Page Nav

HIDE

Grid

GRID_STYLE

শিশুৱে স্কুলৰ বেগ এৰি কান্ধত জাবৰৰ বস্তা লবলৈ বাধ্য হয় কিয়?

শিশুৰ পৰা ব্যৱস্থা সৃষ্ট শ্ৰমিকলৈ যাত্ৰা : অন্তৰালৰ কাহিনী ...বিশ্বৰ সন্মুখত দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে শিশু শ্ৰমিক... বিশেষকৈ এছিয়া আ...


শিশুৰ পৰা ব্যৱস্থা সৃষ্ট শ্ৰমিকলৈ যাত্ৰা : অন্তৰালৰ কাহিনী



...বিশ্বৰ সন্মুখত দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে শিশু শ্ৰমিক... বিশেষকৈ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ দেশ সমূহৰ অতি ভয়াৱহ সমস্যা এই শিশু শ্ৰমিক,,,দৰিদ্ৰতা, সন্ত্ৰাসবাদ, গৃহযুদ্ধ আৰু মানৱ সৰবৰাহকাৰীৰ চক্ৰত পৰি এই উন্নয়ন শীল দেশৰ শিশু সকলে অতি কম বয়সতেই শাৰীৰিক শ্ৰম কৰিবলৈ বাধ্য হৈ পৰে...



ভাস্কৰ কলিতা


 এটি শিশু, এটা কলম ,এগৰাকী শিক্ষক আৰু এখন বহীয়ে পৃথিৱী সলাব পাৰে - মালালা।    

       হয় ,মালালাই কোৱা এগৰাকী শিশুৱে পৃথিৱী সলাব পাৰে যদি ব্যৱস্থাটোয়ে সেইগৰাকী শিশুক পূৰ্ণ বিকাশ হবলৈ সুযোগ দিয়ে । যদি শিশুটোক শৈশৱতে মুক্তমনে শিকিবলৈ, খেলিবলৈ আৰু খাবলৈ বাধা প্ৰদান কৰা হয় তেন্তে সেই শিশুটোৱে কৈশোৰ আৰু প্ৰাপ্তবয়স্ক কালত দক্ষতাহীন ভাৱে জীয়াব লগীয়া হয় । যাৰ ফলত শিশুটো দেশ এখনৰ বাবে মানৱ সম্পদ হিচাপে গঢ় লোৱাত বাধাপ্ৰাপ্ত হয়। 

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা ( আই এল ও) আৰু ইউনিচেফ ৰ তথ্য অনুসৰি বৰ্তমান বিশ্বত ১০ কোটি ৬০ লাখ শিশুৱে অতি সংকটত জনক কামত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে । আনহাতে কৰণাৰ বাবে হোৱা গৃহবন্দী পৰিস্তিতিৰ ফলত ২০২২ ৰ শেষৰ পিনে আৰু ৯০ লাখ শিশুৱে বিদ্যালয় এৰি শ্ৰমিক হিচাপে নিয়োজিত হোৱাৰ সম্ভাৱনাই দেখা দিছে


   বৰ্তমান সমগ্ৰ বিশ্বৰ সন্মুখত দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে শিশু শ্ৰমিক।  বিশেষকৈ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ দেশ সমূহৰ অতি ভয়াৱহ সমস্যা এই শিশু শ্ৰমিক। দৰিদ্ৰতা, সন্ত্ৰাসবাদ, গৃহযুদ্ধ আৰু মানৱ সৰবৰাহকাৰীৰ চক্ৰত পৰি এই উন্নয়ন শীল দেশৰ শিশু সকলে অতি কম বয়সতেই শাৰীৰিক শ্ৰম কৰিবলৈ বাধ্য হৈ পৰে । চৰকাৰ সমূহে সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে এই সমস্যাটো দূৰিকৰণত। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা ( আই এল ও) আৰু ইউনিচেফ ৰ তথ্য অনুসৰি বৰ্তমান বিশ্বত ১০ কোটি ৬০ লাখ শিশুৱে অতি সংকটত জনক কামত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে । আনহাতে কৰণাৰ বাবে হোৱা গৃহবন্দী পৰিস্তিতিৰ ফলত ২০২২ ৰ শেষৰ পিনে আৰু ৯০ লাখ শিশুৱে বিদ্যালয় এৰি শ্ৰমিক হিচাপে নিয়োজিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ৰাষ্ট্ৰসংঘ‌ই ঘোষণা কৰিছে যে জন্মৰ পিছত পুষ্টিকৰ খাদ্য, শিক্ষা ,সু- স্বাস্থ্য আৰু প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰাটো প্ৰতিগৰাকী শিশুৰ জন্মস্বস্ত অধিকাৰ। কিন্তু আপুনি যদি নিজৰ আশে পাশে এবাৰ চকু ফুৰাই চাই , তেন্তে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখিবলৈ পাব । 

