Page Nav

HIDE

Grid

GRID_STYLE

এয়াই আমাৰ ভোকাতুৰৰ ভাৰত: দিজিটেল দেশৰ জনতাৰ খাদ্য নিৰাপত্তা আৰু অধিকাৰৰ যুঁজৰ কাহিনী ?

ভোকাতুৰ ভাৰতৰ স্থান হৈছে ৯৪, সূচা‍ংক অৱনমিত ১০১ নং স্থানলৈ : ভাৰতত  ২৭ শতাংশ মানুহে ভোক আৰু দৰিদ্ৰতাত দিন কটায় পৃথিৱীৰ ১০৭ খন দেশক লৈ চলোৱা...


ভোকাতুৰ ভাৰতৰ স্থান হৈছে ৯৪, সূচা‍ংক অৱনমিত ১০১ নং স্থানলৈ : ভাৰতত  ২৭ শতাংশ মানুহে ভোক আৰু দৰিদ্ৰতাত দিন কটায়



পৃথিৱীৰ ১০৭ খন দেশক লৈ চলোৱা সমীক্ষাত ভাৰতৰ স্থান হৈছে ৯৪...ভাৰতত বৰ্তমান ২৭ শতাংশ মানুহে ভোক আৰু দৰিদ্ৰতাত দিন কটাব লগীয়া হৈ আছে। পাকিস্তানত এই হাৰ ২৪ শতাংশ। উল্লেখিত এই তথ্য সমূহৰ পৰাই আমি দেশৰ অৰ্থনৈতিক বৈষম্যৰ ভয়ানক ছবিখনক অনুধাৱন কৰিব পাৰি


ভাস্কৰ কলিতা


    Phil Harding এ কৈ গৈছে "বহনক্ষম শক্তি, খাদ্য নিৰাপত্তা আৰু সুস্থ পৰিৱেশ হৈছে সম্পূৰ্ণ কৰ্মসংস্থাপন আৰু ভাল ভৱিষ্যতৰ পিনে এখোজ। 

     সহজ অৰ্থত খাদ্য নিৰাপত্তাৰ অৰ্থ হৈছে ৰাষ্ট্ৰ এখনত কোনো এগৰাকী ব্যক্তিয়ে যাতে কেতিয়াও ভোকত শুব নালাগে আৰু পেটৰ তাড়নাত আনৰ ওচৰত ভীক্ষা কৰিব লগা নহয়। সেই ৰাষ্ট্ৰ খনৰ প্ৰাথমিক দায়িত্ব হ'ব প্ৰতিজন ব্যক্তিক খাদ্যৰ নিৰাপত্তা আৰু নিশ্চয়তা প্ৰদান কৰাটো। অৱশ্যে ৰাষ্ট্ৰ কিম্বা চৰকাৰখনে সেই দায়িত্ব পালন কৰিব পাৰিছে নে নাই সেইটো হ'ব আলোচ্য বিষয় । আমাৰ ওচৰত সেই দিশবোৰ পৰিষ্কাৰ হৈ উঠিব যদি আমি তথ্যবোৰ ভালদৰে চাওঁ। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ ২২ শতাংশ জনসাধাৰণে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আহিছিল আৰু ২০১৯ বৰ্ষত সেই অনুপাত বৃদ্ধি হৈ ২৪ শতাংশক স্পৰ্শ কৰে। বিজেপি চৰকাৰৰ বিকাশ আৰু আচ্ছে দিনৰ এইটো এটা দুখ লগা দৃশ্য। World Economic Forum 2020 ৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ২২ কোটি মানুহে দৈনিক খৰচ কৰিব পাৰে কেৱল মাত্ৰ ৩২ টকা। অবিশ্বাস্য কথা যেন লাগিলেও এইটোৱে সত্য। আনহাতে যোৱা বছৰ Covid ৰ বাবে ঘোষণা কৰা Lockdown ৰ সময়ছোৱাত মুকেশ আম্বানীয়ে প্ৰতি ঘণ্টাত ৯০ কোটিকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেকৈ গুজৰাটৰ আন এগৰাকী পুঁজিপতি গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ ২০১৪ চনৰ পৰা আজিলৈকে ২৩০ শতাংশ বৃদ্ধি পালে। সেইবাবেই আমাৰ প্ৰধানমন্ত্ৰীয়ে গুজৰাটলৈ অহা যোৱা কৰোঁতে সঘনাই Adani jet ব্যৱহাৰ কৰি ভাল পায়। ২০২০ ৰ আন এটা অতি বিচলিত কৰিব পৰা খবৰ হৈছে Global hunger Index এ পৃথিৱীৰ ১০৭ খন দেশক লৈ চলোৱা সমীক্ষাত ভাৰতৰ স্থান হৈছে ৯৪ আৰু এই বছৰ সেইটো সূচা‍ংক ১০১ নং স্থানলৈ অৱনমিত হয় , য'ত পাকিস্তান আৰু বাংলাদেশৰ স্থান আমাতকৈ ওপৰত, অৱশ্যে ৰাষ্ট্ৰবাদী চৰকাৰৰ মতে এইবোৰ তথ্য হৈছে ভাৰতৰ বিৰুদ্ধে বিদেশী ৰাষ্ট্ৰ‌ই কৰা ষড়যন্ত্ৰ। ভাৰতত বৰ্তমান ২৭ শতাংশ মানুহে ভোক আৰু দৰিদ্ৰতাত দিন কটাব লগীয়া হৈ আছে। পাকিস্তানত এই হাৰ ২৪ শতাংশ। উল্লেখিত এই তথ্য সমূহৰ পৰাই আমি দেশৰ অৰ্থনৈতিক বৈষম্যৰ ভয়ানক ছবিখনক অনুধাৱন কৰিব পাৰিম।         

