Page Nav

HIDE

Grid

GRID_STYLE

অসমলৈয়ো কা: প্ৰতি জিলালৈ বিদেশীক নাগৰিকত্বৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দ্দেশ গৃহ বিভাগৰ

Long Term VISA-ৰ আধাৰত নাগৰিকত্ব প্ৰদানেৰে আওপকীয়াকৈ 'কা' বলৱত কৰাৰ চেষ্টা অসমত "Inner Line Permit" জাৰি কৰিব লাগে, নহ...


Long Term VISA-ৰ আধাৰত নাগৰিকত্ব প্ৰদানেৰে আওপকীয়াকৈ 'কা' বলৱত কৰাৰ চেষ্টা


অসমত "Inner Line Permit" জাৰি কৰিব লাগে, নহ'লে অসমৰ খিলঞ্জীয়া নাগৰিক সকল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসুৰক্ষিত হৈ যাব

দিগন্ত শৰ্মাঃ

[অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক  সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰামৰ্শ  বা যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে "কা"(CAA) আইন বলবৎ কৰাৰ কাম কাজ আৰম্ভ কৰিছে। অসমতো  চৰকাৰে এই আইন বলবৎ কৰিবলৈ প্ৰস্তুতি চলাইছে। এই আইন খনৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আইন ৰূপায়ন কৰিবলৈ আগবাঢ়িছে। অসমত কা বিৰোধী আন্দোলনে কি ৰূপ ধৰিছিল সেয়া সকলোৱে জানে। তাৰ পিছতো শাসকে কা বলবৎ কৰিবলৈ আগবাঢ়ি বাংলাদেশ, পাকিস্তান,আফগানিস্থানৰ পৰা দীৰ্ঘকালীন ভিছা লৈ ভাৰতত বাস কৰা লোকৰ ভাৰতীয় হিচাপে নাগৰিকত্ব প্ৰদান (Grant) কৰিবলৈ আগবাঢ়িছে। উল্লেখ্য যে

নাগৰিকত্ব সংশোধনী আইন (CAA)-ৰ বিধি এতিয়াও প্রস্তুত কৰা নাই। তেনেক্ষেত্ৰত কেনেকৈ ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত Long Term VISA -ৰ জৰিয়তে দেশত আশ্ৰয় লৈ থকা বিদেশী সকলক সংস্থাপিত কৰাৰ বাবে কেন্দ্রীই জাৰি কৰিলে অধিসূচনা--সেয়া তাৎপৰ্যপূণ। ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসুচনা সহ পত্ৰ পোৱাৰ পিছত অসম চৰকাৰৰ গৃহ বিভাগে এই সন্দৰ্ভত যোৱা ১৯ মাৰ্চ,২০২১ তাৰিখে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত নিৰ্দ্দেশনা দিছে। আশ্ৰিত "বিদেশী"য়ে ভাৰতীয় নাগৰিকত্ব বিচাৰিলে কি দৰে নাগৰিকত্ব গ্ৰাহ্য কৰা হ'ব সেই সম্পৰ্কে দিছপুৰে দিয়া নিৰ্দ্দেশৰ প্ৰতিলিপি তলত দিয়া হ'লঃ


   শাসক পক্ষৰ এনে কাৰ্য সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এইদৰে:--''অসমত নিৰ্বাচনৰ আগমুহুৰ্তত যোৱা ১৯ মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগৰ পৰা নাগৰিকত্ব প্ৰদান কৰাৰ ওপৰত জাৰি কৰা এখন অধিসূচনাৰ উদ্ধৃতি দি অসম চৰকাৰে অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত, উপায়ুক্ত তথা আৰক্ষী অধীক্ষক সকলক এখন নিৰ্দেশনা জাৰি কৰি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা কেতবোৰ লোকক যিসকলৰ "Long Term VISA" আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল। এই দেশ কেইখনত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নাগৰিকত্ব সংশোধনী আইনখন কেন্দ্ৰীয় চৰকাৰে আনিছিল। কিন্তু এতিয়া প্ৰশ্ন হয়, এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনখনৰ বিধি প্ৰস্তুত নকৰাকৈ "Long Term VISA"ৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰি আওপকীয়াকৈ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন বলৱত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে নেকি? যদি এনেকুৱা হয়, তেন্তে অসম চুক্তিৰ সম্পূৰ্ণ উলংঘন হ'ব আৰু অসমীয়াৰ ওপৰত এক প্ৰতাৰণা হ'ব। অসমৰ জনগণই আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী আইনখন মানি ল'ব বিচৰা নাই। যদিও যোৱা নিৰ্বাচনত বিজেপি দলে ৬০ খন আসন লাভ কৰিছে আৰু ভোটৰ হাৰ বিজেপি দলে ৩৩.২১% পাইছে আৰু কংগ্ৰেছ দলে ২৯.৬৭% পাইছে। সেই হিচাপত ও অসমৰ প্ৰায় ৬৭% লোকে এই আইনখনৰ বিপক্ষত আছে। বিজেপি দলে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই আইনখন তাৰ সম্পূৰ্ণ পৰিপন্থী। যিহেতু ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ ৰাইজে ১৯৭১ চনৰ আধাৰত বহু অপেক্ষাৰ অন্তত NRC খন পাইছিল আৰু তাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল, সেইসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নিজৰ নিজৰ গোচৰ ৰুজু কৰি ওজৰ আপত্তি দৰ্শাবলৈ উচ্চতম ন্যায়ালয়ে সুযোগ দিছিল। তেনে ক্ষেত্ৰত ইয়াক অগ্ৰাহ্য কৰি আওপকীয়াকৈ নাগৰিকত্ব প্ৰদান কৰাৰ যি প্ৰয়াস চৰকাৰে কৰিছে, সেয়া দুৰ্ভাগ্যজনক। ইতিমধ্যে ইয়াৰ বাবে বহুতো ন্যায়াধীশ তথা কৰ্মচাৰী ও নিযুক্ত কৰা হ'ল। গতিকে NRC খন গ্ৰহণ কৰি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মই ইয়াৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ।  

যোৱা নিৰ্বাচনত বিজেপি দলে ৬০ খন আসন লাভ কৰিছে আৰু ভোটৰ হাৰ বিজেপি দলে ৩৩.২১% পাইছে আৰু কংগ্ৰেছ দলে ২৯.৬৭% পাইছে। সেই হিচাপত ও অসমৰ প্ৰায় ৬৭% লোকে এই আইনখনৰ বিপক্ষত আছে। বিজেপি দলে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই আইনখন তাৰ সম্পূৰ্ণ পৰিপন্থী

যিহেতু NRC ৰ অধীনত ১৯৭১ চনৰ আগত অহা লোক সকলে নাগৰিকত্ব পাব, গতিকে অসমত NIC ( National Identity Card) প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি চৰকাৰে এতিয়া "Long Term VISA"-ৰ আধাৰত অসমত নতুনকৈ নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা লয়, তেন্তে অসমত "Inner Line Permit" জাৰি কৰিব লাগে, নহ'লে অসমৰ খিলঞ্জীয়া নাগৰিক সকল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসুৰক্ষিত হৈ যাব।"

          স্মতব্য যে 'কা' আইনে অসম চুক্তি উলংঘা কৰিব । অসমমীয়াৰ  অস্তিত্বৰ প্ৰতিও ভাবুকি এই আইন। পিছে অসমৰ ৰাইজে অৰম্ভ কৰা "কা" আন্দোলনৰ জুইকুৰা ভৱিষ্যতৰ দিনবোৰত দেখা যাবনে?

            

No comments