   এই যে ৰাতিপুৱাই স্কুলৰ বেগ লোৱাৰ সলনি পিঠিত ওলোমাই লোৱা ডাষ্টবিনৰ বেগ টো , মধ্যবিত্তৰ ঘৰৰ গাড়ীখন ধুবলৈ আৰু ফুলদানী মচিবলৈ ৰৈ থকা ফুলকুমলীয়া হাঁতখন , দোকানে দোকনে চাহ বিলাই ফুৰা নামবিহীন চটু নামৰ লৰাটো , ষ্টেচনত ফুল বিক্ৰী কৰিবলৈ ৰৈ থকা মলিন মুখৰ শিশুহাল , হাজিৰা কৰিবলৈ অহা মাতৃৰ কোলাৰ পৰা নামি শিল- বালিৰ মাজত নিজৰ শৈশৱ জীয়াব খোজাঁ সেই চিনাকি মুখবোৰ আৰু আপোনাৰ গাড়ীৰ গ্লাছত টুকুৰীয়াই  পতাকা বিক্ৰী কৰিবলৈ বৃথা চেষ্টা কৰা সিহঁতবোৰ । নিতৌ দেখিবলৈ পাব সিহঁতক আপুনি,  আপোনাৰ চহৰখনত , আপোনাৰ গলী- মহল্লাত আৰু সন্ধিয়াৰ ষ্ট্ৰীত লাইটৰ পোহৰত। পিছে, সমস্যাটো এইসকল শিশু নহয় , সমস্যাটো হৈছে এইসকলৰ দৰেই লাখ লাখ শিশুক তেওঁলোকৰ হেৰুৱা শৈশৱ ঘুৰাই দিবলৈ আপুনি মই একো এটা কৰিব নোখোজা আৰু এটা অমনোযোগী মনোভাৱ ৰাখি আঁতৰি যোৱাটো।