         যিখন দেশত ভোক আৰু দৰিদ্ৰতা সংখ্যা গৰিষ্ঠ জনতাৰ জীৱন লগৰী সেইখন দেশত খাদ্য নিৰাপত্তাৰ বিষয়টোক আওকাণ কৰাটো অসম্ভৱ। কিন্তু অতি দুখৰ কথা আমাৰ চৰকাৰ সমূহে এই খাদ্য নিৰাপত্তাৰ দৰে অতি প্ৰয়োজনীয় বিষয়টোক সদায় এলাগি কৰি ৰাখিছে। যাৰ বাবে আৰ্থিক ভাবে শোষিত মানুহখিনিৰ জীৱন দুৰ্বিসহ হৈয়ে আছে। দেশত খাদ্য নিৰাপত্তা আইন ২০১৩ ( National food security Act) এখন আছে যদিওঁ সেইখনৰ সুফল এতিয়াও সমাজৰ একেবাৰে শোষিত আৰু বঞ্চিত মানুহখিনিয়ে লাভ কৰা নাই। ২০১৩ চনৰ NFSA ৰ উদ্দেশ্য আছিল দেশৰ সেই সময়ৰ ১২০ কোটি জনতাৰ ৩ ভাগৰ ২ ভাগ মানুহে যাতে ৰাজ সাহায্য যুক্ত খাদ্য লাভ কৰিব পাৰে। এই খাদ্য নিৰাপত্তা আইনৰ অধীনত মধ্যাহ্ন ভোজন আঁচনি , শিশু বিকাশ সেৱা, ৰাজহুৱা বিতৰণ ব্যৱস্থা আদিক অন্তৰ্ভুক্ত কৰা হৈছিলে। মধ্যাহ্ন ভোজন আচনিৰ অধীনত সকলো চৰকাৰী বিদ্যালয়তে ১৪ বছৰৰ তলৰ সকলো শিশুকে পুষ্টিকৰ আহাৰ যোগান ধৰিব লগা হৈছিল। ৰাজহুৱা বিতৰণ ব্যৱস্থাত "ৰেচন কাৰ্ডৰ" জৰিয়তে প্ৰতিটো পৰিয়ালে চাউল, চেনী, ঘেঁহু, কেৰাচিন তেল আদি নিত্য প্ৰয়োজনীয় বস্তু লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেকৈ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মাতৃ আৰু বিশেষ শ্ৰেণীৰ শিশুৱে বিনামূলীয়া আহাৰ লাভ কৰাটো এই PDS ৰ অন্তৰ্গত আছিলে। প্ৰথমাৱস্থাত সাধাৰণ জনতাই এই খাদ্য নিৰাপত্তা আইনৰ পৰা নিজৰ ঘৰখন চলাবলৈ অলপ হ'লেও সকাহ পাইছিলে। 

