গৃহহাৰা আদিবাসীৰ নৱপ্ৰজন্ম আজিও ভয়াৰ্ত, খেদি ফুৰে অজান আশংকাই ...বহু কিশোৰ-কিশোৰীয়ে দৰিদ্ৰতাৰ বাবে আন ঠাইলৈ কাম কৰাৰ বাবে পিতৃ-মাতৃক এৰি গ...
গৃহহাৰা আদিবাসীৰ নৱপ্ৰজন্ম আজিও ভয়াৰ্ত, খেদি ফুৰে অজান আশংকাই
...বহু কিশোৰ-কিশোৰীয়ে দৰিদ্ৰতাৰ বাবে আন ঠাইলৈ কাম কৰাৰ বাবে পিতৃ-মাতৃক এৰি গুচি যোৱাৰ কথা জানি বা গুচি যোৱা দেখি শিবিৰত কষ্টকৰ জীৱন কটাই থকাসকলেও তেনে পথত আগবাঢ়িব বুলি সদৰি কৰিছিল...
Story Theme: MANTEL HEALTH CHALLENGES of CHILDRENS of CONFLICT INDUCED DISPLACED PEOPLE, ASSAM
By DIGANTA SARMA
দিগন্ত শৰ্মা:
লক্ষ্মী মুৰ্মু নামৰ ৪০ বছৰীয়া মহিলাগৰাকীৰ একমাত্ৰ আশ্ৰয়স্থল মাটিৰ ঘৰটো প্ৰশাসনে উচ্ছেদ চলোৱাৰ ভাঙি দিছিল ৷ ভগা ঘৰটোৰ ওপৰত এখন প্লাষ্টিক মেলি দি লক্ষ্মী মুৰ্মুৱে কাৰোবাৰ ঘৰৰ পৰা একোছা ধানখেৰ খুজি আনি ঘৰৰ ভেটিটোৰ ওপৰত খেৰবোৰ এনেদৰে জাপি দিছিল, যাতে খেৰৰ মাজত গাঁতৰ দৰে সাজি তাৰ মাজতে তেওঁ সোমাই থাকিব পাৰে৷ খেৰৰ মাজৰ গাঁতত কেৱল লক্ষ্মী মুৰ্মুৱেই যে আশ্ৰয় লয় তেনে নহয়৷ তাত সোমাই থাকে লক্ষ্মী মুৰ্মুৰ কন্যা সূৰুয মুৰ্মু৷ এক বিশেষ কায়দাৰে লক্ষ্মী মুৰ্মুৱে তেওঁলোকৰ একমাত্ৰ আশ্ৰয়স্থলত খেৰবোৰৰ ওপৰত ফটা প্লাষ্টিকখনকে আৰি দিছে৷ সূৰুয নামৰ লক্ষ্মী মুৰ্মুৰ কন্যাজনীৰ বয়স ১২ বছৰ৷ সূৰুয সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ সেই খেৰৰ গাঁতটোৰ ভিতৰতে সূৰুযৰ পঢ়া কিতাপ-বহী-কলম৷ শীতৰ দিনত তেওঁলোকক একমাত্ৰ আশ্ৰয়স্থল খেৰৰ গাঁতটোৰ মাজত সোমাই শুই থকা অৱস্থাত৷ আবাসস্থলৰ সন্মুখৰ মুকলি ঠাই এটুকুৰাত বহি ৰ’দ লগাই আছিল লক্ষ্মী মুৰ্মু নামৰ মহিলাগৰাকী৷
এই দৃশ্য প্ৰত্যক্ষ কৰিছিলো কোকৰাঝাৰ জিলাৰ লুংচুং এলেকাৰ কদমগুৰি অঞ্চলত৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কদমগুৰি অঞ্চললৈ যোৱা পথত লক্ষ্মী মুৰ্মুৰ আবাসস্থলি৷ ১৯৯৬ আৰু ১৯৯৮ চনৰ বড়ো-আদিবাসী গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হৈছিল লক্ষ্মী মুৰ্মু৷ কেইবাবছৰো শৰণাৰ্থী শিবিৰত থকাৰ পিচতো কোনো উপযুক্ত ক্ষতিপূৰণ নাপালে লক্ষ্মী মুৰ্মুৱে৷ ২০১০ চনৰ নৱেম্বৰ মাহত বনাঞ্চলৰ মাটিত বাস কৰা বুলি বি টি চি প্ৰশাসনে উচ্ছেদ চলাইছিল৷ অৰ্থাৎ এনেদৰে অজস্ৰ শৰণাৰ্থীয়ে জীৱন অতিবাহিত কৰি আহিছে ইতৰ প্ৰাণীৰ দৰে৷ কিন্তু প্ৰশ্ন উঠিছে, এই সকল শৰণাৰ্থীক সংস্থাপনৰ নকৰি, চৰকাৰীভাৱে মুকলি হৈ অহা কোটি কোটি টকা ক’ত ব্যয় হৈছে, বৰম্বাৰ এইসকল লোকক ভেটিৰ পৰা উচ্ছেদ কৰি আহিছে কিয়?...
