Page Nav

HIDE

Grid

GRID_STYLE

সুন্দৰী আফগানী আজিমাহঁত, আত্মহত্যা !....কিয় ?

স্বাৱলম্বনৰ অভাৱ, নিৰ্যাতন, বিষণ্ণতাবোধ, মৰ্যাদাহীন জীৱনৰ ভয়ংকৰ সিদ্ধান্ত  --আজিমাৰ  বিবাহ হৈছিল মাথোঁ ১২ বছৰ বয়সত । পৰিবাৰিকভাৱেই বিবাহপাশত...


স্বাৱলম্বনৰ অভাৱ, নিৰ্যাতন, বিষণ্ণতাবোধ, মৰ্যাদাহীন জীৱনৰ ভয়ংকৰ সিদ্ধান্ত 


--আজিমাৰ  বিবাহ হৈছিল মাথোঁ ১২ বছৰ বয়সত । পৰিবাৰিকভাৱেই বিবাহপাশত আবদ্ধ হোৱাৰ ৬ বছৰৰ পিছত স্বামীয়ে আজিমাক নিজৰ পত্নীৰ মৰ্য্যদা দিবলৈ অমান্তি হয় । কাৰণ আজিমা হেনো আগৰ দৰে তৰুণী হৈ থকা নাই। বয়স বাঢ়িছে আজিমাৰ...

নিশা ভূঞা

বহু সাধনা তথা পুণ্যৰ অন্ততহে এক মানৱজীৱন লাভ কৰাটো সম্ভৱ বুলি আধ্যাত্মিকভাৱে বিশ্বাস কৰা হয়। সেয়েহে হয়তো বিশ্বৰ প্ৰত্যেক প্ৰান্তৰে ব্যক্তিৰ নিজৰ জীৱনৰ প্ৰতি এক বুজাব নোৱাৰা মোহ থাকে। তাৰ মাজতে বহুতে আকৌ নিজৰ জীৱন হঠাতে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। কিন্তু এয়া কিহৰ বাবে সম্ভৱ হৈ উঠে! কিমান দুখত কাতৰ হ'লে, কিমান দুখত জৰ্জৰিত হ'লে বাৰু এগৰাকী ব্যক্তিয়ে আত্মহননৰ দৰে চৰম পন্থা গ্ৰহণ কৰিব পাৰে !

     " মোৰ আৰু জীয়াই থকাৰ তিলমানো ইচ্ছা নাছিল। সেয়েহে মই বিষপান কৰি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিলোঁ।" চিকিৎসালয়ৰ বিচনাত কষ্টত চটফটাই থকা আজিমা(কাল্পনিক নাম)ই এই কথা সদৰি কৰিছিল। তেওঁ এগৰাকী ১৮ বছৰ বয়সীয়া আফগান নাৰী। আচৰিত ভাৱে দেশখনৰ হেৰাত নামৰ প্ৰদেশৰ বাসিন্দা আজিমাৰ  বিবাহ হৈছিল মাথোঁ ১২ বছৰ বয়সত । পৰিবাৰিকভাৱেই বিবাহপাশত আবদ্ধ হোৱাৰ ৬ বছৰৰ পিছত স্বামীয়ে আজিমাক নিজৰ পত্নীৰ মৰ্য্যদা দিবলৈ অমান্তি হয় । কাৰণ আজিমা হেনো আগৰ দৰে তৰুণী হৈ থকা নাই। বয়স বাঢ়িছে আজিমাৰ। সেইবাবেই মাথোঁ ১৮ বছৰ বয়সীয়া আজিমাৰ মন ভাগি যায় আৰু বিষপান কৰি আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। অতি পৰিতাপৰ কথা যে ,এয়া কেৱল এগৰাকী "আজিমা"ৰ কাহিনী নহয়। আফগানিস্থানৰ অধিকাংশ ঘৰৰে কাহিনী এয়া। আফগান ইন্দিপেণ্ডেণ্ট ইষ্ট হিউমেন ৰাইটছ কমিছনৰ তথ্য অনুসৰি, গড় হিচাপত প্ৰতি বছৰে প্ৰায় তিনি হাজাৰ আফগান নাৰীয়ে আত্মহত্যাৰ চেষ্টা কৰে। আনহাতে দেশখনৰ এগৰাকী চৰকাৰী বিষয়াৰ সৈতে সাক্ষাৎকাৰ ভিত্তিত বি-বি-চিয়ে তৈয়াৰ কৰা এক প্ৰতিবেদন অনুসৰি ২০১৭ চনত দেশখনৰ প্ৰায় ১৮০০ গৰাকী নাৰীয়ে  আত্মহত্যাৰ চেষ্টা কৰিছিল। এই চেষ্টাত ৩৫ গৰাকী নাৰী সফলো হৈছে। বিগত কেইবছৰত এই হাৰ ঊৰ্ধগামী হৈছে। বিভিন্ন সংস্থাৰ সমীক্ষা অনুসৰি নিৰ্যাতন, অত্যাচাৰ আদি নানান কাৰণত বিশ্বব্যাপী নাৰীসকলৰ আত্মহত্যাৰ প্ৰৱণতা অধিক। 

