Page Nav

HIDE

Grid

GRID_STYLE

হিজাব আৰু স্ব-ইচ্ছাৰ অধিকাৰ : ধৰ্ম প্ৰধান ৰাষ্ট্ৰ এখন- স্বাধীনতা, গণতন্ত্ৰ আৰু নাৰীৰ বাবে কিমান ভয়ানক ?

ইৰাণৰ মাছা আমিনিও হৈ উঠিব সমগ্ৰ বিশ্বৰ নাৰীবাদী আন্দোলনৰ প্ৰতীক ...ভাৰতৰ হিজাব বিতৰ্কৰ সৈতে ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদৰ এক সাদৃশ্য আছে। যিট...




ইৰাণৰ মাছা আমিনিও হৈ উঠিব সমগ্ৰ বিশ্বৰ নাৰীবাদী আন্দোলনৰ প্ৰতীক



...ভাৰতৰ হিজাব বিতৰ্কৰ সৈতে ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদৰ এক সাদৃশ্য আছে। যিটো হৈছে দুয়োখন দেশতে ধৰ্মীয় চৰিত্ৰ বিৰাজ থকা ৰক্ষণশীল চৰকাৰে নাৰী স্বাধীনতা আৰু অধিকাৰক কবৰ দিবলৈ চেষ্টা কৰিছে




ভাস্কৰ কলিতা

 পুৰুষতান্ত্ৰিকতা আৰু ধৰ্ম হৈছে এটা মুদ্ৰাৰ ইপিঠি - সিপিঠি। নাৰী স্বাধীনতাক টেটু চেপি ধৰিবলৈ চেষ্টা কৰা ৰীতি- নীতি আৰু পৰম্পৰা বোৰত এই ধৰ্ম আৰু পুৰুষ প্ৰধান সমাজখনে সহোদৰ হিচাপে কাম কৰি আহিছে। ছোৱালী শিক্ষাৰ হৈ মাত মতা বাবে সাবিত্ৰী বাই ফুলেৰ গা লৈ গোবৰ দলিওৱা আমাৰ সমাজে নাৰী স্বাধীনতাৰ নামত শংকিত হোৱাটো একো অস্বাভাৱিক কথা নহয় । সেইটো কোনো শিক্ষাৰ্থীৰ কলেজত কোনো ছাত্ৰীয়ে হাপ পেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱা ঘটনাই হ‌ওক অথবা কৰ্ণাটকৰ হিজাব বিতৰ্ক‌ই হ‌ওক । ঠাই ভিন্ন হলেও চৰিত্ৰ একেই। ধৰ্ম প্ৰধান ৰাষ্ট্ৰত নাৰী স্বাধীনতাৰ হৰণৰ স্বৰূপ অতি ভালদৰেই পৰিস্ফুট হৈ উঠে। 
   

এই বছৰৰেই জানুৱাৰী মাহত কৰ্ণাটকত হিজাব বিতৰ্ক‌‌ই টুইটাৰৰ দৰে সামাজিক মাধ্যমত এক নম্বৰত ট্ৰেণ্ড কৰিছিল। যিটো বিতৰ্ক সৃষ্টি হৈছিল শিক্ষাৰ্থীয়ে বিদ্যালয়ত হিজাব অথবা বোৰ্খা পিন্ধি যোৱাক লৈ। কৰ্ণাটকৰ বিদ্যালয়ত কিছুমান ছাত্ৰ‌ই গেৰুৱা স্কাৰ্ফ গলত লৈ হিজাব পিন্ধি অহা ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।  একেই সুৰতে সুৰ মিলাইছিল বিদ্যালয় কৰ্তৃপক্ষই, যত হিজাব পৰিধান কৰা ছাত্ৰীক পৰীক্ষাত বহাৰ অনুমতি দিয়া হোৱা নাছিল। যাৰ ফলত সমগ্ৰ দেশতে এক ধৰণৰ ধৰ্মীয় বিতৰ্কৰ সৃষ্টি হ'ল। ভাত-কাপোৰ, স্বাস্থি- শিক্ষাৰ ঠাইত জনসাধাৰণ বিভক্ত হৈ পৰিল  হিজাবৰ বিপক্ষে আৰু হিজাবৰ সপক্ষে । যিটো খবৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশকে ধৰি , ছোৱালী শিক্ষাৰ হৈ মাত মাতি অহা মালালা ইউছুফজাইৰ দৰে সামাজিক কৰ্মীয়েও নিজৰ মতামত প্ৰকাশ কৰিছিলে।

