Page Nav

HIDE

Grid

GRID_STYLE

পদ্মনাথ: যি আছিল আদিবাসী-চাহজনগোষ্ঠী সমাজৰ বাবে এজোপা শিৰিষ

বিশৃংখলতা অন্ধবিশ্বাস কু-সংস্কাৰৰ দৰে অশুভ শক্তিৰ বিৰুদ্ধে চিৰন্তন যুঁজ দিয়াউজ্জ্বল জ্যোতিষ্ক পদ্মনাথ কৈৰী  -- বিধায়ক ৰূপে অৰ্জন কৰা ধন  লাহ...


বিশৃংখলতা অন্ধবিশ্বাস কু-সংস্কাৰৰ দৰে অশুভ শক্তিৰ বিৰুদ্ধে চিৰন্তন যুঁজ দিয়াউজ্জ্বল জ্যোতিষ্ক পদ্মনাথ কৈৰী 


--বিধায়ক ৰূপে অৰ্জন কৰা ধন  লাহবিলাহত ব্যয় নকৰি সাংস্কৃতিক দিশত ব্যয় কৰি আদিবাসী চাহজনগোষ্ঠীয় সাংস্কৃতিক পথাৰখন এক বিশেষ স্তৰলৈ লৈ যায় ৷পোন প্ৰথমেই কৈৰীদেৱে দুৰদৰ্শনৰ পৰ্দাত "শিৰিষ" নামৰ ধাৰাবাহিক ছিৰিয়েলৰ যোগেদি  বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়...

ৰমেশ চন্দ্ৰ চৰেণ


চমু জীৱনকালতে কালজয়ী পুৰোধা ব্যক্তিয়ে একোটা অধ্যায়, এক যুগ তথা সভ্যতাৰ সুচনা কৰি যায়৷ নতুন পুৰুষৰ বাবে দি যায় আদৰ্শ৷ দি যায় সুশৃংখলিত ৰূপত  জীয়াই থকাৰ এক অপূৰ্ব নিৰ্দশন ৷ মৃত্যুকো জয় কৰি উজ্জ্বীৱিত হৈ থাকে উজ্জ্বল জ্যোতিষ্ক স্বৰূপ৷ মৃত্যুৰ চিৰন্তন সত্যক অকপটে স্বীকাৰ জীৱন নাটৰ পৰিসমাপ্তিৰ এক সুকীয়া চিত্ৰ তুলি ধৰি 'মৃত্যুও এক শিল্প' এই কথাকেই প্ৰতিপন্ন কৰে। তেনে শিল্পী বোধহয় আদিবাসী চাহ জনগোষ্ঠী সমাজত বহু কমেই ওলাব ৷ তেনে এগৰাকী শিল্পী-বোলছবি নিৰ্মাতা-পৰিচালক-প্ৰযোজক-লেখক-বুদ্ধিজীৱী-সমাজ সংগঠক তথা ৰাজনৈতিক ব্যক্তি প্ৰয়াত পদ্মনাথ কৈৰী৷

