ বজাই আহিছে ৷ আনকি বিহু তথা অন্যান্য মঞ্চত গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰা বসুমতাৰীয়ে লোকগীত , আধুনিক গীত , বৰগীতৰ উপৰিও বিভিন্ন ধৰ্মীয় গীত পৰিবেশন কৰা পৰিলক্ষিত হৈছে ৷ কোনো ধৰনৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনেই সংগীতৰ সাধনা কৰি আহিছে নিৰৱে
বিভিন্ন জনগোষ্ঠীৰ জনপ্ৰিয় গীতৰ বাঁহী বজাইবলৈ সক্ষম লোকজন ৷ দৃষ্টিহীন যোগেশ্বৰে খোল , তাল , গীতাৰ , মেণ্ডোলিন , ভায়লিন , তবলা, হাৰমনিয়াম , ঢোল আদি বাদ্যযন্ত্ৰ বজাই আহিছে ৷ আনকি বিহু তথা অন্যান্য মঞ্চত গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰা বসুমতাৰীয়ে লোকগীত , আধুনিক গীত , বৰগীতৰ উপৰিও বিভিন্ন ধৰ্মীয় গীত পৰিবেশন কৰা পৰিলক্ষিত হৈছে ৷ কোনো ধৰনৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনেই সংগীতৰ সাধনা কৰি আহিছে নিৰৱে ৷ কিন্তু পৰিতাপৰ বিষয় আজিলৈকে ঢুকি নাপালে চৰকাৰী সাহাৰ্য ৷ আনকি সংগীতৰ বাবে লোকজনৰ নাই আন কোনো সৰঞ্জাম ৷
No comments