উল্লেখ্য যে ১৯৯৩-৯৪ চনত, ১৯৯৬ আৰু ১৯৯৮ চনত কোকৰাঝাৰ, বঙাইগাঁও জিলাত যি গোষ্ঠীসংঘৰ্ষ সংঘটিত হৈছিল তাৰ আঁৰত আছিল ৰাজনৈতিক শক্তি৷ বড়োলেণ্ডৰ দাবীৰ নামত চলোৱা ৰাজনৈতিক আন্দোলনেই এই গোষ্ঠীসংঘাতৰ এটা অন্যতম কাৰক আছিল৷ যি আন্দোলনৰ পৰাই উগ্ৰজাতীয়তাবাদ তথা জনগোষ্ঠীয় সন্ত্ৰাসবাদৰ বিকাশ ঘটিছিল ভয়ংকৰভাৱে৷ কিন্তু গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ ২৫টা বছৰৰ পিচতো গৃহহাৰা হোৱা লোকসকলে পুনৰ সংস্থাপন লাভ নকৰিলে৷ এই সকল সংঘাত পীড়িত উদ্বাস্তু ( Conflict Induced Internally Displaced Persons) মানুহক কেৱল বঞ্চিত কৰি অহা হৈছে অধিকাৰৰ পৰা৷ সকলোতকৈ গুৰুতৰ কথা যে এই স্থানান্তৰিত লোক সকলৰ শিশু সকলৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰিছে নেতিবাচক প্ৰভাৱ৷ ১২ বছৰ বয়সত এগৰাকী কণ্যাই যদি মাটিৰ গাতত সোমাই জীৱন অতিবাহিত কৰিব লাগে, সন্মুখততে আশ্ৰয়গৃহ ভাগি দিয়াৰ দৃশ্য দেখিব লাগে, সন্ত্ৰাসৰ বিভীষিকা দেখিব লাগে, বঞ্চিত হব লাগে খাদ্য, চিকিৎসা, শিক্ষা, আশ্ৰয়ৰ পৰা-- তেতিয়া শিশুটিৰ মানসিক স্বাস্থ্যই সন্মুখীন হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ৷ এই সন্দৰ্ভত আমি চলোৱা এক সমীক্ষাৰ পৰা লাভ কৰা গৈছে অতিকে উদ্বেগজনক তথ্য৷ নামনি অসমৰ কোকোৰাঝাৰ আৰু চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত থকা সংঘাতৰ ফলত স্থানান্তৰিত হোৱা আদিবাসী লোকৰ মাজত চলোৱা হৈছিল এই সমীক্ষা৷
আনহাতে সন্ত্ৰাসৰ কবলত পৰি শৰণাৰ্থী শিবিৰৰ কদৰ্যময় পৰিবেশত, অনাহাৰ-অনিদ্ৰাৰে ডাঙৰ-দীঘল হোৱা, শিবিৰত থাকোতে অসাধু চক্ৰৰ বলি হোৱা শিশুসকল মানসিকভাবে কিদৰে প্রভাবিত হ'ল— এই সন্দৰ্ভত এক সমীক্ষা চলোৱা হৈছিল। অবিভক্ত কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত থকা শিবিৰত, বিভিন্ন সময়ত একাংশ শিশুৰ (১৮ বছৰ বয়সৰ তলৰ ) মাজত চলোৱা সমীক্ষাৰ পৰা লাভ কৰা ফলাফল আছিল অতি তাৎপর্যপূর্ণ।
সমীক্ষাই স্পষ্ট কৰা দিশসমূহ আছিল এনেধৰণৰ- :
