Page Nav

HIDE

Grid

GRID_STYLE

আড়াং মাড়াং আৰু শেখৰ মাঝি....

আড়াং মাড়াং আৰু শেখৰ মাঝি.... ...তেওঁ আদিবাসী তথা  চাওঁতালী সমাজৰ  জ্বলন্ত সমস্যাদিৰ লগতে ন্যাযতাৰ বাবে  বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উথথাপন...


আড়াং মাড়াং আৰু শেখৰ মাঝি....


...তেওঁ আদিবাসী তথা  চাওঁতালী সমাজৰ  জ্বলন্ত সমস্যাদিৰ লগতে ন্যাযতাৰ বাবে  বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উথথাপন কৰি দায়বদ্ধতাৰ নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল ...


ৰমেশ চন্দ্ৰ চৰেণ 

 এগৰাকী ব্যক্তি, যিয়ে জনচক্ষুৰ ‌আতৰত থাকি সমাজ তথা মানৱজাতিৰ হকে নিৰৱে কাম কৰিছিল, প্ৰচাৰবিমুখ আৰু মানৱহৈতেষী লোক আছিল ৷  তেনে এগৰাকী মৰ্যদাসম্পন্ন ব্যক্তি হল নগাঁও  জিলাৰ  চাপানালা  চাওঁতালবস্তিৰ গাওঁত জন্মগ্ৰহণ কৰা শ্ৰদ্ধাৰ শেখৰ মাঝি ৷ ১৯৪৪ চনৰ ২৩ নবেম্বৰত জন্মলাভ কৰা মাঝিয়ে স্থানীয় চাপানালা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি পৰ্যায়ক্ৰমে  প্ৰবেশিকা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ পৰৱৰ্তী সময়ত  হিন্দী বিষয়ক  অধ্যয়ন কৰি  হিন্দী বিশাৰদৰ ডিগ্ৰী লাভ কৰে ৷ আৰু  আমনি  হাইস্কুলত  হিন্দী বিষয়  শিক্ষক  হিচাবে  শিক্ষকতা আৰম্ভ কৰে  ৷ পিছলৈ উদমাৰী  BDS ME স্কুলৰ পৰা অৱসৰ গ্ৰহন কৰে  ৷ তেওঁ শিক্ষকতাৰ সময়ছোৱাত বহু ছাত্ৰছাত্ৰীক শৈক্ষিক জীৱনৰ সফল হোৱাত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰাৰ লগতে  আদৰ্শগত ভাবে ছাত্ৰ- ছাত্ৰীক  শৈক্ষিক দিশত আগুৱাই লৈ যোৱাত আহোপুৰুষাৰ্থ চেষ্টা চলাইছিল ৷ শিক্ষাৰ্থী সকলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত তথা নিজ কৰ্তব্য পালনত কোনো   দিনেই হেমাহি  কৰা নাই ৷ এগৰাকী সফল শিক্ষক ৰূপে  সকলোখিনি গুণ তেওঁৰ মাজত বিদ্যমান আছিল ৷ শিক্ষকতাক  জীৱনৰ ব্ৰত হিচাবে লোৱা মাঝিদেবে নগাঁৱ জিলাৰ অৰিয়েণ্টেল মডেল স্কুলৰ প্ৰতিষ্ঠাপককো আছিল ৷ তেওঁ গঢ়া এই বিদ্যালয়খনে শৈক্ষিক উত্তৰণত জিলাখনৰ ভিতৰতে অন্যতম স্কুল হিচাবে পৰিগণিত হৈছে ৷ একে সময়তে সাহিত্য চৰ্চাতো সমানে মনোনিবেশ দিছিল ৷ বিভিন্ন সময়ত নিৰৱে সাহিত্য সাধনা কৰি কেইবাটাও প্ৰবন্ধ , কবিতা কে ধৰি  সাহিত্য , লোক-সংস্কতি বিষয়ক উৎকৃষ্টমানৰ  লেখা মেলা কৰি বাতৰি কাকত,  আলোচনী  আদিত  