দেশৰ সংবিধানৰ ১৫ নং অনুচ্ছেদটো ভুমুকিয়াই চাই দেখিবলৈ পাব যে - ধৰ্ম, জাতি ,লিঙ্গৰ ভিত্তিত ৰাষ্ট্ৰ‌ই কোনো ধৰণৰ বৈষম্য মূলক আচৰণ কৰিব নোৱাৰিব

বিতৰ্কটো নিষ্পত্তি কৰণৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ লৈ যোৱা হয়।  উচ্চ ন্যায়ালয়েও ৰাজ্য চৰকাৰৰ হিজাব বিৰোধী সিদ্ধান্তকে বাহাল ৰাখে যদিও আজি পৰ্যন্ত সেই হিজাব বিতৰ্কৰ নিষ্পত্তি নহ'ল। যাৰ নেতিবাচক প্ৰভাৱ পৰিছে সেই ভুক্তভোগী ছাত্ৰী সকলে। অৱশেষত কৰ্ণাটকৰ হিজাব বিবাদ নিষ্পত্তিৰ ভাৰ পৰিল মহামান্য উচ্চতম ন্যায়ালয়ত।  উচ্চতম ন্যায়ালয়ে হিজাব বিতৰ্কটোক লৈ ৰায়দান দিয়াৰ কথা ওলাইছে যদিও আৰু বা কিমান দিন লাগে সেইটোহে  চিন্তনীয় । উচ্চতম ন্যায়ালয়ৰ ছিনিয়ৰ অধিবক্তা দুষ্যন্ত দাভেই এই বিষয়টোক লৈ বিতৰ্ক চলি থাকোতেই কৈছে যে - "যিসকলে ইছলাম বিশ্বাস কৰে তেওঁলোকৰ বাবে হিজাব প্ৰয়োজনীয় , আনহাতে যিসকলে ইছলাম বিশ্বাস নকৰে তেওঁলোকৰ বাবে হিজাব অপ্ৰয়োজনীয় ।" যিটো কথাৰ পৰা হয়টো বুজিব পৰা গৈছে যে আমাৰ দেশত বৰ্তমান ন্যায় ব্যৱস্থাইয়ো কাৰোবাক সন্তুষ্ট কৰিহে verdict দিব লাগিব পাৰে।  দেখি বেয়া লাগিছে ভুক্তভোগীয়ে এতিয়া trial ত থিয় হ'বলগীয়া হৈছে। যিটো হলে স্বাধীনতা আৰু মুক্ত কণ্ঠৰ কোনো মূল্য নাথাকিব। কিন্তু আপুনি যদি দেশৰ সংবিধানৰ ১৫ নং অনুচ্ছেদটো ভুমুকিয়াই চাই দেখিবলৈ পাব যে - ধৰ্ম, জাতি ,লিঙ্গৰ ভিত্তিত ৰাষ্ট্ৰ‌ই কোনো ধৰণৰ বৈষম্য মূলক আচৰণ কৰিব নোৱাৰিব । প্ৰকৃততে হৈ কি আছে আপোনালৈ এৰিলো।