সমীক্ষাই সামৰি লোৱা শিশু (১৮ বছৰৰ তলৰ বয়সৰ )সকলৰ ৯২ শতাংশৰ সংঘৰ্ষতৰ্জৰ পৰিস্থিতিৰ অভিজ্ঞতা হৈছিল। এইসকল শিশু গোষ্ঠী সংঘৰ্ষৰ সময়ত হিংস্ৰতাৰ বলি হৈছিল, ঘৰ এৰি পিতৃ-মাতৃৰ সৈতে পলাইছিল, আক্ৰমণকাৰীৰ উৎপীড়নৰ বলি হৈছিল, আক্ৰমণকাৰীয়ে হত্যাৰ বাবে খেদি অহাত প্ৰাণ বচাবলৈ দৌৰিছিল, চকুৰ সন্মুখতে নিজৰ ঘৰ জ্বলি যোৱা দেখিছিল, প্রিয় সামগ্রী (যেনে— কিতাপ-পত্ৰ, কাপোৰ-কানি আদি) বিনষ্ট হোৱাৰ দুখে ক্ৰিয়া কৰিছিল। সমনীয়াৰ পৰা বিচ্ছেদ হৈছিল।
আনহাতে সমীক্ষাই সামৰি লোৱা শিশুসকলৰ ভিতৰৰ ২৭ শতাংশই পিতৃ- মাতৃৰ বা আন আত্মীয়-স্বজনৰ মৃত্যুৰ (যেনে— আক্ৰমণকাৰীৰ দ্বাৰা হত্যা, চিকিৎসাৰ অভাৱত শিবিৰত মৃত্যু হোৱা বা আত্মীয়ৰ মৃত্যুৰ বিষয়ে জনা) দৃশ্য দেখিছিল বা করল মৃত্যুৰ বিষয়ে জানিছিল। একাংশই সদৰি কৰিছিল— পিতৃ-মাতৃ বা আত্মীয়ৰ মৃত্যুৰ কাৰণ। একাংশই স্পষ্টকৈ কৈছিল আক্ৰমণকাৰীয়ে কি ধৰণে হত্যা কৰিছিল বা শিবিৰত কেনেধৰণৰ যন্ত্ৰণাৰ মাজেৰে আত্মীয়জনৰ মৃত্যু হৈছিল। এই ভয়ংকৰ বা কৰুণ দৃশ্য প্রত্যক্ষ কৰিছিল, ভয়ার্ত হৈছিল বা দুখত ভাগি পৰিছিল।
সকলো শিশুৱেই সংঘৰ্ষৰ পিচত পঢ়াৰ পৰিবেশ নোপোৱা বুলি কৈছিল। অর্থাৎ এশ শতাংশ শিশুৱেই শিক্ষাৰ সুস্থ পৰিবেশৰ পৰা বঞ্চিত হৈছিল। সমীক্ষাই সামৰি লোৱা প্ৰতিজন শিশুৱেই পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হৈছিল। বেছিভাগ শিশুৰে এযোৰ মাত্ৰ কাপোৰ। ৭৬ শতাংশ শিশুৱে পিতৃ-মাতৃৰ সৈতে মজিয়াত শুইছিল। শীতৰ দিনত প্ৰচণ্ড জাৰ পাইছিল। আনহাতে ৬০ শতাংশ শিশুৱেই প্রাথমিক শিক্ষাৰ।
পিচত স্কুললৈ যোৱা এৰি ইফালে সিফালে কাম কৰিব বিচাৰি ফুৰিছিল। আনহাতে ৪২ শতাংশ কিশোৰীয়ে আনৰ ঘৰত কাম কৰিবলৈ যাওতে শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈছিল আৰু যৌন নিৰ্যাতনৰ লগতে অশ্রীল ইংগিত) বলি হৈছিল।
এক অমানৱীয় পৰিবেশত বাস কৰি থকা বুলি ১৬ শতাংশই অনুভৱ কৰিছিল। চাৰি শতাংশই মত দিয়া নাছিল। শিবিৰত থাকোতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি এশ শতাংশ শিশুৱে মত দিছিল। একাংশ কিশোৰে হিংসাত্মক ঘটনাবোৰৰ দ্বাৰা এনেদৰে প্রভাবিত হৈছিল যে মনত ক্ষোভ আৰু প্ৰতিশোধ লোৱাৰ কথা ভাবিছিল। ১৫ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ কিশোৰচামৰ ক্ষেত্ৰত প্ৰায় ৭৪ শতাংশই মনত ক্ষোভ থকা বুলি আৰু প্ৰতিশোধ লোৱাৰ ভাব থকা বুলি সদৰি কৰিছিল। হিংসাত্মক ঘটনাৰ পিচত বহুতে বহু দিনলৈ নিদ্ৰাহীনতাত ভুগিছিল। আনকি পিচলৈয়ো ঘটনাবোৰ মনত পৰিলে, কাৰোবাৰ লগত ঘটনাবোৰ সম্পৰ্কে আলোচনা কৰিলে বা কোনোবাই সেই সম্পর্কে আলোচনা কৰা শুনিলে ৰাতি টোপনি নহয়। প্রায় ৩৩ শতাংশৰ এনে অবস্থা হয় বুলি কৈছিল। আনহাতে মানসিক অৱসাদ বা নৈৰাশ্য (Depression / Frustration) অধিকাংশ কিশোৰৰ মনতে আছিল। এনেভাৰ থকা বুলি সদৰি কৰা কিশোৰ আছিল ৭২ শতাংশ। ইফালে একাংশ কিশোৰ-কিশোৰীয়ে দৰিদ্ৰতাৰ বাবে আন ঠাইলৈ কামনা বাবে গুচি যোৱাৰ কথা জানি বা গুচি যোৱা দেখি শিবিৰত কষ্টকৰ জীৱন কটাই থকাসকলেও তেনে পথত আগবাঢ়িব বুলি সদৰি কৰিছিল। এই সন্দৰ্ভত ৭৬ শতাংশই সেই পথত সুবিধা পালে অগ্ৰসৰ হ'ব বুলি কোৱাৰ বিপৰীতে ৬ শতাংশই কোনো। মন্তব্য দিয়া নাছিল আৰু ১৮ শতাংশই অভিভাৱকৰ ওপৰত কথা' বুলি মস্তবা দিছিল।
এনেদৰে গোষ্ঠী সন্ত্ৰাসৰ এক ভয়াৱহ পৰিণতি প্ৰতিফলিত হৈছিল ভুক্তভোগী শিশু কিশোৰ-কিশোৰীসকলৰ মনত। ১৯৯৬ চনত ২ লক্ষাধিক আৰু ১৯৯৮ চনত এ লক্ষাধিক লোকে ঘৰ-বাৰী হেৰুৱাইছিল। আৰ্থাৎ গোষ্ঠী সন্ত্ৰাসৰ বলি হোৱা এই বৃহৎসংখ্যক লোকৰ ভিতৰত ৩০ শতাংশ শিশু বুলি ধৰিলেও বুজিব পাৰি এই নতুন। শিশুৱে কাইলৈ এই দেশৰ যদি ভবিষ্যৎ তেন্তে সম্ভবনাময় ভৱিষ্যতক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে কোনে? সংঘাত জৰ্জৰ এলেকাৰ স্থানান্তৰিত লোকৰ শিশুসকলৰ মানসিক স্বাস্থ্য যিদৰে প্ৰভাৱিত হৈছে, তাৰ পৰা নৱপ্ৰজন্মক মুক্ত কৰিবলৈ মানসিক স্বাস্থ্যৰ বিশেষ যতন ( Special Mental Healthcare ) লোৱাৰ প্ৰয়োজনীয়তা আছিল, কিন্তু বাস্তৱত সেয়া বিস্তৃত পৰিসৰত দেখা নগল৷
এইসকল শিশুৰ শাৰীৰিক-মানসিক-বৌদ্ধিক বিকাশ প্ৰত্যাহ্বানপূৰ্ণ৷ এই শিশু চামক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিবলৈ আগবাঢ়ি আহি কোনোবাই জ্ঞান বিকাশৰ নতুন পথ মুকলি কৰিব লাগিব৷
++++
No comments