অন্যায়ৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাবেই ওলাই আহিছিল চাওঁতাল সকল ... সিধু-কানহুৰ আহ্বানক সকলোৱে সহাৰি জনাই স্বতঃস্ফূৰ্তভাবেই ওলাই আহিছিল...অ...
...সিধু-কানহুৰ আহ্বানক সকলোৱে সহাৰি জনাই স্বতঃস্ফূৰ্তভাবেই ওলাই আহিছিল...অমানুষিক শাসন, শোষনৰ ,ব্যৱস্থাত অতিষ্ঠ হৈ পৰিছিল চাওঁতাল সকল...
ৰমেশ চন্দ্ৰ চৰেণ
১৮৫৫-৫৬ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীজ ৰোপন কৰা চাওঁতাল বিদ্ৰোহ এক ঐতিহাসিক বিদ্ৰোহ ৷ এই বিদ্ৰোহৰ স্ফুলিঙ্গ ইমানেই ভয়ানক আছিল যে ভাৰতৰ চুকেকোণে চাওঁতাল অধ্যুষিত অঞ্চল সমুহত বৰকৈ প্ৰভাৱ পৰিছিল আৰু বিদ্ৰোহত সক্ৰিয় অংশগ্ৰহণ কৰিছিল ৷ সিধু -কানহুক সপোনত দৰ্শন দিয়া মাৰাং বুৰুৰ আহ্বানক সকলোৱে সহাৰি জনাই স্বতঃস্ফূৰ্তভাবেই ওলাই আহিছিল হাজাৰ হাজাৰ চাওঁতাল লোক ৷ মাৰাং বুৰুয়ে সপোনত দেখা দি অন্যায়ৰ বিৰুদ্ধে থিয় দিবৰ বাবে দিয়া আহ্বানক বাস্তৱত ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল চাওঁতাল সকলে ৷ এই আন্দোলন মুলতে আছিল বৃটিছ সকলে চাওঁতালী সকলৰ জমিৰ ওপৰত অত্যাধিক কৰ কাটল জাপি দিয়া কাৰ্য ৷ একে সময়তে বৃটিছে মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন কৰিছিল ৷ এই নীতিৰ লগত চাওঁতাল সকল পৰিচিত নাছিল ৷ তেওঁলোকে মাত্ৰ কৃষি ,আৰু বিনিময় প্ৰথাৰ মাজতে চাওঁতাল সমাজ ব্যৱস্থা চলিছিল ৷ মুদ্ৰা প্ৰচলনে চাওঁতাল সকল অৰ্থনৈতিক ভাবে ক্ষতিগ্ৰস্ত হব লগা হৈছিল ৷ সহজ সৰলতাৰ সুযোগ লোৱা বৃটিছৰ ছত্ৰছায়াত মহাজনী ব্যৱস্থা, পুজিপতি সকলৰ অমানুষিক শাসন, শোষনৰ ,ব্যৱস্থাত অতিষ্ঠ হৈ পৰিছিল চাওঁতাল সকলে ৷ আনকি অত্যাধিক কৰ কাটল জাপি দিয়া বৃটিছ তথা জমিদাৰসকল, আৰু পুজিপতি সকলৰ শোষন নীতিৰ সৰ্বহাৰা হৈ সৰ্বোচ্চ হেৰুৱাব লগা হৈছিল ৷ নিজে কষ্টৰে জংঘল পৰিস্কাৰ খেতি কৰা মাটিতো অত্যাধিক কৰ লগাই মাটি হস্তগত কৰাৰ প্ৰচেষ্টাও চলাইছিল বৃটিছ সকলৰ আৰ্শীবাদ প্ৰাপ্ত সামন্ত