নতুন  চৰকাৰৰ দ্বাৰা মহিলা সকলৰ বাবে Dress code হিচাপে হিজাব বাধ্যতামূলক কৰা হৈছিল। মহিলাসকলক নিজৰ ইচ্ছা অনুযায়ী কাপোৰ পিন্ধা, মুখ-মণ্ডলত প্ৰদৰ্শন কৰা, প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা আদি কাৰ্যত সম্পূৰ্ণ বাধা আৰোপ কৰা হয়। যিসকল নাৰীয়ে এই নিয়মৰ উলংঘা কৰিলে তেওঁলোকক জৰিমনা আৰু কাৰাগাৰ পৰ্যন্ত নিক্ষেপ কৰা হৈছিল

এতিয়া আহিছোঁ আন এক ঘটনা ৰাজিলৈ , যিটোৰ সৈতে কৰ্ণাটকৰ হিজাব বিতৰ্কৰ এক সাদৃশ্য পৰিলক্ষিত হৈছে। যোৱা কিছুদিন ধৰি মধ্য- প্ৰাচ্যৰ দেশ ইৰাণত ধৰ্মীয় চৰকাৰ খনৰ বিৰুদ্ধে হিজাব বিৰোধী বিদ্ৰোহে তীব্ৰ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে ইৰাণৰ ত্ৰিশ খন প্ৰধান চহৰলৈ এই প্ৰতিবাদ বিয়পি পৰিছে । ৩১ গৰাকী প্ৰতিবাদকাৰীয়ে মৃত্যবৰণ কৰিছে । আমি যদি অলপ উভতি চাও দেখিম যে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ নামত দেশখনত এখন ৰক্ষণশীল ধৰ্মীয় চৰকাৰৰ প্ৰতিষ্ঠা হয় , যিটো দলে বৰ্তমানলৈ শাসনত অধিষ্ঠিত হেঐ আছে। শাসনত আহিয়েই নতুন  চৰকাৰৰ দ্বাৰা মহিলা সকলৰ বাবে Dress code হিচাপে হিজাব বাধ্যতামূলক কৰা হৈছিল। মহিলাসকলক নিজৰ ইচ্ছা অনুযায়ী কাপোৰ পিন্ধা, মুখ-মণ্ডলত প্ৰদৰ্শন কৰা, প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা আদি কাৰ্যত সম্পূৰ্ণ বাধা আৰোপ কৰা হয়। যিসকল নাৰীয়ে এই নিয়মৰ উলংঘা কৰিলে তেওঁলোকক জৰিমনা আৰু কাৰাগাৰ পৰ্যন্ত নিক্ষেপ কৰা হৈছিল। ধৰ্ম প্ৰধান ইছলামিক ৰাষ্ট্ৰঃ এখন যে স্বাধীনতা , গণতন্ত্ৰ আৰু নাৰীৰ বাবে কিমান ভয়ানক হব পাৰে এইয়াই উদাহৰণ। কিন্তু ইৰাণৰ প্ৰগতিশীল সমাজ তথা ছাত্ৰী আৰু মহিলা সকলে এই দমনৰ তীব্ৰ বিৰোধিতা কৰিবলৈ ধৰিলে। যিটোৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে ২০১৪ চনত ইৰাণীয়ান মহিলা সকলে নিজৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি My Stealthy Freedom বুলি হিজাব বিৰোধী অভিযান চলাই। যিয়ে পিছলৈ সমগ্ৰ ইৰাণৰ নাৰী তথা  Girls of Revolution street ৰ দৰে সংগঠনক নাৰী স্বাধীনতাৰ হকে মাত মাতিবলৈ উৎসাহ আৰু সাহস দিয়ে। তেতিয়াৰে পৰা উমি উমি জ্বলি উঠা বিদ্ৰোহৰ অগনিয়ে আজি সমগ্ৰ ইৰাণক কপাই তুলিছে। আৰক্ষীৰ বৰ্বৰ অত্যাচাৰত মৃত্যু হোৱা ' মাছা আমিনি' ৰ  দৰে প্ৰগতিশীল নাৰীৰ মৃত্যুৱে হিজাব বিৰোধী প্ৰতিবাদক আৰু অধিক শক্তিশালী কৰি তুলিছে। এই প্ৰতিবাদী বিক্ষোভত মহিলা সকলে পিন্ধি থকা হিজাব জ্বলাই, ছাত্ৰী সকলে দীঘল চুলি চুটিকৈ কাটি , প্ৰসাধন সামগ্ৰী ঘঁহি , মাছা আমিনিৰ ফটো তুলি ধৰি তেহৰানৰ ৰাজপথত স্বাধীনতাৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে। কি ঠিক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ফ্লয়েইড বৰ্ণবাদী বিদ্ৰোহৰ পৰিচয় হৈ উঠাৰ দৰেই ইৰাণৰ মাছা আমিনিও হৈ উঠিব সমগ্ৰ বিশ্বৰ নাৰীবাদী আন্দোলনৰ প্ৰতীক। ৰক্ষণশীল ইছলামিক চৰকাৰখনে নাৰীবাদী আন্দোলনৰ আগত হাৰ মানিবলৈ বাধ্য হয় নে নহয় সময়ে কব কিন্তু হিজাব বিৰোধী প্ৰতিবাদে যে চৰকাৰৰ ভেটি কপাই তুলিছে সেইটো সচাকৈ প্ৰেৰণাদায়ক । 
    সাৰাংশ হিচাপে দুষাৰ- ম‌ই আগতেই উল্লেখ কৰিছোঁ যে ভাৰতৰ হিজাব বিতৰ্কৰ সৈতে ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদৰ এক সাদৃশ্য আছে। যিটো হৈছে দুয়োখন দেশতে ধৰ্মীয় চৰিত্ৰ বিৰাজ থকা ৰক্ষণশীল চৰকাৰে নাৰী স্বাধীনতা আৰু অধিকাৰক কবৰ দিবলৈ চেষ্টা কৰিছে। নাৰী সকলৰ Right to Choice বা স্ব- ইচ্ছাৰ অধিকাৰক খৰ্ব কৰা হৈছে ।  ৰাষ্ট্ৰৰ চৰিত্ৰত ধৰ্ম কেন্দ্ৰীক প্ৰৱণতা থকা বাবেই ন্যায়পালিকাৰ পক্ষেও স্বতন্ত্ৰ ভাৱে ন্যায়, স্বাধীনতা আৰু সমতাৰ হকে ৰায় দিয়াটো যেন অসম্ভৱ হৈ উঠিছে। 