বহুব্যক্তিত্বৰ অধিকাৰী কৈৰীদেৱে সমাজৰ বিশৃংখলতা অন্ধবিশ্বাস কু-সংস্কাৰৰ দৰে অশুভ শক্তিৰ বিৰুদ্ধে চিৰন্তন যুঁজ দি আহিছে ৷ নিজ সৃষ্ট শিল্পৰ জৰিয়তে কৰা এই যুঁজে আজিও আদিবাসী চাহজনগোষ্ঠী সমাজৰ কুসংস্কাৰ যুক্ত সভ্যতাক বিদ্ধ কৰি সংস্কাৰ সভ্যতাৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে ৷ যেন জ্ঞানৰূপী পোহৰে অন্ধকাৰ ৰূপী অশুভ শক্তিক নাশ কৰি আছে চিৰন্তনভাবে ৷ জ্ঞানৰ পোহৰেৰে উদ্ভাসিত কৰিছে আদিবাসী চাহজনগোষ্ঠী সমাজক ৷ মানৱ দৰদী মহান বিভূতি স্বৰূপ পদ্মনাথ কৈৰীদেৱৰ জন্ম হৈছিল বৰলুইতপাৰৰ গুপ্তকাশী খ্যাত বিশ্বনাথৰ উত্তৰ পশ্চিমে এসময়ত আৰিমত্ত ৰজাৰ ৰাজধানী প্ৰতাপগড়ৰ সাধাৰু বাগিচাত ৷ ১৯৫২ চনৰ ৪ এপ্ৰিল তাৰিখে জন্ম গ্ৰহন কৰা কৈৰীদেৱৰ পিতৃৰ নাম বুলুৱা  কৈৰী আৰু মাতৃৰ নাম কাঞ্চন কৈৰী ৷স্থানীয় বাগিচাৰ স্কুলত নামভৰ্তি কৰি শিক্ষা জীৱনৰ পাতনি মেলে ৷ পৰ্যায়ক্ৰমে উচ্চ মাধ্যমিক স্তৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হয় ৷ উল্লেখ্য যে বিশ্বনাথ সমষ্টিত আদিবাসী চাহ জনগোষ্ঠীৰ ভিতৰত তেখেতেই প্ৰথম মেট্ৰিকুলেট ৷ পৰৱৰ্তী পৰ্যায়ত বিশ্বনাথ মহাবিদ্যালয়ত শিক্ষা গ্ৰহন কৰি স্নাতক ডিগ্ৰী লাভ কৰে ৷ স্নাতক বৰ্ষত পঢ়ি থকা অৱস্থাতে জীৱনৰ গতিপথ সলোৱা এক অনন্যা পথ মুকলি হৈছিল৷সুবৰ্ণ সুযোগ পাইছিল অভিনয় জগতৰ অভিনয় কৰাৰ ৷ব্ৰজেন বৰাৰ পৰিছালনাত ৰতনলাল নামৰ বোলছবিত ভূমুকি মৰা কৈৰীদেৱে নিষ্ঠাৰে অভিনয় জগতত খোপনি পুতে ৷পিছলৈ ঘুৰি চাবলৈ নহ’ল ৷ ব্ৰজেন বৰাৰ পৰিছালনাত  আন এখন বোলছবি "ৰঙানদী"ত অভিনয় কৰি অভিনয়ৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হল ৷আৰ্থিক দৈন্যতাৰ ওচৰত হাৰ নমনা কৈৰীদেৱে কলেজীয়া শিক্ষা সাং কৰি বিশ্বনাথৰ বলোডাঙাৰ লিলিমাই নামৰ শিক্ষিতা যুৱতী এগৰাকীৰ লগত বিবাহ  হয় ৷ তেখেতৰ সহধৰ্মিনী পেচাত এগৰাকী শিক্ষয়িত্ৰী আৰু সুগৃহিনীও ৷ এগৰাকী সৎ সাহসী তথা যিকোনো প্ৰত্যাহ্বানৰ সন্মুখিন হব পৰা লিলিমাই কৈৰীৰ ত্যাগ আৰু সুদিহা পৰামৰ্শৰ লগতে সততে সহায় সহযোগ কৰিব পৰা মানসিকতাক শলাগ লবলগীয়া ৷ পিছলৈ গুৱাহাটীতে শিক্ষকতা কৰি স্বামীৰ একান্ত হৈ আছিল ৷এনে এগৰাকী মহিয়নী নাৰী আদিবাসী চাহজনগোষ্ঠী সমাজত খুব কমেই ওলাব ৷ সামাজিক জীৱনত স্থানীয় দল সংগঠনৰ লগত জড়িত আছিল ৷যদিও পিছলৈ কিছুদিনৰ বাবে বাগিচাত ঠিকা-ঠুকলি কামত আত্মনিয়োগ কৰিছিল ৷ যিকোনো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত সৰবৰাহী যুৱকজন যোগদান কৰিছিল ৷ সকলোৰে সহায় সহযোগ অভাৱ অভিযোগ দিহা পৰামৰ্শ দিয়া ক্ৰমাগত সকলোৰে প্ৰিয়ভাজন হৈছিল ৷পদ্মনাথ কৈৰী এগৰাকী ব্যক্তি নহয় যেন এক অনুষ্ঠানহে ৷আৰ্থসামাজিক সংস্কাৰৰ বাবে দপদপাই থকা এক প্ৰতিভা ৷ দুৰন্তগতিত আগবাঢ়ি যাব পৰা মানসিকতাক সকলোৱে একেমুখে স্বীকাৰ স্বীকাৰ কৰি লৈছিল ৷ অকল আদিবাসী চাহগোষ্ঠীয় সমাজতে নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমানে সমাদৃতা ৷ সামাজিক কামতো দূৰদৰ্শিতাৰ পৰিচয় দিয়া কৈৰীদেৱে অসম গণ পৰিষদ কাৰ্যকালত ১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰি বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক  নিৰ্বাচিত হয় ৷ বিধায়ক হিচাবে নিৰ্বাচিত কৈৰীদেৱৰ জীৱনৰ ইউ টাৰ্ণ ৷ বিশ্বনাথ সমষ্টিৰ প্ৰথম জন আদিবাসী চাহজনগোষ্ঠীয়  বিধায়ক হিচাবে ৰাজনৈতিক জীৱন সফলতাৰে অতিক্ৰম কৰে ৷ তেখেতৰ কাৰ্যকালতেই বিশ্বনাথ কৃষি মহাবিদ্যালয় বিশ্বনাথ আৰৱিক কলেজ স্থাপন হৈছিল ৷বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় আদি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে তেখেতৰ কাৰ্যকালতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আচনি বিজুলী যোগান N.R.E.Pৰ অধীনত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ বাটপথ নিৰ্মাণকে ধৰি নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনো দিয়াবলৈ সক্ষম হৈছিল বুলি জনা যায় ৷বহু কেইখন বিদ্যালয় প্ৰাদেশিককৰন হয় ৷ এগৰাকী সফল বিধায়ক ৰূপে নিজ কাৰ্যকালতে আদিবাসী  চাহজনগোষ্ঠীয় কলা-কৃষ্টি সংস্কৃতিক সমানে আগবঢ়াই লৈ গৈছিল ৷ তেখেতৰ তৎপৰতাতেই বিশ্বনাথ চাৰিআলিৰ মধুপুৰত চাহ জনগোষ্ঠীৰ কলা-কৃষ্টি কেন্দ্ৰ স্থাপন কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালকৈ বিশ্বনাথ জিলাৰ অন্তৰ্গত ৰতোৱা আৰু বৰপামত চাহ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ৰাজ্যিক ভিক্তিত আয়োজন কৰি তেখেত যে এজন সাংস্কৃতিক মনৰ ব্যক্তি এই কথা ফুটি উঠিছিল ৷ৰাজনৈতিক কাম-কাজ তথা বিধায়ক ৰূপে গুৰু দায়িত্ব বহন কৰিও নিজৰ জাতীয় স্বকীয়তাক বজাই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছিল ৷হয়তো আদিবাসী চাহ জনগোষ্ঠীৰ সমাজত এনে বিধায়ক খুউব কমেই ওলাব ৷দ্বিতীয় বাৰৰ বাবেও বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও ৰাইজে ৰাজনেতা হিচাবে নহয় এগৰাকী সমাজ সংস্কাৰক সাংস্কৃতিক