প্ৰভু ,জমিদাৰ আৰু পুজিপতি সকলে ৷ কৰ কাটল দিব নোৱাৰিলে মাটি এৰিব লগা হৈছিল ৷ নতুবা কৰ কাটলৰ নামত ঋনগ্ৰস্ত দেখোৱাই শ্ৰম কৰাবলৈ বাধ্য কৰোৱা হৈছিল ৷ মুঠতে পুজিপতি জমিদাৰ শ্ৰেনীৰ শোষন বঞ্চনৰ ফলত অতিষ্ঠ হৈ পৰিছিল চাওঁতাল সকল ৷ উপায় বিহীন হোৱা চাওঁতাল সকলে উপনিৱেশিক শাসন শোষনত অতিষ্ঠ হোৱা চৰম পৰ্যায়ত পাইছিলগৈ ৷ এনে এটা পৰিস্থিতিৰ সন্মুখিন হব লগা হল যে নিজৰ অধিকাৰৰ বাবে চাওঁতাল সকল বিদ্ৰোহ কৰিবলৈ বাধ্য হৈ পৰিল ৷ চাওঁতাল সকলৰ পাৰগানা ব্যৱস্থাৰে পৰিচালিত সামাজিক প্ৰথাৰে স্বায়ত্ব ৰক্ষা কৰি স্বশাসন চলাই চলমান ধাৰাত চলি আহিছে ৷
৩০ জুন, ১৮৫৫ চনত আনুষ্ঠানিক ভাবে ভাগনাডিহিত প্ৰায় দহহেজাৰ চাওঁতাল লোক একত্ৰিত হৈ সিধু-কানহু মুৰ্মুৰ নেতৃত্বত স্বাধীন চাওঁতাল ৰাজ্যৰ ঘোষনা কৰি আন্দোলনৰ ৰণডংকা বজাই আৰু কলিকতা অভিমুখে ভাৰতৰ বুকুত ঐতিহাসিক স্বতন্ত্ৰতাৰ সিদ্ধান্ত লৈ প্ৰথমটো গণপদযাত্ৰা আৰম্ভ কৰে ৷এই পদযাত্ৰা মাওচেংতুঙৰ বহু পুৰ্বে হোৱা আটাইতকৈ দীৰ্ঘ পদযাত্ৰা হিচাবে চিহ্নিত হৈছে ৷
গাও পৰিচালনাত মাঞ্জহি, পাৰাণিক, জগমাঞ্জি, জগ পাৰাণিক, নায়কে, কুডাম নায়কেৰ দৰে পদ নিৰ্বাচিত কৰা হয় ৷একে দৰে ব্লক পৰ্যায় ব্লক পাৰাগানা ,জিলা পাৰগানা, দেশ পাৰাণিক ,দেশমাঝিৰ দৰে পদ নিৰ্বাচিত কৰা এক স্বতন্ত্ৰ সমাজ ব্যৱস্থাৰে চাওঁতাল সকল পৰিচালিত ৷ চাওঁতালী সকলৰ গোত্ৰ হিচাবেও নিজা পদ মৰ্যদা আছে ৷ যেনে কিস্কু ৰাপাজ অৰ্থাৎ কিস্কু গোত্ৰৰ লোকে ৰাজশাসন চলোৱা , হেমৰম গোত্ৰৰ লোকে বিচাৰকমণ্ডলীৰ দায়িত্বত চাওঁতালী সকলৰ বিধান অনুসৰি বিচাৰকৰ্তা দায়িত্ব পালন কৰে ৷মুৰ্মু গোত্ৰক মুৰ্মু ঠাকুৰ বুলি কোৱা হয় ৷পুজা পাৰ্বন হলে পুজা কৰাৰ পুৰোহিতৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে মুৰ্মু গোত্ৰক ৷ টুডু গোত্ৰৰ লোকে ৰচইকা অৰ্থাৎ নৃত্য গীত কৰা ,বেশ্ৰা সকলে বেপাৰ বাণিজ্য কৰা ,চৰেণ সকলে চিপাহী অৰ্থাৎ সামৰিক শক্তিৰ দায়িত্বত,থকা এনেদৰেই