   যিখন দেশৰ চৰকাৰে মানুহৰ ৰান্ধনী ঘৰত কি ৰান্ধিব লাগিব, ছোৱালীয়ে কেনেকুৱা ধৰণৰ পোছাক পিন্ধিব লাগিব, কোনটো ধৰ্মৰ নামত নিজৰ বিবেকক লুপ্ত কৰিব লাগিব, কোনখন দেশক শত্ৰু বুলি মান্যতা দিব লাগিব ধৰণৰ অৰ্থহীন বিষয়বোৰক প্ৰাধান্য দি নীতি নিৰ্ধাৰণ কৰে, সেইখন দেশত গণতন্ত্ৰ আৰু স্বাধীনতাৰ নামত জকাটোহে বাকী থাকে। 
   আশা কৰিছোঁ ইৰাণৰ প্ৰগতিশীল আন্দোলনে ভাৰতৰ দৰে দেশকো চুই যাব আৰু মৌন হৈ পৰা নাগৰিকে সমাজবাদ আৰু সংবিধান মানিব নোখোজা চৰকাৰ খনক প্ৰশ্ন কৰিবলৈ শিকিব। ইৰাণৰ বিদ্ৰোহে দেখুৱাই দিছে এয়া পুৰুষ বনাম মহিলাৰ বিদ্ৰোহ নহয় , এয়া হৈছে অন্যায়ৰ বিৰুদ্ধে জনসাধাৰণৰ বিপ্লৱ।

No comments