     


আমাৰ ৰাজ্যখনতো এই আইনখনৰ দ্বাৰা ৫৫ লাখ পৰিয়ালক সাঙুৰি লোৱা হৈছিল( Food civil supply and consumer affair ৰ report)। ২০১৫ চনৰ ২৪ নৱেম্বৰত এই আচঁনিখন অসমত বলৱৎ কৰা হয়। কিন্তু বৰ্তমান ৰাজহুৱা বিতৰণ ব্যৱস্থা ( PDS) ৰ অধিনত অন্তৰ্ভুক্ত ৰেচন কাৰ্ডৰ জৰিয়তে কেৱল চাউল খিনিয়েই লাভ কৰিবলৈ সক্ষম হৈ আছে। চেনী, কেৰাচিন তেলক নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বাহিৰ কৰি দিয়া হ'ল।  যিহেতু সাধাৰণ জনতাই সকলো বস্তু ক্ৰয় কৰোঁতে পৰোক্ষ কৰ পৰিশোধ কৰে, সেইবাবে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে চৰকাৰৰো দায়িত্ব হয় জনতাক কিছুমান ক্ষেত্ৰত সকাহ দিয়াটো। কিন্তু নাই , এতিয়া দেখিছোঁ জনতাৰ পৰা এপদ এপদকৈ সকলো বস্ত কাঢ়ি নি আম্বানী- আদানিৰ ভৰাল চহকী কৰাটোৱেই যেন এইখন কেন্দ্ৰীয় চৰকাৰ নৈতিক কৰ্তব্য হৈ পৰিছে। Economy times ৰ তথ্য অনুসৰি বৰ্তমান অসমত ৫৮ লাখ ৰেচন কাৰ্ড যুক্ত পৰিয়াল আছে। 

       ২০২০ চনৰ ডিচেম্বৰ মাহত মোডি চৰকাৰে দেশত One Nation, One Ration Card ব্যৱস্থাক প্ৰয়োগ কৰাৰ সিদ্ধান্ত ল'লে। মানে ,এতিয়া এখন ৰেচন কাৰ্ড হিতাধিকাৰি গৰাকীয়ে ভাৰতৰ যিকোনো ক্ষেত্ৰত থাকি সুলভ মূল্যৰ দোকান( Fair price shop) ৰ পৰা ৰাজ সাহায্য যুক্ত খাদ্য লাভ কৰিব পাৰিব। খাদ্য নিৰাপত্তা আইনৰ অধীনত দেশৰ ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৬ শতাংশ জনসাধাৰণক সাঙুৰি এই ONORC ক প্ৰয়োগ কৰাৰ কথা ঘোষণা কৰিলে। যোৱা ২৯ জুনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ৩১ জুলাইৰ ভিতৰত এই ONORC ক কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ,শ্ৰমিক, দৈনিক মজদুৰ , পথ ব্যৱসায়ী, অ-সংগঠিত খণ্ডৰ শ্ৰমিকৰ কৰণা অতিমাৰীৰ সময়ত হোৱা আৰ্থিক ক্ষতিৰ বাবে এই ৰেচন কাৰ্ডৰ বিষয়টোক অতি সোনকালে সমাধা কৰিবলৈ ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিব লগীয়া হৈছে। বৰ্তমান দিল্লী, ছত্তীছগঢ়, পশ্চিম বংগ আৰু অসমত এই ONORC ক প্ৰয়োগ কৰাৰ যো-জা চলিছে। 


      অধিকাৰৰ যুঁজ-

 আমাৰ ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰত এনেকুৱা কিছুমান অঞ্চল আছে, বস্তি আছে য'ত এই খাদ্য নিৰাপত্তা আইন আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাই এতিয়াও তাৰে বাসিন্দা সকলক স্পৰ্শ কৰিব পৰা নাই। 

    এই খাদ্য নিৰাপত্তা আইন আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাই সাধাৰণ মানুহৰ অধিকাৰৰ লগত কেনেকৈ জড়িত হৈ আছে আৰু আমাৰ চৰকাৰখনৰ মনোভাৱ কেনেকুৱা সেই কথাটো আমি ১৭ জুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়দানৰ পৰা বুজিব পাৰিম। 

       আগতেই উল্লেখ কৰিছোঁ যে গুৱাহাটীৰ এনেকুৱা কিছুমান অঞ্চল আৰু বস্তি আছে য'ত এতিয়াও গৰিষ্ঠ সংখ্যক মেহনতী  জনসাধাৰণে খাদ্য নিৰাপত্তা আইন(২০১৩)ৰ অধীনত এতিয়ালৈকে একো সুবিধা লাভ কৰা নাই । ভোক আৰু দৰিদ্ৰতাৰ ছবিখন কিমান ভয়ংকৰ এই বস্তি সমূহক এবাৰ ওচৰৰ পৰা চালে সেই কথা বুজিব পৰা যাব । মহানগৰৰে তেনেকুৱা দুখন বস্তি হৈছে উজানবজাৰৰ পুৰণি ৰেলৱে কলনি আৰু ভূতনাথ । এই অঞ্চল দুটাৰ পৰা ২০১৬-১৭ চনতে ২০৩ ঘৰ পৰিয়ালে খাদ্য আৰু যোগান বিভাগত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল । কিন্তু এতিয়ালৈকে এই পৰিয়ালকেইটাই এখনো ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম নহল। ৰাজহুৱা বিতৰণ ব্যৱস্থাই তেওঁলোকক ঢুকি পোৱা নাই। কিন্তু কিয়?

      উজানবজাৰৰ দুগৰাকী হিতাধিকাৰীৰ ভাষ্য‌ই চৰকাৰ আৰু যোগান বিভাগৰ চৰম ব্যৰ্থতাক আকৌ এবাৰ উদঙাই দিছে। জ্ঞানতী দেৱী পাশোৱানে ২০১৭ ৰ পৰা এতিয়ালৈকে আবেদন কৰি কৰি ভাগৰি গৈছে। তেওঁৰ সকলো নথি- পত্ৰ ঠিক থকাৰ পিছতো কাউন্সিলাৰ আৰু এৰিয়া মেম্বাৰ গৰাকীৰ চৰম গাফিলতীৰ বাবে এতিয়ালৈকে ৰেচন কাৰ্ডখন বনাব পৰা নাই । জ্ঞানতী দেৱীৰ স্বামীয়ে দোকানত কাম কৰি উপাৰ্জন কৰিছিল মাহত ৮০০০ টকা কিন্তু লকডাউনৰ ফলত কাম হেৰুৱাব লগীয়া হ'ল । সেই সময়খিনিত দুই-এটা স্বেচ্ছাসেৱী সংগঠনৰ বাহিৰে চৰকাৰৰ পৰা ফুটা-কঢ়ি এটাও নাপালে । যদি ৰেচনকাৰ্ড খন থাকিলে হয় তেন্তে চাউলখিনি কিনি খাব নালাগিলে হয়। বাইদেউ গৰাকীয়ে দুখ মনেৰে কৈ গ'ল এই কথাখিনি।

    একেই দুখৰ গাথা কমলা দাসৰো। স্বামি নোহোৱা তিৰোতা গৰাকীয়ে দুইঘৰ মানুহৰ তাত গৃহকৰ্মীৰ কাম কৰি লৰা-ছোৱালী দুটাক প্ৰতিপালন কৰি আহিছে। দুয়োখন ঘৰত কাম কৰি মাহৰ মূৰত পাচ হাজাৰ টকা এটা পায় , বেমাৰ- আজাৰ আৰু খুদ-কণ অলপ যোগাৰ কৰোতেই হাত খুদা হৈ পৰে। লকডাউনত দুয়োঘৰতে কাম হেৰুৱাইছিল কিন্তু এঘৰৰ মালিকে দয়া কৰি ২০০০ টকা এটা তিনিমাহ ধৰি দি আছিলে। এনেকুৱা হাজাৰ গৰাকী কমলা দাসৰ জীৱন কাহিনীৰ নিলিখা দস্তাবেজ এতিয়াও আছে। ব্যৱস্থাটোক ঘিণ কৰিবলৈ এই কমলা দাসৰ কাহিনীটোৱে যথেষ্ট। যি হ‌ওক , এই বাইদেউ গৰাকীয়েও ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই । 