    এতিয়া আহিছোঁ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্ম-কাণ্ডলৈ । ১৯৮৫ চনত শিশু আৰু মহিলা সবলীকৰণৰ স্বাৰ্থত এটা বিভাগ স্থাপন কৰা হৈছিল। বৰ্তমান সেই বিভাগটোৰ মুৰব্বী হৈছে স্মৃতী ইৰাণী বাইদেউ। যোৱা ২০১৮ ৰ পৰা আজিৰ তাৰিখলৈকে তেখেতৰ নেতৃত্বত থকা এই বিভাগটোৰ খিতানত হাজাৰ হাজাৰ কোটি টকা মোকলাই দিয়া হৈছে । কিমান খিনিলৈকে মহিলা সবলীকৰণৰ কৰিব পাৰিলে আৰু শিশুৰ বিকাশ কৰাত অৰিহণা যোগাব পাৰিলে ৰাষ্ট্ৰীয় সূচাংক সমূহ চালে পৰিষ্কাৰ হৈ পৰিব। আচ্ছে দিন অহাৰ পিছৰ পৰাই গ্ৰাম্য আৰু চহৰ সকলোতে অৰ্থনৈতিক বৈষম্যৰ ছবিখন আৰু স্পষ্ট হৈ পৰিছে । লকডাউনেও দেশৰ বিধস্ত অৰ্থনৈতিক অৱস্থাৰ ছবিখন পোহৰলৈ আনিলে। যোৱা দু- বছৰত ভোক , দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাত জনতাই ভিকহুত পৰিণত হৈছে । ঠিক তেনেদৰে চৰকাৰী বিদ্যালয়লৈ যোৱা শিশু সকলেও আধাতে স্কুললৈ যোৱা বন্ধ কৰিব লগীয়া হৈছে। কেন্দ্ৰীয় শিক্ষা ব্যৱস্থাৰ বাৰ্ষিক তথ্য জনোৱা সংস্থা ASER ( Annual Status of Education Report) এ জনোৱা মতে সমগ্ৰ দেশত যোৱা দু- বছৰত প্ৰাথমিক বিদ্যালয়ৰ পৰা নাম উঠাই লোৱা অথবা বিদ্যালয়লৈ যাবলৈ বন্ধ কৰা শিক্ষাৰ্থীৰ সংখ্যা ১.৪ শতাংশৰ পৰা ৪.৬ শতাংশলৈ বৃদ্ধি হৈছে। এই সকলৰ সৰহ ভাগেই অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সন্তান। Child Fund India ৰ তথ্য অনুসৰিও সমগ্ৰ দেশত গৃহবন্দীৰ পিছত ৬৪ শতাংশ শিশুৱে বিদ্যালয় এৰাৰ সম্ভাৱনাই দেখা দিয়া বুলি তথ্য প্ৰকাশ কৰিছে। অসমৰ ক্ষেত্ৰতো একেই ছবি । ২০২০ ত বেমেজালিৰে ভৰা নতুন শিক্ষা নীতিখন আহিলে যদিও , চৰকাৰী বিদ্যালয়ৰ আন্ত:গাথনি আৰু গুণগত শিক্ষাৰ একো পৰিৱৰ্তন নহ'ল। প্ৰাথমিক স্তৰত বিদ্যালয় এৰিবলৈ বাধ্য হোৱা শিশুৰ ছবিখন অসমতো নেতিবাচক। ঠিক তেনেকৈ অসমৰ বিজেপি চৰকাৰখনে অবৈধ বিদেশী বুলি সততে ধৰ্মীয় সংখ্যালঘু শ্ৰেণীটোক উচ্ছেদিত কৰি অহাৰ ফলত শ- শ শিশুৱে বিদ্যালয় এৰিব লগীয়া হৈছে। ছিপাঝাৰ - ঢলপুৰ ,কাজিৰঙা ইয়াৰ উদাহৰণ। যাৰ ফলত সেইসকল শিশুৱে যিকোনো কাম কৰিবলৈ বাধ্য হৈছে । এইবোৰ কাৰকেও অসমৰ প্ৰেক্ষাপটত শিশু শ্ৰমিক বৃদ্ধি হোৱাত অৰিহণা যোগাইছে। সৰ্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ আইনখন আছে যদিও ৰাজ্য চৰকাৰ খনে সফলভাৱে ৰূপায়ণ কৰাত ব্যৰ্থ হোৱাৰ ফলত ,তাৰ ফল ভুগিছে খাটিখোৱা জনতাৰ সন্তানে। 

   


কেৰোণ টো ক'ত - সংবিধানৰ অনুচ্ছেদ ২৪ ত স্পষ্ট ভাৱে উল্লেখ আছে যে ১৪ বছৰৰ তলৰ কোনো শিশুকে কাৰখানা, মাইন অথবা কোনো সংকটজনক কামত শ্ৰম দান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। যিটো কৰিলে আইনমতে দণ্ডনীয় হ'ব । কিন্তু এতিয়াও সেই মৌলিক অধিকাৰক হয়টো ভেঙুচালি দেখাই থকা হৈছে। প্ৰশ্নটো হৈছে যে- কিয় শিশু শ্ৰমিকৰ সংজ্ঞাক কেৱল ১৪ বছৰৰ আওতাতে সীমাবদ্ধ কৰি ৰখা হ'ল? মানে এগৰাকী কিশোৰক ১৪ বছৰ সম্পূৰ্ণ কৰাৰ দিনাখনৰ পৰাই  যিকোনো সংকটজনক  কামত নিয়োগ কৰিব পৰা যায় আৰু তেতিয়া আইনৰ দৃষ্টিত সেই শিশুটোক শ্ৰমিক হিচাপে আখ্যায়িত কৰিব পাৰি। সংবিধানৰ ২৪ নং অনুচ্ছেদে সেয়াই ব্যাখ্যা কৰা নাইনে ! প্ৰশ্নটো ৰাইজলৈ এৰিলোঁ। 