কৰ্মী ৰূপেহে যেন পাবলৈ বিচাৰিলে ৷ ৰাইজৰ আশীষ মুৰত লৈ বিধায়ক হোৱা বা ৰাজনৈতিক চিন্তা চৰ্চা বাদ দি একান্ত ভাবে সাংস্কৃতিক জগতত মনোনিৱেশ কৰে  ৷ সাংস্কৃতিক জগতত কিছুদিন থমকি ৰোৱা কৈৰীদেৱে আৰ্থিক দিশতো সুচল হল ৷ বিধায়ক ৰূপে অৰ্জন কৰা ধন  লাহবিলাহত ব্যয় নকৰি সাংস্কৃতিক দিশত ব্যয় কৰি আদিবাসী চাহজনগোষ্ঠীয় সাংস্কৃতিক পথাৰখন এক বিশেষ স্তৰলৈ লৈ যায় ৷পোন প্ৰথমেই কৈৰীদেৱে দুৰদৰ্শনৰ পৰ্দাত "শিৰিষ" নামৰ ধাৰাবাহিক ছিৰিয়েলৰ যোগেদি আত্ম প্ৰকাশ কৰে ৷কেইবাটাও খণ্ডৰ এই ছিৰিয়েলে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ সমগ্ৰ অসমত এই ছিৰিয়েলে খলকনিৰ সৃষ্টি কৰে ৷এই "শিৰিষ"ৰ জৰিয়তে বহুতো নৱাগত শিল্পী কলা-কুশলীয়ে অভিনয় জগতত অভিনয় কৰিবলৈ সুযোগ পাইছিল ৷এই ছিৰিয়েলত প্ৰসিদ্ধ কণ্ঠশিল্পী ৰাম চাচনিৰ কণ্ঠত নিগৰিত হৈ অহা ’ঘন শিৰিষেৰ নীচে নীচে চাহ গাছেৰ মাঝে মাঝে’ শীৰ্ষক গীতটিত কণ্ঠদান দি ছিৰিয়েলখনৰ অনন্য মাত্ৰা প্ৰদান কৰিছিল ৷ নৱাগত কণ্ঠশিল্পী তথা অভিনয় জগতৰ শিল্পী হিচাবে কৈৰীদেবৰ প্ৰেৰণা উৎসাহ উদ্দীপনাতে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছিল বিশ্বনাথৰ এগৰাকী উদীয়মান যুৱক মঃমৰ্তুজা শ্বেখ ৷আনকি শ্বেখদেৱে গুৰু ৰূপেও বৰন কৰিছিল প্ৰয়াত কৈৰীদেৱক ৷তেখেতৰ পুত ইচ্ছাত শিৰিষ ছিৰিয়েল খনৰ জৰিয়তে শ্বেখদেৱে এটি চাদী গীত গাবলৈ সুযোগ পাই ৷ এই ছিৰিয়েল খনৰ জৰিয়তে শ্বেখদেৱে কণ্ঠশিল্পী ৰূপে পৰিচয় পাবলৈ সক্ষম হৈছিল ৷পৰৱৰ্তী পৰ্যায়ত প্ৰডাকচন কণ্টোলাৰ হিচাবে কাম কৰে ৷ছিৰিয়েল খনৰ জৰিয়তেই পদ্ম কৈৰীৰ সান্নিধ্য লাভ সক্ষম হোৱা মৰ্তুজা শ্বেখে ছাঁৰ দৰে থাকি কৈৰীদেৱৰ ছিৰিয়েল বোলছবি তথা সাংস্কৃতিক জগতৰ কামসমূহ কৰাৰ সুযোগ পাইছিল ৷দূৰন্ত অভিনয়েৰে  খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল শ্বেখদেৱ ৷ উল্লেখ্য যে পিতৃ মাতৃৰ নামৰে "বুলু-কাঞ্চন প্ৰডাকচন"ৰ ন আনিয়া টাকা" বেং বুঢ়ী,চাদী গীত আদি কেইবাটাও খণ্ডত ৰূপায়িত হোৱা "শিৰিষ" ছিৰিয়েলখনৰ চিত্ৰ নিৰ্মাতা ,পৰিছালনা পদ্মনাথ কৈৰীৰ প্ৰযোজনা শঙ্কৰ কৈৰী আৰু সংগীত পৰিছালনাত ৰাম চাচনিৰ অম্লান চেষ্টাই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷অভিনয়তো পদ্মনাথ কৈৰী শ্ংকৰ কৈৰী মঃমৰ্তুজা শ্বেখ ৰাজীৱ কৈৰী সঞ্জয় কৈৰী কৰৱী ভট্টাচাৰ্য সোমেশ্বৰ ওৰাংকে ধৰি প্ৰবীন হাজৰিকা ৰবীন্দ্ৰ সিং গোলাম ৰছুল আলি আদিকে ধৰি কেইবাগৰাকী নৱাগত শিল্পীয়ে অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷উল্লেখযোগ্য যে কৈৰীদেৱে যিকোনো সময়ত যিকোনো অৱস্থাত ছবি নিৰ্মাণৰ স্ক্ৰীৱ তৈয়াৰকে ধৰি অনুকুল অৱস্থালৈ আনিব পৰা  জ্ঞান আছিল ৷তেখেতৰ জ্ঞানৰ গভীৰতা অপৰিসীম বুলি কব লাগিব ৷সৃষ্টিশীলতা যেন তেখেতৰ এক দৈৱিক শক্তি ৷তেখেতৰ বোলছবি সমুহত তেখেতৰ চিন্তা প্ৰস্ফুটিত হৈছে ৷এই ছিৰিয়েলৰ বৃহৎ সফলতাৰ পাছত দ্বিতীয়খন ধাৰাবাহিক "দয়াৰাম"কেইবাটাও খণ্ডত দুৰদৰ্শন প্ৰদৰ্শিত হয় ৷মুখ্য পৰিছালনাত পদ্মনাথ কৈৰী প্ৰযোজনা শংকৰ কৈৰী অভিনয়ত মঃমৰ্তুজা শ্বেখ ৰাজীৱ কৈৰী সোমেশ্বৰ ওৰাং কৰৱী ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকী কলা কুশলীয়ে অভিনয় কৰে ৷কেইবাটাও খণ্ডত প্ৰদৰ্শিত এই ছিৰিয়েলখনৰ সফল ৰূপায়নৰত গুৱাহাটী দূৰদৰ্শন ৰ কেন্দ্ৰত খলকনিৰ সৃষ্টি হল ৷প্ৰশংসিত হোৱাৰ লগতে গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰও ধন্য হল ৷ দুয়োখন ধাৰাবাহিক সফল সমাপ্তিৰ অন্তত কিংবদন্তি বৰেণ্য ব্যক্তিজনে তেখেতৰ সপোন বাস্তৱত ৰূপ দিবলৈ যত্নপৰ হয় ৷বোলছবি নিৰ্মাণত প্ৰচেষ্টা চলোৱা কৈৰীয়ে আদিবাসী চাহ জনগোষ্ঠীয় পূৰ্ণ দৈৰ্ঘৰ সম্পূৰ্ণ চাহ মজদুৰৰ ভাষা আৰু মাজে মাজে অসমীয়া ভাষাৰ সংলাপেৰে বোলছবি নিৰ্মাণৰ বৃহৎ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰে ৷ছেলুলয়ডত নিৰ্মিত সামাজিক বোলছবি যত আছে দুখ বিষাদ প্ৰেম কৌতুক হৰ্ষ উল্লাস হাঁহি কান্দোন ব্যঙ্গাত্মক সহজ সৰল বাস্তৱ সামাজিক ঘৰুৱা পৰিস্থিতিক উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে ৷ "বুধু অৰ্জুন" নামেৰে এই বোলছবি খনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বৰ্হি ৰাজ্যতো সমানে সমাদৰ লাভ কৰিছে ৷  এই ছবিখনে চাহ শ্ৰমিকৰ বাস্তৱ দৰিদ্ৰতাৰ দিশসমূহ ফুটি উঠিছে ৷উল্লেখযোগ্য যে এই ছবিৰ গীতকেইটা 'ফলৰা’ নামৰ নাগপুৰী গীতৰ কেছেটৰ পৰা লোৱা হৈছে ৷ এই শ্ৰব্য কেছেটৰ স্বৰ্তাধিকাৰী সুদুৰ ৰাঁচীৰ ছেলেম আৰু মণিকাই গোৱা গীতটিৰ প্ৰযোজকৰ পৰা কৈৰীয়ে ক্ৰয় কৰি গীতসমূহ নিজৰ ছবিত সন্নিৱিষ্ট কৰে ৷ এই প্ৰচেষ্টাৰ সুবাদত ঝাড়খণ্ড পশ্চিমবংগ ছত্তিছগড়ত ব্যাপক সুনাম অৰ্জন কৰে ৷ছবিখনৰ প্ৰযোজক নিয়ন্ত্ৰক হিচাবে মৰ্তুজা শ্বেখো যথেষ্ট আন্তৰিকতাৰে কাম কৰে ৷ লক্ষণীয় যে বহু প্ৰতিভাসম্পন্ন পদ্মনাথ কৈৰীদেৱৰ সৃষ্ট ধাৰাবাহিক তথা বোলছবিসমুহ গভীৰভাবে লক্ষ্য কৰিলে তেখেতৰ সাংস্কৃতিক দিশত থকা গভীৰতম জ্ঞানৰ উমান পোৱা যায় ৷