      এই তথ্য সমূহৰ ভিত্তিতে এই দুয়োটা অঞ্চলৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ অহা মানুহখিনিৰ সম্যসাটোক তুলি ধৰিবলৈ আৰু সেই ২০৩ টা পৰিয়ালক ৰেচন কাৰ্ড বনাই দিয়াৰ দাবীত ৩১/০৫/২০২১ তাৰিখে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত এটা PIL দাখিল কৰা হয়। এই PIL টোৰ জৰিয়তে চৰকাৰক প্ৰশ্ন কৰা হৈছে , খাদ্য আৰু যোগান বিভাগক প্ৰশ্ন কৰা হৈছে যে কিয় এতিয়াও মানুহ খিনিয়ে খাদ্য নিৰাপত্তা আইন(২০১৩) ৰ অধীনত ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই। মহামান্য উচ্চ ন্যায়ালয়ে এই আবেদনৰ ভিত্তিতে মহানগৰ পৌৰ নিগম , খাদ্য আৰু যোগান বিভাগক নিৰ্দেশ দিয়ে যে অনতিপলমে অতিমাৰীৰ ফলত জুৰুলা হৈ পৰা এই অঞ্চল সমূহৰ মানুহখিনিৰ এটা survey কৰক আৰু ৰেচন কাৰ্ড নোপোৱালৈকে যাতে তেওঁলোকক মাহিলী ৰেচনৰ যোগান ধৰা যায়।  মুখ্য ন্যায়াধীশ  সুধাংশু ঢুলীয়া আৰু মানস ৰঞ্জন পাঠকে ৰেচন কাৰ্ডৰ বিষয়টোৰ ওপৰত অসম চৰকাৰক ১৩ জুলাইৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ জাৰি কৰিছিল। আবেদন কাৰীৰ অধিবক্তা দেৱাষ্মিতা ঘোষে বস্তি অঞ্চল সমূহৰ এই ভোক আৰু দৰিদ্ৰ পিড়ীত মানুহখিনিয়ে যাতে অতি সোনকালে খাদ্য নিৰাপত্তা আইনৰ আওতাত অন্তৰ্ভুক্ত হ'ব পাৰে তাৰ বাবেও মহামান্য আদালতক আবেদন জনাই। Times of India ত প্ৰকাশ পোৱা এই বাতৰিটোৱে আমাৰ অসম চৰকাৰ আৰু নৱনিৰ্বাচিত মুখ্য মন্ত্ৰীৰ সন্মুখী ডাঙৰ প্ৰশ্ন এটা আনি দিছে।

             বিফল চৰকাৰ

  জনতাক যেতিয়া ভোকত ৰখা যায় , তেতিয়া শোষকৰ শাসন কৰিবলৈ সুবিধা হয়। এই বৈশিষ্ট্য খিনি ধুনীয়াকৈ প্ৰকাশ পাইছে এই চৰকাৰখনৰ ক্ষেত্ৰতো। নিৰ্বাচনৰ সময়ত ভোটৰ লোভত বিজেপি চৰকাৰখনে মানুহখিনিক বুকুৰ কুটুম কৰি লৈ পিছলৈ তেওঁলোকক যেন নাগৰিক বুলি ভাবিবলৈও সংকোচ কৰিব ধৰিলে। এই PIL টোৰ পৰা পৰিষ্কাৰ হৈ পৰা কঠাবোৰ উল্লেখ নকৰিলে মোৰ ভুল হ'ব । এই মৌলিক প্ৰয়োজনীয় বস্তু মানে খাদ্যৰ বিষয়টো এনকৈ " তাৰিখ পে তাৰিখ " লৈ  ওলমি থকাৰ প্ৰধান কাৰণবোৰ হৈছে প্ৰথমতে ,যোৱা চৰকাৰখনৰ আৰু খাদ্য আৰু যোগান বিভাগৰ হেমাহি, অকৰ্মণ্যতা,ৱাৰ্ড সদস্যৰ দায়িত্বহীনতা, স্থানীয় বিধায়কৰ দায়িত্বহীনতা। মানুহৰ আৰু নিজৰ সমষ্টিৰ জনতাৰ সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিনিধি নিৰ্বাচিত হৈ আহি তেওঁলোকৰ যেন দায়িত্ব শেষ হৈ যায়। পাঁচ বছৰ তেওঁলোকৰ কাম হ'ব কেৱল বিৰোধীক তুচ্ছ- তাচ্যিল্য কৰা । ৰেচন কাৰ্ডৰ বাবে বিধায়ক ডাঙৰীয়াৰ চহী আনিব যাওঁতে তেওঁক কিমান খাটনি ধৰা হৈছিল হিচাপ নোলাব।  শেষত বিধায়কৰ চহী লৈ যেনিবা সেই ২০৩ ঘৰ পৰিয়ালৰ আবেদন পত্ৰ খিনি GMC ৰ কাৰ্যালয়ত দেখুৱাই ২০১৭ চনৰ মে' মাহত খাদ্য আৰু নিৰাপত্তা বিভাগৰ কাৰ্যালয়ত জমা দিয়া হ'ল। সকলো নথি- পত্ৰ ঠিক থকাৰ পিছত, যেতিয়া ২০১৭ বৰ্ষৰে ডিচেম্বৰ মাহত খবৰ লোৱা হ'ল তেতিয়া তেওঁলোকে In process বুলি জানিবলৈ দিয়ে। মানে কাম আগবঢ়া নাই।

ৰজা ঘৰীয়াই ধৰ্মৰ আফিঙ খুৱাই দি জনতাক ব্যস্ত ৰাখিছে , সভ্যতা-সংস্কৃতি ৰক্ষাৰ পাঠ পঢ়াইছে। তাৰ পিছতো এনেকুৱা অন্যায়ৰ বিৰুদ্ধে যদি সচেতন জনতাই প্ৰতিবাদ কৰে , তেতিয়া আকৌ আমাৰ নতুন মুখ্য মন্ত্ৰীয়ে তেওঁলোকক আন্দোলনজিৱী আখ্যা দিব। এইখন চৰকাৰে যেন প্ৰতি মুহূৰ্তত এনেকুৱা জনবিৰোধী নীতি , আইনবোৰ কৌশলপূৰ্ণভাৱে সৰ্বসাধাৰণ জনতাৰ ওপৰত জাপি দি তেও‍ঁলোকৰ অধিকাৰৰ ওপৰত আক্ৰমণ কৰিবলৈ সাজু হৈ থাকে তাৰেই ইঙ্গিত এইটো।

      আকৌ ২০১৮ ত প্ৰথম মাহত খবৰ কৰোতে কৈ পঠালে যে NRC ৰ বাবে বিষয়া সকল কাৰ্যালয়ত নথকা বাবে পলম হ'ব। উপায়হীন মানুহখিনিয়ে লগ লাগি সেই সময়ৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া ক সমস্যাটো সমাধানৰ বাবে দৰ্খাস্ত দিছিলে যদিও একো এটা ফল নোলাল । ২০১৯ বৰ্ষটো NRC ৰ বিষয়টোক আগত ৰাখিয়ে খাদ্য আৰু যোগান বিভাগে এই ২০৩  ঘৰ পৰিয়ালক খাদ্যৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে আৰু বিষয়টোক ঢুনীয়াকৈ গাপ দি থলে। তাৰ পিছত ২০২০ বৰ্ষত কভিড মহামাৰী আৰু ২০২১ ৰ আৰম্ভনিত নিৰ্বাচনৰ বাবে অঞ্চল দুটাৰ মানুহখিনিয়ে হাত খাবটি ৰব লগা হ'ল । মানে চাৰি বছৰ ধৰি এই মানুহখিনিক অসম চৰকাৰে ভোক আৰু দৰিদ্ৰতাৰ পিতনীত জীৱন জীয়াবলৈ বাধ্য কৰালে।