গোত্ৰধাৰী লোকসকলে তেওঁলোকক সমাজে বান্ধি দিয়া দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে ৷ পাৰাগানা ব্যৱস্থাৰ স্বশাসনত বৃটিছৰ নতুন নীতিৰ প্ৰভাৱত চাওঁতাল সকল স্বাভাৱিকতেই ক্ষুন্ন হৈ পৰিছিল ৷ ইফালে শোষন নীতিয়ে বাৰুকৈ বিধ্বস্ত কৰিছিল চাওঁতাল সকলক ৷ সামাজিক ভাবে প্ৰভাব পৰা বৃটিচৰ কঠোৰ নীতিত বিৰুদ্ধাচৰন কৰি চাওঁতাল সকলৰ ক্ষোভত জ্বলি উঠিছিল ৷স্বতন্ত্ৰ ৰূপত এক সহজ সৰল জীৱন যাপন কৰা শান্তিপ্ৰিয় চাওঁতাল সকলে ক্ষোভৰ বৰ্হি প্ৰকাশ ঘটা শোষনবিহীন স্বাধীন চাওঁতাল ৰাজ্য গঠন কৰিবৰ বাবে এক প্ৰকাৰ বিদ্ৰোহেই ঘোষনা কৰিছিল ৷ স্বায়ত্বশাসিত ভাবেই চলি অহা চাওঁতাল সকলৰ স্বতন্ত্ৰতাত আঘাত হনাৰ বাবেও সংগঠিত হৈছিল চাওঁতাল সকলে ৷ বৃটিছৰ কবলত ৰক্ষা পোৱা শোষনবিহীন স্বাধীন চাওঁতাল ৰাজ্য স্থাপনৰ বাবেই একত্ৰিত হৈ বিদ্ৰোহৰ ঘোষনা কৰিছিল সিধু আৰু কানহু মুৰ্মুয়ে ৷ স্বশাসন প্ৰতিষ্ঠাৰ বাবে এই আন্দোলন বনজুইৰ দৰে বিয়পি পৰে ৷ইফালে বৃটিচৰ অপশাসনত সমানে পিষ্ট হোৱা চাওঁতাল অধ্যুষিত অঞ্চল সমুহত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকেও সহযোগ কৰি এই যাত্ৰাৰ অংশীদাৰ হৈছিল ৷ চাওঁতাল সকলৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰা আদিবাসী তথা অনা আদিবাসী লোকসকলৰ অৰ্থনৈতিক আৰু সামাজিক ভাবেই অটুট সম্পৰ্ক আছিল ৷ এনেবোৰ কাৰনত চাওঁতাল সকলৰ এই বিদ্ৰোহ প্ৰৱল ৰূপ ধাৰন কৰিছিল ৷৩০ জুন, ১৮৫৫ চনত আনুষ্ঠানিক ভাবে ভাগনাডিহিত প্ৰায় দহহেজাৰ চাওঁতাল লোক একত্ৰিত হৈ সিধু-কানহু মুৰ্মুৰ নেতৃত্বত স্বাধীন চাওঁতাল ৰাজ্যৰ ঘোষনা কৰি আন্দোলনৰ ৰণডংকা বজাই আৰু কলিকতা অভিমুখে ভাৰতৰ বুকুত ঐতিহাসিক স্বতন্ত্ৰতাৰ সিদ্ধান্ত লৈ প্ৰথমটো গণপদযাত্ৰা আৰম্ভ কৰে ৷এই পদযাত্ৰা মাওচেংতুঙৰ বহু পুৰ্বে হোৱা আটাইতকৈ দীৰ্ঘ পদযাত্ৰা হিচাবে চিহ্নিত হৈছে ৷ পিছলৈ অৱধাৰিতভাবে ৮মাহ ৯দিন ধৰি বৃটিছৰ লগত তুমুল সমুখ সমৰত লিপ্ত হবলগা হৈছিল ৷ থানবান হৈ পৰিছিল চাওঁতাল সকল ৷ আৰ্থিক দুৰবস্থাই কোঙা কৰি পেলাইছিল ৷ ইফালে সিধু -কানহু শ্বহীদ হোৱাৰ পাছত নেতৃত্ব বিহীন হৈ পৰিছিল ৷ অন্ধকাৰৰ ধুসৰ ছায়া পৰিছিল চাওঁতাল জনগোষ্ঠীৰ ওপৰত ৷ বিধ্বস্ত হোৱা জনগোষ্ঠীটোৰ ওপৰতো বৃটিছৰ শেনচকু ৷ ভয় আৰু সংশয় সেই পৰ্যন্ত আতৰা নাছিল বৃটিছসকলৰ ৷একত্ৰিত হৈ পুনৰ যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰবাবে বৃটিছে অসমৰ বিভিন্ন অঞ্চলত থিতাপি দিয়াইছিল চাওঁতাল সকলক ৷ এইদৰেই এটা জনগোষ্ঠী সম্পুৰ্ণ ৰূপে বিধ্বস্ত হৈ স্বাধীনতা আন্দোলনৰ বীজ ৰোপন কৰিছিল ৷এই আন্দোলনৰ ফলস্বৰূপ আজি পৰ্যন্ত চাওঁতাল সকলে মুৰ ডাঙি উঠিব পৰা নাই ৷ এই আন্দোলনৰ ফলত 'চাওঁতাল পৰগনা' নামেৰে জিলা 'লাভ কৰিলে ঠিকেই ৷ কিন্তু পানী হাঁহ নচৰা অৱস্থা হল ৷ হাবুডুবু খাব লগা অৱস্থাৰ সন্মুখিন হবলগা হৈছিল ৷ অৱশেষত মিছনেৰী সকলৰ প্ৰচেষ্টাত বহু চাওঁতালী লোকে নতুন জীৱন পালে ৷ বহুলোকে খ্ৰীষ্ট ধৰ্মত দীক্ষিত হল ৷ যদিও নিজস্ব প্ৰথাৰে চলি অহা চাওঁতাল সকলে মিছনেৰী সকলৰ ধৰ্মান্তৰিত কৰাৰ প্ৰচেষ্টাক সহজভাবে মানি লব পৰা নাছিল ৷ তেওঁলোকে সাংস্কৃতিময় জীবনকে সৰোগত কৰি স্বতন্ত্ৰ ভাবে জীৱন নিৰ্বাহ কৰাৰ প্ৰয়াস কৰিছিল ৷ চাওঁতাল বিদ্ৰোহৰ পাছত চাওঁতাল সকলৰ জীৱনত বহু পৰিৱৰ্তন হল ৷ পুৰ্বৰ নিয়ম অনুসৰি জগমাঞ্জিয়ে সকলোকে চোৱা চিতা কৰি ভাল পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অগ্ৰগনীয় ভুমিকা পালন কৰিছিল ৷ তেওঁৰ কথা কোনোৱে অমান্য নকৰিছিল ৷কিন্তু হুলৰ পাছত কোনেও কাকো মনা নাছিল ৷ নেতৃত্ব মানি লব বিচৰা নাছিল ৷ নিজ ইচ্ছামতেই চলাৰ প্ৰৱণতা গঢ় লৈ উঠে ৷একতা লোপ পালে ৷জাতীয় চেতনা নোহোৱা হল ৷ সমাজৰ কথা চিন্তা নকৰি নিজে প্ৰতিষ্ঠিত হোৱাৰ চিন্তা ভাৱনাই বেছিকৈ কৰা দেখা গল ৷ যিটো চাওঁতাল সমাজৰ একেবাৰে পৰিপন্থী আছিল ৷ অৰ্থনৈতিক অৱস্থাও সংকটাপন্ন হল ৷ নিজৰ মাটি জমি অন্য লোকে সহজে কাঢ়ি লব পৰা হল ৷ নিজে জংঘল কাটি ভঙা মাটিত খেতিবাতি কৰিবলৈ ললে ৷যদিও সুদখোৱা মহাজন সকলে শস্যৰ লগতে মাটি বাৰী কাঢ়ি লোৱা হল ৷ সমাজ সুখ শান্তি নোহোৱা হল ৷অভাবৰ তাড়নাত সৰ্বচচ হেৰুৱাব লগা হল চাওঁতাল সকলে ৷ সাজ পোচাকৰ ক্ষেত্ৰতো হুলৰ পুৰ্বে নিজে বনোৱা কাপোৰ পৰিধান কৰিছিল ৷ যদিও এই কাম হুুলৰ পিছত বাদ পৰিল ৷ তাঁতি সকলে বনোৱা কাপোৰহে পৰিধান কৰিব ললে ৷ আনন্দ ফুৰ্তি নোহোৱা হল ৷ তাৰ পৰিৱৰ্তে দুখ যান্ত্ৰনাৰে ভৰা হ্ৰদয় স্পৰ্শী গীতহে বেছিকৈ শুনা যায় ৷এতিয়া গীতবোৰত অৱশ্যে আধুনিকতাৰ ছাপ পৰিছে ৷বিপদ আপদ হলে সকলোৱে মিলি উদ্ধাৰ কৰাৰ প্ৰচেষ্টা আছিল ৷যদিও এই চিন্টেমেই সম্পূৰ্ণ লোপ পাইছে ৷ ধৰ্মীয় ক্ষেত্ৰতো বিভিন্ন জনে নিজ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহন কৰিব পৰা হল ৷ চাওঁতাল সকলে মুলতে প্ৰকৃতিৰ পুজক ৷ যদিও হুলৰ পাছত হিন্দু ধৰ্ম অনুসৰন কৰি বিভিন্ন দেৱ দেৱীৰ পুজা কৰিব ললে ৷ এই পৰ্যন্ত চাওঁতাল সকলে আদিম সত্বাক আৰু স্বধৰ্মক প্ৰায় ৭০%জীয়াই ৰাখিছে ৷ হুলৰ লগে লগে চাওঁতাল সকলৰ আভ্যন্তৰীণ বহু বিষয় এৰা খালে কিন্তু আজিও অব্যাহত হৈ ৰল ১৬৬ বছৰীয়া শোষণ নিষ্পেষণ ,বঞ্চন ,প্ৰতাৰনা ,নানা অত্যাচাৰ, ঠগবাজী, মাটি বাৰী লুটপাত, আৰু চৰকাৰী পক্ষৰ অবিচাৰ ৷ শোষনকাৰীক নহয় শোষিতক হে অত্যাচাৰ চলাই অহাৰ বিপৰীতে শোষনকাৰীক বৰপীৰা পাৰি দিয়া এই প্ৰথা আজিও অব্যাহত থকা চাওঁতাল সকলৰ পৰিবৰ্তন বিশেষ একো নহল ৷ বৰঞ্চ তেওঁলোকক বিভিন্ন প্ৰকাৰে অত্যাচাৰ কৰি তুচ্ছ তাচ্ছিল্যহে কৰা হল ৷ মুৰ দাঙি নিজৰ পৰিচয়েৰে স্বতন্ত্ৰ জীৱন যাপন কৰা ধাৰায়ো উন্নয়নৰ হেঙাৰ ৰূপে এতিয়াও থিয় দি আছে ৷অপ্ৰিয় হলেও সত্য যে বৰ্তমানৰ পৰিস্থিতিত এতিয়াও সিধু-কানহুৰ প্ৰাসংগিতা আছে ৷ জনজাতীয়কৰণৰ দৰে সাংবিধানিক অধিকাৰ ,ভুমি অধিকাৰ ,স্বায়ত্বশাসনৰ ব্যৱস্থা চাওঁতাল সকলৰ জন্মগত অধিকাৰ ৷এই অধিকাৰ সাব্যস্ত কৰিবৰ বাবে চাওঁতাল দল সংগঠন তথা চাওঁতালীভাষী ৰাইজে আন বিপ্লৱ কৰিব লাগিব ৷
No comments