প্ৰকাশ পাইছিল ৷ কেৱল সিমানেই নহয়  তেওঁ কেইবাখনো  অমুল্য গ্ৰন্থও ৰচনা কৰি থৈ গৈছে ৷ গ্ৰন্থ সমুহৰ ভিতৰত "সহজ সংক্ষেপ চাওঁতালী ব্যাকৰণ" ,  "চেত্‌ চেদাক" ,  "চাওঁতালী ঐক্যৰ অবাঞ্চিত বাধা" নামৰ গ্ৰন্থ উল্লেখযোগ্য ৷ তদুপৰি তেওঁ চাওঁতাল সমাজৰ  অনুবাদক ৰূপেও বিশেষ সুনাম আছে ৷ "আড়াং মাড়াং " নামৰ নাটক   চাওঁতালী ভাষাত অনুবাদ কৰে আৰু এই নাটকখনেই সংগীত নাটক একাডেমিৰ প্ৰজেক্ট অনুসৰি উত্তৰ পুৰ্বাঞ্চলৰ গুৱাহাটীত  হবলগা  নাট মহোৎসৱ  আদিবাসী/চাহ জনজাতি   নাট সমাৰোহত  অংশ গ্ৰহন কৰাৰ আনুষ্ঠানিক পুৰ্বক নিৰ্বাচিত হয় ৷  যদিও কভিড ১৯ পৰিস্থিতিৰ বাবে কাৰ্যসুচীখন বাতিল হয় ৷ তদুপৰি সমাজকৰ্মী ৰূপেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷ বিভিন্ন দল সংগঠনৰ সভা , সমিতি তথা উৎসৱ পাৰ্বন বিভিন্ন সন্মিলন আদিত সক্ৰিয় অংশগ্ৰহণ কৰি বিশিষ্ট অতিথিৰ আসন  শুৱনি কৰিছিল  ৷ এগৰাকী সুবক্তা আৰু পৰামৰ্শদাতা হিচাবেও তেওঁৰ  এক সুকীয়া পৰিচয় আছে ৷ যিকোনো বিপদ আপদ তথা সু- দিহা পৰামৰ্শ বিচাৰি অহা লোকক প্ৰদ্যুৎপন্নমতিৰ দৰেই  সমিধান দিছিল  আৰু সহায়  কৰিছিল ৷ ব্যক্তিত্বসম্পন্ন সহজ  সৰল বিনয়ী স্বভাৱৰ বাবে সকলোৰে প্ৰিয়পাত্ৰ হব পাৰিছিল ৷ সেয়েহে সকলোৰে বিশ্বাসভাজন হোৱা  হেতুকে  বিভিন্ন সামাজিক সংগঠনৰ গুৰু দায়িত্বও বহন কৰি সমাজৰ হকে কাম কৰা  এই প্ৰতিবেদকৰ দৃষ্টিগোচৰ হৈছে ৷ এচেকাৰ দৰে বৃহৎ সংগঠনৰ প্ৰতিষ্ঠাপক হিচাবে সমাজৰ সেৱা আগবঢ়াই অহা মাঝিয়ে অসম চাওঁতালী সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্বও পালন কৰে৷ একেদৰে  চাপানালা সমবায় সমিতিৰ  সদস্য  পদতো কাৰ্যনিৰ্বাহ কৰাৰ  উপৰিও  চাপানালা   দুৰ্গাপূজাৰ কমিটি তো গুৰু দায়িত্ব গ্ৰহন কৰি ওতপ্ৰোতভাবে জড়িত হৈ  ধৰ্মীয়  সামাজিক দিশত কাম কৰি নিজৰ সুকৃতি অটুট ৰাখিবলৈ সক্ষম হয়৷  লেখক. সংগঠক,  বিশিষ্ট সমাজসেৱকৰ উপৰিও কিছুদিন ৰাজনৈতিক দিশতো জড়িত হৈ নীতি আদৰ্শক অটুট ৰাখি  সমাজৰ হকে কাম কৰিছিত ৷ আজিৰ দিনত  বোধকৰো আদিবাসী সমাজৰ ভিতৰত তেওঁৰ দৰে সমাজহৈতেষী ব্যক্তি খুব কমেই ওলাব৷  আনহাতে আদিবাসী তথা  চাওঁতালী জাতীয় দল সংগঠনৰ বিভিন্ন অনুষ্ঠানতো সক্ৰিয় অংশগ্ৰহণ কৰা ক্ৰমে  ২০১৬ চনৰ ২২ ডিচেম্বৰ তাৰিখে লক্ষীমপুৰত ৰাজ্যিক ভিক্তিত  অনুষ্ঠিত হোৱা "চাওঁতালী ভাষা মান্যতা দিৱস"ৰ অনুষ্ঠানত বক্তা