    এই PIL টোৰ পিছত চৰকাৰখনৰ গা লৰা যেন ভাব হৈছিল , কিয়নো খাদ্য আৰু যোগান মন্ত্ৰালয়ৰ পৰা জানিবলৈ দিয়ে যে অসমত নতুনকৈ ৫ লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়া হ'ব। কি ধুনীয়া লাগিছে শুনি, কিন্তু এই যোগান বিভাগে " সাপো মৰক লাঠিও নাভাঙক " বাক্য শাৰীক আখৰে আখৰে পালন কৰি  দৰিদ্ৰ মানুহখিনিক যেন গিনিপিগত পৰিণত কৰিলে। তেওঁলোকে এটা চৰ্ত বান্ধি দিলে, চৰ্তটোত কোৱা হৈছে যে এই পাঁচ লাখ নতুন হিতাধিকাৰিৰ ২০১১-১৩ বৰ্ষৰ ভোটাৰ তালিকাত বা তাতকৈ আগৰ ভোটাৰ তালিকাত নাম থকা হ'ব লাগিব। যিটো অত্যন্ত হাস্যকৰ কথা, কিয়নো যদি আমি তথ্যবোৰ চাওঁ আৰু আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক চিত্ৰখন লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাম যে ২০১১ ৰ পৰা ২০২১  লৈকে সমগ্র ৰাজ্য খনত দৰিদ্ৰ পিড়ীত মানুহৰ সংখ্যা , অৰ্থনৈতিক বৈষম্য অধিক বৃদ্ধিহে পাইছে। গতিকে এই চৰ্তটোৰ দ্বাৰা চৰকাৰখনে কাক লাভান্বিত কৰিব বিচাৰিছে সেইটো ধুনীয়াকৈ ওলাই পৰিছে । কাৰণ এতিয়াও আমাৰ ৰাজ্য খনত আৰু গুৱাহাটী মহানগৰতে ভোটত নাম অন্তৰ্ভুক্ত নকৰা বা ২০১৪ ৰ সাধাৰণ নিৰ্বাচনত নতুনকৈ ভোট দিয়া হিতাধিকাৰীৰ সংখ্যা যথেষ্ট হ'ব। গতিকে এই চৰ্তটোৰ দ্বাৰা এইসকল পৰিয়ালক যে খাদ্য সুৰক্ষা আইন আৰু সামাজিক নিৰাপত্তাৰ পৰা বঞ্চিত কৰা হ'ব সেইটো দেখ-দেখকৈ ওলাই পৰিছে। এই কথাবোৰ যাতে মুকলি নহয় , তাৰ বাবে ৰজা ঘৰীয়াই ধৰ্মৰ আফিঙ খুৱাই দি জনতাক ব্যস্ত ৰাখিছে , সভ্যতা-সংস্কৃতি ৰক্ষাৰ পাঠ পঢ়াইছে। তাৰ পিছতো এনেকুৱা অন্যায়ৰ বিৰুদ্ধে যদি সচেতন জনতাই প্ৰতিবাদ কৰে , তেতিয়া আকৌ আমাৰ নতুন মুখ্য মন্ত্ৰীয়ে তেওঁলোকক আন্দোলনজিৱী আখ্যা দিব। এইখন চৰকাৰে যেন প্ৰতি মুহূৰ্তত এনেকুৱা জনবিৰোধী নীতি , আইনবোৰ কৌশলপূৰ্ণভাৱে সৰ্বসাধাৰণ জনতাৰ ওপৰত জাপি দি তেও‍ঁলোকৰ অধিকাৰৰ ওপৰত আক্ৰমণ কৰিবলৈ সাজু হৈ থাকে তাৰেই ইঙ্গিত এইটো। গতিকে, এইবোৰ অন্যায়ৰ বিৰুদ্ধে এফালে আইনী প্ৰক্ৰিয়াৰেও যুজিব লাগিব আনফালে গণতান্ত্ৰিক পদ্ধতিৰে একত্ৰিত হৈ প্ৰতিবাদ কৰিব লাগিব । কাৰণ, অধিকাৰ খুজি পোৱা নাযায়, যুজঁ কৰি পোৱা যায় আৰু এই যুজঁ হ'ব ফেচিষ্ট চৰকাৰখনৰ বিৰুদ্ধে।

2 comments

  1. অধিকাৰৰ দাবী ৰাখিলে নহব যুঁজিব লাগিব , কিন্তু কথা টো হল যিয়ে যুঁজিব পাৰে তেওঁৰ সকলো আছে , যাৰ নাই তেওঁলোকে যুঁজিব ভয় কৰে আৰু ইয়াৰে সুবিধা লৈছে একাংশই ।

    ReplyDelete