 কিহ'ৰ বাবে নো সেই শিশুটোৱে বিদ্যালয়লৈ যাব এৰি কাৰোবাৰ অধীনত শ্ৰম কৰিবলৈ বাধ্য হৈছে , অভিভাৱকে নো কিয় নিজৰ সন্তানক শ্ৰম কৰিবলৈ লগাইছে অথবা কাৰোবাৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছে , এই প্ৰশ্নবোৰৰ উত্তৰ বিচৰা দেখিবলৈ পোৱা নাযায়। যাৰ বাবে শিশু শ্ৰমিকৰ সমস্যাটো সমস্যা হিচাপেই থাকি গৈছে


     আমাৰ দৈনন্দিন জীৱনত সততে দেখিবলৈ পোৱা শিশু শ্ৰমিকৰ এই জ্বলন্ত সমস্যাটো দূৰ কৰিবলৈ চৰকাৰখনৰ অধিক কৰণীয় আছে । নিম্ন আয়ৰ লোকৰ সন্তানক  চৰকাৰৰ তত্বাৱধানত বৃত্তিমুখী শিক্ষা আৰু গুণগত শিক্ষাৰ সুযোগ দিব পাৰিলেহে শিশু সকল শ্ৰমিকলৈ বিৱৰ্তিত হোৱাৰ ধাৰাটোত হয়তো যতি পৰিব। অসমৰ দৰে অৰ্থনৈতিক অনগ্ৰসৰ ৰাজ্য এখনত এজন সাধাৰণ শ্ৰমিকে নিজৰ সন্তানক শিক্ষা প্ৰদান কৰিবলৈ নোৱাৰাটো সাধাৰণ কথা । গুৱাহাটীৰ বস্তি সমূহত এই দৃশ্য সততেই দেখিবলৈ পোৱা যায়। এই  ব্যৱস্থাটোত এজনী গৃহকৰ্মী অথবা অসংগঠিত খণ্ডৰ শ্ৰমিকে এজনে ঘৰৰ আৰ্থিক অনাটন দূৰ কৰিবলৈ নিজৰ সন্তানক ডাক্তৰ, ইঞ্জিনীয়াৰ বনাবলৈ সপোন দেখাৰ সাহস কৰিব নোৱাৰে । তেওঁলোকেও বিচাৰে ঘৰখনলৈ লৰাটোৱে যাতে দুপ‌ইচা এটা অৰ্জন কৰি আনিব পাৰে। 

   শিশু ৰক্ষা আৰু শিশু সুৰক্ষাৰ নামত গঢ়ি উঠা স্বেচ্ছাসেৱী সংগঠন সমূহৰ এই ক্ষেত্ৰত দায়িত্ব অথবা ভূমিকাও প্ৰশ্নৰ আওতালৈ আহিব । সততে, গুৱাহাটীৰ শিশু সুৰক্ষাৰ বাবে গঢ়ি উঠা স্বেচ্ছাসেৱী সংগঠন বোৰে শিশু এজনক কোনো হোটেল অথবা সংকটজনক কৰ্মত নিয়োজিত হৈ থকাৰ পৰা উদ্ধাৰ কৰি , সেই শিশুটিক আকৌ অভিভাৱকক গতাই দিয়ে দায়িত্ব সামৰা দেখা যায় । কিন্তু কিহ'ৰ বাবে নো সেই শিশুটোৱে বিদ্যালয়লৈ যাব এৰি কাৰোবাৰ অধীনত শ্ৰম কৰিবলৈ বাধ্য হৈছে , অভিভাৱকে নো কিয় নিজৰ সন্তানক শ্ৰম কৰিবলৈ লগাইছে অথবা কাৰোবাৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছে , এই প্ৰশ্নবোৰৰ উত্তৰ বিচৰা দেখিবলৈ পোৱা নাযায়। যাৰ বাবে শিশু শ্ৰমিকৰ সমস্যাটো সমস্যা হিচাপেই থাকি গৈছে, সমাধানৰ হে ৰাস্তা ওলোৱা নাই।

   এটি শিশুৱে স্কুলৰ বেগ লবলৈ এৰি কান্ধত জাবৰৰ বেগ লবলৈ বাধ্য হোৱা এই ব্যৱস্থাটোক সলনি কৰিব নিবিচৰা লৈকে কোনো ৰাষ্ট্ৰ সংঘ অথবা কৈলাস সত্যাৰ্থীৰ কাম - কাজে দেশৰ পৰা শিশু শ্ৰমিক দূৰ কৰিব নোৱাৰে।

No comments