হিচাবে নিমন্ত্ৰিত হৈছিল ৷ তদনুৰূপ শোণিতপুৰৰ বালিপাৰা চিলনী হাইস্কুলত ২০১৭ চনত অনুষ্ঠিত হোৱা  "সিধু-কানহু দিৱস"ত বিশিষ্ট অতিথিৰ আসন অলংকিত কৰি এক ভাব গভীৰ ভাষন প্ৰদান কৰিছিল  ৷  আনকি আদিবাসী সকলৰ বিভিন্ন জৰ্জৰিত সমস্যা  তথা অধিকাৰৰ বাবেও  নিৰ্ভিকভাবে মাত মাতিছিল ৷  উল্লেখ্য যে এসময়ত আমনি অঞ্চলত চৰকাৰে চৰকাৰী আচনি ৰূপায়ণৰ নামত বহু আদিবাসী লোকৰ মাটি অধিগ্ৰহণ   কৰিছিল ৷  চৰকাৰী প্ৰজেক্টয়ো ৰূপায়ণ কৰা হল ৷ কিন্তু চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ গৰাকীক সংস্থাপন তথা ন্যায্য  প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰখা হল ৷ ভূমি অধিকাৰ , ন্যায্যপ্ৰাপ্তি  , আদিবাসীৰ ভুমি সংৰক্ষণৰ সন্দৰ্ভত মাঝিৰ নেতৃত্বত  এসময়ত এক আন্দোলনো গঢ়ি উঠিছিল ৷  এইদৰে  আদিবাসী তথা  চাওঁতালী সমাজৰ  জ্বলন্ত সমস্যাদিৰ লগতে ন্যাযতাৰ বাবে  বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উথথাপন কৰি দায়বদ্ধতাৰ নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল  ৷  ইয়াতো ক্ষান্ত নাথাকি মাঝিদেৱে  এগৰাকী সমাজ সংস্কাৰক হিচাবেই কাম কৰি   অন্ধ বিশ্বাস , কু-সংস্কাৰ  নিৰ্মুলৰ বাবে অক্লান্তভাবে কাম কৰাৰ লগতে দুখীয়া আৰু বিপদত পৰা লোককো সহায়ৰ হাত আগবঢ়াইছিল ৷  মানুহক ভাল পোৱা ,  মানুহৰ বাবে কাম কৰা মাঝিদেৱে  যোৱা ২৫  চেপ্তেম্বৰ  ২০২১ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁৰ  মৃত্যুত সমাজ তথা অসমৰ জাতীয় জীৱন বহু ক্ষতিসাধন হল ৷ বিশেষকৈ চাওঁতালী জাতীয় জীৱনৰ ধ্ৰুৱতৰা স্বৰূপ সাহিত্য , শৈক্ষিক তথা বিশিষ্ট সমাজ কৰ্মী, সমাজ সংস্কাৰক এগৰাকীক  হেৰুৱাত এক অপুৰণীয় ক্ষতি হোৱা বুলি বিভিন্ন দল সংগঠনে মত পোষন  কৰে ৷ অসম চাওঁতালী সাহিত্য পৰিষদেও শোকসভা অনুষ্ঠিত কৰি মৌণ প্ৰাৰ্থনা  কৰে    আৰু   আত্মাৰ সদ্গতি অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৷ বিভিন্ন দল সংগঠন,  বৌদ্ধিক মহল, শিক্ষক সমাজ, বিশিষ্ট নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰীকে প্ৰমুখ্য কৰি সকলোৱে মাঝিদেৱৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ তেওঁৰ অৰ্ধাংগিনী বিনা মাঝি, দুই বিবাহিতা পুত্ৰ, এগৰাকী কন্যা, জী-জোঁৱাই  সহ  চাৰি  গৰাকীকৈ নাতি -নাতিনীক এৰি ইহ সংসাৰৰ পৰা বিদায় লয় ৷ 


No comments