দেশৰ নাৰী সামাজক  কিছু সকাহ দিবলৈ নাৰী নিৰ্যাতন প্ৰতিৰোধ আইন বলৱৎ কৰা হৈছিল... পিছে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ'ল ! প্ৰায় ৩ বছৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি দেশখনত ফৌজদাৰী বিচাৰ ব্যৱস্থাত নাৰীৰ ওপৰত হোৱা হিংসাত্মক ঘটনাসমূহক প্ৰায়ে উপেক্ষা কৰা হয়

       আফগানিস্থানত আত্মহত্যাৰ এই চিত্ৰখন অধিক উদ্বেগজনক। মূলত: কলংক, লোকলজ্জা আৰু ধৰ্মীয় কাৰণত উক্ত দেশৰ নাৰীসকলে আত্মহত্যাৰ চেষ্টা কৰে। তদুপৰি মানসিক স্বাস্থ্যজনিত সমস্যা ,পাৰিবাৰিক হিংসা, বলপূৰ্বক বিবাহ আদি কাৰণেও আত্মহত্যাত ইন্ধন যোগায় বুলি জানিবলৈ পোৱা গৈছে। ২০০৯ চনতেই দেশখনত নাৰী নিৰ্যাতন প্ৰতিৰোধ আইন বলৱৎ কৰা হৈছিল। ধাৰণা কৰা হৈছিল যে, দেশৰ নাৰী সামাজক আইনখন কিছু সকাহ দিবলৈ সক্ষম হ'ব। পিছে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ'ল ! প্ৰায় ৩ বছৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি দেশখনত ফৌজদাৰী বিচাৰ ব্যৱস্থাত নাৰীৰ ওপৰত হোৱা হিংসাত্মক ঘটনাসমূহক প্ৰায়ে উপেক্ষা কৰা হয়। অথচ আফগান নাৰীসকল প্ৰধানকৈ নিজৰ পৰিয়ালৰ ভিতৰতেই নিৰ্যাতিত হয়। প্ৰায় ৭০% নাৰী আচৰিতভাৱে ঘৰতেই স্বামীৰ দ্বাৰা নিৰ্যাতনৰ বলি হয়। তদুপৰি নাৰীৰ ওপৰত পৰিয়ালকেন্দ্ৰিক নিৰ্যাতন হোৱাৰ অলেখ উদাহৰণ পোৱা যায়। 

নাৰী স্বাৱলম্বনৰ অভাৱো আত্মহত্যাৰ মূল কাৰণ। অন্যহাতে বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা অনুসৰি আত্মহত্যাৰ প্ৰৱণতা দেশখনত সহজলভ্য বিষাক্ত পদাৰ্থয়ো বৃদ্ধি কৰিছে

      নাৰী সম্পৰ্কীয় প্ৰায় ৫০০০ গৰাকী বিশেষজ্ঞৰ মতামতৰ ভিত্তিত চলা সমীক্ষাত বিশ্বৰ নাৰীসকলৰ বাবে সবাতোকৈ বিপজ্জনক দেশসমূহৰ তালিকাত আফগানিস্থানে দ্বিতীয় স্থান দখল কৰিছিল। দৰাচলতে আফগানিস্থানৰ জীৱন বহু ব্যক্তিৰ বাবে অতি কঠিন। বিশেষকৈ নাৰীসকলৰ বাবে! ৪০ বছৰ ধৰি বিভিন্ন যুদ্ধ-বিগ্ৰহত জৰ্জৰিত দেশখনৰ অধিকাংশ নাৰী বিষণ্ণতাবোধত ভোগে। তদুপৰি নিৰপত্তাহীনতা, হিংসাত্মক কাৰ্যকলাপে দেশখনক সময়ে সময়ে জৰ্জৰিত কৰি আহিছে। সেয়েহে মানসিক ব্যাধিয়ে দেশখনত প্ৰধান্য পাইছে। 

        হাওৱা আলম নুৰিছটানি নামৰ এগৰাকী আফগানী মহিলাৰ মতে দেশখনত আত্মহত্যাৰ অন্যতম কাৰণ হ'ল নিৰ্যাতন। ইউনিচেফৰ প্ৰতিবেদন অনুসৰি আফগান কন্যাসকলৰ এক তৃতীয়াংশক ওঠৰ বছৰৰ পূৰ্বেই বিয়া দিয়া হয়। সেয়েহে পৰৱৰ্তী সময়ত সমস্যা বৃদ্ধি পায়। তদুপৰি দেশখনত নাৰী স্বাৱলম্বনৰ অভাৱো আত্মহত্যাৰ মূল কাৰণ। অন্যহাতে বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা অনুসৰি আত্মহত্যাৰ প্ৰৱণতা দেশখনত সহজলভ্য বিষাক্ত পদাৰ্থয়ো বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত দেশখনৰ প্ৰশাসন কঠোৰ হোৱাটো জৰুৰী। আফগানৰ সকলো নাৰীৰ কাহিনী যেন সদায়ে এনেদৰে থাকিবলগীয়া নহয়। নাৰী স্বাৱলম্বনৰ ক্ষেত্ৰতো দেশখনৰ প্ৰশাসন তথা সংস্থাসমূহ আগবাঢ়ি আহে। তদুপৰি নাৰী শিক্ষাৰ প্ৰসাৰ আৰু বিবাহৰ সঠিক বয়স নিৰ্ধাৰণো দেশখনত আইনৰূপে গঢ়ি তুলিলে দেশখনত আত্মহত্যাৰ সমস্যাৰ সমাধান হ'ব বুলি আশা কৰিব পাৰি। 


No comments