উল্লেখ কৰা ভাল হব যে কৈৰীদেৱ প্ৰায়বিলাক ধাৰাবাহিক আৰু বোলছবিৰ কেমেৰামেন হিচাবে যতীন নাথদেৱ তেখেতৰ অতি প্ৰিয় আছিল ৷ইয়াৰ উপৰিও মৰ্তুজা শ্বেখ গোলাম ৰছুল আলি ৰূপসজ্জা বিভাগত পুলক শইকীয়া সহকাৰী প্ৰযোজনা নিয়ন্ত্ৰক মুনু ছেত্ৰী আদিৰ নাম নিশ্চয়কৈ লৱ লাগিব ৷ইয়াৰ মাজতে তেখেতে চৰকাৰী কমিচন প্ৰ’গেমৰো কাম কৰি গৈছিল ৷উঠি অহা নৱপ্ৰজন্মৰয়ো কমিচন প্ৰ’গ্ৰামবিলাকত নিজৰ নিজৰ অভিনয় প্ৰতিভা বিকাশৰ সুন্দৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ ভিতৰত "কালিমাই" মন্দিৰ ,মন ফুলেৰ মালা  আদি খণ্ড সমুহ চালে কৈৰীদেৱৰ দূৰদৰ্শিতাৰ উমান পোৱা যায় ৷ইয়াৰ ভিতৰত ব্যঙ্গাত্মক দিশটোক সাঙুৰি লোৱা কালিমাই খণ্ডটি প্ৰচুৰ জনপ্ৰিয় হয় ৷সমাজৰ কুসংস্কাৰ অন্ধবিশ্বাস আতৰোৱাৰ ক্ষেত্ৰত এই কালিমাই খণ্ডটিয়েই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ একেদৰে মন্দিৰ খণ্ডটিয়েও মানৱ মৰ্যাদাক সুন্দৰকৈ উপস্থাপন কৰিছে ৷এয়াই আদিবাসী  চাহ জনগোষ্ঠীয়  সমাজত বোলছবি বা ধাৰাবাহিক ছিৰিয়েলৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰথম ঐতিহাসিক পদক্ষেপ ৷ক্ৰমাগত ঐতিহাসিক সফলতাৰ পাছত কৈৰীদেৱে ঘুৰি চাবলগীয়া নহল ৷ পৰৱৰ্তীসময়ত চাহ বাগিচাৰ পটভূমিত দ্বিতীয় ঐতিহাসিক বোলছবি কৈৰীয়ে "মা" নিৰ্মাণ কৰে ৷বুলুকাঞ্চন প্ৰডাকচনৰ বেনাৰত শংকৰ কৈৰীয়ে প্ৰযোজনা কৰা ছবিখনত অসমীয়া আৰু চাহ মজদুৰৰ ভাষা ৰূপায়ণ কৰা হৈছে ৷মুঠ তিনিটা গীত অসমীয়া ভাষাতে আছে ৷বাকী তিনিটা গীত চাহ মজদুৰৰ ভাষাত ৷ নতুন সংগীত পৰিছালক প্ৰকাশে সংগীত পৰিছালনা কৰা এই ছবিখনত সুদুৰ মুম্বাইৰ বলিউড কণ্ঠশিল্পী কুমাৰ ছানোয়ে কণ্ঠদান কৰিছে ৷ লগতে প্ৰকাশ সাগৰিকা মঃমৰ্তুজা শ্বেখ আৰু হামিদা বেগমো কণ্ঠদান কৰিছে ৷ গীতৰ ৰচনা প্ৰকাশ আৰু মৰ্তুজা শ্বেখৰ ৷ছবিৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ তথা পৰিছালক পদ্মনাথ কৈৰীৰ ৷ ছবিখনত শিক্ষিত চাহ শ্ৰমিকৰ সন্তান ৰাজাই বাগিচাত খালী হৈ থকা শিক্ষকৰ পদৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা কথাও ছবিখনত আহিছে ৷ ইয়াৰ উপৰিও দুগৰাকী গাভৰুৰ লগত  প্ৰেমত সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰা হৈছে ৷ ছবিখনৰ লোকেশ্বন আছিল কলিয়াবৰ চাহ বাগিছা ভোমোৰাগুৰি বিশ্বনাথ ঘাট বিশ্বনাথ কৃষি মহাবিদ্যালয় ফাৰ্ম মেচিনাৰী প্ৰশিক্ষণ কেন্দ্ৰ আৰু সাকোমঠা চাহ বাগিছাত ৷ চিত্ৰ গ্ৰহণ কৰিছে যতীন নাথে ৷সহকাৰী হিচাবে বাপুকণ ডেকা ৷ছবিখনত অভিনয় কৰিছে পদ্মনাথ কৈৰী ৰাজীৱ কৈৰী শংকৰ কৈৰী লীনা শৰ্মা পুতুল লাহন ৰিমঝিম বৰুৱা শংকৰ চক্ৰৱৰ্তী ৰাম চাচনি লবিন দাস তৃপ্তি দাস চন্দন ভুঞা মৰ্তুজা শ্বেখ  সোমেশ্বৰ ওৰাং সঞ্জীৱ কৈৰী টিংৰাজ ওৰাং জয়দেৱ দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী লোকে ৷শব্দ গ্ৰহনত আছে তৌহিদুৰ ৰহমান ৰূপসজ্জা কৰিছে পুলক শইকীয়া ৷কৰিঅগ্ৰাফীত আছে ৰণি দিপক কলা নিৰ্দেশনা শঙ্কৰ কৈৰীৰ ৷ছবিখনত কৈৰীদেৱৰ পুত্ৰ ৰাজীৱ কৈৰীয়েও বোলছবি নিৰ্মানৰ ক্ষেত্ৰত পিতৃৰ পৰা প্ৰচুৰ জ্ঞান অৰ্জন কৰিছিল ৷ ধুনীয়া চফল ডেকা ৰাজীৱ কৈৰীয়ে "মা" বোলছবি খনৰ নায়কৰ ভুমিকা লৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷ সাংস্কৃতিক দিশত জড়িত থকা পুত্ৰ এগৰাকীক চাহ জনগোষ্ঠী সাংস্কৃতিক সঞ্চালকালয়ৰ কৃষ্টি বিষয়া হিচাবে নিযুক্তি পাই আৰু পিতৃৰ দৰে পুত্ৰয়ো  আদিবাসী চাহ জনগোষ্ঠীয় কলা কৃষ্টি সংস্কৃতি দুৰদৰ্শনত প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে ৷"মা" সফলতাৰ পাছত কেইবাটাও দূৰদৰ্শন ধাৰাবাহিকত কাম কৰে ৷তেখেত মানস ভাগৱতীৰ পৰিচালিত "শিৰোমণি"ৰ এটি ভিডিঅ গীতত কৈৰীদেৱে মৰ্তুজা শ্বেখৰ লগত বলিষ্ঠ অভিনয় কৰে ৷ পিতা পুত্ৰৰ ৰূপত অভিনিত এই ভিডিঅ এলবামৰ গীতটি ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰে ৷কৈৰীদেৱৰ আন এক পদক্ষেপ প্ৰশংসনীয় ৷ তেখেতে "শিৰিষ" ছিৰিয়েলখন পুনৰ হিন্দীত ৰূপান্তৰ কৰি দূৰদৰ্শনৰ পৰ্দাত নতুন ৰূপত আত্ম প্ৰকাশ ঘটে ৷নিসন্দেহে এই পদক্ষেপেই ৰাজ্যত অনুষ্ঠিত হোৱা বিভিন্ন কৰম পৰৱ সন্মিলনত সম্বৰ্ধিত হোৱাৰ লগতে বঁটা পুৰস্কাৰ লাভ কৰাৰ লগতে শিল্পী পেঞ্চনো লাভ কৰে ৷ শেহতীয়াকৈ ২০১৮চনৰ ১৫ ১৬ আৰু ১৭ জানুৱাৰীত বিশ্বনাথ চাৰিআলিত আছুৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শিল্পী দিৱসত কৈৰীদেৱক সম্বৰ্দ্ধনা জনায় ৷ ২০২০চনৰ ৮জুন তাৰিখে মহান পুৰুষগৰাকীৰ দেহাৱসান হয়। আহক আমি সকলোৱে তেখেতৰ কৰ্মৰাজি আদৰ্শ সততাক মুৰ্তমান কৰি এখন সুস্থ সাংস্কৃতিক সমাজ গঠন কৰোহঁক ৷

