উদ্যমী মহিলা কাঞ্চন ডেকাই গঢ়িছে অৰ্থনীতিৰ ভেটি ... মহিলা গৰাকীয়ে সকলো প্ৰত্যাহ্বান অতিক্ৰমি গাহৰি পালনেৰে পৰিয়ালৰ অভাৱগ্ৰস্ত অৱস্থাৰ উত্তৰ...
উদ্যমী মহিলা কাঞ্চন ডেকাই গঢ়িছে অৰ্থনীতিৰ ভেটি
দিগন্ত শৰ্মা
এজাক গাহৰি প্ৰতিদিনে প্ৰতিপালন কৰাটো এগৰাকী মহিলাৰ বাবে অতিকৈ কষ্টকৰ৷ সময়মতে খাদ্য যোগান ধৰা, সঠিক সময়ত দৰৱ যোগান ধৰা, প্ৰতিদিনে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা, সদ্যোজাত পোৱালিৰ যতন লোৱা আদি অনেক কাম এগৰাকী মহিলাই চম্ভালি থকাটো এক প্ৰত্যাহ্বান৷ ইয়াৰ মাজতে নিজৰ পৰিয়াল, ঘৰুৱা বা সামাজিক বিভিন্ন কাম কাজৰ দায়িত্ব থাকে এগৰাকী মহিলাৰ৷ তথাপিও কাঞ্চন ডেকা নামৰ মহিলা গৰাকীয়ে সকলো প্ৰত্যাহ্বান অতিক্ৰমি গাহৰি পালনেৰে পৰিয়ালৰ অভাৱগ্ৰস্ত অৱস্থাৰ উত্তৰণ ঘটাই আৰ্থিক সৱলীকৰণ সম্ভৱ কৰি তুলিছে৷ এইগৰাকী কাঞ্চন ডেকা হ’ল
দৰং জিলাৰ ৰামহৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত দাঁহা গাৱৰহএগৰাকী উদ্যমী মহিলা৷ গাঁও খনৰ 'সোণমা' আত্ম সহায়ক গোটৰ তেওঁ এগৰাকী সক্ৰিয় সদস্যা।
তেওঁ ঘৰৰ আৰ্থিক দুৰৱস্থা দূৰ কৰিবলৈ গাহৰি পালনেৰে উপাৰ্জনৰ পথত নামি পৰে৷ তেওঁ গাহৰি পালনেৰে এবছৰৰ ভিতৰত ১,১৫,৯০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত তেওঁৰ বাবে এয়াই হৈ পৰে প্ৰধান জীৱিকা। বছৰি লক্ষাধিক টকা উপাৰ্জনেৰে তেওঁ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ গঢ়াত অৱদান আগবঢ়াইছে
২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা কাঞ্চন ডেকাই গাহৰি পালন কৰিবলৈ আৰম্ভ কৰে ৷ নিজৰ ঘৰৰ সমীপত আৱদ্ধ পদ্ধতিৰে গাহৰি পালন আৰম্ভ কৰাৰ আগতে মহিলা গৰাকীয়ে 'চেষ্টা' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ জৰিয়তে প্ৰশিক্ষণ লয়৷ ইয়াৰ পিছত তেওঁ ঘৰৰ আৰ্থিক দুৰৱস্থা দূৰ কৰিবলৈ গাহৰি পালনেৰে উপাৰ্জনৰ পথত নামি পৰে৷ তেওঁ গাহৰি পালনেৰে এবছৰৰ ভিতৰত ১,১৫,৯০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত তেওঁৰ বাবে এয়াই হৈ পৰে প্ৰধান জীৱিকা। বছৰি লক্ষাধিক টকা উপাৰ্জনেৰে তেওঁ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ গঢ়াত অৱদান আগবঢ়াইছে৷ উল্লেখযোগ্য যে, গাহৰি পালনৰ লগত জড়িত সকলোখিনি কাম কাঞ্চন ডেকাই নিজাকৈ সম্পন্ন কৰি আহিছে আৰু এজাক গাহৰি পালনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে কাঞ্চন ডেকা আনৰ বাবে এক আদৰ্শ হৈ পৰিছে৷
No comments