 


2 comments

  1. পঢ়ি উপকৃত হলো। বিধান সভাত একেলগে থকাৰ সুযোগতে আমাৰ মাজত একধৰণৰ আত্মিিয়তা গঢ় লৈ উঠিছিল। তেওঁ নিৰ্দলীয় হৈ আৰু ময়ো নতুন সৰু দলৰ( নিৰ্বাচন আয়োগৰ দৃষ্টিত নিৰ্দলীয়) প্রথম বাৰ নিৰ্বাচিত হৈ আহি বিধায়ক আবাসত কেতিয়াবা আড্ডা একেলগে মাৰিছিলো। তেওঁ শিল্পী আৰু মই একধৰণৰ সাংস্কৃতিক কৰ্মী। ৰাজনৈতিক চিন্তাধাৰাটো আমাৰ কিছু মিল আছিল। নিৰ্দলীয় হোৱা বাবে বিধান সভাত কথা কব পোৱাৰ সময় অতি কম (সময়বোৰ দলৰ বিধায়কৰ সংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়) হলেও তেওঁ যিখিনি বক্তব্য ৰাখিছিল সেইবোৰ অতি গুৰুত্বপূৰ্ণ আছিল। বক্তব্য উপস্থাপনৰ শৈলী টো এজন তথাকথিত ৰাজনৈতিক নেতাৰ দৰে নহয়। কিন্তু শুনি ভাল লাগিছিল। ৰাজ্যৰ ৰাস্তা পদুলীৰ ওপৰত বক্তব্য ৰাখোতে এবাৰ তেওঁ গুৱাহাটী-নগাওঁ পথটোৰে গলে এৰোপ্লেনেৰে যোৱা যেন লাগে বুলি কোৱাটো মোৰ এতিয়াও মনত আছে। ৰাজ্যৰ আন ঠাইৰ ৰাস্তাবোৰৰ শোচনীয় অৱস্থাৰ সতে তুলনা কৰোতে তেওঁ এই কথাষাৰ কৈছিল। পদ্মামনাথ কৈৰীৰ ব্যক্তিত্বৰ সঁচাকৈয়ে বিৰল। অতি খোলা অন্তৰৰ মানুহজনৰ সতে কিছুদিন কটাব পাই মই ধন্য। আদিবাসী-চাহ জনগোষ্ঠীৰ প্ৰতি তেওঁৰ অৱদানৰ কথাটো ইতিমধ্যে স্বীকৃত। সমগ্র অসমৰ সমাজ জীৱনৰ প্ৰতিও তেওঁ একধৰণৰ প্ৰভাৱশালী অৱদান দি ঠৈ গল।

    ReplyDelete